সখীৰ প্ৰতি
১
প্ৰাণসখী ! দুখীয়াক জনমলৈ এৰিলা ?
অত স্নেহ, অত মায়া সকলো পাহৰিলা ?
সৌ চোৱা আকাশত ক'লা ক'লা ডাৱৰত
চমকি চমকি বিজুলীয়ে উমলিছে,
গোৰ গোৰ কৰি মেঘে গাজনি মাৰিছে ।
ডাৱৰৰ দেখি ভাৱ, ম'ৰাই উথালি গাৱ,
ছালি ধৰি ঠেও ধৰি নাচোন ধৰিছে,
তোমাৰ বিৰহে সখী হৃদয় দহিছে !
২
আকৌ চোৱাঁ পানীপিয়া "পিউ" "পিউ" মাতেৰে,
জুৰাইছে প্ৰাণ পানী পি হাবিয়াহেৰে ।
বুকুৰ বান্ধ ! কিন্তু মোৰ সন্নিপাতে মহাঘোৰ,
শুকাই শুকাই হিয়া কৰ্কৰীয়া কৰিলে,
প্ৰাণপখী মৰি যাব স্নেহ-পানী নিদিলে !
৩
ডাউক-ডাউকী শুনা "কোৱা" "কোৱা" মাতেৰে,
সুখ-সৰোবৰত আলাপে আলাপে মন ৰঙেৰে;
কদমৰ ডালত পৰি কপৌ-কপৌয়নীযুৰি
"কুৰু" "কুৰু" কৰি হৰিষেৰে গীত গাইছে ।
দুৰ্ভগীয়া মাত্ৰ হায় বুকু গেলিছে !
৪
চেনেহৰ গীত শুনা সৌৱা নৈয়ে গাইছে,
কুলু কুলু কৰি চোৱাঁ কেনে লৰ ধৰিছে ।
সখীৰ লগত গৈ কেনেকৈ মিল হৈ
একে জীৱ, একে দেহা, আন মন নকৰি,
বৈ যায় মন সুখে সকলোকে পাহৰি ।
৫
পানীৰ বুকুত বুদবুদবোৰ খেলিছে;
অলপ উমলি দেখা আকৌ বুৰ মাৰিছে ।
সৌফালে কৰা মন চিকুণচাম নাওখন
দুই পাখি ফান্দ মেলি কেনেকৈ সাঁতুৰিছে,
মান যায় মোৰো, কিন্তু বিধিয়ে বিড়ম্বিছে ।
৬
এৰাঁ ৰোহ, আহাঁ সখী ! একেলগে ৰঙেৰে
ৰূপোৱালী নৈৰ বালিত ফুৰোঁ ঠগেৰে,
দৌল সাজোঁ, নাদ খনো, শিলগুটি গোটাই আনো,
বালিঘোঁৰা, বালিমাহী খেদি খেদি লৱৰোঁ ;
গালি পাৰি প্ৰতিধ্বনিক ডিঙি মেলি শিয়াঁৰোঁ ।
৭
আহাঁ হে'ৰা প্ৰাণসখী ! নৈত নামি নাদোৰোঁ
বুৰ মাৰি পানীৰ তলত, পাৰোঁমানে ভাগৰোঁ ।
চিলনি-সাঁতোৰ দিওঁ, সোঁতে সোঁতে উটি যাওঁ
পানীত টুকুৰিয়াওঁ আঙুলিৰ আগেৰে,
বুৰবউৰনি কাঢ়োঁ পানীৰ তলত নাকেৰে ।
৮
কুলিৰে শিয়াৰোঁ আহাঁ ফুলনিত সোমাই
গোলাপক পেলাওঁ লাজ ওৰণি গুচাই
সেউতিক দিওঁ বিয়া ৰাঙলেৰে সইতে
শাৰী পাতি মালতীক বহুৱাওঁ তহিতে
বকুল গোটাই আনি নিয়ৰৰ সিঁচি পানী
নোৱাওঁ উৰুলি দি জাত-লগা নামেৰে,
গান্ধবিৰিণাৰ পাত বজাওঁ আনন্দেৰে ।
৯
ঘৰ-বাৰী মিছা, কোনো কালে মোক নালাগে
নেচাওঁ পৰক যি ইসব নিতিয়াগে ।
বকুলৰ গুটি খাম, সেউতিৰ বিয়া চাম,
কৰবীৰ মৌ পিম, কেতেকীৰ ধূলি ল'ম
ভোমোৰাৰ গাম গীত, কুলিৰে বন্ধাম মিত,
ভাতফেচুৰ সৈতে ওৰেদিন গাম নাম ।
পদুমপাহিত উঠি নৱকো খেলাম ।
সেইদেখি মোৰে শপত চোৱাঁ মুখ তুলিহে
দুখীয়া সখীক কিয় মাৰা তুমি পুৰিহে ?
বায়েক ঊষা, ভনীয়েক প্ৰতিমা
(ফুলনিত)
১
প্ৰতিমা । "হে'ৰা বাইটী ! কিহে সৌটো ফুটুকাফুটুকী
নাচি নাচি ফুলে ফুলে মাৰিছে ভুমুকি ?
এহে বাৰু অ' ! চুমা চুমি কৰিছে হ'বলা ?
ইমান চেনেহ আও ! চাওগৈ ব'লা ।
২
হয় বাইটী ! বৰ মৰম, বৰ ভাল পায়,
মুখতেই মুখ দি তেনেই পমি যায় !
৩
ইকি ! দেখোন মোৰ যুতিজুপিলৈ
টোৱাই মাৰিছে লৰ হাঁহিমুখ কৈ ?
৪
সৰ্বনাশ ! পৰিল তাত ! চুমাও খালে,
বাইটী ! মোৰ যুতি ফুলত চুমা দিলে ।
৫
যুতি হে'ৰা ! মই আজি চিনিলোঁ তোমাক !
যুতি সখী ! মই আৰু চিনিলোঁ তোমাক !
কেৱলে মোক অতদিন দি আছিলা ফাকি, -
"তোমাকেহে ভাল পাওঁ মৰমৰ সখী !"
৬
ইস্ ! মোকেইহে ভাল পোৱা 'মৰমৰ সখী !'
যতমানে মিছা কথা ! - এনে মিছলিয়া !
অ' - আজলী সখীক পাই ভাল ফাকি দিয়াঁ ।
এতিয়াহে জানিলোঁ তোমাৰ চতুৰালি
আগত নহ'লে জানো কত পাৰা গালি ।
ইঃ -- 'তোমাকেই হে চুমা খাম, জীওঁ যত দিন;
তোমাৰেইহে উমলিম, দুইৰো নাই ভিন ।
৭
আটাইবিলাক ফাকি; আটাইখিনি মুখৰ মহলা,
মই হেন সখীক এৰি ভাল সখী পালা !
ভাগ্যে মই দেখিলোঁ দেখিহে
নাইবা আৰু কত ভুৱা দিলাহেঁতেনহে ।
বাৰু সখী ! বাৰু তোমাৰ চিত
পেটত এতেক কথা, নাজানো কিঞ্চিৎ ।
৮
দেহি ! সুঁৱৰিছোঁ 'নিলাজী' সখীৰ কথা,
মোতেইহে দেহটো, মোলইহে বেথা ।
যেয়ে যাওক ওচৰলৈ কুছিমুছি যায়;
সদায় মনত ভয়, - সখী বেয়া পায় ।
মোৰ হৈ মৰিব পাৰে, ময়ো তেওঁৰ হৈ
কুৰ্চুটীয়া সখী পালোঁ, এনে সখী গৈ ।
বাইটী ! গোসাঁয়ে মোৰ মনৰ দৰে সখী নিমিলায়,
ময় যেনে ভাবোঁ, কেলৈ তেনেকুৱা নাই ?
চকুৰ আগত বাইটী ! নিতৌ দেখি আছাঁ -
দেহ যেন যুতি সখী, কিন্তু সব মিছা ।
১০
এই কথাটোতহে মই লাগোঁ -
মোৰ সখী লোকৰ হ'ল, কেনেকৈ চাই থকোঁ ?
মনত পৰিলে গাটো ৰম্ৰমাই যায়,
পুৰণি চেনেহৰ কথা কৈও অন্ত নাই ।
যেতিয়া ৰান্ধনি-বেলি তেজগোৰা হৈ,
মাকৰ গুৰিলৈ যাব 'ভোক' 'ভোক' কৈ ।
আহো মই সেঁওতা ফালি
বতাহেও ডালি ডালি
কৰি মোৰ মুৰৰ চুলি উৰুৱাই দিব,
সখীয়ে দুৰত দেখি ৰঙত হাঁহিব ।
১১
দিনটোৰ যতেক কথা নামৰ সুৰেৰে
বিনাই বিনাই সখীক কম হৰিষেৰে
কানিমুনি হোৱা দেখি,
আঁকোৱালি ধৰে সখী,
ৰাতিটোলৈ লগাম মাত বেজাৰ মনেৰে
তেনে সখী এনে হ'ল কোনটো চিতেৰে ?
১২
কাউৰীয়ে কা কৰিব গছৰ ডালত ৰৈ,
ফুল-কটা লোটাৰে এলোটা পানী লৈ;
ময়ো ধুম মুখ, বাইটী সখীকো ধুৱাম,
ৰাতিটো আঁতৰিছিলোঁ বুলি চুমা খাম ।
তেৱো খাবো চুমা, মোত হেঁপাহ আছিলে,
দেহি ঐ ! এতিয়া দুষ্টে সখীক ভুলালে ।
১৩
হে'ৰা কপটীয়া সখী !
কাণসাৰি মাৰি থাকিলেনে কিটো হ'ব ?
তেনেকৈ ৰ'লে জনো গাৰ দায় যাব ?
তুমি মোৰ কথাৰচোন সমিধান দিয়া,
আইহে - কিহৰনো ইমন গপ ? গাত ঘাটি লোৱাঁ ।
[১৮১১, শাওণ, কলিকতা ]
মইনা
১
মইনা মইনা বুলি কতনো মাতিম মই,
কতনো বিনাই আৰু কাকুতি কৰিম ঐ
নাইনে মইনা মোৰ য় নাই নেকি মনচোৰ য়
নাই নে, নাই নে মোৰ মইনা মউৰ ?
নাই নে জগতে মোৰ চেনেহ-চকোৰ ?
২
কিমান ঢাকুৰি হিয়া বিচাৰোঁ পখিটী মোৰ,
কিমান চিন্তাই বুকু চিতচিত কৈল মোৰ,
বিয়াকুল, বিয়াকুল নাই তাৰ কুলাকুল
তথাপি বাতৰি নাই মইনা পখীৰ
তথাপি বাতৰি নাই চকুৰ মণিৰ !
৩
সঁচাকৈ সঁচাকৈ যদি পৃথিৱীত এই
নাই পখী যাক মাতোঁ মইনা মইনা কৈ
কিয় সঁজা সোণোৱালী, মৰম গাখীৰ ঢালি
চেনেহ-চাউলে সৈতে হেঁপাহ-বাটিত
দিলে মোৰ হৃদয়ত কৰিনো থাপিত ?
৪
কিয়নো কিয়নো কাণ পাত, আকলুৱা অতি ?
কিয় দিলে মুখ মোৰ চুমাৰ বলিয়া পাতি ?
বুকুত মইনা-ৰোগ কিয় দিলে মোক ?
নহ'লে মইনা, মই নাপাওঁ কিয় তোক ?
৫
এয়ে নে চিকুণি মোৰ ললাটত লিখা হ'ল ?
মইনা মইনা কৰি মৰিবলগীয়া হ'ল ।
আছে যদি সঁচাকৈয়ে, তই যদি হৱ তয়ে,
দে দেখা, দে ধৰা, কতনো জীয়াতু সম ?
কত চট্ফট্ কৰি জীৱনৰ ভাৰ বম ?
৬
কান্দোতে কান্দোতে মোৰ চকু হেৰ' উখহিল,
মাতোঁতে মাতোঁতে মাতো ভাগি নইকিয়া হ'ল ।
ভাবোঁতে ভাবোঁতে সোণ, শুকালোঁ খেৰসনি যেন,
তথাপি এখুদো তোৰ নেলাগে মৰম ।
মোক পুৰি মৰটোৱে তোৰ নে ধৰম ।
৭
মধুৰ মইনা নাম নাজানো কোনেনো দিলে,
শিলৰ বুকুত কোনে প্ৰেম-লৱণু সানিলে ?
নিমিলিল নাও-গাও নালাগিল আওভাও,
নতু মইনাৰ হিয়া মইনাত নাই,
কেনেকৈ এনে কথা হ'ব পাৰে হায় ?
৮
নাই দেখা, নাই শুনা, কোনেনো মইনা তই;
ক'লৈ গ'লে কি কৰিলে তোক হে'ৰ পাম মই ?
নেজানো কি বস্তু তই, একো উৱদিহ নাই,
মাত্ৰ তোক লাগে মোক ভাৱৰ প্ৰতিমা,
মণি নাই, আছে শুদা চেনেহৰ টেমা ।
৯
কেতিয়াও আলৈ-আথানি নকৰোঁ মইনা তোক
মৰম-নৈত নিতে বুৰাই ৰাখিম তোক
মৰম-অমৃত ঢালি, মৰম ৰহৰ-থালি,
মৰম-জুইত পাগি মৰমৰ হাতে,
আনি দিম তোক সোণ ! মৰমৰ মাতে ।
১০
মৰম মৰম গীত ৰাতি-দিনে মই গাম
চিকুন চেনেহ-চুমা নিতে ন ন খাম
প্ৰেমৰ শীতল পানী প্ৰেম-কলহত আনি
পৰম যতনে সিঁচি আদৰিম তোক,
দেখা দে মইনা হে'ৰ ! বধ নকৰিবি মোক ।
[১৮১২, কাতি, কলিকতা ]
তোমাকহে ভালপাওঁ মৰমৰ সখী
১
তোমাকেহে ভাল পাওঁ, তোমৰেহে মুখ চাওঁ
তোমাকেহে দিনে-ৰাতি ফুৰোঁ মই দেখি
তোমাকেহে ভাল পাওঁ মৰমৰ সখী ।
২
একেথিৰে একেমনে একেভাবে একেথানে
থাকো কেতিয়াবা হৈ কাঠৰ পুতলা,
নোহে আন একো, মাত্ৰ জপোঁ তুমি-মালা ।
৩
কেতিয়াবা গুণ গুণ কৰি গীত সকৰুণ,
হিয়াৰ হিল্লোল এটি কৰোঁ যে বেকত,
থাকা সখী তুমি মাত্ৰ সেইটি গীতত ।
৪
হেৰাল হেৰাল কিবা বুলি ফুৰোঁ ৰাত্ৰি -দিবা
নেপাই নিৰাশ হৈ হুমুনিয়া কাঢ়োঁ
তুমিহে হেৰোৱা ধন, তোমাকেহে স্মৰোঁ ।
৫
নিমাত দুপুৰ ৰাতি একেথিৰে তৰা এটি
চাই টোপ্ টোপ্ পানী পৰে যে চকুৰ
তোমাৰেহে ভাবে হিয়া কৰে মষিমুৰ ।
৬
"কেতেকী" "কেতেকী" কৰি উৰি যায় পখীযুৰি
কত প্ৰেমিকাৰ মন যায় তাৰ লগে,
মোৰ মন তোমাত বিনে তাততো নালাগে
৭
নিৰ্জন নদীৰ কান এজনে গাইছে গান
বতাহে আনিছে তাৰ ৰিণি ৰিণি সুৰ -
জানা সখী, তাত মোৰ আশা নোহে পুৰ ।
৮
ফুল ফুল কৰি কত হইছে কবি উন্মত
কিন্তু মোৰ পক্ষে ফুল নিফুল সমান,
তুমি-ফুল বিনে মোৰ ফুল নাই আন ।
৯
বসন্তৰ যত কুলি পঞ্চমত সুৰ তুলি
গায় গীত, তালৈ সখি কোনে কৰে কাণ ?
