পথৰুৱা গীত
মোৰ বুকুত
এজনী দাৱনী |
ধান ৰোৱে, ধান দায় বাৰে বাৰে,
চিক্মিক্ কাচিখনি
যাৰ
নয়নৰ মণি |
এজনী দাৱনী
দহো আঙুলিত তাইৰ
ৰিব্ৰিব্ সোনালী
ধাননি |
আবেলিৰ বেলি
মোৰ শৰীৰৰ ওপৰেৰে
বাগৰি গ’ল আবেলিৰ বেলি |
প্ৰথমে বুকুত,
তাৰ পিছত অণুৱে অণুৱে
অনুভৱ কৰিলো সেই বিষ |
প্ৰেম, বিষাদ কিম্বা কৌতুক |
টোপে টোপে প্ৰথমে বুকুত,
তাৰ পিছত অণুৱে-অণুৱে
অনুভৱ কৰিলো
আবেলিৰ সোনালী চকুলো |
এথোপা ফুল
আটাই বোৰ উবুৰি খাই ধৰিলে |
কোনোবাই চকুহাল,
আৰু মই হাতখন খুলি চালো :
এথোপা সোনোৱালী ফুল
তাইৰ হাতৰ মুঠিত
শুকাই কাঠ হৈ আছে |
কোনেও নেদেখাকৈ মই
ফুলথোপা লাহেকৈ আঁতৰাই থ’লো | মৌ-যেন ফাগুনৰ
গুণ্গুণ্ এথোপা ফুল |
বাঁহীৰ মাত
এন্ধাৰেৰে যাওঁতে যাওঁতে
পোহৰৰ শংখ নিনাদ
শুনিলো অকস্মাৎ |
বজ্ৰৰ বাবে থোৱা মোৰ হাড়ত
অনুভৱ কৰিলো বাঁহীৰ মাত |
বাঁহীটো তেজত, হাড়ৰ মাজত
লুকাই আছিল অতকাল |
তাত থুপাই থৈছিলো
সময়ৰ কিছুমান শুকান পাত |
পাতবোৰ আঁতৰাই দিলে কোনে ?
কাৰ বাৰু সিখনি স্নিগ্ধ হাত !
নীল নক্ষত্ৰ
ময়ো আকাশৰ দুৱাৰৰখীয়া আছিলো |
মেঘ-তৰা-নক্ষত্ৰখচিত আকাশলৈ চাই
কেতিয়াবা গানো গাইছিলো হ’বলা |
তেতিয়া মোৰ বয়স আছিল কুৰি বা
ঠিক তেনেকুৱাই কিবা এটা | তাৰ পিছত,
কেতিয়া যে তৰাবাহী মেঘবোৰ গুৰি গুৰি হৈ-হৈ
ক্ৰমে নিঃশেষ হৈ গ’ল, কোনে যে নিঠুৰ
নখেৰে ছিঙি লৈ গ’ল নীল নক্ষত্ৰ !
আকাশতকৈ সঁচা হ’ল মোৰ আতংক,
প্ৰেমতকৈ মহীয়ান হ’ল নিৰুক্ত কিছুমান শব্দ !
আজি বয়স গৈ-গৈ দুকুৰিৰ ওচৰত মই
আকৌ থমক খাই ৰ’লো |
হাতৰ মুঠিৰ আহত গোলাপপাহিলৈ চাই ভাবিছোঁ :
মই আজন্ম তোমাৰেই গানৰ কবি ;
হৃদয়ত মোৰ নীল নক্ষত্ৰৰ আনন্দ !
লাঞ্ছিত সূৰ্য
ৰ’দ গৈ-গৈ ঢলি পৰে সূৰ্য |
ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষৰ
অন্ধকাৰত জ্বলে কালপুৰুষৰ
তৰোৱাল অনিবাৰ্য |
মই কবি, সীমিত মোৰ সামৰ্থ্য |
আলিদোমোজাৰ ভূতগ্ৰস্ত প্ৰহৰীৰ
কৃতঘ্ন পিতলৰ সুহুৰিয়ে
বিপৰ্যস্ত কৰে মোৰ কব্যৰ অৰ্থ |
ৰ’দ গৈ-গৈ ঢলি পৰে সুবৰ্ণ সূৰ্য |
সিৰাই সিৰাই
কালি ৰাতি মেঘে গাজিছিল
মোৰ সিৰাই-সিৰাই বিজুলী বেগেৰে
নামি আহিছিল শেষ বাৰিষাৰ মেঘ |
কালি ৰাতি মেঘে গাজিছিল
কাৰ কুমাৰী কেশৰ অগাধ এন্ধাৰে
ঢাকি ৰাখিছিল গোলাপ ৰঙৰ তেজ |
কালি গোটেই ৰাতি মেঘে গাজিছিল |
মোৰ সিৰাই-সিৰাই শেষ বাৰিষাৰ মেঘ |
ব’ৰাগী-বীণ
ইয়াতকৈ
আৰু কি হ’ব পাৰে
তীব্ৰ ৰাগী
যি
প্ৰেমত মই
ব’ৰাগী ?
