তুমি য'তেই নাথাকা
নিয়ত তুমি মোৰ চকুৰ মণিত ।
মনোৰমা,
হে মোৰ অনুভৱৰ সখী,
প্ৰস্ফুটিত ফুলৰ পাহিত
মই দেখো
তোমৰেই অনাবিল হাঁহিভৰা মুখ,
কি জানি
তুমি হাঁহিলেই ফুল ফুলে
সুবাসিত হয় বতাহ, আৰু
জৰ্জৰিত হয় মোৰ হৃদয় ।
তুমি য'তেই নাথাকা
নিয়ত তুমি মোৰ চকুৰ মণিত ।
মনোৰমা,
হে মোৰ অনুভৱৰ সখী,
প্ৰভাতৰ অদেখা পখীৰ
বিচিত্ৰ কল-কাকলিত
মই শুনিবলৈ পাওঁ
তোমাৰ উচ্ছসিত প্ৰাণৰ গুঞ্জন,
তোমাৰ হৃদয় যেতিয়া মুখৰিত হয়
অনুচ্চৰিত অজস্ৰ কথাৰে ,
তেতিয়া
আনন্দত উৰুলীকৃত পখীবোৰে
গছৰ ডালে ডালে নাচে আৰু গীত গায়
সেই গীতৰ
কি অমৃতময় প্ৰতিধ্বনি
মোৰ হৃদয়ৰ গহনত
তুমি য'তেই নাথাকা
নিয়ত তুমি মোৰ চকুৰ মণিত
মনোৰমা ,
মোৰ অনুভৱৰ সখী
হে মোৰ প্ৰাণৰ আকাশ,
ঊষাৰ হেঙুলী আভাত
মই দেখিছো - তোমাৰ মুখখনি
মোৰ কথা ভাবিলেই
যেতিয়া তোমাৰ লাজ লাজ লাগে
তেতিয়া আৰক্ত হৈ উঠে
দিগবলয়,
আৰু মোৰ হৃদয় ভৰি উঠে
অনিৰ্ব্বচনীয় আনন্দত , নতুন আশাত ।
তুমি য'তেই নাথাকা
নিয়ত তুমি মোৰ চকুৰ মণিত
মনোৰমা ,
হে মোৰ অনুভৱৰ সখী,
ধুমুহাই যেতিয়া আঘাত কৰেহি
মোৰ পঁজাৰ উৰুখা চালত
আৰু চাকিটি নুমাই দিয়ে,
সেই অন্ধকাৰতো
মোৰ হাতৰ ফেনিল গিলাচত
মই তোমাক দেখা পাওঁ ।
তোমাৰ অভিমানতেই
কিজানিবা ধুমুহা আহে
মেঘৰ গাজনি হয়,
আৰু মোৰ হৃদয় কঁপি উঠে
অজান আশংকাত
তেতিয়া হাতৰ গিলাছটোত
মই চুমা দিওঁ
ওঁঠৰ মাজত তুলি লওঁ
মই কওঁ ঃ
'সাদৰী মোৰ
হে মোৰ অনুভৱৰ সখী
তুমি বিজুলী হোৱা, কেৱল
বিজুলী হোৱা
আৰু
দগ্ধ কৰা মোৰ হৃদয় ।'
মনোৰমা,
হে মোৰ অনুভৱৰ সখী
তুমি য'তেই নাথাকা
নিয়ত তুমি মোৰ চকুৰ মণিত ।
নিয়ত তুমি মোৰ চকুৰ মণিত ।
মনোৰমা,
হে মোৰ অনুভৱৰ সখী,
প্ৰস্ফুটিত ফুলৰ পাহিত
মই দেখো
তোমৰেই অনাবিল হাঁহিভৰা মুখ,
কি জানি
তুমি হাঁহিলেই ফুল ফুলে
সুবাসিত হয় বতাহ, আৰু
জৰ্জৰিত হয় মোৰ হৃদয় ।
তুমি য'তেই নাথাকা
নিয়ত তুমি মোৰ চকুৰ মণিত ।
মনোৰমা,
হে মোৰ অনুভৱৰ সখী,
প্ৰভাতৰ অদেখা পখীৰ
বিচিত্ৰ কল-কাকলিত
মই শুনিবলৈ পাওঁ
তোমাৰ উচ্ছসিত প্ৰাণৰ গুঞ্জন,
তোমাৰ হৃদয় যেতিয়া মুখৰিত হয়
অনুচ্চৰিত অজস্ৰ কথাৰে ,
তেতিয়া
আনন্দত উৰুলীকৃত পখীবোৰে
গছৰ ডালে ডালে নাচে আৰু গীত গায়
সেই গীতৰ
কি অমৃতময় প্ৰতিধ্বনি
মোৰ হৃদয়ৰ গহনত
তুমি য'তেই নাথাকা
নিয়ত তুমি মোৰ চকুৰ মণিত
মনোৰমা ,
মোৰ অনুভৱৰ সখী
হে মোৰ প্ৰাণৰ আকাশ,
ঊষাৰ হেঙুলী আভাত
মই দেখিছো - তোমাৰ মুখখনি
মোৰ কথা ভাবিলেই
যেতিয়া তোমাৰ লাজ লাজ লাগে
তেতিয়া আৰক্ত হৈ উঠে
দিগবলয়,
আৰু মোৰ হৃদয় ভৰি উঠে
অনিৰ্ব্বচনীয় আনন্দত , নতুন আশাত ।
তুমি য'তেই নাথাকা
নিয়ত তুমি মোৰ চকুৰ মণিত
মনোৰমা ,
হে মোৰ অনুভৱৰ সখী,
ধুমুহাই যেতিয়া আঘাত কৰেহি
মোৰ পঁজাৰ উৰুখা চালত
আৰু চাকিটি নুমাই দিয়ে,
সেই অন্ধকাৰতো
মোৰ হাতৰ ফেনিল গিলাচত
মই তোমাক দেখা পাওঁ ।
তোমাৰ অভিমানতেই
কিজানিবা ধুমুহা আহে
মেঘৰ গাজনি হয়,
আৰু মোৰ হৃদয় কঁপি উঠে
অজান আশংকাত
তেতিয়া হাতৰ গিলাছটোত
মই চুমা দিওঁ
ওঁঠৰ মাজত তুলি লওঁ
মই কওঁ ঃ
'সাদৰী মোৰ
হে মোৰ অনুভৱৰ সখী
তুমি বিজুলী হোৱা, কেৱল
বিজুলী হোৱা
আৰু
দগ্ধ কৰা মোৰ হৃদয় ।'
মনোৰমা,
হে মোৰ অনুভৱৰ সখী
তুমি য'তেই নাথাকা
নিয়ত তুমি মোৰ চকুৰ মণিত ।
No comments:
Post a Comment