তোমাৰ হাতত মাত্ৰ আছে মোৰ প্ৰাণ ।
১০
বিলত ভেটৰ পাহি জোন দেখি মাৰে হাঁহি,
সেই হাঁহি চাই আৰু কত লোকে হাঁহে
তোমাৰ হাঁহিৰ বাজে মোৰ হাঁহি নাহে ।
১১
হৃদয়ে হৃদয়ে স্নেহ নাই যদি নাই শেহ,
সকলোৱে চেনেহৰ নদীত সাঁতোৰে,
নেপালে তোমাৰ স্নেহ মোৰ হিয়াখনে ।
১২
তোমাৰ সুখত সুখ তোমাৰ দুখত দুখ
ইজীৱন মোৰ সখী জীৱনে তোমাৰ,
তোমাৰেহে মই সখী তোমাৰ-তোমাৰ ।
১৩
তোমাৰ মৰম-নাও উঠি হে'ৰা উটি যাওঁ,
তুমি বোজা ভালপোৱা পৱিত্ৰ প্ৰণয়,
বুৰুৱা ব নুবুৰুৱা যেনে ইচ্ছা হয় ।
১৪
চেনেহ-ডোলেৰে অটা, নাৱৰ পিৰিৰে জোটা
বুৰিলেও নাৱে সৈতে এৰা এৰি নাই,
এনে বুৰা সুখে ভৰা ভাগ্যবন্ত পায় ।
১৫
অবিশ্বাস নকৰিবা, ধুৰুপ তুমি জানিবা
তোমাকেহে দিনে-ৰাতি ফুৰোঁ মই দেখি,
তোমাকেহে ভাল পাওঁ মৰমৰ সখী ।
১৮১২ শক, কাতি
২ নং ভৱানী চৰণ লেন, কলিকতা
চুমা
কপৌ-কপৌৱনী চুমাত বলিয়া
হৰিণা-হৰিণী আৰু,
ভাটৌ-ভাটৌৱনী চুমাচুমি চোৱাঁ,
খাইছে প্ৰেমৰ লাৰু ।
ফুলে ফুলে চুমি ফুল মতলীয়া,
ভোমোৰা চুমাত পমা,
সবে চুমাময়, হেঁৰা তেন্তে মই
কিয়নো নেখাম চুমা ?
২
বতাহে বতাহে চুমাৰ বাতৰি,
পানীয়ে পানীয়ে চুমা,
আকাশ-পাতাল চুমাৰ ভঁৰাল
সেউতী চুমাত ঘমা ।
চুমাৰ ৰাগীত গোকুল-গোপিনী
থৰক-বৰক জীৱ,
চুমা খাই খাই কাৰো তত নাই,
মইবা নেখাম কিয় ?
৩
সেই দেখি লেখি লেখি এশ চুমা দিয়াঁ,
অন্তত এ প্ৰাণ মোৰ বুজিবাজি লোৱাঁ ।
[১৮১২, আঘোণ, কলিকতা ]
প্ৰিয়তমা
প্ৰশ্ন ঃ জনমৰে পৰা শুনি আহি আছোঁ
মুকুতামালাৰ কথা,
ক'ত পোৱা যায়, কেনেকুৱা বস্তু,
কিন্তু নাই পোৱা দেখা ।
উত্তৰ ঃ "প্ৰিয়ে ! শুনি যোৱাঁ" বুলি দিলোঁ মাত,
মাৰি হাঁহি মিচিকিয়া,
হাঁহিয়ে হঁহাই উদঙালে দাঁত
ক'লোঁ আঙুলিৰে, "চোৱা" ।
প্ৰশ্ন ঃ আৰু আছোঁ শুনি কিন্তু নাই দেখা,
ৰঙা গোলাপৰ মণি,
উত্তৰ ঃ আকৌ দেখুৱালোঁ প্ৰিয়তমা-ওঁঠ
হেঙুলী পোৱাল-মণি ।
প্ৰশ্ন ঃ কাঁইট নথকা ৰূপহ গোলাপ
বোলে পৃথিৱীত নাই,
উত্তৰ ঃ একোকে নামাতি প্ৰিয়াৰ দুগাল
থকিব ধৰিলোঁ চাই ।
প্ৰশ্ন ঃ ক'ত আছে এনে অপূৰ্ব পদুম
ৰাতি-দিনে থাকে ফুলি?
উত্তৰ ঃ চকুৰ দি ঠাৰ দেখালোঁ প্ৰিয়াক,
মুখেৰে একো নুবুলি ।
প্ৰশ্ন ঃ প্ৰেমৰ পুতুলা চেনেহ-প্ৰতিমা
কোন খনিকৰে কৰে ?
উত্তৰ ঃ যেয়েবা কৰক সেইটি প্ৰতিমা
এই চোৱা মোৰ ঘৰে ।
প্ৰিয়তমাৰ সৌন্দৰ্য
কেলৈ লাগিছে সেন্দুৰীয়া গাল
ফৰিং-প্ৰেমিকৰ জুই?
কোৱাভাতুৰীয়া ওঁঠৰ তলত
ফেটীসাপ থাকে শুই ।
কিয়বা লাগিছে তিৰবিৰ চকু
যেনে সৰগৰ তৰা,
ওখ বুকু কিয় লৱণুকোমল
মদন পিছলি পৰা ?
কি কাম দীঘল মেঘবৰণীয়া
সাগৰৰ ঢউ চুলি?
প্ৰেম-পগলাৰ হৃদয় তৰণী
বুৰি পায়গৈ তলি !
মৃণাল দুবাহু কি কাম সাধিব ?
মত্ত প্ৰণয়ীৰ দোল,
মিহি মউমাত, বিয়াধৰ পেঁপা
ৰখে কৰি মাথোঁ ভোল ।
সুগোল সুঠাম সুবলিত চাৰু
বাহু, জংঘা, উৰু, কৰ,
সকলো বিলাক চোকা চোকা অস্ত্ৰ
শনাইত সুতীক্ষ্ণ শৰ ।
নেলাগে সুন্দৰী মন-প্ৰাণহাৰী,
দিয়াঁ মোক এনে হিয়া,
যি হিয়াত মজি মোৰ এই প্ৰাণ
হৈ যায় নাইকিয়া ।
দিয়া এনে প্ৰেম যি প্ৰেমে বেলেগ
অস্তিত্ব বিলোপ কৰে,
প্ৰণয়-মদিৰা দিয়াঁ এনে মোক,
চিৰকাল ৰাগী নেৰে ।
এনে চুমা লাগে যি চুমাই দুখন
নিভাঁজ হিয়াক জোৰে,
চকু যেন দুই মুকলি দুৱাৰ,
প্ৰেমৰ ভঁৰাল-ঘৰে ।
কথা নহয় প্ৰেম মুৰুলীৰ মাত,
কপটতা আৰু নাই,
মৰমে মৰমে মৰম নিগড়ে
বান্ধোন বোলে মিছাই ।
নিদিবাঁ, নিদিবাঁ সুন্দৰ প্ৰতিমা
মাত্ৰ সৌন্দৰ্যৰ খনি,
গোলপুৱা হাঁহি মুখত নধৰা,
অন্তৰত কালফণী ।
কোমল অন্তৰ, প্ৰেমময় মন,
কোমল জুৰ হৃদয়,
দিয়াঁ যত দিনে- ৰাতি মোৰ মন
অচল অটল ৰয় ।
[ ১৮১৩, কলিকতা ]
ভ্ৰম
কোনে ক'লে সেয়া বাঁহী বাজে বুলি ?
বনদেৱী গীত গায় ;
শেৱালিৰ মালা নহয় এইধাৰ
তৰাৰে গুথিছে হায় !
নহয় ফুলনি কুঁৱৰীসকল;
দঢ়াই দঢ়াই কওঁ;
গোলাপ নহয় প্ৰিয়াৰ নয়ন,
দেখি থিৰ হৈ ৰওঁ
কোনে কয় সেইটি হৰিণা পোৱালি?
ইমান চেতনা নাই !
বনৰ সৌন্দৰ্য্যই ৰূপ ধৰি আহি
দেও দি দুবৰি খায় ।
নহয় পুখুৰী, প্ৰেমিকৰ হিয়া
পানী নহয়, প্ৰেমৰস;
নৈ নহয়, ঠিক প্ৰেমৰ প্ৰৱাহ,
বিচাৰি প্ৰেম বিবশ ।
বীণৰ আত্মাটি উৰি গুণ গায়,
কোনেনো ভোমোৰা বোলে?
খোপাৰ ফুলটি উৰিয়েই প্ৰিয়াৰ,
পখিলাৰ নাম পালে ।
কৃষ্ণপক্ষী বোলে নিকুঞ্জবনত
'কৃষ্ণ কৃষ্ণ' ডাক দিছে ?
পখী নহয়, জানা ব্ৰজৰ কান্দোন
প্ৰতিধ্বনি ৰুপে আছে ।
মলয়া নহয়, বিৰহীসৱৰ
গোট খোৱা হুমুনিয়া,
প্ৰিয়তমাৰ গাল ওফন্দি পৰিছে,
সেয়েহে জানা সন্ধিয়া ।
[ ১৮১৩ কলিকতা ]
প্ৰবসুৱাৰ চিঠি
প্ৰিয়াহে !তোমাৰ কঠিন চিত,
চাওঁতে চাওঁতে তিনি নিশা গ'ল,
চিঠিৰে কৈলা বঞ্চিত ।
ত্ৰয়োদশী ৰাতি চিঠিৰ সময়
উকলি যেতিয়া গ'ল,
বকুল ডালত বেজাৰৰ গীত
পখীটিৰ গোৱা হ'ল ।
গোৰ গোৰ কৰি বিষাদে ডাৱৰে
ওন্দোলাই নিলে মন,
এন্ধাৰে এন্ধাৰে শোৱাপাটী পাই
শোকত হলোঁ মগন ।
এযুগ দীঘল দুৰন্ত নিশাটো
লোৱেৰে খেদালো খপি,
পুৱেৰুণ দেখি শোক-শয্যা এইলোঁ
আজি চিঠি পাম জপি ।
চতুৰ্দশী ৰাতি চিঠি পোৱা কাল
ওচৰা উচৰি পালে,
আশা ৰং ভয় আৰু যত ভাব
সোপাই জুমুৰি দিলে ।
বুকু ধপ্ ধপ্ মনত অশান্তি
কি কৰোঁ, কলৈ যাওঁ?
খন্তেকে খন্তেকে কুৰি বাৰ আহি
পদূলিমূৰলৈ চাওঁ !
নিৰাশ ! নিৰাশ ! চিঠি অনা কাল
শুদাই আহিল গ'ল,
অশোকজুপিত অ অশোকৰ থুপি
আগৰ দৰেই ৰ'ল ।
জুৰ বায়ু জুৰ বলে একেদৰে
জোনাকী একে পোহৰে,
আমৰ আগত কুলিৰ ৰাগিণী
লৰচৰ ক'তা কৰে ?
আগৰ দৰেই জিলীয়ে মাতিলে
দুৰ্বাত মুকুতা জ্বলে,
আগৰ দৰেই পৰঘুমা পখী
প্ৰেমৰ কথাটি ক'লে ।
কিন্তু ওখ আশা - পৰ্বতৰ টিং
যি আছিল মোৰ ঠাই,
নিৰাশ সাগৰে পৰি একেবাৰে
সমূলি গ'লোঁ লুকাই ।
সি নিশাৰ মোৰ সকলো অৱস্থা
অভেদ্য আন্ধাৰে ঢকা,
স্মৃতি লেখনীৰ এধা মচা এটি
ৰেখ আছে চকামকা ।
পূৰ্ণিমাৰ ৰাতি হাঁহি-ভৰা মুখ,
হাঁহি-ভৰা ভেটপাহি,
নৈ বৈ যায় কুল্ কুল্ কুল্
সুদূৰত বাজে বাঁহী ।
চকোৰ উন্নত পি পি চন্দ্ৰামৃত,
আৰু মতলীয়া কবি,
'প্ৰিয়তমাৰ প্ৰেম চিঠি এই পাম'
ময়ো মতলীয়া ভাবি ।
প্ৰিয়াহে!
ক'লে বুকু ফাটি যায় -
চাওঁতে চাওঁতে সকলো আশাত
আকউ পৰিল ছাই ।
পূৰ্ণিমাৰ ৰাতি আঁউসী আন্ধাৰে
প্ৰভেদ আছেনে কিবা ?
জ্বালামুখী গিৰি আৰু মোৰ হৃদি,
বিভিন বুজাই দিবা ।
[ ১৮১৪ শক ১৮ নং শোভাৰাম বসাকৰ লেন, কলিকতা ]
বাঁহী
ত্ৰিভুবন মাজে যত বস্তু মধুময়
সিসবৰ সাৰ ভাগ কৰি একেঠাই,
পূৰালি উদৰ তোৰ হে বাঁহী অমিয়া
প্ৰেমিকে মাগিছে কণা পূৰ্ণ কৰ হিয়া ।
মুখামৃত সুৱাগৰ, আদৰৰ আঙুলি
বুলাই মাগিছোঁ ভিক্ষা, দে প্ৰাণ খুলি ।
স্বৰ্গৰ অমৃতবাণী পশোক কাণত,
প্ৰকৃতি মুগুধ হওক, দেৱ বিমানত
মৰ্তৰ সন্তাপ আঁতৰক এখন্তক
দিবালোক প্ৰকাশক আতমা জাগক ।
ধৰা মধুময় হক, ক্ষৰোক অমৃত,
উটি যাওক সি সোঁতত মোৰ কাঠচিত ।
চন্দ্ৰ
(গীত)ঝিঝিট-কাৱালি
হাতে ঢুকি পোৱা আছিল জোনাই সমূদ্ৰ মথা কালতহে,
দেৱাসুৰ দন্দ কৰি থাকোঁতেই, উঠে ওখ আকাশতহে ।
ফটিকাৰ টেকেলি লৈ পলাই গ'ল,
ভেবা লাগি দেৱ-দৈত্য চাই ৰ'ল
তেতিয়াৰে পৰা বুঢ়াআঙুলি দেখাই জোনায়ে ফটিকা পিয়েহে ।
সোমৰস এক পখ পান কৰি,
পূৰ্নিমাত পকি-জকি ঢলি পৰি,
এক পখ শুই গা টঙাই লৈ আকৌ তাত লাগি দিয়ে হে ।
চকোৰ বিৰহী, ভেট, কবি খালি
পূৰ্ণচন্দ্ৰ চাই মাৰিছে টপালি,
ফুটুকাৰ ফেন, কেঁচা-কলা মাথোঁ সিহঁতৰ আছে ভাগ্যত হে ।
সাতমপুৰুষীয়া আজোককাতকৈ
বুঢ়া চন্দ্ৰমাৰ টোটোৰা মুখকেই
বলিয়াই ৰিজায় বুলি চন্দ্ৰাননী প্ৰিয়াৰ মুখৰে সৈতে হে ।
চন্দ্ৰকান্ত চন্দ্ৰধৰ নাম থৈ,
হোজা বাপে মোক মাতে আদৰকৈ,
নাজানে হি নাম কাঠ-ফুলা গজা, ভেকুৰা, মামৰে খোৱা হে
জ্যোতিৰ্বিদে কয়, - চন্দ্ৰগ্ৰহ মৰা,
জনপ্ৰাণীহীন গোটেই চন পৰা,
কৃপাবৰে কয়, অতি ফটিকাৰ কৰ্মফল ধৰি লোৱা হে ।।
কুলি
(গীত)
ৰামপ্ৰসাদী সুৰ
আয়ে লুকাই পাৰিলে কণী
কাউৰীৰ বাহত মনে মনে মোৰ আয়ে পাৰিলে কণী ।
ফুটিল কণী জাগোলোঁ মই
কাউৰী মাহী তুলি লয়;
আপোনাৰ পোৱালি ভাবি মুখত দিয়ে টোপকণি ।।
চকু মুদি খাই থাকি
উৰণীয়া পাই পাখি
চেগ বুজি ভুৰুংকৰে উৰি গলোঁ দুৰ বননি ।।
পাছে পাছে খেদে মোৰ
কাউৰী বুলি জুৱাচোৰ
খেদাৰ তাপত প্ৰাণ যায় গান নাই মোৰ তৰণি ।।
কালিদাস, ভৱভূতি
ছেলী, কীট্ছ ল'ৰামতি,
জাকে জাকে কবিৰ খেদাত থাকোঁ মই প্ৰমাদ গণি ।।
গোটেই বছৰ ভয়ত টেপা
লাগি থাকোঁ খাই চেপা
ফাগুন-চ'তত আমৰ ডালত বহি মাতোঁ একণমানি ।।
সৰ্বনাশ কৰিলে কুলি
বুকুৰ বান্ধৈ ক'লৈ গ'লি ?
