কোন কোন আহিছ আইক পূজিবলৈ
আইৰ পূজাৰ বেলি হল’!(সমনীয়া অ’)
সাজু হ’বৰে হ’ল ডেকা ল’ৰা ! সাজু হ’বৰে হ’ল,
সাজু হ’বৰে হ’ল অ’ সাজু হ’বৰে হ’ল |
পৰ পদানত কিয় বাৰু তোৰ শিৰ অৱনত
কিয় বাৰু ?
কিয় পাহৰিলি বিজয়ী বাহুৰ বল,
তোৰ অস্ত্ৰ কেনিনো গ’ল ?
অস্ত্ৰ বিচাৰি ল’ তই অস্ত্ৰ বিচাৰি ল’ |
এন্ধাৰত তই থাকিবি কিয়নো
জগত পোহৰ হ’ল |
জগতত সৌৱা জ্ঞান বিয়পিছে
তোৰ দুৱাৰ বন্ধ ৰ’ল
দুৱাৰ মুকলি কৰ অসমীয়া
তোৰ জ্যোতিস্নান কৰিবৰ হ’ল
নাহিবি নুচুবি বুলি কিয় তই
আপোনাক কৰিবি পৰ অ’
আলাই – আথানি হোৱা ভায়েৰক
সাৱটি ল’বৰে হ’ল
দেখিছনে সৌ মাতৃ জননী, তেনেয়ে নিছলা হ’ল
অ’অসমীয়া ! অ’ অসমীয়া !
অ’অসমীয়া ! অ’ অসমীয়া অ’ ||
তোৰ তপ্ত ৰুধিৰ ঢালি আয়েৰক
শক্তি দিবৰে হ’ল |
আইৰ পূজাৰ বেলি হ’ল(সমনীয়া অ’)
No comments:
Post a Comment