মৌ-মাখিজাক
[এটা নতুন গানৰ আনন্দত]
মৌ-মাখিজাক গুণ্গুণ্কৈ
উৰি আহে মোৰ বুকুলৈ;
মই কান পাতি শুনো
সিঁহতৰ পাখিৰ পাতল শব্দ |
সিৰাই-সিৰাই
অনুভৱ কৰোঁ হিম-ভৰা হেমন্ত |
ক্ৰমে, মোৰ তেজত
এটা নতুন গানৰ দৰে
বিয়পি পৰে মৌ-মাখিজাকৰ
গুন্গুণ্ শব্দ … … |
মোৰ আইৰ দুচকু
[বিষ্ণু ৰাভাৰ বিয়োগত]
চকুৰ পানীৰে
ভৰি উঠে মোৰ আইৰ দুচকু |
এতিয়া কি সতে
মই ঘৰলৈ ওভতোঁ ?
হৃদয়ৰ গভীৰত শুনো
এটি কৰুণ সুৰ;
দিঠকত দেখোঁ : মোৰ আইৰ দুচকু
চকুলোৰে ভৰপুৰ |
এতিয়া কি সতে
মই ঘৰলৈ ওভতোঁ ?
তোমাৰ সেই গৰ্বিত বুকু
ৰঙা পতাকাৰে ঢাকি থ’লো |
সাগৰ-স্পন্দিত দেহ
কান্ধত তুলি ল’লো
এতিয়া কি সতে
মই ঘৰলৈ ওভতোঁ ?
ফাগুনৰ গান
[১]
শুকান বতাহজাকে
পাতবোৰ উৰুৱাই নিয়ে |
ৰাংঢালি চৰাইবোৰে গছৰ ডালত পৰি নাচে,
জুনুকাৰ জুন্জুননিত
সাৰ পায় কুঁহিপাতে |
[২]
শিমুলৰ সৌ ৰঙাপাহিত
তুমি আহি মাৰিলা হাঁহি |
হাঁহি নে বাঁহীৰ খল্খলনিত
উৰি গুচি গ’ল এজোলা তুলা,
দুপৰৰ এই বননিত
তুমি বাৰু কেলেই এনেকে শুলা ?
[৩]
ফাগুনে মায়া জানে
ৰাতি হ’লে শুকান ডালে ডালে
জোন জ্বলি উঠে |
হিয়া ভাঙি অমাতৰ মাত মাতে
কৰুন কেতেকীয়ে |
[৪]
ফাগুনে কিনো দিলে কিনো নিলে
মোৰ প্ৰেমৰ জোন
তোমাৰ ডিঙিত দেখোন
ৰাতি হ’লে গান শুনাৰ চলে জিল্মিলাই জ্বলে |
তেজৰ আখৰেৰে
“ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে ?”
শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে |
কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে |
কবি মই নাছিলো কোনোকালে |
প্ৰেমৰ পিঞ্জৰ
মই
এক আচৰিত
প্ৰেমৰ পিঞ্জৰত
বন্দী |
মোৰ
দুৱাৰত অদূৰত
তুমি !
যেন সোনালী শস্যভুমি |
মই প্ৰেমৰ পিঞ্জৰত বন্দী … …
মোৰ দেশ আৰু আনুষংগিক
বন্দুকৰ অনল
অথবা, চকুপানীৰে সৰে
ৰোষৰ আঙুৰ থোকে-থোকে |
মোৰ হিম-শীতল
কলিজা কামুৰি ধৰে
আত্মীয়তাৰ কঠিন শোকে |
ৰোষৰ তেজাল
আঙুৰ সৰে থোকে-থোকে |
প্ৰস্তাৱনা
মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা |
কেতিয়বা ভাবোঁ খুন কৰোঁ, নাইবা
নিজেই নিহত হওঁ সিঁহতৰ হাতত | মোৰ
তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰনা |
যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক
মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ
অনিবাৰ্য ঝন্ঝননি | সমস্ত শক্তিৰে
ছিঙি পেলাওঁ হাতৰ শিকলি | সমুখৰ
শোভাযাত্ৰাত যোগ দিওঁ অথবা
নিশব্দে তুলি লওঁ ছহিদৰ দেহা |
মোৰ তেজৰ শিখাত
বাৰুদ ভৰা স্বপ্নৰ যন্ত্ৰণা |
ঘৰ-জেউতি
এটি ৰূপালী হাঁহ
হৃদয় হ্ৰদত
লুকাই আছেহি
বাৰটি মাহ |
য’ত
হেঙুলী বেলিয়ে
দিয়েহি আবেলি লাহ |
ৰূপালী এটি হাঁহ |
পুনশ্চ
প্ৰতিদিনেই মোৰ একো- একোটা মৃত্যু
হাতৰ ৰেখাত দীৰ্ঘ পৰমায়ু |
এনেকৈয়ে মই আছোঁ | সপোনৰ পৰীৰ
ভৰিৰ খোজ শুনি মনে-মনে ভাবো :
জীৱন যিমান সুন্দৰ হ’ব পাৰে সুন্দৰ তাতোকৈয়ো |
[এটা নতুন গানৰ আনন্দত]
মৌ-মাখিজাক গুণ্গুণ্কৈ
উৰি আহে মোৰ বুকুলৈ;
মই কান পাতি শুনো
সিঁহতৰ পাখিৰ পাতল শব্দ |
সিৰাই-সিৰাই
অনুভৱ কৰোঁ হিম-ভৰা হেমন্ত |
ক্ৰমে, মোৰ তেজত
এটা নতুন গানৰ দৰে
বিয়পি পৰে মৌ-মাখিজাকৰ
গুন্গুণ্ শব্দ … … |
মোৰ আইৰ দুচকু
[বিষ্ণু ৰাভাৰ বিয়োগত]
চকুৰ পানীৰে
ভৰি উঠে মোৰ আইৰ দুচকু |
এতিয়া কি সতে
মই ঘৰলৈ ওভতোঁ ?
