Aji bohudin hol - Poems of Ram Gogoi - আজি বহুদিন হ'ল - ৰাম গগৈৰ কবিতা

আজি বহুদিন হ'ল
গীত গোৱা চৰাই এজনী
মোৰ বুকুৰ মাজত
বাঁহ বান্ধি আছে

মোৰ বুকুৰ মাজত
তাই গুণগুণাই গীত গায়
তাইৰ গীত শুনি
মই কবিতা লিখোঁ,
তাইৰ গীত শুনি
মই টোপনি যাওঁ

মই সাৰপোৱাৰ পাছতো
আকৌ -
তাইৰ গীতকে শুনো
তাইৰ গীতত কেতিয়াবা
মোৰ মন হৰষিত হয়
কেতিয়াবা
মোৰ হৃদয় উথলি উঠে
বিষাদত
যেন নদীৰ বুকুত ভাঁহি যোৱা
এটি মৃতকল্প জোন
মোৰ প্ৰতিটো নিৰল মুহূৰ্তত
সেই গীত গোৱা চৰাইজনী
মোৰ বুকুৰ মাজত

No comments:

Post a Comment