ভ্ৰম - চন্দ্ৰকুমাৰ আগৰৱালা



কোনে লে সেয়া বাঁহী বাজে বুলি?
     বন দেৱী গীত গায়
শেৱালীৰ মালা নহয় এইধাৰ
     তৰাৰে গুঁঠিছে হায় |
নহয় ফুলনি, কুৱৰী সকল;
     দঢ়াই দঢ়াই কওঁ
গোলাপ নহয়, প্ৰিয়াৰ নয়ন,
     দেখি থিৰ হৈ ৰওঁ
কোনে কয় সেইটি হৰিণা পোৱালি?
     ইমান চেতনা নাই !
বনৰ সৌন্দৰ্যই ৰূপ ধৰি আহি
     ডেও দি দুবৰি খায়
নহয় পুখুৰীত, প্ৰেমিকৰ হিয়া ;
     পানী নহয়, প্ৰেম ৰস
নৈ নহয়, ঠিক প্ৰেমৰ প্ৰৱাহ,
     বিচাৰি প্ৰেম বিকাশ
বীণৰ আত্মাটি উৰিগুণগায়,
     কোনেনো ভোমোৰা বোলে ?
খোপাৰ ফুলটি উৰিয়েই প্ৰিয়াৰ
     পখিলাৰ নাম পালে
কৃষ্ণপখী বোলে নিকুঞ্জ বনত
     কৃষ্ণ কৃষ্ণ ডাক দিছে ?
পখী নহয়, জানা ব্ৰজৰ কান্দোন,
     প্ৰতিধ্বনি ৰূপে আছে |
মলয়া নহয়, বিৰহীসৱৰ
     গোট খোৱা হুমুনিয়া
প্ৰিয়তমাৰ গাল ওফন্দি পৰিছে
     সেয়েহে জানা সন্ধিয়া


No comments:

Post a Comment