ফুল-কলি ফুলি গোন্ধ
বোৱাই প্ৰীতি সোঁত
সৰি পিছে নাইকিয়া হ’ল;
সি ফুলৰ মউ পিয়া
এটি ভোমোৰা বলিয়া
ঘুৰি ঘুৰি ফুৰিছে অকল ।
উৰি উৰি বেজাৰৰ
হৃদয় ৰাগিনী তাৰ
বৰষি যে সিও গুচি গ’ল
ক’ৰ কোন কিবা হ’ল
চিন-স্মৃতি পমি গ’ল
প্ৰকৃতি যে তেনেকৈয়ে ৰ’ল ।
No comments:
Post a Comment