হৃদয়ৰ গভীৰত শুনো
এটি কৰুণ সুৰ;
দিঠকত দেখোঁ : মোৰ আইৰ দুচকু
চকুলোৰে ভৰপুৰ |
এতিয়া কি সতে
মই ঘৰলৈ ওভতোঁ ?
তোমাৰ সেই গৰ্বিত বুকু
ৰঙা পতাকাৰে ঢাকি থ’লো |
সাগৰ-স্পন্দিত দেহ
কান্ধত তুলি ল’লো
এতিয়া কি সতে
মই ঘৰলৈ ওভতোঁ ?
ফাগুনৰ গান
[১]
শুকান বতাহজাকে
পাতবোৰ উৰুৱাই নিয়ে |
ৰাংঢালি চৰাইবোৰে গছৰ ডালত পৰি নাচে,
জুনুকাৰ জুন্জুননিত
সাৰ পায় কুঁহিপাতে |
[২]
শিমুলৰ সৌ ৰঙাপাহিত
তুমি আহি মাৰিলা হাঁহি |
হাঁহি নে বাঁহীৰ খল্খলনিত
উৰি গুচি গ’ল এজোলা তুলা,
দুপৰৰ এই বননিত
তুমি বাৰু কেলেই এনেকে শুলা ?
[৩]
ফাগুনে মায়া জানে
ৰাতি হ’লে শুকান ডালে ডালে
জোন জ্বলি উঠে |
হিয়া ভাঙি অমাতৰ মাত মাতে
কৰুন কেতেকীয়ে |
[৪]
ফাগুনে কিনো দিলে কিনো নিলে
মোৰ প্ৰেমৰ জোন
তোমাৰ ডিঙিত দেখোন
ৰাতি হ’লে গান শুনাৰ চলে জিল্মিলাই জ্বলে |
তেজৰ আখৰেৰে
“ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে ?”
শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে |
কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে |
কবি মই নাছিলো কোনোকালে |
প্ৰেমৰ পিঞ্জৰ
মই
এক আচৰিত
প্ৰেমৰ পিঞ্জৰত
বন্দী |
মোৰ
দুৱাৰত অদূৰত
তুমি !
যেন সোনালী শস্যভুমি |
মই প্ৰেমৰ পিঞ্জৰত বন্দী … …
মোৰ দেশ আৰু আনুষংগিক
বন্দুকৰ অনল
অথবা, চকুপানীৰে সৰে
ৰোষৰ আঙুৰ থোকে-থোকে |
মোৰ হিম-শীতল
কলিজা কামুৰি ধৰে
আত্মীয়তাৰ কঠিন শোকে |
ৰোষৰ তেজাল
আঙুৰ সৰে থোকে-থোকে |
প্ৰস্তাৱনা
মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা |
কেতিয়বা ভাবোঁ খুন কৰোঁ, নাইবা
নিজেই নিহত হওঁ সিঁহতৰ হাতত | মোৰ
তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰনা |
যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক
মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ
অনিবাৰ্য ঝন্ঝননি | সমস্ত শক্তিৰে
ছিঙি পেলাওঁ হাতৰ শিকলি | সমুখৰ
শোভাযাত্ৰাত যোগ দিওঁ অথবা
নিশব্দে তুলি লওঁ ছহিদৰ দেহা |
মোৰ তেজৰ শিখাত
বাৰুদ ভৰা স্বপ্নৰ যন্ত্ৰণা |
ঘৰ-জেউতি
এটি ৰূপালী হাঁহ
হৃদয় হ্ৰদত
লুকাই আছেহি
বাৰটি মাহ |
য’ত
হেঙুলী বেলিয়ে
দিয়েহি আবেলি লাহ |
ৰূপালী এটি হাঁহ |
পুনশ্চ
প্ৰতিদিনেই মোৰ একো- একোটা মৃত্যু
হাতৰ ৰেখাত দীৰ্ঘ পৰমায়ু |
এনেকৈয়ে মই আছোঁ | সপোনৰ পৰীৰ
ভৰিৰ খোজ শুনি মনে-মনে ভাবো :
জীৱন যিমান সুন্দৰ হ’ব পাৰে সুন্দৰ তাতোকৈয়ো |
No comments:
Post a Comment