Gargaon - A poem by Binanda Chandra Baruah : গড়গাওঁ - বিনন্দ চন্দ্ৰ বৰুৱাৰ কবিতা


গড়গাঁও, গড়গাঁও , কথা শুনি তল যাওঁ
বাট দেখি পিছলেযে পাৱ;
দিখৌৰ নৈৰ সোঁতত যোৱা, ভটিয়নী বল পোৱা
উভতিব খোজে মাৰ-নাও ।
-                ওচৰতে দেখি গড়গাঁও ।

ওলট্‌-পালট্‌ দেশ, কথাৰে নহয় শেষ,
     কটাৰিৰে ডাবে তাৰ কাটে;
বাঘ-গৰু হালে হালে, একে ঘাটে পানী খালে
     নগৰৰ দেও-লগা ঘাটে
-                 ---  দেও তাতে ফুৰে হাটে-বাটে

বিদেশীৰ চকু থিৰ, স্বদেশীৰ ওখ শিৰ
দেও-লগা মনুহৰ দেশ;
উজুটিত ভাগে দাঁত, কোৰ্হালত হৰে মাত,
অহা-যোৱা নাই তাত শেষ;
জনে জনে ভিন্‌ ভিন্‌ বেশ ।

সকলোৰে আছে কাম; নোহোৱাৰ নাই নাম,
     কাপুৰুষে সদা পায় লাজ;
নাই দিন নাই ৰাতি, নাই পানী, নাই মাটি,
আদেশ মাথোন হয় ‘সাজ’
ইচ্ছা যেনে স্বৰ্গমহাৰাজ ।

বিলত নগৰ হয়, নগৰত নৈ বয়,
     ধোদে তাত বান্ধে ৰাজআলি;
কৰেঙৰ দেও-ইটা, শিল যেন চটা চটা,
     গাঁথে তাত হাঁহকনী ফালি,
-                  --- বনুৱাৰ নিছিগেই লালি ।

শাৰী শাৰী চোংঘৰ, দাঁতিত মাটিৰ গড়,
     আছে ভৰি সোনা জাকে-জাক,
একেৰাহে দিন ৰাতি চন্তৰী বাব খাটি
     নগৰত মাৰে ঘনে পাক;
     সৰু বৰ বুলিবানো কাক?

পুৰঠ ভীমৰ কায়, ভ্ৰান্তি অকণো নাই,
যুঁজৰ কুকুৰা যেন দেখি
কুহুম-বুলীয়া পাগ, শিৰে স’তে কৰে আগ,
ৰজাক জীৱন দিলে লেখি
-   বৰ ভাল লাগে সাহ দেখি

একে একে সকলোটি, বন্ধে গড়, খানে মাটি,
জাঁত জাঁত মাৰে বৰনাও;
ব’ঠা নাই, আছে হাত, দা নাই, আছে দাঁত,
এনে সেনা ৰাখে গড়গাঁও,
- সেই দেখি শুনি তল যাঁও ।

যুঁজৰ বাতৰি পালে, হেংদান তুলি ল’লে
     জাকে জাকে বাঢ়ি গ’ল আগ,
ল’লে ঘোঁৰা, ল’লে হাতী, হিলৈ বৰশা যাঠি,
     যাৰ যেনে পতা আছে ভাগ; 
     শাৰী শাৰী দেখি মাথোঁ পাগ ।

গিৰিপ্‌ গিৰিপ্‌ কৈ, গড়গাঁও পাৰ হৈ
     যায় সেনা হৈ-ধ্বনি কৰি;
ভৰিত শুকায় নৈ, শিল যায় ধুলি হৈ
     বসুমতী যায় যেন লৰি;
     ৰণচালি কোবে কোবে চৰি ।

ঢোলত চপৰ মাৰে, দবাত একোব পৰে,
     ভোৰতালে খাওঁ খাওঁ কৰে,
মূৰত মথুৰা-পাগ, বিষয়াটি বাঢ়ে আগ, 
ৰনুৱাই ৰণচালি ধৰে;
-                গড়গাঁও টলমল কৰে

