Abhimanatei tomar chakulo sare - Poems of ram Gogoi - অভিমানতেই তোমাৰ চকুলো সৰে - ৰাম গগৈৰ কবিতা

অভিমানতেই তোমাৰ চকুলো সৰে,
যেনেকে আহিন আহিল বুলি
শেৱালিৰ পাহি সৰে
নিয়ৰৰ স্নিগ্ধ পৰশত ।

সুৰঞ্জনা
হে মোৰ অনুভৱৰ সখী
অভিমানতেই তোমাৰ চকুলো সৰে,
কিয়নো,
তুমিতো নাজানা
তোমালৈ লিখা মোৰ প্ৰেমৰ প্ৰথম চিঠিখন
আৰু প্ৰতিখন চিঠিয়েই
মোৰ শেষ চিঠি,

যেনেকৈ মই ভাবো
মোৰ জীৱনৰ প্ৰতিটো বসন্তই
মোৰ বাবে
মোৰ অন্তিম বসন্ত,

অথচ,
কি আশ্চৰ্য্য !
বসন্ত আকৌ আহে
বাৰে বাৰে ।


No comments:

Post a Comment