অসাৰ্থক




গানে মোৰ নোছোৱে আকাশ; ছোৱে জানো হৃদয় তোমাৰ?
নেজানো সঠিক |
তোমাক উদ্দেশি গাওঁ যত মোৰ গীত সখী, সেয়ে হ’ব
নালাগে অধিক |
খন্তেকৰ ফুল ছিঙি চেনেহৰ যিবা হাৰ ৰাতিপুৱা
গাঁথি ফুলনিত,
তোমাক পিন্ধাওঁ প্ৰিয়া, গধুলি শুকাই যায় সেই মালা
তোমাৰ ডিঙিত |
পোহৰত হাঁহি-নাচি উঠে যি পৃথিবীখনি, সৌন্দৰ্য্যৰ
পিন্ধি পুষ্প হাৰ,
নীৰবে মৰহি পৰে, যেতিয়া মৰণ-ছঁ লাহে লাহে
নামে সন্ধিয়াৰ |
দুখৰ নিশাত আমি জ্বলাই আশাৰ চাকি পোহৰাওঁ
খন্তেক মাথোন;
আমাৰ জুপুৰি পঁজা, জগত এন্ধাৰ ৰয়, নীলাকাশ
তিমিৰ-মগন |
অসত্য বিশ্বৰ লীলা ? কোনে কয় ? সত্য এই বেদনাৰ
গৌৰৱ অক্ষয় |
সত্য এই দিনে দিনে পোহৰৰ অভিযান, সত্য হেৰা
এন্ধাৰৰ জয় |
ক্ষুদ্ৰ-পৰিসৰ এই ধৰাত কাৰাত বন্দী আমি হায়,
ধূলিতে বাগৰি |
গোলাপৰ পৰশত বিচাৰোঁ প্ৰিয়ৰ স্পৰ্শ, মলয়াত
প্ৰিয়াৰ বাতৰি !
গছ, লতা, ফুল, ফল – অচলা প্ৰকৃতি দেহি ! ৰূদ্ধ যাৰ
প্ৰাণৰ প্ৰগতি,
কিদৰে বুজিব বাৰু তোমাৰ বুকুৰ ব্যথা, মোৰ এই
দুখৰ আৰতি?
ভাল পাওঁ কিয় মই, কিমতে বুজাম হেৰা, ভাল পাওঁ
কিয়নো তোমাকে ?
স্ৰীষ্টিৰ মাধুৰী-ৰাশি জীৱনৰ মউ-কোঁহ আছে দেখি

লুকাই তোমাতে?

No comments:

Post a Comment