দায় দিয়ে মোৰ গাত ততালিকে বিৰহিণী
[১৮২১ শক, আঘোণ, ঝাৰ্সোগোড়া]
ধোঁৱাখোৱা
(গীত)
বাগেশ্ৰী-আড়াঠেকা
অনন্ত আকশ মাজে দে ধোঁৱা উৰুৱাই ।
গ'ল ভোক, গ'ল শোক, দে ভাগৰ পলুৱাই ।।
নলী-লগা ধোঁৱাখোৱা,
কৰি দে ঐ কোৱামোৱা,
টেৰোক ভৈৰব নাদে বিশ্বজগত কপোৱাই ।।
সম্বৰ্তক ব'লাহঁক
মেঘবৃন্দ স্তব্ধ হ'ক,
বামুণভোকোলাবোৰে যেন আৰু নোটোৰ্টোৰায় ।।
ধূপ-ধুনা আতৰ হ'ক
ধোঁৱাখোৱা চাপি ৰ'ক
মলাধপাতৰ গোন্ধে যাওক বিশ্ব মলামলাই ।
[১৮৩১, আঘোণ, ঝাৰ্সোগোড়া ]
ক'লা-বগা
(গীত)
ভৈৰৱী-ঝাপতাল
ক'লাই বগাই মিল নাই
কোন নজনাই কয় ?
পদুমৰ পাহিৰ বুকুত
ভোমোৰা কিয়বা গুপুত ?
জোনৰ কোলাত শহা কিয় ৰয় ?
কৃষ্ণৰ কোলাত কিয় ৰাধা ?
সৌদামিনি মেঘত বন্ধা ?
হিমালয়ৰ টিঙত কিয় বগা বৰফ পৰি যায় ?
[১৮৩১ , আঘোণ, ঝাৰ্সোগোড়া ]
আমাৰ জন্মভূমি
হে'ৰা আমাৰ জন্মভূমি !
হে'ৰা আমাৰ জন্মভূমি !
এনে দেশ কতো নোপোৱা হে'ৰা তুমি ।
হে'ৰা আমাৰ জন্মভূমি !
ক'ত আছে এনে চাউল পানীত দিলে ভাত ?
ক'ত এনে কূঁজীথেকেৰা টেঙাই যায় দাঁত ?
ক'ত পাবা পকা-খৰিচা, ক'ত ঢেকিয়া শাক ?
এঠা-দৈ ক'ত এনে নেৰায় ধুলে যাক ।
হে'ৰা আমাৰ জন্মভূমি !
ক'ত এনে ধাননি পথাৰ, তামোল পানৰ বাৰী ?
ভলুকা মকাল আদি আছে বাঁহৰ ধাৰী ।
লুইতৰ দৰে বৰনৈ ক'ত আছে কোৱাঁ ?
ঘুৰি আহা বসুমতী, তথাপি নোপোৱা ।
হে'ৰা আমাৰ জন্মভূমি !
ক'ত এনে মিৰি-নাচ, ক'ত এনে বিহু ?
ক'ত পাবা জগা গাইৰ এনেকুৱা ফেহু ?
হৃষ্টপুষ্ট হাঁহিমুখ মুকলিমুৰীয়া
ল'ৰা-ছোৱালী ক'ত এনে দেখুৱাই দিয়া ?
এনেখিনি দেশ ক'তো নোপোৱা বিচাৰি,
নিশ্চয় মই কওঁ আটাহ পাৰি ।
হে'ৰা আমাৰ জন্মভূমি !
[১৮৩১ , আঘোণ, ঝাৰ্সোগোড়া ]
ছয় ঋতুৰ ডাক
(গীত)জহ-জাৰ বাৰিষাৰে মিলি-জুলি ল'বাঁ
নহ'লে তোমাৰ নাওঁ বুৰিব জানিবা ।।
বসন্তই কুউৱায় সুহুৰি ফুৰ্ফুৰ,
জাৰে সেহায়, কাহ মাৰে কুহুৰ কুহুৰ ।
জহৰ তপত মাত যেনে চেঙা পানী,
বাৰিষায় ঘৰ্ঘৰায়, ৰিং মাৰে টানি ।
জহ-জাৰ, বাৰিষাৰে - ইত্যাদি ।
পানিলগা হেমন্তই হাঁচি ঔ মাতে
আজোৰত চুৰিয়াৰ খোচোনাটো ফাটে ।
বৃন্দা-চন্দ্ৰাৱলী সংবাদ
চন্দ্ৰা ঃ Now look here Brinda বাই,
go tell him go : -
মই ৰাধা নহওঁ, বাঁহী বাই নচুৱাব মোক so !
Let him go to Radha's Bower
here no চালাকি ।
ইমান পাতল নহয় চন্দ্ৰা, ভালৰ জীয়াৰী নহয় কি?
বৃন্দা ঃ হ'ব পাৰা ভালৰ জীয়াৰী, হ'ব পাৰা গধুৰ
But why abuse our Radha?
what is her কচুৰ ?
হাক দিলেও, কলাই বাঁহী বজাবলৈ নেৰে ।
Aweful naughty that boy
ৰাধাক বলিয়া কৰে ।
চন্দ্ৰা ঃ Steel the flute, pay him back in his
own coin;
ফুটাকেইটাত মাটি সুমাই মাৰি দিয়াঁ তাৰ জইন ।
That's the way to put an end to that
nuisance.
যোৱাঁ । বৃন্দ যোৱাঁ লক্ষী । pray have no
nonsence .
[১৮৩১, পুহ, হাওড়া ]
বাঁহী
কোনেনো বজাইছে বাঁহী সন্ধিয়া বেলিকায়
কোনেনো সুৰেৰে মাতে "ৰাধিকা" "ৰাধিকা" ?
গধূলি বতাহ ধীৰে ধীৰে ৰিব্ ৰিব্ বয়,
কোনে "ৰাধা" বুলি মাতে হই তন্ময় ?
নোৱাৰোঁ ঘৰত ৰ'ব তানে বাঁহী মোক,
লাজ-ভয় সকলোতে নেওচা পৰোক ।
কেনি যাম বাট সখী দেখুৱাই দিয়াঁ
উগুলথুগুল মন থিৰ নাই হিয়া ।
মুখখনি চাই আহোঁ
মালাধাৰি পিন্ধাই আহোঁ,
হাঁহিৰে মাধুৰী পি আনন্দত ভাহোঁ ।
[১৮৩১, মাঘ, হাওড়া ]
ডাকৰ টোপোলা
(গীত)আসাভৈৰবী-ঠুঙৰি
কই যোৱাঁ ডাকোৱাল ! খোজ কিয় কোবাল ?
ৰুনুক জুনুক কিনো বাজে ?
তোমাৰ সি টোপোলাত চিঠি নামে অসংখাত
কিনো অদভূত বস্তু বাজে ?
বিদেশত আছে পতি ঘৰত ৰইছে সতী
মৰম বাতৰি কিবা যায় ?
বিৰহত পোৰা নাৰী মাগি প্ৰেম শান্তি-বাৰি
প্ৰণয়ীক প্ৰণয় জনায় ?
পিতৃৰ সন্দেহ বাৰ্তা মাতৃৰ ভাবনা-চিন্তা
বন্ধুৰ সাদৰ-সম্ভাষণ,
হতাশাৰ আশা-বল, আতুৰৰ চকুজল
শোকাৰ্তৰ মধুৰ সান্তন,
প্ৰভুৰ আদেশবাণী ভৃত্যৰ প্ৰাৰ্থনাখিনি
ৰজাৰ অনুজ্ঞা আজ্ঞাৰাশি;
মন-সাগৰৰ নানা গতি, চিন্তা, বিবেচনা
চিঠিৰূপে কি টোপোলাবাসী ?
নহয় টোপোলা সেয়া সংসাৰৰ সৰু কায়া
পৃথিৱীৰ ক্ষুদ্ৰ তাঙৰণ ।
কোৱাঁ ডাকোৱাল কাই ! হয় নে নহয় যায়
টোপোলা ৰুপেৰে নিৰঞ্জন ?
[১৮৩১, মাঘ, হাওড়া]
সত্য কোৱা
(গীত)
ইংৰাজী সুৰ
সত্য কোৱাঁ প্ৰাণনাথ ! কোন তোমাৰ আপোন ?
সত্য কোৱাঁ প্ৰাণধন ! বুকুৰ বান্ধ কোন ?
নিৰাশা মৰম সুখ,
আশা দুখৰ বাহ ।।
আচল কথা ভূ পালে
নেযাওঁ শোকত জাহ ।।
হে'ৰা সোণামণি মোৰ !
নেযাওঁ শোকত জাহ ।।
[১৮৩১, মাঘ, হাওড়া]
তৰা
অনন্ত আকাশে বহি কোন তোমালোক
কি কাৰনে ধ্যানমগ্ন, কিবা দুখ-শোক ?
কি কামে নিবিষ্ট চিত্ত, কিবা ভাবে ভোৰ ?
সামান্য মানুহ মই নাই পোৱা ওৰ ।
পাপ-তাপ, দুঃখ ক্লেশ, দেখি পৃথিৱীৰ,
হৃদয় ব্যাথিত জানো, পৰে আখি নীৰ?
শঠতা-বিদ্বেষ, হিংসা-বিষে জৰ্জৰিত
আমাৰ অন্তৰ দেখি বিদৰিছে চিত ?
টিপ্ টিপ্ চকুলো নিয়ৰৰ কণা
পেলোৱা শোকত কিবা ? একো নাই
অথবা আকাশী ফুল স্বৰ্গ-উপবনে
ফুলি আছাঁ নুশুকাই সদনন্দ মনে ।
সুবিমল শুভ্ৰ জ্যোৎস্না সৌৰভ বিলাই,
স্বৰগত প্ৰেম হাঁহি, শোক তাপ নাই ।
নতুবা অপূৰ্ব মণি মুকুতা উচ্ছ্বল,
বিশ্বপতি বিশ্বগৃহে কৰে জলমল ?
অথবা অযুত কোটি চকু বিধাতাৰ
চতুৰ্দিশ অধঃ ঊৰ্ধ ব্যাপ্ত চৰাচৰ ।
পাপ-পুণ্য সুকৃতি-দুষ্কৃতি নিৰন্তৰ
দেখি বিধানিছে বঁটা, দণ্ড ঘোৰতৰ ।
নাজানো একোকে মই নিঃকিন মানৱ,
জ্ঞান দিয়াঁ, অধমক দেৱ আদিদেৱ !
১৮৩১, ফগুন, হাওড়া
কবিতা
শোকৰ সংগীত সিটি, বিষাদৰ সুৰ,
আতুৰৰ হুমিনিয়া, লোতক চকুৰ ।
বেজাৰৰ ক'লা ৰেখা তৃষ্ণা তৃষিতৰ,
বিধৱাৰ বুকু ফটা যাতনা কাতৰ ।
ছঁয়াময়া সুখৰ সি খন্তেকিয়া হাঁহি,
সুৰভি বিলাই যোৱা গোলাপৰ পাহি ।
বিজুলীৰ চকমকা নিমিষ পোহৰ
জোনৰ কোমল কান্তি, পানীৰ লহৰ ।
বীণৰ আতমা সিটি উৰি "গুণ" গায়
বাঁহীৰ জীৱন সি যে ডালত কুউৱায় ।
ৰমণীৰ কমনীয় মাধুৰী মধুৰ,
আধাফুটা আধামাত সৰগ শিশুৰ ।
লাজেৰে তিওৱা মুখ সুন্দৰী ৰুপহী,
নিয়ৰৰ গা ধোৱা সেউতী সি বাহী ।
অনাঘ্ৰাত কেতেকীৰ সোণোৱালী ৰেণু,
বৃন্দাবন মতলীয়া কলীয়াৰ বেণু ।
প্ৰকৃতিৰ কামনাৰ সৌন্দৰ্য ৰঞ্জিত ।
কবিতা কল্পনাময়ী কবিৰ বাঞ্ছিত ।
বাঁহী
(গীত)
ভৈৰবী-মধ্যমান
শুনিলে সেইটোৰ মাত মূৰ আচন্দ্ৰাই কৰে,
আজিও সেই সুৰত মোৰ থৰ-যুগুতি হৰে ।
ফুটা দিয়া বাঁহৰ চুঙা
কৰোঁ মাথোঁ উপলুঙা
তথাপি আমনি কৰি সেইডলে মাৰে ।।
ধপাত ভৰাব পাৰি
পিঠা পুৰি খাব পাৰি
কুকুৰা-মৰা মাৰি সেইডাল ঠিক হ'ব পাৰে ।।
গা বেয়া, মন বেয়া
কৰে, তাত কিহৰ মায়া ?
নাজানো কিয়বা লোকে তাত ফুৱাই মৰে ।।
কৃষ্ণই কৈলে আৱিষ্কাৰ,
গোপীক দিলে সমাচাৰ,
(দেখোন) টেলিফোনে সে কাম সহজতে কৰে ।
চন্দ্ৰ-ৰাধাৰ দ্বন্দ
(গীত)বেহাগ-খেমটা
তাই কিয় গালি পাৰি যায় ?
মোৰ পদূলিত চন্দ্ৰাই কিয় মুখ বজায় ?
দন্দুৰী নহওঁ ৰাধা,
পাই মোক গোটেই চিধা
যি আহে মুখত কৈ কিয় ফক্ফকায়?
পাৰে নিয়ক কৃষ্ণক মাতি,
ৰাধাৰ গাত কিহৰ ঘাটি?
খোচনাত কানুক ৰাধাই লুকাই থোৱা নাই,
যাৰ বস্তু তাৰ ঘৰে
তাইৰ কিয় চকু পোৰে ?
সেইজনীৰ মুখত জানো লাজ-কাজ নাই,
কিয় গালি পাৰি যায়
[ ১৮৩২, জেঠ, হাওড়া ]
মোৰ দেশ
[গীত]অ' মোৰ আপোনাৰ দেশ !
অ' মোৰ চিকুনী দেশ !
এনেখন শুৱলা
এনেখন সুফলা,
এনেখন মৰমৰ দেশ ।।
অ' মোৰ সুৰীয়া মাত !
অসমৰ সুৱদি মাত !
পৃথিৱীৰ ক'তো
বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত ।
অ' মোৰ ওপজা ঠাই !
অ' মোৰ অসমী আই !
চাই লওঁ তোমাৰ
মুখখনি এবাৰ,
হেঁপাহ মোৰ পলোৱা নাই ।
অ' মোৰ আপোনাৰ দেশ !
অ' মোৰ সুকীয়া দেশ !!
[১৮৩২, জেঠ, হাওড়া ]
সখী কোনেনো বজায়?
সখী কোনেনো বজায় ?
সন্ধিয়াৰ বায়ুত শুনা
সেই সুৰ উটি যায়
সখী কোনেনো বজায় ?
যমুনাৰ কুলু গান
আকুল কৰিছে প্ৰাণ ।
নূপুৰৰ ৰুণুজুনু
শুনা তাতে মিলি যায় ।।
ভোমোৰাৰ গোজৰ জানো
বাঁহীৰ মাজে ওলাইছে ।
কুলিৰ পঞ্চম কু-উ
তাতে কিবা মিলিছে ।
বন-মালাৰ গোন্ধ;
আকাশত হাঁহে বিধু;
আদৰি বন্ধুক আনা,
মিছাতে সময় যায় ।।
কোনেনো বজায় ?
