Ful chingo buli - Poems of Ram Gogoi - ফুল ছিঙো বুলি - ৰাম গগৈৰ কবিতা

ফুল ছিঙো বুলি মেলি দিলো হাত
চকুপানী টুকি
তুমি ক'লা ঃ
'হাতো নেমেলিবা ফুলো নিছিঙিবা
কৰে নাৱৰীয়া তুমি,
মেলি দিয়া নাও
অহাৰ বাটেৰে
আকৌ উভতি যোৱা ।'

তোমাৰ প্ৰেমৰ পদূলিত ৰৈ
ভাবিছিলোঁ
দুহাতেৰে তুলি ল'ম একাজলি ধূলি ;
চকুপানী মুছি
তুমি ক'লা ঃ
কি হ'ব দুহাত মলিন কৰি
যৌৱনৰ বিয়লি বেলাত,
হে পান্থ,
এন্ধাৰ আহিছে নামি ;
এতিয়া সময় হ'ল সান্ধ্য - আৰতিৰ ।'

তোমাৰ হৃদয়ৰ দুৱাৰডলিত ৰৈ
মই ক'লো ঃ
'মই পথভ্ৰান্ত, ক্লান্ত নাৱিক,
তোমাৰ আশ্ৰয় দিয়া,
দিয়া  মোক দুহাতত কাজলি ভৰাই
তোমাৰ বেদনাৰ চকুপানী ।'

No comments:

Post a Comment