Tomar kabitar pratito barnoi - Poems of Ram Gogoi - তোমাৰ কবিতাৰ প্ৰতিটো বৰ্ণই

তোমাৰ কবিতাৰ প্ৰতিটো বৰ্ণই 
মোৰ বাবে এটি এটি মুকুতাৰ মণি 
মই যদি জানিলোহেঁতেন 
কেনেকৈ তোমাৰ আঙুলিৰ 
লিহিৰি লিহিৰি মায়াত 
বন্দী হ'ল তোমাৰ প্ৰাণৰ কঁপনি 

ভৰ বাৰিষাৰ (আহাৰৰ প্ৰথম দিনত )
বৰষুণৰ টোপালবোৰৰ দৰে নামি অহা 
তোমাৰ কবিতাৰ প্ৰতিটো শব্দই 
মোক আঘাত কৰে
মোৰ উদং দেহত, মোৰ হৃদয়ত
সেই আঘাতত
মতলীয়া হয় মোৰ মন

বৰষুণৰ সেই টোপালবোৰ
মই তুলি লওঁ বাৰে বাৰে
মোৰ ওঁঠৰ মাজত 
কিমান গভীৰ বেথাৰে 
তুমি যদি জানিলাহেঁতেন
তেতিয়া 
কেনেকৈ উথলি উথলি উঠে 
মোৰ শুন্য হৃদয় 
তোমাৰ প্ৰতিটো কবিতা 
নীলিম সমুদ্ৰ 
যাৰ জোৱাৰৰ ঢৌৱে চুই যায়
মোৰ হৃদয়ৰ ৰিক্ত উপকুল
মই হেৰাই যাওঁ
নিজেই নজনাকৈ

জোৱাৰৰ অন্ত হ'লে
হয়তোবা পৰি ৰম মই
শুকান বালিৰ চটত
তোওমাৰ কবিতা 
তোমাৰ কবিতাৰ প্ৰতিটো শব্দ  
প্ৰতিটো বৰ্ণ 
বুকত সাৱটি লৈ
কোনেও নজনাকৈ

তুমিও নজনাকৈ



No comments:

Post a Comment