[১৮৩২ শক, আঘোণ, হাওড়া ]
মাতৃশ্ৰাদ্ধ
বিশাল প্ৰকৃতি দেহ তিল তিল কৰি
গোটেই ৰচিলে মাতৃ জনমদায়িনী ।
কৰুণ ৰসত আৰ্দ্ৰ হৃদয় তোমাৰ,
মুৰ্তিমতী সহিষ্ণুতা । জনম তোমাৰ
অনন্ত কন্দলী বংশে আসাম-গৌৰব ।
কিহেৰে তৰ্পিম মাতঃ, আজি শ্ৰাদ্ধদিনে
নিঃকিন সন্তান মই ? চকুৰ লোৱেৰে
ধুৱাও চৰণ আই আশীৰ্বাদ দিয়াঁ ।
[২২/১০/১০, শনিবাৰ, ১৮৩২ শক, আঘোন, হাওড়া]
অৱশেষ
ফুলিল মালতী, ফুলি সৰি গ'ল,
বিলোৱা সৌৰভ মাত্ৰ জগতত ৰ'ল ।
ভাগি গ'ল বীণখনি, ছিগি গ'ল তাঁৰ,
ৰই গ'ল অৱশেষ অমিয়া জোকাৰ ।
পঞ্চতত্ত্ব লীন হ'ল তৰুণী সুন্দৰী,
মধুৰ হাঁহিটি মাথোঁ থাকি গ'ল পৰি ।
মাৰ গ'ল দ্বিতীয়াৰ জোনৰ জীৱন,
থকি গ'ল মধুৰতা কিৰিশ কিৰণ ।
সন্ধিয়াৰ ধীৰ বায়ু ধীৰে গ'ল বলি,
মৃদুল হিল্লোল ৰ'ল হৃদয় আকুলি ।
আকাঙ্খাৰ অধীৰতা, উদ্বেগ হিয়াৰ
বাসনাৰ অতৃপ্ততা, আশাৰ নিকাৰ ।
লাহে লাহে আঁতৰিল, ৰ'ল প্ৰতিধ্বনি
সুৱাগ সমল গ'ল, থাকিল বিননি ।
ধন গ'ল, জন গ'ল, গ'ল ক্লায়কেশ,
সুখ্যাতি-অখ্যাতি ৰ'ল আত্মা অৱশেষ ।
[১৮৩২ শক, চ'ত, হাওড়া ]
চালনী আৰু বেজী
চালনীয়ে বোলে বেজী ভাই তুমি কিয় ফুটা ?
নহয়নে বাৰু হাঁহি উঠা ?
হাঁহি হাঁহি হাঁহি উঠা,
নহয়নে বাৰু হাঁহি উঠা ?
তিনিকুৰীয়াই আনে বিয়াই বাৰ-বছৰীয়া
পকা ডাঢ়ি-চুল কাঢ়ি কৰে নাইকিয়া ;
সেলেঙি লগাই ডেকেলি কৰে ওঁঠ ৰঙা কৰি
নাতিনীজুৰীয়া ঘৈণীক মাতে বুলি প্ৰাণেশ্বৰী ।
নহয়নে বাৰু হাঁহি উঠা ?
গোঁফঠুটীয়া ডেকা ল'ৰাই প্ৰেম-কবিতা লেখি,
ভব্যগব্য কবি হ'লো ভাবি থকা দেখি,
কাৰনো বাৰু হাঁহি নুঠে, কাৰনো নুঠে খং,
পদ্যপাঠ পঢ়োঁতাৰ দেখি এনে ঢং ?
নহয়নে বাৰু হাঁহি উঠা ?
ইন্তাহানত ফেল মাৰি মাথা মুণ্ডু লেখি,
কৃটিক হৈ বৰক গালি ছপাই উলিৱা দেখি,
কাৰনো নুঠে মূৰৰ বিষ, কাৰনো নাহে হাঁহি,
খজুৱতি তোলা এনে দেখি বালিচাহী
নহয়নে বাৰু হাঁহি উঠা ?
মোৰ নামটো ভোট-তৰা, মোৰ যহটো ৰৌ
মোৰ গুণৰ কীৰ্তন কৰ, শুনিছ নে ঔ !
নহ'লে দিম গালি পাৰি, পাছত মাৰিম খোচ
উভতি ধৰিলে যদিও ভয়ত খাম কোচমোচ ।
নহয়নে বাৰু হাঁহি উঠা ?
আগৰ তৰপ ডাঙৰীয়াক ভেমৰ বাবে হাঁহো,
কিন্তু মই ডাঙৰ হৈ তাৰো ওপৰত বহোঁ ।
এফ-এ ফেল, বি-এ পছ বিদ্যাৰ টোপোলা
নৈতিক বলত বাহৰ চুঙা গোটেই ফোঁপোলা ।
নহয়নে বাৰু হাঁহি উঠা ?
এচিকট ক্ষমতাতে ঢোল ওফন্দা দিওঁ
"দেউতা ঈশ্বৰ" নুবুলিলে হওঁ উতলা ঘিউ ।
আগৰ অকৰা দুখীয়া পালে পোটক তোলা মই,
অসমীয়া নতুন হাকিম মোকে বুলি কয় ।
নহয়নে বাৰু হাঁহি উঠা ?
দেশোদ্ধাৰৰ এক নম্বৰ, পেট্ৰীয়ট পকা
ভাষা-নাৱৰ গুৰি-বঠা গদ্য-পদ্যত চোকা ।
কলিকতাত ৰিফৰ্মাৰ,, অসমত বেঁকা ,
গা নুধুই চা নাখাওঁ, নাখাওঁ বৈনাইৰ হোকা ।
নহয়নে বাৰু হাঁহি উঠা ?
সাজ লাগিলে শুকান ওঁঠ ফটিকাৰে তিতে
পুৱা হ'লে সন্ধ্যা পুজাৰ ভোট্ভোটনি নিতে ।
ৰজহুৱা, পূজাত ওজা, ঘৈণীৰ ওপৰত ৰজা
নহয়নে বাৰু হাঁহি উঠা ?
হাঁহি হাঁহি হাঁহি উঠা,
নহয়নে বাৰু হাঁহি উঠা ?
বিহু
সুৰ - " দেউতৰ পদুলিত , গোন্ধইছে মধুৰী, কেতেকী মলেমলায়, ঐ গোবিন্দায় ৰাম
টকা , পেঁপা , ঢোল গীতৰ উঠে ৰোল,
নাচে ডাঙৰীয়া বিহু (ঐ বিহুৱা কাই!)
নতুনে বছৰটিক, নতুনে কন্যাটিক
আদৰে যেনেকৈ শাহু ।। (ঐ বিহুৱা কাই!)
কুঁহিপাত মেলি গাছে আদৰিলে
আমৰ মল কুলিৰে মিলি ।(ঐ বিহুৱা কাই!)
সৰগৰ বসন্ত, আঁহা হে, আঁহা হে
আমাৰ পৃথিৱীলৈ বুলি ।।(ঐ বিহুৱা কাই!)
শৰতক জোনে হেমন্তক ধানে
বাৰিষাক মৰাইয়ে যেনে ।
আদৰি তেনেকৈ নতুনে বছৰটিক
বিহু ডাঙৰীয়াই আনে ।।
ল'ৰাই জুনুকা লুৰীয়ে ভুৰুকা,
বোৱাৰী খুন্দিছে চিৰা ।
গমোচা কাপোৰ , পিঠাৰ নাই ওৰ,
ঘৈণীয়ে পাৰিছে পিৰা ।।
মাহ-হালধিৰে গৰু - গাই ধুৱালে,
তৰাৰ ন পঘাৰে বান্ধে ।
আম-কঁঠালত ন ফল আশাৰে
ধানখেৰৰ জৰীৰে ছান্দে ।।
মচে সাৰে ঘৰ, পদুলি চোতাল,
বেথয়ে কণী যুজায় ।
ম'হৰ যুঁজ এখন, গঞায়ে পাতিলে,
খুন্দাত ভুঁইয়ে লৰি যায় ।।
চাৰি ডেকা বহি পচি খেলে কৰে,
চাৰিকো চৰিয়ে চৰে ।
দহ, পঁচি, মাৰি, গুঠি লই কড়ি,
ঢালতে চাপৰি মাৰে ।।
ককাইক ভনীয়েকে ন কাপোৰ পিন্ধালে,
সেৱাত পায় "কুশলে হোক" ।
দুৰণিতে থকা পুতেকক সুঁৱৰি
মাকে কৰিলে শোক ।।
গধুলি গৰু-গাই ঘৰ চাপি আহিলে,
কোবে খাই মাখিয়তীৰে ।
বোৱাৰী-জীয়ৰী লৰাৰ হাঁহিৰে
ভৰিল ঘৰ খিকিন্দালিৰে ।।
টক্ টক্ টক্ টকাই পোঁ পোঁ পোঁ পেঁপাই,
ধুম্ ধুম্ ধুম্ ঢোলৰ মিলে ।
খম্ খম্ খম্ তালেৰে চট্ চট্ চট্ হাতেৰে,
বিহু খা, বিহু খা" বোলে ।। (ঐ বিহুৱা কাই!)
[১৮৩৩ শক, ব'হাগ, হাওড়া ]
ৰাধা আৰু সখীসকল
(গীত)অসমীয়া নামৰ সুৰ
বৃন্দা: বৃন্দাবনতে কোনে বাঁহী বায় এ হে,
আমি শুনি গ'লো ধ্বনি হে,
নাকে বাহী বায়, আঙুলি বুলাই এ হে,
ৰাধা ৰাধা বোলে বানী হে ।
বিশাখা : বৃন্দাবনতে কদমৰ তলতে, এ হে
যমুনাৰ পাৰতে হয়নি, হে?
গধূলি পৰতে, মলয়া বওঁতে, এ হে,
ৰাধাই আনোতে পানী হে
ময়ো শুনিছিলোঁ, কোন নুবুজিলো, এ হে,
লুকাই কোনে কৰে হে ।
ধৰিব পাৰিলে বান্ধিম এই ৰিহাৰে এ হে,
দিম ৰাধিকাৰ কৰে হে ।।
ললিতা : কালিন্দী তীৰতে, বনৰে মাজতে এ হে,
নুপূৰে ধৰিছে তাল এ হে ।
সুৰীয়া বজায়, বন উছটাই এ হে,
কেনেকৈ পেলাম তাক ফান্দত হে,
দীঘলকৈ ৰাখিছোঁ, সেইহে এই চুলিতাৰ এ হে,
ককালত মেৰাম তাৰ পাকত হে ।
টানি আনি চোৰ, দিয়াম শাস্তি ঘোৰ এ হে,
আমাৰ ৰাধাৰানীক দিয়ে হে ।
নূপুৰ গুৰি কৰি, বাঁহী নিমে কাঢ়ি এ হে
যদি হওঁ গুৱালৰ জী হে ।।
(ৰাধাৰ প্ৰবেশ)
ৰাধা: শুনিছো সখীহঁত ! শুনিছো বাইহঁত ! এ হে,
নকৰা নিদাৰুণ কথা হে ।
নেলাগে ধৰিব, নেলাগে বান্ধিব এ হে,
মোৰ জীৱই পাব যে বেথা হে ।।
বৃন্দাবনতে, কদমৰ তলতে, এ হে,
যিজনে বজাইছে বাঁহী এ হে,
কাবৌকৈ মাতি আনাহি হে ।
প্ৰেম
ব্ৰহ্মাণ্ডৰ সত্ব যিটো পৰিছে নিজৰি;ইৰি-বন গছ-লতা সচেতন কৰি;
অমৃত হাঁহিৰ ৰং ফুলত ফুলায়;
যি শকতি প্ৰভাৱত মন্দাকিনী যায়;
অণু-পৰমাণু মিলে আকৰ্ষি অন্তৰ;
পৃথক আতমা মিলি হয় একেশ্বৰ;
ব্যৱধান ক্ষয় হয়, ওচৰে আঁতৰ;
অব্যক্ত বেকত; গুচে আত্ম পৰ;
সৰ্বঙ্গে সৰ্বাঙ্গ লয়; জীৱনে জীৱন;
আনন্দে আনন্দ, মহনন্দৰ সৃজন;
সংজ্ঞাৰ অতীত শক্তি, বিশ্বব্যাপী কায়;
ক্ষণিক সম্ভোগে যাৰ দেবত্ব মিলায়;
মৰু বুৰে, শিল পমে, বিন্দুৰ পৰশে;
প্ৰেম আখ্যা মহাশক্তি জগৎ প্ৰকাশে ।
শান্তি
অতৃপ্তিত অশান্তিৰ ঘৰ,
অশান্তিয়ে অসুখ বিলায়,
অসুখত বিচাটৰ ৰাশি,
জীৱনৰ সোঁত বৈ যায় ।
সংসাৰত তৃপিতিৰ আশা
মৃগতৃষ্ণা মৰিচীকা প্ৰায়,
বিচাৰি বিশ্ৰান্ত, ক'তো নাই,
শান্তিধাম মাত্ৰ শান্তিৰ ঠাই ।
ঈৰ্ষা দ্বেষ মেঘৰ ওন্দলে,
মনাকাশ এন্ধাৰি পেলালে,
মোহতম বিষম অজ্ঞানে,
তত্বজ্ঞান-সুৰুজ ঢাকিলে ।
ক্ষন্তেকীয়া মেঘৰ আন্ধাৰ,
যুগমীয়া তত্বজ্ঞান-ৰবি,
যুগমীয়া এৰি ক্ষন্তেকীয়া,
মণি এৰি কাঁচ কি কৰিবি ?
দেৱযানী
প্ৰথম দৰ্শনস্থান - শুক্ৰৰ আশ্ৰম
(দৱযানীয়ে পূজাৰ নিমিত্তে ফুল, জলৰ আয়োজন কৰিছে )
কচ ঃ নমস্কাৰ দেৱযানী !
দেৱযানী ঃ নমস্কাৰ কচ !
কচ ঃ আহিলোঁ তোমাক আজি ল'বলৈ বিদায়
অতি মনদুখে আকুল কৰিছে প্ৰাণ ।
লাগিছিল নিজ ঘৰ যেন এই ঘৰ,
পিতৃ বৃহস্পতি যেন গুৰুদেৱ মোৰ,
গুৰু-কন্যা যেন মোৰ অপোন ভগিনী,
চেনেহ ডোলেৰে বান্ধি ৰখিছিলা মোক
ইজন্মত শুজিব নোৱাৰো এই ধাৰ ।
তোমাৰ মনত মাত্ৰ সততে জাগ্ৰত
মঙ্গল কামনা মোৰ । হে'ৰা সুবদনী
বাৰে বাৰে ব্যৰ্থ কৰি দানৱৰ চেষ্টা
ৰাখিলা জীৱন মোৰ । পালোঁ প্ৰাণ মই
কৃপাত তোমাৰ । এৰি ই হেন আশ্ৰম,
ত্যাজি আশ্ৰম - ঈশ্বৰী এনে, যাওঁ কোন স'তে ?
