খিৰিকিৰে শীতৰ কোমল বতাহ এছাটি
সোমাই আহিছিল,
কুৱলীয়ে ঢাকি ৰাখিছিল আকাশ,
চতুৰ্দশীৰ ম্লান জোনটো
নিঃসংগ আৰু নিজস্ব
মোৰ হৃদয়ৰ দৰে
তোমাৰ হৃদয়ৰ দৰে ।
খিৰিকিৰে শীতৰ কোমল বতাহ এছাটি
সোমাই আহিছিল ,
পৃথিৱীলৈ নামি আহিছিল বিষণ্ণতা,
ক'ত ৰাউচি জুৰি কান্দি আছে
সেই চৰাইজনী বাৰু ?
মোৰ বুকুৰ মাজত
তোমাৰ বুকুৰ মাজত ।
শীতৰ ৰাতি
তাই পাৰিবনে উৰি যাব
জোনৰ ফালে, আকাশলৈ ?
খিৰিকিৰে কোমল বতাহ এছাটি
সোমাই আহিছিল,
মোৰ কোঠাটোৰ
মমৰ শিখাটি
কঁপি উঠিছিল
মোৰ হৃদয়ৰ দৰে
তোমাৰ হৃদয়ৰ দৰে ।
বতাহত শিখাটি নুমাই গ'ল ।
বহুদিন তোমাৰ স'তে
মোৰ দেখা হোৱা নাই ।
No comments:
Post a Comment