সম্ৰাটৰ পৰা
মই জানো মই ক্লীৱ
যদিও বা প্ৰাণকীট আশু অঙ্কুৰিত মোৰ
ৰমণীৰ ফলদা কুক্ষিত । মই জানো মই ক্লীৱ ,
যদ্যপি শক্তিৰ স্ফুৰ্তি অযুত কৰীৰ, তথাপি সি
অন্ধ শক্তি , বিলম্বিত ন্যায় দণ্ড পৰে যেন
ভ্ৰান্ত তস্কৰত ।
মই জানো মই ক্লীৱ । কাৰণ ন্যায়ৰ সুত্ৰ প্ৰতিশাখ্য ।
অভিজ্ঞতা ভিত্তি মথোঁ মোৰ ; কল্পনাৰ উন্মুক্ত পৱনে
নোতোলে লহৰ তাত পৌৰুষ অথবা নাৰীত্বৰ ।
মই জানো মই ক্লীৱ । যেহেতু অপৰিমেয়
শক্তি মোৰ নিৰ্বিকাৰে সহ্য কৰিবৰ বাবে
সাধাৰন মানুষী ভ্ৰান্তিৰ আক্ৰমণ ।
মই ক্লীব কল্পনাবিহীন অভিজ্ঞতা,
আৰু তাৰ
অমোঘ নিবিড় অন্ধকাৰ ।
বসন্তৰ হ'ল শেষ । জোঁট লগা পলাশ ডালত
শেষ হ'ল শাৰিকাৰ ছটুল কাকলি ।
শালৰ সুৱাস-ৰিক্ত বতাহত স্বেদৰ ইঙ্গিত ।
দিনৰ ঘৰ্মাক্ত চিন্তা সন্ধিয়াই শীতল কৰেহি ।
কাণে কাণে বই যায় পূবালী বতাহ
বৰ্ষাৰ সঙ্কেত লই । মই ভাবোঁ, মইযে সম্ৰাট,
যদিওবা ৰাজ্য মোৰ নিৰ্বিকাৰ মানচিত্ৰ ।
বিধবাৰ সীমন্তৰে অঁকা । মোৰ সৈন্য
প্ৰান্তৰৰ শিলৰ চেপাত সৌৱা গজি আছে
দীঘলীয়া ঘাঁহ । মই পিতা ,
যদিওবা মোৰ পুত্ৰ হঠাৎ চকুত আহি পৰা উৰণীয়া চিতাৰ কুকুহা ।
এটোপা অশ্ৰুৰ কণা ওলাই আহিব খুজি
ৰৈ যায়, হে সঞ্জয়,
শোণিতত আনি দিয়ে বিষাক্ত মাদক প্ৰতিক্ৰিয়া
-নিৰন্ধ্ৰ চকুত নাই পোহৰৰ পথ !
তথাপি সম্ৰাট মই, পিতা মই ।
যদিওবা ক্লীৱ মই হতাশ্বাস আত্মকীৰ্তি ধ্বংসৰ দৰ্শক
সম্ৰাটৰ সিংহাসন শোভা কৰা নিৰ্ব্বিকাৰ অলঙ্কাৰ
পিতৃত্বৰ হেজাৰ ভ্ৰান্তিৰ । পিতৃত্বৰ আশীৰ্ব্বাদ
সম্ৰাটৰ অভিজ্ঞান-যুক্ত এক দান-পত্ৰ কিয়নো নহ'ল ?
পিতাৰ উৎকণ্ঠা আৰু মোহ উদ্বেগেৰে মই
শুক্ৰনীতি ৰচিলোঁ নিৰ্ভয়ে । সাম্ৰাজ্যৰ চক্ৰজালে
আনহাতে পিতৃত্বক কৰিলে বঞ্চনা ।
প্ৰজাৰ নহ'লোঁ পিতা, হ'লোঁ সন্তানৰ
সম্ৰাটৰ আসনৰ পৰা ।
যেতিয়া চৰম ক্ষণ আহিছিল সম্ৰাটৰ
পিতৃত্বৰ, নৈতিক গৌৰৱ-অৰ্জনৰ,
তেতিয়া সম্ৰাটে আহি ৰোধিলে পিতাৰ কণ্ঠ
ক'লে কাণে কাণে - ৰাষ্ট্ৰৰ শ্লীলতা নাই,
ৰাষ্ট্ৰৰ সৌজন্য এক দুৰ্ব্বলতা । ৰাষ্ট্ৰ ক্লীৱ । নাৰীৰ নগ্নতা স'তে
শস্যহীন প্ৰান্তৰৰ নগ্নতাৰ অকণো প্ৰভেদ নাই ।
ৰাষ্ট্ৰ পিতা, কন্যাৰ নগ্নতা - পিতাৰ সহজ অভিজ্ঞতা ।
মানুহৰ গ্লানি যত - ক্লীৱতাৰ তাতে মৰ্য্যাদা ।
নীতিৰ নামত মই বিশ্বাসেৰে খেলিলোঁ হেতালি
সকলোটি হ'ল খেলিমেলি
কোন সত্য ? নীতিৰ ক্লীৱতা নতু হৃদয়ৰ পৰম নিৰ্ভৰ ?
আজি মোৰ অন্ধ দুচকুত নামিছে নতুন অভিজ্ঞতা ।
হে সঞ্জয়, আজি মই জানো, স্বপ্ন কিনো ।
স্বপ্নই সানিলে আহি কল্পনাৰ তুলসী চন্দন
অন্ধ অভিজ্ঞতাশিলা হ'ল শালগ্ৰাম ।
স্বপ্নই দিলেহি দৃষ্টি জীৱনত আলোক বঞ্চিত এই
জৰদ্গৱ অন্ধ সম্ৰাটক ...
No comments:
Post a Comment