ইঠাইৰ প্ৰতি গছি তৃণে বান্ধিছে হৃদয়
মোৰ । প্ৰতি কুশাঙ্কুৰে স্নেহ বিজড়িত
দেখোঁ সদ্য অঙ্কুৰিত । চিৰানন্দ বায়ুৱে
বিলায় । পুস্পিত বিৰিখ-লতাবোৰে
মুৰ্তি ধৰি কৰে সাম গান । যজ্ঞধূম
সৰগ সোপান ।কৰুণা সৌন্দৰ্যে ধৰি
পোৱালি হৰিণাৰূপ জুৰায় পৰাণ ।
কিন্তু, কিন্তু কৰ্তব্যৰ কঠোৰ শাসন
এৰোৱা দুষ্কৰ । এৰি জনক - জননী
অছোঁ বহুকাল, জ্ঞাতি-বন্ধু শোকত
আকুল আশা পালি আছে - অধ্যয়ন
কৰি সমাপন কচ উভতিব ঘৰ ।
কৰ্তব্যৰ অধীন সন্তানে সম্পাদি
কৰ্তব্য, আজি যাব খোজে সেই দেখি
ঘৰ । আশিৰ্বাদি গুৰুদেৱে কৰি বিদ্যাদান,
শিষ্যক মেলানি দিলে । তোমাৰ
কাষত লভিলে মেলানি সুলোচনী ।
যাব পাৰে আজি কচ ত্ৰিদশ আলয় ।
দেৱযানী ঃ আছে এটি নিবেদন মোৰ, তোমাৰ
কাষত । অঙ্গিকাৰ পৌত্ৰ তুমি,
কুল-শীল-বিদ্যাৰে মণ্ডিত; শম দম
তপস্যাৰে অলংকৃত বপু । মহৰ্ষি
অঙ্গিৰা, মোৰ পিতৃৰ পূজিত । জনক
তোমৰ বৃহষ্পতি পূজিত সিমতে
মোৰ । কৃতবিদ্য লভি বিদ্যা তুমি; পুত
ব্ৰহ্মজ্ঞান কলেৱৰ । আছে মোৰ
অতি ক্ষুদ্ৰ এটি নিবেদন । শুনা সৌম্য শুনা
সাৱধানে, যিদিনা আহিলা তুমি আশ্ৰমে
আমাৰ, স্বচ্ছ মন শুভ্ৰকান্তি তাপস-
নন্দন, মোৰো মন হ'ল অনুৰূপ !
মণিৰ সংযোগে কাঁচে ধৰে মণিৰূপ ।
অলক্ষিতে আচম্বিতে আন্দোলিত মন
অনুৰাগ অকস্মাৎ হ'ল অঙ্কুৰিত ।
সেই দিন ধৰি প্ৰতি পল-অনুপলে
বঢ়াই শকতি তাক কৰিলে বিশাল ।
হৃদাকাশ জুৰি বনস্পতি প্ৰসাৰিছে
পৰণয় - পল্লৱ মোৰ । হে শোভন সৌম্য ।
গ'লে তুমি ফল-মূল আহৰণ মনে,
পঁজাৰ কাৰণে মোৰ,, প্ৰতি আগমন
মই থাকোঁ বাট চাই । গোধন চলাই
তুমি আহোঁতে পলম হ'লে, দেখো দিনতে
এন্ধাৰ । ভাবোঁ , কিবা অথন্তৰ মিলিল
কচৰ । বাৰে বাৰে দুৰন্ত অসুৰে
নাশিলে তোমাক, এৰি ৰমণীসুলভ
লাজ, সলোতক নেত্ৰে ধৰি পিতৃৰ
চৰণ, মাগি পাওঁ পুনু, হেৰুৱা ৰতন
মোৰ অঞ্চলৰ নিধি হে তাপস - মণি !
যজ্ঞ সমাপন অৰ্থে আহৰা সমিধ
কাঠ; বিক্ষত কণ্টকে দেহ দেখি, মচি
অশ্ৰুজল সেৱি কৰোঁ নিৰুজ তোমাক
কুশাঙ্কুৰে বিন্ধিলে চৰণ, পানীৰে
পখালি পাৱ, প্ৰদানি প্ৰলেপ, ক্ষত
কৰোঁ নিৰাময় । তেহে সুস্থ হয় মোৰ
মন । কি সকাম , সেই কথা এতিয়া
বখানি ? জানা সকলোকে তুমি । লাজে
বান্ধি ৰাখিছিল মুখ, সি কাৰণে আছিলোঁ
নিমাত । কিন্তু দেখোঁ হ'ব সৰ্বনাশ ।
হেৰায় বুকুৰ বিত, সাঁচতীয়া ধন !
সিকাৰণে প্ৰিয়তম ! প্ৰাণপ্ৰিয় ! আজি
পৰিত্যাগি সংকোচ সংযম, প্ৰাৰ্থিছোঁ
তোমাক, - কৰি মন্ত্ৰ উচ্চাৰণ বেদৰ
বিধানে কৰা মোক পৰিণয় তাপস-ৰতন !
কচঃ নাপায় এনুৱা কথা ক'ব মোক শুভে
গুৰু শুক্ৰাচাৰ্য মান্য পূজনীয় মোৰ
গুৰুকন্যা পূজনীয় মোৰ সেইদৰে ।
ভগৱান ভাৰ্গৱৰ প্ৰাণাধিকা কন্যা
তুমি, গুৰুপুত্ৰী ভগিনী সদৃশ মোৰ
নহয় যুগুত কৰা ইহেন প্ৰস্তাৱ ।
দিয়া ভদ্ৰে ! হৰ্ষমনে বিদায় ভাতৃক,
যাওঁ নিজঘৰ, শোকাতুৰ জনক-জননী ।
দেখিলোঁ সপোন, শোকাকুল পুত্ৰৰ
বিৰহে, দুখুনী জননী মোৰ !
দেৱযানীঃ শুনা কচ ! শুন তপোধন ! ভাতৃস্থান
নহয় তোমাৰ । সন্তান নোহোৱা তুমি
জনকৰ মোৰ । পিতৃৰ গুৰুৰ পৌত্ৰ
তুমি; সি হেতু মাথোন পুজনীয় তুমি
মোৰ । কৰিছিল প্ৰথমতে তোমাক
যিবাৰ অসুৰে বিনাশ, পিতৃৰ কাষত
সকৰুণে মাগি ভিক্ষা জীয়ালোঁ তোমাক ।
সেই দিন ধৰি অনুৰক্তা দেৱযানী
তোমাৰেহে কচ ! নৃত্য-গীতে কৰি
বিনোদন, সেৱি মই অনেক প্ৰকাৰে
সাধিলোঁ তোমাৰ প্ৰীতি । তোমাৰ ধিয়ান
বিনে কচ, নাই মোৰ আন একো কাম।
ধৰ্মজ্ঞানী তুমি কচ, জানা সকলোকে ।
এনে অনুৰক্তা মোক, জুৱায় নে হে
কৰা পৰিহাৰ ? নিকৰুণ বচনে তোমাৰ,
দিছে দুখ মৃত্যুতো অধিক । অতএব
হে'ৰা কচ ! হে'ৰা প্ৰাণপ্ৰিয় ! দেৱযানী
অভাগীক নেঠেলিবা পাৱে ! দাসী হৈ
সেৱিম চৰণ, আচৰি একত্ৰে ধৰ্ম,
লম পদ সহধৰ্মিণীৰ । সুখ-দুখ
সুকৃতি-দুষ্কৃতি যি তোমাৰ মিলিব
ভাগ্যত, ভাগ লৈ তাৰ, নিজক মানিম
ধন্য, সুৱাগিনী হ'ম । তপস্যাত হৈ
তপস্বিনী , কৰিম সহায় । ব্ৰহ্মৰ
পূজাত , মিলাই ভকতি প্ৰেম তোমাৰে
সইতে, বিলোপি পৃথক সত্বা, সাধিম
ঈশ্বৰ প্ৰীতি । ক্ষুদ্ৰ নদী ব্ৰহ্মপুত্ৰ
নদে, কৰি আত্মবিলোপন ! বৈ যায়
শিতলী সংসাৰ । সি কাৰণে হে'ৰা প্ৰিয় !
হে'ৰা সুশোভন ! নিৰপৰাধিনী মোক
কৰি পৰিহাৰ ! নাযাবা নাযাবা কদা !
বধে ছুব নিশ্চয় জানিবা !
কচঃ অনিযোজ্য বিষয়ত নকৰা নিয়োগ
মোক হে শুভব্ৰতে ! গুৰোতো অধিক
তুমি গুৰুতৰা মোৰ । নকৰিবা কোপ ।
সুপ্ৰসন্ন মনে মেলানি প্ৰদান কৰা ।
আছিলোঁ অনেক কাল সুখত ইথানে
অনুমতি দিয়া যাওঁ ত্ৰিদশ আলয়ে ।
দেৱী ! আশীৰ্বাদ দিয়া , বাটত বিঘিনি
যেন নপৰশে মোক । কথা প্ৰসংগত
সুৱৰিৱা দুখীয়া কচক, কৰোঁ আশা ।
গুৰু মোৰ জনক তোমাৰ, কৰিবা
শুশ্ৰুষা । সাৱধানে পৰিচৰ্যা কৰি
সাধিবা পিতৃৰ তুষ্টি, ত্ৰুটি নকৰিবা
বৃদ্ধ তেওঁ । যি পবিত্ৰ ঔৰষত জনম
তোমাৰ, আছিলোঁ সেই উদৰত মই ।
ধৰ্মত সিহেতু, সম্বন্ধত দেৱযানী
কচৰ ভগিনী । সেই বাবে সুনয়নী !
অশোভন তেনে কথা নানিবা মুখত ।
দেৱযানী : শুনা কচ ! শুনা মোৰ স্বৰুপ বচন -
প্ৰত্যাখ্যান কৰি তুমি প্ৰাৰ্থকজনক
নকৰিলা ভাল । আশা ছেদ কৰি মোৰ
শালিলা অন্তৰ । বহু কাল পোহা মোৰ
প্ৰণয় পখীটি মাৰিলা মুচৰি ডিঙি,
ঢালিলা তপত তেল ক্ষত স্থানোপৰি ।
হাঁহিমুখ অশোকৰ থুপিটিক ছিঙি,
নিমৰমে গচকি পেলালা । নিৰমল
ঠুনুকা হৃদয় এচাৰি শিলত ভাঙি
লভিলা সন্তোষ । বৈদুৰ্য বিক্ৰম তুল্য
নাৰীৰ প্ৰণয় অযতনি অৱহেলি
ঠেলিলা চৰণে । আৰু কোন ৰমণীৰ ?
সোধোঁ, কোন ৰমণীৰ প্ৰেম ? দেৱযানী
শুক্ৰনন্দিনীৰ - দেৱাসুৰ যক্ষ-ৰক্ষে
সন্মান সদায় যাক; থাকক আনৰ
কথা, ইন্দ্ৰ লালায়িত যাৰ কৃপা কণা আশে -
জানা নে হে ব্ৰাহ্মণসন্তান !
ৰমণীৰ প্ৰেম, ৰমণীৰ জীৱন,
সৰ্বহ ? সমৰ্পি এনুৱা প্ৰেম, পৰিছিলোঁ
পদত তোমাৰ - অথলত তথাপি প্ৰেম
অভাগিনী নাৰী ! কিনো ব্ৰজে বন্ধোৱা
হৃদয় ! আশাছেদ মোৰ হ'বা নে সুখী ?
লভিবা নে শান্তি বিপ্ৰ, হৰি শান্তি মোৰ ?
নাৰী বধ পাপৰ কি পৰচিত নাই ?
বোলোঁ, কোন সেই নাৰী ? - দেৱযানী,
অপৰাধশূন্যা, দেৱযানী, অনুগ্ৰহে
যাৰ, তিনিবাৰ পালে প্ৰাণ অকৃতজ্ঞ
কচে - ভাবিছা নে হে'ৰা বিপ্ৰ ! উপেক্ষি
অভাগী মোক থাকিবা সুখত ! নোৱাৰা,
নোৱাৰা, বোলোঁ নোৱাৰা নিশ্চয় ! ৰমণীৰ
প্ৰেম, ক্ৰোধ, অটল দুৰ্বাৰ । নাৰীৰ
প্ৰণয়বাৰি সমূলি বুৰায়; ক্ৰোধৰ
অগ্নিয়ে দহি, কৰে ভস্ম মূল পৰিমিতে ।
শুনা কচ ! শুনা হেৰা ব্ৰাহ্মণকুমাৰ !
পবিত্ৰ জাহ্নবী জল দুৰ্বাক্ষত,
তিল-কুশ হাতে লৈ দেৱযানী
দিয়ে অভিশাপ -
অতকাল কৰি তুমি কথোৰ যতন
যি বিদ্যা লভিলা, বিদ্যা মৃতসঞ্জীৱনী,
ফলৱতী নহ'ব তোমাত, বুলিলোঁ নিশ্চয় !
কচ : কি কৰিলা দেৱযানী ! কৰিলা কি কাম ।
কিয় অকাৰণে এনে দিলা অভিশাপ ?
প্ৰত্যাখ্যান কৰিলোঁ তোমাক, ভাবি দোষ
আশঙ্কা নহয়; গুৰুপুত্ৰী বুলিহে
মাথোন । তদুপৰি অনুমতি নাছিল
গুৰুৰ । অৰ্যধৰ্ম উপদেশ দিছিলোঁ
তোমাক । তথাপি শাপিলা তুমি নকৰি
বিচাৰ । উপযুক্ত নহওঁ শাপৰ । ধৰ্মত
নহয় পাপ, কামতঃ হে দিয়া । সেইদেখি
দিওঁ মই প্ৰতিশাপ শুনা , - তোমাৰ
মনত যিটো আছে অভিলাষ, নিশ্চয়
নিষ্ফল হ'ব সি । কোনো ঋষিকুমাৰে
তোমাক নিশ্চয়বিবাহ নকৰিব ।
"নিষ্ফল অধীত বিদ্যা" যিটো দিলা শাপ
মানি লা'লোঁ তাক ।কিন্তু এটি কথা ৰ'ল
তাত , - শিকাম সি বিদ্যা যাক মই, সিদ্ধি
হ'ব তাৰ ।
(কচৰ প্ৰস্থান)
দ্বিতীয় দৰ্শন
স্থান ঃ উপবন
(দেৱজানী , শৰ্মিষ্ঠা আৰু সখীসকলৰ প্ৰবেশ)
(গীত)
সুৰ ঃ কালাংৰা । আড়াখেমটা (সকলোৱে মিলি)
চোৱাঁহে, চোৱাঁহে, চোৱাঁ আজি হেৰা
কিনো বিনন্দীয়া বন !
কুঁহিপাত লৰাই নচিছে শিৰিষে,
নাচিছে ময়ূৰী কদম্ব বিৰিখে,
নাচিছে হৰিণীগন ।।
আহা আহা সখী মাধৱীলতা,
দুয়ো মিলি কওঁ মনৰ কথা ।
মৰুৱা, মালতী, মধাই, জুই , যুতি
আহা হৃদয়ৰ ধন !
ইবনত বহি গাঁও অমি গীত
বিভোৰ সুখত জুৰওঁ আহাঁ চিত,
মলয়া সুমন্দ, কেতেকী সুগন্ধ,
গোৱা কুলি বিমোহন ।
দেৱযানী ঃ আহা কি মধুৰ উপবন ! প্ৰাণ-মন
কৰিছে শীতল । লহু লহু মলয়াৰ
বতাহ বলিছে বসন্তৰ বাতৰি বৰ্নাই ।
ৰঙা বৰণীয়া পাত মৃদুল কোমল
লৰাই বিৰিখবোৰে নাচিছে ৰঙত ।
কৃষ্ণচূড়া ৰঙা ফুল মণ্ডিত মস্তকে
প্ৰকশিছে আনন্দ উচ্ছ্বাস, ফুলভৰা
অশোক কিংশুকে কৰিছে দীপিতি,
যেন হাঁহিভৰা দেৱাঙ্গণা মুখ । শ্যাম
বৰণীয়া নৱ দুৰ্বাদলে শোভে, সজল
জলদ প্ৰায় । চৈত্ৰৰথ সদৃশ কাননে
ধৰিছে অপুৰ্ব শোভা । নিৰমল সুশীতল
সৰোবৰ জল হৈছে সুগন্ধিত পৰি
পদুমৰ ৰেণু । শুৱাইছে ৰাজহাঁহ
জাকে , গলপতা, শাৰী যেন ৰমণীৰ
গল মৃদুল আন্দোলি । ডাউক-ডাউকী
শোভে, যেন দুটি তিল তোমাৰ গালত,
হে'ৰা বৃষপৰ্বাৰ নন্দিনী শৰ্মিষ্ঠা
সঙ্গিনী ! জলৰ লহৰ যেন হাঁহিৰ
লহৰী, মদনিকা সখীৰ মুখত ।
স্ফটিক নিৰ্মল এনে শীতল জলত
আহা সখীহঁত ! স্নানি কৰোঁ জলকেলি ।
(গীত)
সুৰ ঃ বিশ্ৰবেহাগ খেমটা
সকলোৱে - সখী আহাঁ নামো পানীত,
সাঁতুৰি গাওঁ আহা গীত,
সখী নামো পানীত
আজি সুমধুৰ সাজে, বননি ফুলৰাজে,
পানীত পদ্মিনী শোভে, হাঁহি প্ৰফুল্লিত ।
আকাশত বেলি জ্বলিছে
দক্ষিণৰ বায়ু বলিছে,
সৰালিযুৰিয়ে কেনে চৰি ফুৰিছে !
