Moi jetiya kobita likhho - Poems of Ram Gogoi - মই যেতিয়া কবিতা লিখো - ৰাম গগৈৰ কবিতা

মই যেতিয়া কবিতা লিখোঁ 
তেতিয়া
মই তোমাৰ কথা ভাবো
মই দূৰ দূৰান্তৰ আকাশলৈ চাওঁ
মই উৰি যোৱা
সেই বিহংগৰ ফালে চাওঁ 
কেনেকৈ উৰি যায়
এখনি ডেউকাৰ সেই বিহংগ
দুহাতত তুলি লৈ আলফুলে
সুধিব পাৰিলোহেঁতেন যদি ঃ

'কেনি যোৱা, কোন দিগন্তলৈ,
আকাশ নীলিম কিয়,
কিনো বেদনাত ।'

মই যেতিয়া কবিতা লিখোঁ
মোৰ আইৰ শপত,
মই তেতিয়া তোমাৰ কথাকে ভাবো

মোৰ সোণালী ভনী
মোৰ ৰূপালী ভনী,
মোৰ চম্পা ভনী

তোমাৰ হৃদয়
বেউলা-নদী ।

No comments:

Post a Comment