Paharar bukut mukh Lukuai - Poems of Ram Gogoi - পাহাৰৰ বুকুত মুখ লুকুৱাই - ৰাম গগৈৰ কবিতা

পাহাৰৰ বুকুত মুখ লুকুৱাই
শুই থকা
বতাহ জাক
কেতিয়া যে সাৰ পালে,
গছৰ আগৰ কুহিপাতবোৰে
কাৰ সপোন দেখিলে,
কিজানিবা বসন্ত আকৌ আহিল ।

বসন্ত আহিছে বুলি
বন বিথিকাত
ফুলিছে অনেক ফুল
অপৰূপ বৰ্ণ সুষমাৰে,
কি ফুলেৰে বাৰু গাঠি দিম
তোমালৈ মোৰ
প্ৰতিশ্ৰুতিৰ মালাধাৰি;
মোৰ জীৱনৰ মহত্তম উপহাৰ,
যাৰ তুলনা
কেৱল সূৰ্যৰ পোহৰৰ স'তে
উত্তাপৰ স'তে, অথবা
অথবা তুলনাবিহীন ।

মোৰ জীৱনৰ কুৰি বছৰৰ
সেই বসন্ত-ঋতু
কিজানিবা আকৌ আহিল ।
মইতো নাজানো
মই নাজানিলো
দক্ষিণাৱৰীৰ ব হৈ তুমি
কেতিয়ানো মোৰ হৃদয়ত
আৱেগৰ কঁপনি তুলিলা

কিজানিবা বসন্ত আকৌ আহিল ।

No comments:

Post a Comment