আহাঁ সখী ৰাংঢালী ! খোজেপতি হালিজালি,
সোলোকাই কাপোৰ আহাঁ নামাহি পানীত ।
(সকলোৱে সৰোবৰৰ পাৰত কপোৰ সোলোকাই থৈ,
পানীত নামি গা ধোৱে আৰু ধেমালি কৰে ।)
মদনিকা ঃ সখীহঁত ! মিলিল মস্কিল । চোৱা হেৰা,
ধুমুহা বতাহ যেন এচাটি বতাহে
মিহলালে আমাৰ কাপোৰ ! আৰু
শুনা দুৰত শব্দ, আহিছে কোনোবা
যেন ল'ৰি এইফালে ! উঠা লৰালৰি
কৰি, পিন্ধি বস্ত্ৰ হওঁ সমাহিত ।বিবস্ত্ৰ
শৰীৰ ঢাকি কৰোঁ ঝাণ্টে লজ্জা নিবাৰণ !
(সকলোৱে লৰালৰিকৈ পানীৰ পৰা উঠি যেয়ে আগতে
যাৰ কাপোৰ পালে, বাছি লবলৈ সময় নাপাই তাকে
পিন্ধিলে । শৰ্মিষ্ঠাই নাজানি দেৱযানীৰ কাপোৰ পিন্ধিলে ।)
দেৱযানী ঃ হঁয়েৰা শৰ্মিষ্ঠা বৃষপৰ্বাৰ জীয়াৰী !
কোনটো সাহেৰে তই পিন্ধিলি কাপোৰ
মোৰ ? শুক্ৰাচাৰ্য কন্যা মই । তোৰ মই
গুৰুৰ নন্দিনী ; শিষ্যা তই মোৰ ? -
অসুৰৰ জীয়ৰীৰ স্পৰ্দ্ধা দেখি মই
মানো আচৰিত ! যেন দেৱযানী সমনীয়া
তাইৰ । ফুৰোঁ একেলগে দেখি তই
পাহৰিলি হ'ব নিজ ঠাই ? আশৈ পাই
জাঁপ দিলি দেখোঁ গললৈকে মোৰ ? ¬
নাই দেখা নাই শুনা এনে অত্যাচাৰ,
অগোচৰ সপোনৰ মোৰ !
জান নে কি হয়, এই অত্যাচাৰৰ ফলত,
শ্ৰেয়লাভ কদাপি নহয় তোৰ ।
শৰ্মিষ্ঠা ঃ কিহৰ বাবত তুমি কৰিছা ইমান
খং হে'ৰা দেৱযানী ? ভীমটোকো ভয় লগা
গপ দেখুৱাইছা কিহৰ নিমিত্তে ?
চাবা যেন এনে গেলা গপৰ কাৰণে
নিছিগে তোমাৰ মুৰ ।
মিহলালে বতাহে কাপোৰ, যেয়ে যাৰ
পালোঁ, আহিছে কোনোবা ভাবি । নাছিল
সময়, নিজ বাছি যাতে কৰোঁ
পৰিধান । নাভাবি নুবুজি কিয় উঠিছা
উতলি, ডাক-জুইত ঘিউ পৰা দৰে ?
পাহৰি সংযম তুমি, তঁয়া- হঁয়া
শৰ্মিষ্ঠাক ক'বা কি কাৰণে ? জানা না হে
ভিকহুৰ জিয়াৰী ! কাৰ কন্যা শৰ্মিষ্ঠা
এইজনী ? দিনে - ৰাতি পিতাৰে তোমাৰ
স্তুতি কৰে যাক, কৰি আশা এমুঠি
অন্নৰ, তাৰ কন্যা মই । যি বস্ত্ৰৰ
অৰ্থে আজি জোকাৰিছা মুখ সেই বস্ত্ৰ
লভিবৰ আশে, পিতাৰে তোমাৰ, জপ
কৰি থাকি যাক কটায় জীৱন, সেই
শ্ৰেষ্ঠ অসুৰ ৰজাৰ আদৰৰ কন্যা
মই । পিতা মোৰ উপবিষ্ট, অথবা
শয়ন কৰি থাকে যেবে, তোমাৰ পিতাৰে
বহি নিৰাসনে, স্তুতি পাথকৰ দৰে
বিনম্ৰ ভাবেৰে কৰে স্তুতি যাক, দুহিতা
তেওঁৰ মই । যাচঞা কিম্বা প্ৰতিগ্ৰহ
প্ৰশংসাক কৰি, কৰে যি জীৱিকা নিৰ্বাহ,
তাৰ কন্যা তুমি । সকলোৱে আৰাধনা
কৰি দিন-ৰাতি সেৱি থাকে যাক, তাৰ
কন্যা মই । দানি প্ৰাৰ্থনাৰ অধিক
অৰ্থক , প্ৰাৰ্থকৰ পূৰে মনোকাম
সততে যিজনে, তাৰ কন্যা শৰ্মিষ্ঠা
নিশ্চয় ! টোকোনা বিপ্ৰৰ পুত্ৰী হেৰা
দেৱযানী ! যিমানকে দ্বেষ কৰা মোক
ক্ষোভ কৰি দিয়া অভিশাপ, নিশ্চয়
জানিবা তুমি, দেৱযানী শৰ্মিষ্ঠাৰ
নহয় সমান । ৰাজকন্যা মই ¬
বাঁহী
(গীত) ।মোৰ একেটি সুৰত বাহীটি বন্ধা
একেটি মাথোন মাত ।
ৰাতিয়ে দিনে এটি মথো হুমিনিয়াহ,
একেটি আনন্দ তাত ।।
সুখৰ হঁহিটি খন্তেকত মৰে
দুখৰ আন্ধাৰ খন্তেকতে মৰে
শান্ত হৃদয় আবেগে আকুল
একেটি সুৰৰ আঘাত ।।
শবদ কঁপনি সপ্তম, পঞ্চম,
উচ্চৰে 'এক্মেব অদ্বিতীয়ম',
শোকৰ যাতনা, সুখৰ বাসনা,
মিহলি একেটি মাত ।।
বৈচিত্ৰ বিলয়, ভেদ সমন্বয়,
খণ্ডত-অখণ্ড, বাঁহীটিয়ে কয়
হাঁহোন-কান্দোন, প্ৰখৰ মধুৰ
এটি ধ্বনি উঠে তাত ।।
অন্ত অনন্তৰ মাজত আসন,
বাঁহীটিত বাজে আত্মবিলোপন,
শুনা হে শুনা হে অমৃত সন্তান
আতমা পৰমাত্মাত ।।
[১৮৩৩ শক, আহিন হাওড়া]
কৰ্ম
কৰ্মৰ জনম জানা তোমাৰ লগতেতৰে সৈতে এৰা এৰি নাই
তোমৰ হাততে আছে কৰম-সজুলি,
মন মাথোঁ কৰিবৰ উপায় ।
[১৮৩৪ শক, জেঠ, হাওড়া]
চিৰযৌবন
কোনে কৈছে বুঢ়া হ'লোঁ মই ?
সি যে ভাই মিছা কথা কয় ।
বয়সে, অমৃত প্ৰেমে তুমুল সংগ্ৰামে,
জয়ী প্ৰেম, বয়স বন্ধুৱা,
চোৱা মই চিৰ বিনন্দীয়া !
প্ৰিয়াই সংগীত মোৰ গায়,
সংগীত পৰাণ ভিন্ন নাই ।
প্ৰত্যেক চৰণে চুমি প্ৰিয়া-ওঁঠ দুটি
যৌৱন অমিয়া কৰি পান,
চলে চৰি নতুন পৰাণ ।
ভাবনাই ভাবি আনে কাল,
প্ৰেমহীন বয়স জঞ্জাল,
প্ৰিয়া-হিয়া অমৃত মধুৰ মদিৰা
কৰি পান অমৰ আতমা,
যৌৱনৰ নাই হে'ৰা সীমা ।
নকৰা নকৰা মোক বুঢ়া,
বয়স বছৰ অজা ঘূৰা,
চিৰানন্দ যৌৱনৰ শুনুৱা বাতৰি,
প্ৰিয়াৰ প্ৰেমৰ চকুজুৰি
দিছে বাৰ্তা, তাতে আছোঁ বুৰি ।
[১৮৩৪ শক, আহিন, হাওড়া]
আত্মবোধ
আপোনাৰ মোল নুবুজি মানুহ মৰিব লাগিছে যত,
মাউৰ-মৰকত পৰি পৃথিৱীত নাই মৰা জানা তাত ।
[১৮৩৪ শক, কাতি, হাওড়া]
বীণবৰাগী
১
দিন দুপৰতআগ-চোতালত
কোনেনো বাইছে বীণ ?
কিনো গীত গায়,
কিনো কথা কয়,
উজাৰি লুকুৱা চিন ?
বুজোঁ বুজোঁ কৰোঁ
বুজিব নোৱাৰোঁ
কৰে ঐ বৰাগী তই !
কি দুখৰ কথা,
কি শোক বাৰতা
কি কৈছ নুবুজোঁ মই ।
সীতা আইৰ বাতৰি
যদিহে কৈছ,
ন'কবি আৰু ঐ মোক !
দয়মন্তী দুখে
হিয়া ভাঙি নিব,
নালাগে অলপো বাৰু ।
চিন্তা শ্ৰীবৎসৰ
নকবি কাহিনী,
দ্ৰৌপদীৰ নক'বি কথা,
সতী জয়মতী
আয়তী দুখুনীৰ
দুখত লাগিব ব্যথা,
২
যদিহে গাইছ
বদন ফুকনে কেনেকৈ আনিলে মান ,
কেনেকৈ মৰণে অসম ধ্বংসিলে
যদিহে গাইছ গান;
মণিৰাম-পিয়লিৰ মৰণ-বাতৰি
যদি তোৰ বীণে গায়,
মানা কৰ তাক
বৰাগী ককাই ঐ !
শোক মোৰ উথলায় ।
একণি হৃদয়
এফেৰি সমল,
কতনো সহিব খুন্দা !
ভাগি ছিগি যায়
অলপ-আঘাতে,
কিয় তই মোক কন্দা ?
বেহুলা শান্তিৰ
নুশুনাবি দুখ,
চান্দোৰ নকবি কথা,
দুখৰ বোকোচা
ব'ব মই নোৱাৰোঁ
অন্তৰত পাওঁ ব্যথা ।
বিষাদ-বাতৰি
কতনো শুনাবি,
মনৰ তৰনি নাই,
কাবৌকৈ মাতিছোঁ
বৰাগী ককাই ঐ !
বীণে যেন নিবিনায় ।
৩
শোকৰ সুৰটি
নুশুনিও নোৱাৰোঁ
বাঘমোৰে ধৰে মোক,
আঁতৰি যাবৰ
শকতি নাপাওঁ,
বেজাৰে পীড়িছে বুক ।
শুন ঐ বৰাগী !
আনন্দ কাহিনী
অসমৰ যশৰাশি,
হিয়া মোৰ হেৰ
বলবন্ত হোক,
পৰাণ উঠক উলাসি ।
বাণ, ভগদত্ত,
নৰকাসুৰ,
ভীস্মকৰ গুণ গা,
ভাস্কৰবৰ্মাৰ
কীৰিতি সুন্দৰ
শুনো হেৰ বীণ বা ।
শংকলাদিবে
কেদাৰ ৰজাক
কেনেকৈ জিনিলে শুনা,
পাৰস্যসম্ৰাট
আফ্ৰচিয়াবেৰে
যুঁজিলে কেনেকৈ জনা ।
শংকৰ, মাধৱ
কন্দলিসকলে,
কি কৰিলে বীণ ক,
ৰুদ্ৰসিংহ স্বৰ্গদেৱে
কি কৰিলে
ক বীণ ! কিয় ৰ ?
বৰদৈচিলা হেন
চিলাৰায় দেৱানে,
নৰনাৰায়ন ৰজা,
কি কীৰ্তি ৰাখিলে,
গা ঐ বৰাগী !
বজা আৰু বাৰ বজা !
৪
বজা ঐ বৰাগী
সংসাৰৰ বিৰাগী !
সংসাৰৰ গুণ-গান,
সুৱদি সুৱলা
ৰেপটোৱে পতি
শীতল হওক প্ৰাণ ।
কথাটি নুবুজোঁ
সুৰটি বুজিছোঁ
জন্মজন্মান্তৰে শুনা,
সিজন্মৰ সোঁৱৰণি
সোঁৱৰাইছে,
হেৰ আলসুৱা বীণা !
সৰগ বাতৰি
সৰগৰ বীণে
অবুজ ভাষাৰে গায়,
বুজিও নুবুজোঁ
বুজিম সকলো,
তেতিয়া সিপুৰী পাই ।
সৰগৰ পৰা
নামি আহি বীণে
সৰগ বাতৰি দিলে -
"সৰগ এৰিছা,
আকৌ সৰগ
পাবাগৈ" বুলি সি ক'লে ।
"সদায় নাথাকে
প্ৰবাসৰ দুখ"
বীণৰ সুৰে বিনায়,
আনন্দৰ কণা,
সৰগৰ আনি
মৰ্তত মোক জোগায় ।
৫
গা বীণ ! গা,
অমৃত-সংগীত,
শুকানে মেলক কুঁহি,
প্ৰবাস-ভাগৰ
আঁতৰি পলাওক,
মুখত ওলাওক হাঁহি ।
বীণৰ বৰাগী !
বৰাগী নহৱ,
দুখীয়া নহৱ তই,
আনন্দৰ কণা,
ৰসৰ নিজৰা,
বীণতে বন্ধিছ ঐ !
নমা ঐ, নমা ঐ,
আকাশী-অমিয়া,
আকাশী গংগাৰ দৰে,
দে মোক, দে মোক,
বৰাগী ককাই ঐ !
পিওঁ মই নিছিগা ধাৰে ।
নতুন প্ৰাণৰ
ন চকুযুৰি,
দীপিতি ঢলি দে তাত,
পুৰনি পৃথিৱী
নকৈ চাই লওঁ,
হে বীণ ! এষাৰি মাত
[১৮৩৪ শক, আঘোন, হাওড়া ]
ধনবৰ আৰু ৰতনী
ৰতনী মিৰি জিয়ৰী। তাইৰ বয়স ষোল্ল । ঘৰ ধনশিৰীমুখত। ধনবৰ মিৰি ডেকা। তাৰ বয়স ষোল্ল। ঘৰ দিখৌমুখত । ৰতনী মাক-বাপেকৰ সৈতে উজাই আহি দিনচেৰেক ধনবৰৰ বাপেকৰ ঘৰ দিখৌমুখত অছিল । ৰতনী মাক বাপেকৰে সৈতে নিজৰ ঘৰলৈ উভতি ভটিয়াই যাবৰ দিনা, দুপুৰীয়া ব্ৰহ্মপুত্ৰৰ পৰত বহি ধনবৰে এইদৰে বিনাই কন্দি থাকি , অন্তত আত্মবিলপ কৰিলে ঃ
উজায়ে আহিলে ভাটিৰে ৰতনী,
বুকুৰে মাধুৰী লৈ,
ভটীয়াই গ'লে ঐ শাহটো সামৰি,
মোলৈ খোলাটো থৈ ।
কৰে ঐ ৰতনী ! কৰে ঐ শাখিনী !
কিনো কুটেশালে তই !
সকলো লুটিলি ধনাইকে বধিলি,
কেনেকৈ জী থাকো মই ?
পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই,
লতা বগাবলৈ টান,
ৰতনী সোণাইক বৰাব পাৰোঁ মই
মাকক বুজাবলৈ টান ।
বগাকৈ বগলী উৰে কেনে কৰি
পাখিতে পাখি লগাই,
কাৰেনো উৰিব ধনবৰ দুখীয়া,
ৰতনী লগতে নাই !
ফেনেফোটোকাৰে বৰলুইত বৈছে,
বুকুত লৈ খাগৰিৰ জাঁজি,
বুকু উদং কৰি ৰতনী গ'লে মোৰ,
কাকে লৈ বৈ যাম আজি ?
পুবৰে পচোৱা চাটি মাৰি গ'লে
ধানতে থৈ গ'লে থোক,
ধনাইৰে মনাইকে চাটি মাৰি ৰতনী,
মনতে দি গ'লে শোক
গঙাতে উৰিল ঐ গঙাৰে চিলনী,
বালিতে উৰিল ঐ ঘোঁৰা,
সেন্দুৰী টিঙতে বহি উটি গ'লে
ৰতনী ধনাইৰ পৰা ।
চৰায়ে তুলিলে ঐ ছ'ৰা পোৱালী,
গছৰ ডাল শুৱনি কৰি ।
ৰতনীক তুলিলে মাক বাপেকে,
ধনাইৰ কালশতৰু কৰি ।
লুইতৰ শিহু ঐ ! টুপাই বুৰ মাৰিলি,
আকৌচোন এটিবাৰ ওলা,
ধনশিৰিৰ ৰতনী টুপাই বুৰ মাৰি গ'ল
ভাঙি মোৰ কামিহাৰচলা ।
বালিতে চৰিছে দুটি বালিমাহী,
লগৰে লগৰী পাই,
পাৰতে কান্দিছে ধনবৰ দুখীয়া,
ৰতনী লগতে নাই !
ফুটুকাৰ তলতে যখিনি ছোৱালী
টুক টুক্ চাপৰি বায়,
ধনাইৰে ছাঁতে ৰতনী নাই ঐ,
কোনে তোৰ মুখলৈ চায় ?
নৈৰে পাৰতে কাৰে এৰাবাৰী,
চপৰা চপৰে খহে !
লুইতৰে পাৰতে কাৰে ধনবৰ
ৰতনীৰ বেজাৰত জহে ?
যা গৈ ৰতনী ! নাহিবি নাহিবি ,
বিচাৰি নাহিবি মোক !
তোৰে ধনবৰ ভিকহুৰ ভিকহু,
পৃথিৱীত থৈ যাব শোক ।
বোপাই মোৰ লুইত ঐ ! সমৰি লোৱা মোক,
কোলাত থান এফেৰি দিয়াঁ ,
ৰতনী হেৰাল মোৰ, সকলো পৰিল ওৰ,
আৰু মোৰ একো নাইকিয়া ।
(নৈত পৰা শব্দ)
[১৯৩৪ শক, মাঘ , হাওড়া ]
ৰতনীৰ বেজাৰ
পাঁচ দিনৰ মুৰত গধূলি ধনবৰৰ মৃত্যুৰ বাতৰি ধনশিৰিৰ মুখত ওলালগৈ । এই বাতৰি ৰতনীৰ বুকুত শেল সোমোৱাদি সোমাল । সেইদিনা ৰাতি ৰতনীয়ে শোৱাপাটীত চট্ফটাই থাকি, তিনি পৰমান ৰাতি যোৱাত উঠি ঘৰৰ পৰা বহিৰলৈ ওলাই গৈ চোতালৰ আগৰ বৰগছ এজোপাৰ তলত বহি এইদৰে বিনাই কন্দিছিল । কৃষ্ণ পক্ষ । নৱমী তিথি । খীণ জোনে আকাশত খীন পোহৰ দিছিল । জোনটোৰ অলপ আঁতৰতে অকলশৰীয়াকৈ জ্বলি থকা তৰা এটি আছিল । সেই তৰাটিলৈ চাই ৰতনীয়ে এইদৰে বিনাইছিল :
পুৰি গ'ল বৃন্দাবন
উৰি গ'ল ছাই,
হে উৰি গ'ল ছাই !
ৰতনী ধনাই আৰু
এই পৃথিৱীত নাই ,
হে এই পৃথিৱীত নাই !!
বুজিও মই নুবুজিলো
কুটুমৰে চিত,
হে কুটুমৰে চিত
ৰখিও মই নাৰাখিলোঁ
দুখীয়াৰ বিত,
হে দুখীয়াৰ বিত ।।
ভৈয়াইক মোৰ আলাসৰ,
চিনিও নিচিনিলোঁ
হে চিনিও নিচিনিলোঁ
ডিঙিৰ সোণমণিটিক
এচাৰি ভাঙিলো,
হে এচাৰি ভাঙিলো ।।
আটোমটোকাৰি বান্ধৈৰ
নাপালো আঁটকাল ,
হে নাপালোঁ আঁটকাল ।
সাফিৰ লেলেতীয়া বিষ
ৰ'ল চিৰকাল,
হে ৰ'ল চিৰকাল ।।
মৰিগৈ সোণ সৌ
তৰা এটি হ'ল,
হে তৰা এটি হ'ল ।
টুপি টুপি চকুৰ লোৰে
মোলৈ চাই ৰ'ল,
হে মোলৈ চাই ৰ'ল ।
সোণৰ শিকলিডালি
চকুৰ লোৰে গোথাঁ
হে চকুৰ লোৰে গোথাঁ ।
মোলৈ পেলাই দিয়া ধন !
ৰাখা মোৰ কথা,
হে ৰাখা মোৰ কথা ।।
সিমূৰৰ পৰা টানি
ৰতনীকো নিয়া ,
হে ৰতনীকো নিয়া ।
কি আছে পৃথিৱীত
আৰু, তুমি নাইকিয়া,
হে তুমি নাইকিয়া,
ধনাইৰে ৰতনী যাব
চকুৰে লোতে উঠি,
হে চকুৰ লোতে উঠি ।
পৃথিৱীত থ'ব শোক,
টানি ধৰা মুঠি,
হে টানি ধৰা মুঠি ।।
ধনাইৰ চকুৰ পানী হেৰ
কপৌফুল হ'ল এ,
কপৌফুল হ'ল এ।
সন্তাপৰ কথাখিনি
মুৰ লৰাই ক'লে,
হে মুৰ লৰাই ক'লে ।।
টোপনিৰ পৰা উঠি
পখীটিয়ে মাতে,
হে পখীটিয়ে মাতে ।
"উঠ ৰতনী উঠ !" বুলি
বপুৰীয়ে খাটে,
হে বপুৰীয়ে খাটে ।।
কেনেকৈ লগ পাম
সৰগৰে তৰা,
হে সৰগৰে তৰা ।
পখী হেৰ বুধি দে,
কি কৰোঁ ক'বা,
হে কি কৰোঁ ক'বা ।।
বেজাৰত জোনবাই
শুকাই -খীণাই গ'ল ।
হে শুকাই - খীণাই গ'ল ।
কাৰনো বেজাৰ পাই,
তোৰ কিনো হ'ল ?
হে তোৰ কিনো হ'ল ?
বুকুৰে সৰ্বহ মোৰ
ধনবৰে নিলে
হে ধনবৰে নিলে ।
সেইটোহে বেজাৰে মোক
খুলি খুলি খালে,
হে খুলি খুলি খালে ।।
গছৰ আগত লৰে হেৰ
চিকিমিকি পাত,
হেৰ চিকিমিকি পাত ।
কোনে শাঁত কৰে মোক
এবাৰ লগাই মাত,
হেৰ এবাৰ লগাই মাত ।
আন দিনা নিয়তীয়ে
"নিও" "নিও " কৰে,
হে "নিও" "নিও" কৰে ।
অজি জানো ধনাইৰ শোকত
তাইৰো মাত হৰে
হে তাইৰো মাত হৰে ।।
সৰগত ধনবৰ
পৃথিবীত মই,
হে পৃথিৱীত মই !
দুটি প্ৰাণী এটি কৰা,
পুইণ কাম হয়,
হে পুইণ কাম হয় ।।
"নিও" "নিও" সদায় কৰ,
আজি নে মোক,
হে আজি নে মোক ।
মোক নি ধনাইক দে,
কুশল তোৰ হোক ।
হে কুশল তোৰ হোক ।।
ফুৰ্ফুৰীয়া বা ! তই
শুন মোৰ কথা,
হে শুন মোৰ কথা, -
ধনাইক কগৈ ৰতনীয়ে
বৰকৈ পাইছে ব্যথা,
হে বৰকৈ পাইছে ব্যথা ।।
নিয়ৰ -
এনেতে ৰতনীৰ মাকৰ কাণত হঠাৎ এবাৰ ৰতনীৰ এই বিননি পৰিলত, মাকে শোৱাপাটীৰ পৰা উঠি বাহিৰলৈ আহি, ৰতনীৰ হাতত ধৰি তাইক টানি ভিতৰলৈ লৈ গৈ পাটিত শুৱাই দিলে ।
[১৮৩৪ শক মাঘ, হাওড়া ]
পকা চুলি
(গীত)
আৰে পকা চুলি মোৰ !
পক ধৰিছে চুলিত,
তালৈ চকু কিয় তোৰ ?
আৰে পকা চুলি মোৰ ।
চুবুৰীয়া ল'ৰা-বুঢ়া
সকলো মোৰ মনত জোৰা,
হঁহা ল'ৰা , কন্দা বুঢ়া,
সকলো কুটুম মোৰ ।
বাহিৰত মোৰ পকে চুলি,
ভিতৰত বাজে মৌ-সুতুলি,
ল'ৰাৰ কিৰীলি খলকত
মোৰ ৰঙৰ নাই ওৰ ।
বুঢ়া বেলিত উষাৰ পোহৰ,
বুঢ়া বিৰিখিত বা বসন্তৰ,
বুঢ়া আমত কুঁহিপাত
লৰে জুৰ্ জুৰ্ ।
ৰূপৰ বঠা, সোণৰ নাও
টুল্ বুল্ টুল বাই যাওঁ,
কলীয়া পানীত ৰুপালী ৰহণ
মোৰ মনৰ চোৰ ।
যমুনাৰ জলত উঠে লহৰ,
ৰাজহাঁহজাকে কৰে পোহৰ
অমল ধৱল তৰল কোমল
হাঁহিত বিভোৰ ।
আন্ধাৰ-পোহৰ যুঁজে বৰ,
শেষত জয় পোহৰৰ,
আন্ধাৰ ৰাতি ফুলে সেউতী
গোন্ধত ফুৰ ফুৰ ।
অপেশ্বৰী আনন্দ কৰে,
সাঁতোৰ দি পানীত ফুৰে,
ক'লা মূৰত হীৰাৰ মুকুট
জ্বলে তিৰবিৰ ।
কানুৰ কোলাত ৰাধা গৌৰী,
নীলা আকাশত বগৰ শাৰী,
ভোমোৰাৰ শুঙত ফুলৰ ৰেণু
সুন্দৰ, সুন্দৰ ।
পকক চুলি, পকক মূৰ,
ৰসত হওক ভৰপূৰ,
ধলত দেশ বুৰোঁ বুৰোঁ
সকলো একাকাৰ ।
আৰে পকা চুলি মোৰ !
[১৮৩৪ শক, ফগুন, হাওড়া ]
মহাপ্ৰয়াণৰ যাত্ৰী
(গীত)
১
মহপ্ৰয়ানৰ যাত্ৰী হেৰা
মই মহাপ্ৰয়াণৰ যাত্ৰী,
লগত মাথোঁ সমল মোৰ
ভকতিৰ জোলোঙা এটি ।
২
জ্ঞান জ্ঞান কৰি ফুৰি
গোৱাঁলো জীৱন ঘূৰি ঘূৰি,
জ্ঞানৰ নাপালোঁ উৱাদিহ,
গোটালোঁ খোলাকটি
৩
সংকটময় বাটত মোৰ
শতৰু সকলোবোৰ,
লগৰীয়া কোনো নাই,
পৰিছোঁ খাই উজুটি ।
৪
ধৰ্মৰ নাগপাশ জৰী,
কোনে কৰে তুৰিমুৰি?
যত আঁটে তত যায়
দূৰ হৈ মুকুতি ।
৫
ভকতি সমল কৰি,
কোন আঁছা ক'ত পৰি ?
আহা যাওঁ লগ ধৰি
স্বামীয়ে পঠাইছে মাতি ।
৬
ভকতৰ পদৰ ধূলি
মূৰত লৈ বাট বুলি,
প্ৰভুৰ সিংহাসনৰ তলত
আহা পৰোঁগৈ লুটি ।
৭
আসন তলৰ ধূলিত পৰি,
ভকতিৰ জোলোঙা উবুৰি কৰি,
কটাওঁ মই অনন্ত কাল,
মনৰ হবিলাষ এইটি ।
মই মহপ্ৰয়াণৰ যাত্ৰী
[১৮৩৫ শক, ব'হাগ, হাওড়া]
থুপিতৰা
মৰণ
আহক মৰণ ভয় নকৰোঁ সমূলি
কিন্তু হওক তেও, যি জনে এই নিঃকিনক,-
"বপুৰা বেচেৰা! ৰুইছিল এজুপি অশোক,
ফুলি যাৰ ফুল, আমোদিছে অসম সদায় ।"
ভদ্ৰতা
ভদ্ৰ হোৱাঁ, ভদ্ৰ হোৱাঁ, ভদ্ৰ হোৱাঁ ভাই !
আনৰো ভদ্ৰতা সি আনিব জগাই ।
কৰ্ম
কাম কৰাঁ মন-প্ৰাণ ঢালি
সুফল আজি বা নতু কালি ।
কৰ্মৰ আত্মা-প্ৰতিপাদন
মূহুৰ্তকো ব্যয় নকৰিবা
নিজ কৰ্যগুন ব্যখ্যা কৰি
কাৰ্যে নিজে প্ৰকাশ কৰিব,
নোৱাৰিবা তুমিতো চিয়ঁৰি ।
এলাহৰ দৰব
জীৱনক ধেমালি নেভাবি
কৰি যোৱা প্ৰাণটাকি বন,
বাখানক যেয়ে যিহোক কৈ,
ই জীৱন নহয় সপোন ।
সকলো যে কামত মগন,
দিনে-ৰাতি শাতি-শুৰ্তি নাই,
এলাহ সাৱটি থাকাজন
পলে পলে ৰসতলে যায় ।
সংগ্ৰাম
কোৱা সচাঁকৈয়ে বাৰু হে'ৰা বিচক্ষণ !
সংগ্ৰামবিহীন প্ৰাণ কিহৰ কাৰনে ?
জনমৰে পৰা চোৱা মৃত্যু পৰিমিত
সাধুজনে যুঁজ কৰাঁ বিধিৰ বিহিত ।
তেন্তে কিয় পাছ ভৰি , নকৰি সংগ্ৰাম ?
সংগ্ৰাম আৰাম হেৰা ! সংৰাম আৰাম !
সোণৰ শিকলি
মাহ-পখ সোণৰ শিকলি
ইশ্বৰৰ দান,
দণ্ড পল একোটা আঙঠি,
পায়গৈ বৈকুণ্ঠৰ থান ।
শিকলি যে ছিগি যাব চাবা,
যাত্ৰা শেষ নৌহওঁতেই,
সাৱধানে বাট বুলি যাবা
শুচি আৰু সংগ্ৰাম হৈ ।
সৰু আৰু বৰ
কামৰেইহে উন্নত আসন,
ওখ আৰু ভেদ বিনাশন ।
পাচি সজা, কামি চঁচা, টঙাল তুলুৱা,
সম্মানৰ কাম , নীহ মাথোঁ এলেহুৱা ।
আত্মসমৰ্পন
শুনা মোৰ কোনো চিন্তা নাই,
চিন্তাৰ গৰাকীক চিন্তাৰ ভাৰ দিছোঁ ভাই !
