তোৰে মোৰে আলোকৰে যাত্ৰা - জ্যোতিপ্ৰসাদ আগৰৱালা

তোৰে মোৰে আলোকৰে যাত্ৰা..অব্যৰ্থ.. অব্যৰ্থ
তোৰে মোৰে আলোকৰে যাত্ৰা .. অব্যৰ্থ.. অব্যৰ্থ
আমি পালো জীৱনৰ অৰ্থ অভিনৱ
স্বাগত স্বাগত সতীৰ্থ

সেউজীয়া জীৱনৰে জাগ এটি ছন্দ
সেউজীয়া জীৱনৰে জাগ এটি ছন্দ
আহে আহে
জনতাৰ অন্তৰে অন্তৰে
অলোক বসন্ত আহে
প্ৰসৰিত অৰুন বাণী

আগ বাঢ়ে আগ বাঢ়ে
যুগাগ্ৰগামী তৰুন সেনানী
আজি সমৃদ্ধ বেগে জাগে জাগে
বিপ্লবী প্ৰাণ
মুখৰিত দিশে দিশে অগ্নিৰ গাণ

তোৰে মোৰে আলোকৰে যাত্ৰা..  অব্যৰ্থ.. অব্যৰ্থ
তোৰে মোৰে আলোকৰে যাত্ৰা .. অব্যৰ্থ.. অব্যৰ্থ
আমি পালো জীৱনৰ অৰ্থ অভিনৱ

স্বাগত স্বাগত সতীৰ্থ

No comments:

Post a Comment