বেৰে-ছালে আছে কান, গড়গাঁও নোহে আন
     দ্ৰোহীয়াৰ মূৰ কটা যায়;
ৰজাৰ কুশল হকে, প্ৰজা অহি বলি যাচে
     নিজ নিজ দেহাটি শোধাই; 
    - এনে ৰজা পাবলৈকে নাই ।

ৰাজসভা কিনো চাবা, স্বৰগ হাতত পাবা,
চাই চকু জল্‌-মল্‌ কৰে;
পিতলৰ দাপোনত এটি মাথোঁ মানুহত
      চাৰি পা৬চ গোট হৈ পৰে;
দেখি বুকু ঘনকৈ লৰে ।

জালি কটা সুৰুঙাই ভয়ে ভয়ে সুমুৱাই
বেলিয়েও পোহৰৰ ছাটি
বাৰৰ ফুলত পৰি, বতাহত লৰি লৰি
ওৰে দিন দিয়ে ভাগ খাটি;
যাব পাৰে আহিলেহে ৰাতি ।

শাৰী শাৰী থাকে পৰা পাটী-খেৰ-থঙা-ঢৰা,
মানে মানে বহে মান-খোৱা;
কটকী দুৱৰী থাকে ডাংধৰা জাকে জাকে,
ৰাজসভা চালে-চকু-ৰোৱা;
আছে কত অহা আৰু যোৱা ।

স্বৰ্গদেও মহাৰাজ, পিন্ধিলে ৰজাৰ সাজ
সোণ-চৰা সিংখাপ চোলা,
হাতে হতুলি হেংদান, দেশৰ ৰাখিব মান,
জুৰি বহে আসনৰ কোলা;
সুকোমল কপাহৰ জোলা ।

দেশৰ বাতৰি লৈ, কটকী চোৱাৰী গৈ,
আঁঠু কাঢ়ি সেৱাৰে জনালে;
মন্ত্ৰণা-সভা কৰি, দণ্ড হাতত ধৰি ,
ৰাজ কাজ সকলো কৰিলে;
ৰজসভা জিলিকি উঠিলে ।

সপোনৰ শেষ ৰাতি, গড়গাঁও গ'ল উটি,
কাল সাগৰত ঢৌ খেলি;
কোনো জনে সাৰ পায় কোনোৱে উভতি চায়;
একেথৰে আছে চকুমেলি;
ভাগে মোহ দিলে লোকে ঠেলি ।

গড়গাঁও আজি তাত, জিলীৰ শুনিবা মাত,
ভাবি চালে পিছলিব পাৱ;
নোলটেও, ভয় নাই, দিখৌয়েদি যোৱা নাই
ভটিয়নী সোঁতে মাৰ-নাও;
ভাবি ভাবি বিচুৰ্ত্তিয়ে খাওঁ ।

নই সেনা, নাই হাট, নাই পানী নাই বাট,
নই ৰজা, ৰাজসভা তাত;
কাৰেঙে চিন আছে, দেৱে তাত ৰাতি নাচে;
মৰণৰ মেলা আছে হাত;
গড়গাও পৰি গ'ল শাঁত ।

শ্মশান বলিয়া কবি, শোকৰ বিচাৰি ছবি,
আছে তাত বহি ৰাতি দিন;
হুমুনিয়া এটা পাই, বতাহেও লৈ যায়
তাকে আনি দিয়ে মাথোঁ চিন;
বাকি সকলোটি কালে লীন ।

পগলা কবিৰ গাত, মাৰে যেন চাট্‌ চাট্‌
কাৰেঙৰ ইটা খহি আহি;
শ্মশান বিচাৰি ফুৰা লগে মাথোঁ জুইকুৰা,
থাকিবযে নোৱাৰে সি নাহি;
শ্মশানতো ফুলে ফুলপাহি ।



4 comments:

  1. গড় গাওঁ ৰ কথা শুনি কিয় তল যাও বুলি কৈছে

    ReplyDelete
    Replies
    1. Bhoi khai pelai... Gutei kobita tu porhile gom paba je odbhut dekh ekhon gorgaon

      Delete
  2. Eta jagat 'Bhortol' likha ase, edit kori 'Bhotaal' kori dibo

    ReplyDelete
  3. Gorgaon k loi eta vl ganor lyrics likhibo sun

    ReplyDelete