তুমি মৰা অপোন চিন্তাত,
মোৰ চিন্তা অচিন্ত্যৰ গাত ।
তোমাৰ কাম
সৌ যে চুকমণি আছে তোমালৈ পৰি,
উন্নতিৰ ঠাই, হে'ৰা যোৱা কাচিপাৰি ।
অজ্ঞান এন্ধাৰে ঢকা গুটিদেক লোক
আছে তাত জ্ঞান দিয়া, জন্ম সাম্ফ লোক ।
সুখী কৰা দুখিতাক, আশীৰ্বাদ লোৱা,
ঈশৱৰৰ থানলৈ আগবাঢ়ি যোৱা ।
কৃতিত্ব
আত্মমান, আত্মজ্ঞান, আপোন দমন,
এই তিনি উন্নতিৰ সুঁতি,
নাই ভয় কৰি যোৱা কাম,
সংসাৰত হ'বা তুমি কৃতী ।
উচ্চ আশা
পৰ উপকাৰ হওক জীৱনৰ ব্ৰত
পৰসেৱা হওক মোৰ কাম,
পৰৰ মৰম আৰু আশীৰ্বাদ লৈ,
যেন মোৰ শৰীৰ পেলাম ।
বৰ্তমান আৰু ভবিষ্যৎ
ৰোৱা, ৰোৱা, বাট চোৱা - এতিয়াৰ কাম
পকা দোৱা, সাঁচি থোৱা, খোৱা, গোৱা গান ।
মোৰ জীৱন
ধন্যবাদ ঈশ্বৰত দিওঁ -
জীৱন নহয় মিহি মোৰ,
সংসাৰৰ ঠেলা, হেঁচা টেপা
খাই আছোঁ দিনৌ দুৰ্ঘোৰ ।
এশ এটা শোকৰ তাপত,
এশ এটা নিৰাশাত হওক
মোৰ মনুষ্যত্ব বিকশিত,
উজু প্ৰাণ হিয়াহীন কি যে ভয়ানক
এধা-মৰা এধা-জীয়া প্ৰভু নিদিয়ক ।
উন্নতিৰ সঁচাৰকাঠি
জীৱনৰ বহুদৰ্শিতাবই দিছে মোক সুবুদ্ধি পৰম,
বৰ হোৱা বুধিৰ কিটিপ মাথোঁ জানো, অদম্য উদ্যম
খামি পুতি সংকল্প কৰি, মৃত্যু নতু বিজয়সাধন,
এই কথা সৰোগত কৰি লভোঁ তুমি বিজয় ৰতন ।
উন্নতিৰ জখলা
উন্নতিৰ জখলাত তেওঁ
এনেই উঠিছে নাভাবিবা ,
টোপনিত থাকোঁতেই তুমি
তেওঁ কাম কৰিছে জানিবা ।
লক্ষ্য
থিৰ কৰাঁ উদ্দেশ্য তোমাৰ
লক্ষ্যভ্ৰষ্ট যতন বিফল,
সৰ্বপ্ৰান সৰ্বমন সঁপি
কাম কৰাঁ , গাত পাবা বল ।
কাল্পনিক আদৰ্শ
মনে গঢ়া আদৰ্শ নোপোৱা,
পৃথিৱীত যিমান বিচাৰা,
যদি তুমি আদৰ্শৰ অনুৰুপ
কৰি নিজক নগঢ়া ।
চকু
চকু লাগে নিজ কাম চিনি ল'বলৈ
সৰু কাম ? - হানি কিবা তাত ?
ঈশ্বৰৰ দত্ত সেয়ে, ভাবি লৈ তুমি
এহাশুধীয়াকৈ জিয়া হাত ।
প্ৰকৃত জীৱন
জ্ঞানীয়ে প্ৰমান কৰে, মুৰ্খই স্বীকাৰ,
নিজ আচৰণ ব্যৱহাৰ,
কৰ্মশীল জীৱনেই প্ৰকৃত জীৱন;
অন্যৰূপ জীৱন ধিক্কাৰ ।
সুখবোধ
কাৰেঙৰ ৰজা আৰু জুপুৰিৰ প্ৰজা
কোনেও নুবুজে কিনো সুখ,
মুৰৰ ঘাম ভৰিত পেলাই,
যদি তেওঁ নাই কৰা দুখ ।
সুখীয়া আৰু দুখীয়া
সুখী মই, - কামৰ অধীন
দুখী মই, - বক্তা কৰ্মহীন ।
কামৰ সমাপতি
ই জীৱনে কামৰ যে সমাপতি নাই,
আৰম্ভন, দৃষ্টান্তৰ মাথোঁ ঠাই ।
সময় পলায়
কাম কৰাঁ, কাম কৰাঁ, সময় পলায়;
মৰিব সকলো; জীৱ যি নডৰায় ।
ভাগৰ
ভাগৰা কামত কেতিয়াবা,
নিষ্কৰ্মা ভাগৰে ৰাত্ৰি-দিবা ।
কোনটো উজু
ভাল কৰা উজু কাম
বেয়া কৰা টান,
ভাল কৰা সাধ্য
বেয়া অসাধ্য-সাধন ।
নিয়মৰ বান্ধোন
জোন, বেলি, আকাশৰ তৰা
পোহৰায় নিয়মত ধৰা,
কৰ্তব্যক সেইদৰে তুমি
নিয়মিত কৰিবলৈ ধৰা ।
মান - অপমান
সৰু কাম ঘিণ কৰা তুমি ?
বৰলৈ তোমাৰ হেঁপাহ ?
একো নকৰাহে অপমান
সৰু-বৰ মনৰ বিকাশ ।
এতিয়াই
নথাকিবা চাই কৰিম কৰিম বুলি কাম
এই মুহুৰ্ততে লাগি যোঁৱা,
কৰিব পাৰিম বুলি যি ভাবিছা তুমি
কৰা যদি সাহিয়াল হোৱা ।
এতিয়াই লাগি যোৱা, মনে বল পাব
উছাহত সকলো সিজিব,
অসাধ্য সাধন যেনে বাজীকৰ কৰে,
"সাহে সিধি, আৰ্জে নিধি" হ'ব ।
উদগনি
দিন যায়, উঠা সাজিপাৰি
সপোনত নিনিবা সময়,
আনে চোৱা যুঁজিছে যতনে
তুমি কিয় কাল কৰা ক্ষয় ?
ৰনুৱাৰ শাৰীত তোমাৰ
ঠাইকণি নেদেখা নে মিতা ?
সকলোৰে শক্তি অনুসাৰে
যুঁজিবলৈ আছে কিনো চিতা ?
ভুত আৰু ভবিষ্যৎ মিছা,
বৰ্তমানে মাতিছে তোমাক,
"হ'ল ", "হ'ব", নকৰি ভাবনা,
"হৈছে'"ত পেলোৱা আপোনাক ।
মুখ্য লক্ষ
জীৱনৰ মুখ্য লক্ষ্য কাম
শকতিৰ সম্পুৰ্ন বিকাশ,
ঈশ্বৰৰ সুনিৰ্দিষ্ট মানুহৰ কাম,
তাত কৰা বাস ।
কৰ তাক ঈশ্বৰত কৰি সমৰ্পণ
নিজ, পৰ অৰ্থে,
আচৰিত আনন্দৰ মিলি যাব ৰোল
সন্তোষৰ সৈতে ।
কৰ্ম জীৱন
কামত মগন জন জীৱন সফল
কামত জীৱন আগুৱায়,
কামে ঠেলি নিয়ে জানা উন্নতিৰ বাট
তাৰ আৰু কোনো চিন্তা নাই ।
স্বধৰ্ম
য'ত আছা, যি কৰিছা, কৰা ভালকৈ
স্বধৰ্মে নিধন শ্ৰেষ্ঠ , পৰধৰ্ম ভয়াবহ হয় ।
স্বভাৱৰ দান
সুশোভন সুখ ঠাই, স্বভাৱৰ দান,
বিজয় চুড়াৰে সুমণ্ডিত,
সাহিয়াল সজ লোকে মাথোঁ পায় তাক
জানিবা নিশ্চিত ।
অন্ধকাৰ অকল্যান শূন্য তমোময়,
স্বভাৱৰ বিৰোধপন্থীৰ মাথো হয় ।
নিমাতী কন্যা
ৰতনপুৰৰ এজন ৰজাৰ আছিল একেটি কইনা,
ৰুপহী জীয়ৰী ঘৰ আলো কৰি, নামটি নিমাতী কইনা ।
ওপজাৰে পৰা কথা ফুটা নাই, ফুটিছে মাথোন হাঁহি,
পোহৰ সদায়, ৰোহ-ঠেহ নাই, যেন কেতেকীৰ পাহি ।
বুধিৰ সেউতি জ্ঞানৰ দীপিতি দুচকু আবৰি আছে,
ভাবত অমিয়া, ৰূপত লৱণু চাৰিফালে বিৰিঙিছে ।
বোবা কোনে বোলে ? চিন নাই তাৰ, প্ৰতি অংগতে মাত,
বাপেক মাকৰ মনত অসুখ, একেটি মাথোন জী,
কিয়নো নামাতে কিনো কপাল হল'! কতনো কৰিব কি ?
বেজ-গিয়ানীৰ যতন বিফল, ৰজা-ৰাণী বিকলীয়া,
পূজা-সেৱা, দান-দক্ষিনা বিফল বেজাৰে দহে যে হিয়া ।
(২)
পুৰিল যৌৱন, নিমতাৰী ৰূপত ভৰি পোহৰিল ঘৰ,
ৰজা-ৰাণী দুইৰো ভাবনা চৰিল-ক'ত পাওঁ এটি বৰ ?
দেশ-বিদেশলৈ বাতৰি পঠালে, নিমাতী কন্যাক দিব,
ডেকা যিজনাই নিমাতী মইনাক মতাই দিব পাৰিব ।
কন্যাৰ লোভত ৰজাৰ কোঁৱৰ ভোমোৰাজাক যেন হ'ল,
নানা বুধি কৰি মাত উলিয়াবৰ চেষ্টা কৰি হাৰি গ'ল ।
সকলো হুৰিল, ৰজাই আমনি, কন্যাই অমনি পালে,
ঢোল পিটি ৰজাই আকৌ শুনাই দিলে,-
নোৱাৰাক পঠাব শালে ।
যেনে আহিছিল তেনেই ভাগিল, ৰজাৰ কোঁৱৰজাক,
তাতো সাহ কৰি আহে হৰে যি, পঠায় পোতশালে তাক ।
(৩)
কমতাপুৰৰ কোঁৱৰ এজন, আলসুৱা তেওঁৰ নাম,
ওৰে দিনে-ৰাতি বীণ বায়, নিশিকে ৰজাৰ কাম ।
বাপেক হুৰিল, মন্ত্ৰীও হুৰিল,, হুৰিল পঢ়াওঁতাজন,
বীণ বাই মাথঁ সময় কটায়, নিদিয়ে একোতে মন ।
বলিয়াৰ দৰে বীণখনি বায়, নকয় সৰহ কথা,
জীৱনৰ উদ্দেশ্য, সৃষ্টিৰ সম্ভেদ, বীণতহে যেন গোথা ।
এৰিলে ৰজাই আশা কোঁৱৰৰ, পাত্ৰমন্ত্ৰী আশা এইলে
পানী একেচুল দি থৈ মাকে, মাজুত আশা পাতিলে ।
কোঁৱৰৰ সন্তোষ - জঞ্জাল গুচিল; দুগুণ উছাহ কৰি,
বাই ফুৰে বীণ, হিয়া তাতে লীন, সকলো গ'ল পাহৰি ।
(৪)
কোৱা-চিলাৰ মুখে শুনিলো বাতৰি, নিমাতীৰ বাপেকৰ পণ;
কোনে জানে কিয়, কমতা কোঁৱৰৰ যাবৰ হ'ল তালৈ মন ।
বীণখন্নি মাত্ৰ লগৰ লগৰী, কোঁৱৰ ওলালগৈ তাত,
নমস্কাৰ কৰি ৰজাক জনালে "মই উলিয়াম মাত ।
হে কৃপামণি! এই বীণখনি, লাওখোলা আৰু কাঠ,
শুকান ছালেৰে সাজি ললোঁ মই, মাতিছে অমিয়া মাত ।
আপোনাৰ জীয়ৰী অতুল সুন্দৰী, তেজ-মঙহৰে গঢ়া,
মাত উলিয়াটো টান কাম নহয়, নাই কোৱা কথা বঢ়া ।"
(৫)
মূৰৰ পৰা ভৰি সকলো চাই ল'লে কোঁৱৰক নৃপমণি,
চেনেহ ৰসত হিয়া পমি গ'ল, চকুত ওলাল পানী ।
ভাবিলে কিনো সুলক্ষনী ল'ৰা, দেখিলে চকু জুৰায়,
নোৱাৰিলে মাত উলিয়াব জীৰ, মিলিব বৰ অপায় ।
"নেলাগে বাপা মোৰ, এনে সাহ কৰিব, উভতি ঘৰলৈ যোৱা ,
প্ৰতিজ্ঞা বৰকৈ কৰা আছে মোৰ, নোৱাৰিলে দুখ পোৱা ।
থাওক মোৰ ছোৱালী, নেলাগে মাতিব, তোমাক নিদিওঁ দুখ,
নুশুনো শব্দ, তাইৰ মাত নুশুনো, চকুৰেই লভিম সুখ ।"
(৬)
কমতাকোঁৱৰে প্ৰণামি বুলিলে, - নিৰাশ নকৰিব মোক,
পৰীখোঁ কপাল বুলি আহিছিলোঁ, দিয়ক, নিদিব শোক ।"
নিৰুপায় নৃপে অনুমতি দিলে, কন্যাক অনালে মাতি,
দেখিয়ে কোঁৱৰে আঙুলি লগালে বীণখন কৰি কাতি ।
সৰেং গান্ধাৰ, কামদ ৰাগিনী অমৃত বৰষি গ'ল,
নিমাতী কইনাৰ হৃদয় বুৰিল, সকলো তম্ভিত হ'ল ।
কোঁৱৰৰ ডিঙিত ওলমি মইনাই মাতিলে "প্ৰাণপ্ৰিয় !"
ৰজা উঠি আহি দুইকো আঁকোৱালি, শুঙিলে দুইৰো মূৰ,
কন্যা দান কৰি বীণকোঁৱৰক ৰঙত মজিল পূৰ ।
[১৮৩৫ শক, শাওণ, হাওড়া ]
তিলকা
ৰেণুকা
ঈশ্বৰ আৰু ভকত
বৈকুণ্ঠৰ পৰা হৰিয়ে সুধিলে
"কোন কোন আহিবৰ হ'ল ?"
নাম - লোৱা ভকতে সাদৰি বুলিলে ¬
"নামতে গৈ আছোঁ তল ।"
বৈকুণ্ঠৰ পৰা গোসাঁয়ে মাতিলে ¬
"আহাঁ হে ভকতসকল !"
নাম - লোৱা ভকতে লাহেকৈ বুলিলে
"ভকতিত পাই লওঁ বল ।"
প্ৰভুয়ে মাতিলে, "বাপু মোৰ ভকতহে
প্ৰসাদ লবৰে হ'ল ।"
ভকতে বুলিলে "প্ৰভু বাসুদেউ !
নামতে ভোক পিয়াহ গ'ল ।"
নাৰদক মাতিলে, উদ্ধৱক মাতিলে,
বিদুৰক প্ৰভু মতিছে,
নাৰদে - বিদুৰে - উদ্ধৱে বুলিলে¬
"যাম প্ৰসংগৰ পিছে । "
"মৰতত ভকত, বৈকুণ্ঠত মুকুত,
ল'ৰি আতৈসকল আহাঁ ।"
নেযাৱেঁ নেযাৱেঁ প্ৰভু মোৰ গোবিন্দাই !
মুকুতিৰ নকৰোঁ বেহা ।
নাহাঁহে যদি, মই যাবকেই লাগিল,
লগলৈ তোমলোকৰ,
ভকতক এৰি থাকিব নোৱাৰোঁ,
পলকেই এশ বছৰ ।"
এক অন্যন্য প্ৰয়াস,
ReplyDeleteThanks JAAKRIN...
ReplyDelete