Ketiya basanta ahil - Poems of Ram Gogoi - কেতিয়া বসন্ত আহিল - ৰাম গগৈৰ কবিতা

কেতিয়া বসন্ত আহিল
তোমাৰ মনৰ পদুলিৰ এজুপি গোলাপ
কেতিয়া ফুলিল !

তোমাৰ মনৰ পদুলিৰ এজুপি গোলাপ
কোনে ছিঙিবাহি সেই তেজীমলা ফুল
দুৰণিৰ অচিনাকি
কোননো পথিক আহি
মেলি দিব হাত
কোনে মাতিবহি আথে বেথে
এষাৰি 'আঐ দেহি' চেনেহৰ মাত  ।

কি বুলি জনাবা তুমি
সেই অচিনাকী পথিকক
তোমাৰ অপ্ৰকাশ হৃদয় সংবাদ ;
ক'বা নেকি ঃ
'নিছিঙিবা ফুল
নালাগে শুনিব মোৰ বেদনাৰ ইতিহাস ।'

তোমাৰ মনৰ পদুলিৰ এজুপি গোলাপ
মনোৰমা ,
খুলি দিয়া হৃদয়ৰ বন্ধ খিৰিকি
অবাধে আহক সোমাই
অপৰূপ ৰুপালী জোনাক
আৰু
সেই গোলাপৰ মধুৰ সুবাস ।

No comments:

Post a Comment