মুক্তি গান
মুক্তি কামী শক্তি জাগা জাগা
বিজয় ডঙ্কা বিজয় গান
মুক্তি কামী শক্তিমান
আগুৱান আগুৱান ।
মুক্ত আকাশ, মুক্ত ধৰা
শক্তি জ্যোতি জগত ভৰা
মুক্ত আহি কৌটি কণ্ঠ
গোৱা গান
কলং ভৰক উঠক বান
জৰা-জড় অৱসান
মুক্ত আজি মাতৃ প্ৰাণ
শক্তি ভক্তি কৰা দান
গোৱা গান ।
অথিৰ আয়ুৰ পূজাৰ ভাগ
তীব্ৰতেজৰ ৰঙা দাগ
কৰা আগ - কৰা আগ
স্বাৰ্থ ত্যাগা ত্যাগা ভাৰ
ভাঙ্গি দিয়া ৰুদ্ধ দ্বাৰ
মিছা গৰ্ব খৰ্ব কৰা
খৰ্ব কৰা অহঙ্কাৰ ।
স্বৰ্গ মৰ্ত জ্যোতিৰ ধাৰ
ৰক্ত ৰুধিৰ বোৱাই গাৰ
ধ্বংস কৰা অন্ধকাৰ
চূৰ্ণ কৰা অন্ধকাৰ
চূৰ্ণ কৰা কৰাগাৰ
মুক্ত আজি মুক্ত প্ৰাণ
মুক্তি কামী শক্তি কামী
কৌটি কণ্ঠ বীৰৰ প্ৰাণ
গোৱা গান ।।
[বিশ্ববিদ্যালয় দিৱস উপলক্ষে অগ্নিকবি অম্বিকাগিৰি ৰায়চৌধীৰীয়ে দিয়া বক্তৃতা শুনি লিখা । কটন কলেজ নতুন ছাত্ৰাবাস ১৮-০৪-১৯৪১
No comments:
Post a Comment