স্বৰূপ
বাস্তৱত দেখিলোঁ প্ৰিয়া হাৰা মই
সৰগৰ প্ৰেমৰ মন্দাকিনী ল'ই
মিছাতেই আত্মহাৰা হই
বোৱালো প্ৰেমৰ নৈ ।
মিছা মিছা হায় জগতৰ মায়া
পাহৰিলোঁ মই আপোন কথা
প্ৰিয়া মাথো মোৰ শুভ্ৰ ছায়া
নিৰৱ কোণৰ অকণি দয়া ।
প্ৰেমৰ মদিৰা মৰণে চুমি
কাকনো মিছাতে ফুৰিলোঁ জুমি
কায়া ছায়া হীন
বিপুল বাসনা সেয়েহে তুমি ।
তেতিয়াৰে কাৰ কেচুৱা অৰুণে
সেউজী বনত মাৰিলে আঁক
মোৰ হৃদয়ৰ দুৰ সীমানাত
আজিওতো আছে সোণালী দাগ ।।
No comments:
Post a Comment