Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ৬

এন্ধাৰত সাপ

মই এন্ধাৰ সোপানেৰে
গৈ আছোঁ গোপনে গোপনে
গৈ আছোঁ … …

সমুখত
আঁক বাক এডাল সাপ |

আৰু এটা ঢাপ
আৰু এটা মাথোন ঢাপ … …

পাৰ হ’ম
বগা-ক’লা পাহ কটা সাপ |

মোৰ চিক্‌মিক্‌ তৰোৱালে
খুলিব নোৱাৰে দেখোন লোহাৰ খাপ !

আৰু এটা ঢাপ
আৰু এটা মাথোন ঢাপ

প্ৰেমৰ ভোমোৰাৰ পাখিৰ নীলাত
মোৰ বিষাদ বিষণ্ণ হাত |

আৰু এটা ঢাপ
আৰু এটা মাথোন ঢাপ

সমুখত
আঁক বাক এডাল সাপ |



উভতি অহাৰ গান

মনৰ
মুগ্ধছায়াত
প্ৰতাৰিত সপোনৰ
উচ্ছ্বসিত তৰা,
হৃদয়ত অৰণ্যৰ ৰক্তিম স্তব্ধতা … …

এতিয়া
মই অকাতৰে
আঁতৰি আহিব পাৰোঁ
তোমাৰ কাষৰ পৰা

তোমাৰ কাষৰ পৰা … …


অশ্ৰুৰ প্ৰচ্ছায়া


মই
হাতৰ মুঠি খুলি দিলো :
একো অনা নাই তোমাৰ পৰা |
নগণ্য এটি অশ্ৰুমুদ্ৰাৰ প্ৰচ্ছায়া
হাতৰ তলুৱাত :
মোৰ সকলো দুখ; একোটি স্বপ্ন |

মই
একো অনা নাই তোমাৰ পৰা
মোৰ দুহাত শুন্য … …




জন্মদিন


মোক ৰাতিটোৰ বাবে ওভতাই দিয়া মোৰ ল’ৰালি
আইৰ কোলাত আকৌ এবেলি শুম :
                     লাই হালে জালে আবেলি বতাহে
মোৰ সোঁৱৰণী গুমৰি উঠে
                     নিৰন্ন-সময়ৰ সুগন্ধ তেজৰ প্ৰৱাহে-প্ৰৱাহে |





প্ৰাৰ্থনা শেষৰ কবিতা


তোমাৰ বসন্তৰ আকাশময়তাত
মোৰ হেজাৰ-হেজাৰ বছৰ প্ৰাৰ্থনা শেষৰ
স্বৰ্গীয় দিগন্ত, যাৰ সোপানত থিয় দি
মই দেখিছোঁ পৰিনতিৰ নিয়তি,
স্বৰ্গ দুৰ, দুৰ অতি |

ভয়াবহ জড়তাই কামুৰি ধৰিছে মোৰ হৃদয়,
মোক লৈ ব’লা অনতিদুৰ প্ৰেমৰ
পান্থশালাৰ হিৰন্ময় সোপানেৰে তুলি,
নিসৰ্গৰ বৃক্ষই পাহৰিলে প্ৰতিশ্ৰুতি,
স্বৰ্গ দুৰ, দুৰ অতি |

কাতৰ জিভাত মোৰ অনন্তকাল,
প্ৰাৰ্থনাৰ ভগ্নস্বৰত ঈশ্বৰৰ অদ্বিতীয় দ্যুতি,
স্বৰ্গ দুৰ, দুৰ অতি |




মোৰ আৰু পৃথিৱীৰ


                      ১
কাৰ কাৰণে কবিতা, সুর্যৰ শুদ্ধতা ? সমুখৰ বাট জলক্‌-তবক্‌,
বাওঁহাতৰ টিপত মৰে কুশীলব, জননীৰ বুকুত কালযমুনা ।
কাৰ কাৰণে কবিতা, সূর্যৰ তেজস্বীতা ? ছহিদৰ হাড়
শিয়াল-কুকুৰৰ ভোজ, স্বাধীনতাৰ বিপন্ন মুখ !

কাৰ কাৰণে কবিতা, তাপস কবিৰ তেজৰ শলিতা ?

                      ২
মই এক বিপুলায়তন নাটকৰ গর্ভাংকৰ গভীৰৰ নাটকীয় মুহুর্তত,
মোৰ অসহায় চকুৰ আগত বিশাল শব্দকল্পদ্রুম,
উদগ্র জীৱন শক্তিত স্ফীত শাখা-প্রশাখাত
উৎসৱান্ত ধুমুহাৰ কোলাহল;
মুক্ত, উদ্ধত আৰু সুস্পষ্ট বিবেকী বজ্রৰ নির্ঘোষ ।

মোৰ অনুভূতিৰ বিপদজনক দুৱাৰ দুফাল কৰি খোলা ।
যকৃতৰ সুখ শ্রুত সুস্থতাই জানো সকলো ?

