Poems of Nirmal Prabha Bardaloi - Karunatam - কৰুণতম - ড: নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা

       কৰুণতম 

আহিনৰ পথাৰৰ গোন্ধ
কেনেবাকে নাকত আহি লাগিলে
মই হেৰা পাওঁ মোৰ দেউতাক
দোকানৰ জাপ-ভঙা
গামোচাৰ সুবাসত
মই হেৰা পাওঁ মোৰ আইক
মই মোক মোৰ সন্তানৰ কাৰনে
ক'ত থৈ যাম
ক'ত?






No comments:

Post a Comment