য’তেই
তোমাৰ প্ৰেমৰ সুৰভি
তাতেই মোৰ বীণৰ তাৰ আছে
লাগি |
মই
তোমাৰ প্ৰেমত সঁচাকৈ
ব’ৰাগী |
তাই
[প্ৰাৰ্থনাৰ দৰে কৰুণ ]
মই
তাইৰ বুকুত হাত থ’লো :
পাচোটা আঙুলিত মোৰ
ফুলৰ সুবাস |
তাইৰ প্ৰতিটো আঘাততে
মই চুমা খালো :
মোৰ
শুকান ওঁঠত
এপাহ-দুপাহকৈ
সাতোপাহ কৰুণ গোলাপ |
মই
তাইৰ বুকুত হাত থ’লো :
আন্দোলিত আঙুলিত মোৰ
ফুলৰ লয়লাস |
ব্যৰ্থ-শৰ
মই মৰি গৈছোঁ
ভিতৰে-ভিতৰে |
এই যে কথা পাতোঁ, গান শুনো
(আনকি তোমাৰ গানো)
সেয়া অভ্যাস |
পানীৰ তলত
থাকে জানো মৰা মাছ |
আচলতে
মই মৰি গৈছোঁ তিলে-তিলে |
বৰ কষ্টকৰ এই উশাহ |
জিৰনি : যেতিয়া যন্ত্ৰণা
ছায়াশ্ৰয়ী উদ্ভিদৰ মগ্নতাত
শুই আছে মোৰ হৃদয় ইয়াত |
ইতস্তত: পোহৰৰ সোনোৱালী
ৰেখাৰ অনুষংগ জটিলতা |
বতাহত বন্ধ উদ্ভিদৰ পাত ।
তোমাৰ সুবাস ভৰা ৰাতিৰ মায়াত
ফুলিব স্নিগ্ধ তৰা; ছায়াশ্ৰয়ী
হৃদয়ৰ আপাত দীনতা |
উদ্ভিদৰ মগ্নতাৰে শুই আছে ইয়াত
হৃদয় – যেতিয়া যন্ত্ৰণা … …
মোৰ বুকুত
এজনী দাৱনী |
ধান ৰোৱে, ধান দায় বাৰে বাৰে,
চিক্মিক্ কাচিখনি
যাৰ
নয়নৰ মণি |
এজনী দাৱনী
দহো আঙুলিত তাইৰ
ৰিব্ৰিব্ সোনালী
ধাননি |
আবেলিৰ বেলি
মোৰ শৰীৰৰ ওপৰেৰে
বাগৰি গ’ল আবেলিৰ বেলি |
প্ৰথমে বুকুত,
তাৰ পিছত অণুৱে অণুৱে
অনুভৱ কৰিলো সেই বিষ |
প্ৰেম, বিষাদ কিম্বা কৌতুক |
টোপে টোপে প্ৰথমে বুকুত,
তাৰ পিছত অণুৱে-অণুৱে
অনুভৱ কৰিলো
আবেলিৰ সোনালী চকুলো |
এথোপা ফুল
আটাই বোৰ উবুৰি খাই ধৰিলে |
কোনোবাই চকুহাল,
আৰু মই হাতখন খুলি চালো :
এথোপা সোনোৱালী ফুল
তাইৰ হাতৰ মুঠিত
শুকাই কাঠ হৈ আছে |
কোনেও নেদেখাকৈ মই
ফুলথোপা লাহেকৈ আঁতৰাই থ’লো | মৌ-যেন ফাগুনৰ
গুণ্গুণ্ এথোপা ফুল |
বাঁহীৰ মাত
এন্ধাৰেৰে যাওঁতে যাওঁতে
পোহৰৰ শংখ নিনাদ
শুনিলো অকস্মাৎ |
বজ্ৰৰ বাবে থোৱা মোৰ হাড়ত
অনুভৱ কৰিলো বাঁহীৰ মাত |
বাঁহীটো তেজত, হাড়ৰ মাজত
লুকাই আছিল অতকাল |
তাত থুপাই থৈছিলো
সময়ৰ কিছুমান শুকান পাত |
পাতবোৰ আঁতৰাই দিলে কোনে ?
কাৰ বাৰু সিখনি স্নিগ্ধ হাত !
