Ki surere bajala bahi - Poems of Ram Gogoi - কি সুৰেৰে বজালা বাঁহী - ৰাম গগৈৰ কবিতা

কি সুৰেৰে বজালা বাঁহী
কি সুৰেৰে উতলা হ'ল
তোমাৰ বহাগী মন

কেতিয়াবা যে
তোমাৰ সুহুৰি মাত
এজনী চৰাই হৈ
মোৰ বুকুত সোমাল

মই উভতি যোৱাৰ বাটত
পুবলৈ দীঘল হৈ যোৱা
গছৰ ছাঁবোৰে
মোক কয় ঃ

'সেই চৰাইজনীৰ
সেই সুহুৰি মাত
তুমি আৰু নালাগে শুনিব'

সে চৰাইজনী
কেতিয়া ওলাই গ'ল ।
এতিয়া সেই চৰাইজনীয়ে
গছৰ ডালত
পাতৰ আঁৰত
লুকাই লুকাই
মোক কয় ঃ
'শুন্য হৃদয় লৈ
তুমি গুচি যোৱা'
তুমি উভতি নাচাবা ।'


No comments:

Post a Comment