দেৱকান্ত বৰুৱাৰ জীৱনী - Biography of Devakanta Barooah

দেৱকান্ত বৰুৱাৰ জন্ম ১৯১৪ চনৰ ২২ ফেব্ৰুয়াৰী অসমৰ ডিব্ৰুগড়  জিলাত হৈছিল ।  দেৱকান্ত বৰুৱাৰ পিতৃৰ নাম আছিল নীলকান্ত বৰুৱা । অসমৰ নগাওঁ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ বৰুৱাই বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ।  বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত পঢ়ি থকৰে পৰাই  বৰুৱাই ভাৰতীয় স্বাধীনতা সংগ্ৰামত যোগদান কৰে আৰু পৰিনামস্বৰুপে ১৯৩০, ১৯৪১ আৰু ১৯৪২ চনত কাৰাবাস যাপন কৰিবলগীয়া হয় ।

শ্ৰীযুত বৰুৱা এজন জনজাত আৰু দক্ষ ৰাজনীতিবিদ আছিল । ১৯৪৯-৫১ চনৰ কালচোৱাত বৰুৱাৰ ৰাজনীতি জীৱনৰ সুত্ৰপাত  বিধান সভাৰ সদস্য ৰূপে হয় । পিছৰ কালচোৱাত তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাবে ৰাজনীতিত সক্ৰীয়ভাৱে কাম কৰিছিল ।  ১৯৭১ চনৰ ফেব্ৰুয়াৰী মাহৰ পৰা ১৯৭৩ চনৰ ফেব্ৰুয়াৰী মাহলৈকে তেখেত বিহাৰৰ গৱৰ্নৰ হিচাবে নিযুক্ত আছিল আৰু ১৯৭৪-৭৭ চনৰ কালচোৱাত অসমৰ পৰ হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ সভাপতি হিচাবে কাৰ্যভাৰ নিৰ্বাহ কৰিছিল । 

ৰাজনীতি কৰাৰ লগতে বৰুৱাই এজন কবি আছিল । দেৱকান্ত বৰুৱাৰ কবিতা সংকলন "সাগৰ দেখিছা " অসমীয়া  কবিতাপ্ৰেমী ৰাইজৰ মাজত বহু সমাদৃত আৰু চৰ্চিত ।


১৯৯৬ চনৰ ২৮ জানুয়াৰী ৮১ বছৰ বয়সত দিল্লিত তেখেতৰ দেহাবসান হয় ।


দেৱকান্ত বৰুৱাৰ কবিতা 

No comments:

Post a Comment