নীল নক্ষত্ৰ
ময়ো আকাশৰ দুৱাৰৰখীয়া আছিলো |
মেঘ-তৰা-নক্ষত্ৰখচিত আকাশলৈ চাই
কেতিয়াবা গানো গাইছিলো হ’বলা |
তেতিয়া মোৰ বয়স আছিল কুৰি বা
ঠিক তেনেকুৱাই কিবা এটা | তাৰ পিছত,
কেতিয়া যে তৰাবাহী মেঘবোৰ গুৰি গুৰি হৈ-হৈ
ক্ৰমে নিঃশেষ হৈ গ’ল, কোনে যে নিঠুৰ
নখেৰে ছিঙি লৈ গ’ল নীল নক্ষত্ৰ !
আকাশতকৈ সঁচা হ’ল মোৰ আতংক,
প্ৰেমতকৈ মহীয়ান হ’ল নিৰুক্ত কিছুমান শব্দ !
আজি বয়স গৈ-গৈ দুকুৰিৰ ওচৰত মই
আকৌ থমক খাই ৰ’লো |
হাতৰ মুঠিৰ আহত গোলাপপাহিলৈ চাই ভাবিছোঁ :
মই আজন্ম তোমাৰেই গানৰ কবি ;
হৃদয়ত মোৰ নীল নক্ষত্ৰৰ আনন্দ !
লাঞ্ছিত সূৰ্য
ৰ’দ গৈ-গৈ ঢলি পৰে সূৰ্য |
ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষৰ
অন্ধকাৰত জ্বলে কালপুৰুষৰ
তৰোৱাল অনিবাৰ্য |
মই কবি, সীমিত মোৰ সামৰ্থ্য |
আলিদোমোজাৰ ভূতগ্ৰস্ত প্ৰহৰীৰ
কৃতঘ্ন পিতলৰ সুহুৰিয়ে
বিপৰ্যস্ত কৰে মোৰ কব্যৰ অৰ্থ |
ৰ’দ গৈ-গৈ ঢলি পৰে সুবৰ্ণ সূৰ্য |
সিৰাই সিৰাই
কালি ৰাতি মেঘে গাজিছিল
মোৰ সিৰাই-সিৰাই বিজুলী বেগেৰে
নামি আহিছিল শেষ বাৰিষাৰ মেঘ |
কালি ৰাতি মেঘে গাজিছিল
কাৰ কুমাৰী কেশৰ অগাধ এন্ধাৰে
ঢাকি ৰাখিছিল গোলাপ ৰঙৰ তেজ |
কালি গোটেই ৰাতি মেঘে গাজিছিল |
মোৰ সিৰাই-সিৰাই শেষ বাৰিষাৰ মেঘ |
ব’ৰাগী-বীণ
ইয়াতকৈ
আৰু কি হ’ব পাৰে
তীব্ৰ ৰাগী
যি
প্ৰেমত মই
ব’ৰাগী ?
য’তেই
তোমাৰ প্ৰেমৰ সুৰভি
তাতেই মোৰ বীণৰ তাৰ আছে
লাগি |
মই
তোমাৰ প্ৰেমত সঁচাকৈ
ব’ৰাগী |
তাই
[প্ৰাৰ্থনাৰ দৰে কৰুণ ]
মই
তাইৰ বুকুত হাত থ’লো :
পাচোটা আঙুলিত মোৰ
ফুলৰ সুবাস |
তাইৰ প্ৰতিটো আঘাততে
মই চুমা খালো :
মোৰ
শুকান ওঁঠত
এপাহ-দুপাহকৈ
সাতোপাহ কৰুণ গোলাপ |
মই
তাইৰ বুকুত হাত থ’লো :
আন্দোলিত আঙুলিত মোৰ
ফুলৰ লয়লাস |
ব্যৰ্থ-শৰ
মই মৰি গৈছোঁ
ভিতৰে-ভিতৰে |
এই যে কথা পাতোঁ, গান শুনো
(আনকি তোমাৰ গানো)
সেয়া অভ্যাস |
পানীৰ তলত
থাকে জানো মৰা মাছ |
আচলতে
মই মৰি গৈছোঁ তিলে-তিলে |
বৰ কষ্টকৰ এই উশাহ |
জিৰনি : যেতিয়া যন্ত্ৰণা
ছায়াশ্ৰয়ী উদ্ভিদৰ মগ্নতাত
শুই আছে মোৰ হৃদয় ইয়াত |
ইতস্তত: পোহৰৰ সোনোৱালী
ৰেখাৰ অনুষংগ জটিলতা |
বতাহত বন্ধ উদ্ভিদৰ পাত ।
তোমাৰ সুবাস ভৰা ৰাতিৰ মায়াত
ফুলিব স্নিগ্ধ তৰা; ছায়াশ্ৰয়ী
হৃদয়ৰ আপাত দীনতা |
উদ্ভিদৰ মগ্নতাৰে শুই আছে ইয়াত
হৃদয় – যেতিয়া যন্ত্ৰণা … …
No comments:
Post a Comment