কবিৰ
সভাত
দিখৌ নে ভোগদৈ নজনকৈ পাৰ হৈ আহি নৈ
পলসুৱা মাটিত বালিহাঁহ এজাক ৰৈ আছেহি;
মাতত সিঁহতৰ সূৰ্যাস্তৰ হাট,
উজান-নাৱৰ পালত বুৰ দিলে বেলি,
এনেকুৱা এটা গোমা আবেলি
আমি দুৰত বহি খেলি আছোঁ সাঁথৰ ভঙাৰ খেল, দৈৱবিপাক
বুকুৰ শেল টানি আনি লিখিছোঁ কবিতা : বালিহাঁহজাক
উৰি যাব পলসুৱা মাটিত এৰি থই কোমল ছাঁ,
কবিৰ সমৰ্পিত জীৱন হাহাকাৰ কৰি তোলা শুন্যতা !
ছাঁ
গছৰ পৰ ছাঁ
এনেকৈ তেনেকৈ উৰি গৈছে
যেন ক’ৰবালৈ উৰি গুচি যাব … …
গছৰ
পৰা ছাঁ
এনেকৈ
যেনেকৈ
উৰি
গৈছে
যেন
আন ছায়াত মুখ থৈ ক’ব :
বুকুখন
মোৰ মৰুভুমি
হাত
দি চোৱা তুমি : পুৰি নিব |
গছৰ
পৰা ছাঁ
পাতৰ
পৰা ছাঁ
ছাঁ
মাটিৰ পৰা
উৰি
গৈছে … …
কি ফুল ফুলিছে
কি ফুল ফুলিছে? কেতেকী
কাঁইটেৰে ফুলপাহ ঢাকি গছজোপাই ক’লে
ছিঙি নিবা নেকি ?
ফুলপাহ ছিঙাৰ মোৰ জানো সাহ হ’ব
ফুলপাহ ছিঙাৰ সাহ ?
কাঁইটীয়া পাত কাটি ফুল ছিঙাৰ হেঁপাহ !
কি ফুল ফুলিছে ? বতাহত উৰি আহে ৰেণু …
…
আৰু মই ?
দুৰত বহি বিচাৰিছোঁ কি ?
ফুলৰ সুবাস ?
ফুলৰ সুবাস ! সোনোৱালী ফুলৰ সুবাস |
কি ফুল ফুলিছে ? কেতেকী !
প্ৰতীক্ষা
প্ৰতীক্ষাৰ আহত দিন, শুন্যেৰে জঁপিয়ায় কোন মায়াবী হৰিণ !
কালি ৰাতি মোৰ এক তিল টোপনি নাছিল ;
মুগ্ধ-নিয়তিৰ কোলাত আকাঙ্খাৰ বীজ, নক্ষত্ৰৰ চক্চক্ চকু,
সুঠাম আটিল ৰাতিৰ গাত জলদ্গম্ভীৰ হৰিণৰ মাত সগৰ্বে বিলীন
|
মোৰ এক তিল টোপনি নাছিল,
হাতৰ মুঠিত মোৰ দুখৰ ডালিম !!
স্থিৰচিত্ৰ
১
মোৰ চকুৰ আগৰ সোণালী সাগৰ, কেনি গুচি যায় ৰুপালী মাছ?
ধান কাটি দাৱনী তাঁতৰ পাটত, হাতত তিৰেবিৰায় অপ্সৰী ৰাচ,
ৰ’দ-ঘাই পথাৰ শুকাল
এতিয়া লখিমী ভৰিৰ শুৱনী সাঁচ |
২
আহোঁ বুলি মই ওলাই আহিব নোৱাৰোঁ, কপাহী কামিজটো
পিন্ধোতেই
ইমান পৰ |
দেখিছাই দেখোন লাই-লেচাই বুলিবৰ দুখ ঢাকি থোৱা মোৰ
আটোম-টোকাৰি
ঘৰ,
কেনেকৈ আহোঁ পদূলিমুৰৰ ধুলিয়ৰি মাধবিজোপাত নজ্বলিলে
জোনাকী-পোহৰ
!
No comments:
Post a Comment