তোমাৰ লগত মোৰ বিস্তৰ মতভেদ ।
বৰং যদিও দুষ্প্রাপ্য, তেজৰ স্বাভাৱীক ৰং মোৰ প্রিয় ।
মই এনেধৰণৰ সর্বাত্মক সংকটৰ মুখামুখি
যাৰ এফালে নির্বিষ বাস্তৱ, আনফালে অসম্ভৱ ভবিষ্যত |

                     ৩

নিমিষতে ভাঙি পৰে মোৰ বুকুৰ ভিতৰৰ ঘৰ দুৱাৰ | তোমাক
বুকুত থৈ কৰা মোৰ আশ্চৰ্য নিৰ্মাণ | ভয়ংকৰ ভাঙনৰ মুখত
স্থিত দীৰ্ঘ পৰিশ্ৰমে গঢ়া সুশোভিত উদ্যান |
পাৰ হৈ আহোঁ পিছল শিলৰ সাঁকো,
ভৱিষ্যতৰ গন্ধবহ সপ্ৰতিভ বৰ্তমান |
হাড়ে-হাড়ে, বুকুৰ ভিতৰে-ভিতৰে ভাঙে ঘৰ দুৱাৰ,
কলিজাত কতকাল পৰি থকা স্মৃতিময় গোলাপলতাৰ
তিমিৰ প্ৰোথিত শিপা ছিন্ন-বিচ্ছিন্ন |
শ্বাসৰোধী অভ্যন্তৰত পিপাসাৰ মুমুৰ্ষূ প্ৰাৰ্থনা :
মোৰ প্ৰকৃতি, মোৰ প্ৰিয়া, তুলি লোৱা
মোৰ অপাপ-হৃদয় ধ্বংসস্তুপৰ পৰা |

                  ৪
তেজৰ অনুগত মোৰ এই অভীষ্ট শব্দবোৰৰ নিঃসংতা
লগৰীয়াৰ চকুত ধুলি দি বালিঘৰ সাজি একান্তমনে
উমলি থকা লৰাটোৰ দৰে এক অদ্ভুত আনান্দবোধত মুগ্ধ |
প্ৰতিটো শব্দৰ শৰীৰে-শৰীৰে বিয়পি আছে মোৰ
আইৰ চাদৰৰ মোলান আঁচলত লাগি থকা কিংবদন্তীৰ কৰুণতা

                  ৫

এনেকৈয়ে আছোঁ : দুখ মোৰ কোলাৰ কেচুৱা, বাৰে বাৰে
দুহাতেৰে দাঙি লব লাগে | জিভাত দুখৰ ঘৰৰ লোণ,
ওকালিত ওলাই আহে ভাতৰ নিসনি ! খং মোৰ সহজতে নুঠে |
দায়িত্বশীল পিতাৰ দৰে মই জানো
খং কেনেকৈ সামৰি থব লাগে;
ক্ষমায়েই বা কাক বোলে | প্ৰচুৰ দ্বায়িত্ব মোৰ |
দুখবোৰ তুলি-তালি মানুহ কৰাৰ গধুৰ দ্বায়িত্ব,
একান্ততাত জুৰুলি-জুপুৰি নৰীয়া দেহা,
কিবা এটা কব খুজিলেই আলজিভাৰ পৰা ছিটিকি পৰে
অজানিত তেজ মুখৰ ভিতৰে বাহিৰে |

                   ৬

মোৰ অস্ত্ৰৰ শানিত মুখত সুগন্ধ সময়ৰ সেতুময়তা !
মোৰ স্নায়ুৰ বিচিত্ৰ বীণাৰ সহস্ৰ তাঁৰ কৃতজ্ঞতাবোধত গধুৰ,
বুকুৰ ভিতৰত অজৰ-অমৰ পৃথিবী, যাৰ কাষত বহিলে
উজ্জ্বল হৈ উঠে মোৰ নৰীয়া দেহ | ভ্ৰমণ-বিলাসী মনৰ
শেষ হয় সকলো আয়োজন, ভৰি ছুই গুচি যায় আবেলিৰ ৰ’দ,
মই মাথোঁ বহি থাকোঁ লিৰিকি-বিদাৰি গুৰুভাৰ শিকলি |
আঙুলি কামুৰি পালোঁ ঘোলা তেজ, চেঁচা বিদ্ৰোহ,
চুড়ান্ত কিবা কৰাৰ মোৰ খুব লোভ, অথচ মোৰ
সেই স্পৰ্ধা নাই অথবা, বিৰল প্ৰাজ্ঞতা !

                    ৭

কম্‌ৰেড্‌, বুকুখন বিষাইছে, বন্দুকটো উম দি বুকুতে থাকক,
আঁতৰাই নিনিবা; লাগিলে তৰ্জনী আঙুলিটো মোৰ
ট্ৰিগাৰতে থোৱা : বন্দুকৰ নলেৰে জ্বলক অবিৰাম বিজুলী |
ৰাতিটো পাৰ হৈ গ’লে আমাৰ আৰু ভয় কি ?
নলে-গলে লগলাগি পামগৈ ফৰকাল বেলতলাৰ পথাৰ |



No comments:

Post a Comment