Poems of Hiren Bhattacharya - হিৰেন ভট্টাচাৰ্যৰ কবিতা - ৪


মৌ-মাখিজাক


[এটা নতুন গানৰ আনন্দত]


মৌ-মাখিজাক গুণ্‌গুণ্‌কৈ

উৰি আহে মোৰ বুকুলৈ;

মই কান পাতি শুনো

সিঁহতৰ পাখিৰ পাতল শব্দ |

সিৰাই-সিৰাই

অনুভৱ কৰোঁ হিম-ভৰা হেমন্ত |

ক্ৰমে, মোৰ তেজত

এটা নতুন গানৰ দৰে

বিয়পি পৰে মৌ-মাখিজাকৰ

গুন্‌গুণ্‌ শব্দ … … |




মোৰ আইৰ দুচকু



[বিষ্ণু ৰাভাৰ বিয়োগত]



চকুৰ পানীৰে

ভৰি উঠে মোৰ আইৰ দুচকু |



এতিয়া কি সতে

মই ঘৰলৈ ওভতোঁ ?



হৃদয়ৰ গভীৰত শুনো

এটি কৰুণ সুৰ;

দিঠকত দেখোঁ : মোৰ আইৰ দুচকু

চকুলোৰে ভৰপুৰ |



এতিয়া কি সতে

মই ঘৰলৈ ওভতোঁ ?



তোমাৰ সেই গৰ্বিত বুকু

ৰঙা পতাকাৰে ঢাকি থ’লো |

সাগৰ-স্পন্দিত দেহ

কান্ধত তুলি ল’লো



এতিয়া কি সতে

মই ঘৰলৈ ওভতোঁ ?





ফাগুনৰ গান



[১]



শুকান বতাহজাকে

পাতবোৰ উৰুৱাই নিয়ে |

ৰাংঢালি চৰাইবোৰে গছৰ ডালত পৰি নাচে,

জুনুকাৰ জুন্‌জুননিত

সাৰ পায় কুঁহিপাতে |



[২]



শিমুলৰ সৌ ৰঙাপাহিত

তুমি আহি মাৰিলা হাঁহি |

হাঁহি নে বাঁহীৰ খল্‌খলনিত

উৰি গুচি গ’ল এজোলা তুলা,

দুপৰৰ এই বননিত

তুমি বাৰু কেলেই এনেকে শুলা ?



[৩]



ফাগুনে মায়া জানে

ৰাতি হ’লে শুকান ডালে ডালে

জোন জ্বলি উঠে |

হিয়া ভাঙি অমাতৰ মাত মাতে

কৰুন কেতেকীয়ে |



[৪]

ফাগুনে কিনো দিলে কিনো নিলে

মোৰ প্ৰেমৰ জোন

তোমাৰ ডিঙিত দেখোন

ৰাতি হ’লে গান শুনাৰ চলে জিল্‌মিলাই জ্বলে |





তেজৰ আখৰেৰে  



“ইমান অলপতে বিচলিত হ’লে

তোমাৰ বাৰু কেনেকৈ চলে ?”

শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে |



কবি মই নাছিলো কোনোকালে

ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ

সত্যক সহজে ল’বলৈ শিকালে |



কবি মই নাছিলো কোনোকালে |





প্ৰেমৰ পিঞ্জৰ   



মই

এক আচৰিত

প্ৰেমৰ পিঞ্জৰত

বন্দী |



মোৰ

দুৱাৰত অদূৰত

তুমি !


যেন সোনালী শস্যভুমি |


মই প্ৰেমৰ পিঞ্জৰত বন্দী … …



মোৰ দেশ আৰু আনুষংগিক    



বন্দুকৰ অনল

অথবা, চকুপানীৰে সৰে

ৰোষৰ আঙুৰ থোকে-থোকে |



মোৰ হিম-শীতল

কলিজা কামুৰি ধৰে

আত্মীয়তাৰ কঠিন শোকে |



ৰোষৰ তেজাল

আঙুৰ সৰে থোকে-থোকে |



প্ৰস্তাৱনা     





মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা |

কেতিয়বা ভাবোঁ খুন কৰোঁ, নাইবা

নিজেই নিহত হওঁ সিঁহতৰ হাতত | মোৰ

তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰনা |



যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক

মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ

অনিবাৰ্য ঝন্‌ঝননি | সমস্ত শক্তিৰে

ছিঙি পেলাওঁ হাতৰ শিকলি | সমুখৰ

শোভাযাত্ৰাত যোগ দিওঁ অথবা

নিশব্দে তুলি লওঁ ছহিদৰ দেহা |



মোৰ তেজৰ শিখাত

বাৰুদ ভৰা স্বপ্নৰ যন্ত্ৰণা |





ঘৰ-জেউতি    



এটি ৰূপালী হাঁহ

হৃদয় হ্ৰদত

লুকাই আছেহি

বাৰটি মাহ |


য’ত

হেঙুলী বেলিয়ে

দিয়েহি আবেলি লাহ |


ৰূপালী এটি হাঁহ |




পুনশ্চ     



প্ৰতিদিনেই মোৰ একো- একোটা মৃত্যু

হাতৰ ৰেখাত দীৰ্ঘ পৰমায়ু |

এনেকৈয়ে মই আছোঁ | সপোনৰ পৰীৰ

ভৰিৰ খোজ শুনি মনে-মনে ভাবো :

জীৱন যিমান সুন্দৰ হ’ব পাৰে সুন্দৰ তাতোকৈয়ো |

Watercolour random painting -001

Here is a watercolour painting done from imagination on 300 gsm watercolor paper with Sennelier watercolour.

Saturday Sketch 008 - Couple

Here is a pen and ink drawing with a light watercolor wash on photopaper.


Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ৩

ব্যৰ্থতা  

বিবৰ্ণ ৰাতিটো এনেদৰে
কোলাত লৈ সি বহি আছে
যেন সদ্যমৃত এটি
সন্তান |

ব্যৰ্থতাৰ আন নাম কি
মই নেজানো, হয়তো
এখন অনুজ্জ্বল
আকাশ |

কোনে জানে আকাশৰ
ত থূপ খাই থাকে
ইমান এন্ধাৰ !


এজোপা গোলাপ  

এন্ধাৰে-এন্ধাৰে
এটি জোনাকী
উৰি আহে
মোৰ বুকুত শুলে |

তোমাৰ কথা ভাবিলে
আকাশত নিৰলে
এটি তৰাফুল ফুলে |

মোৰ বুকুত,
এজোপা গোলাপ
কোনে ৰুলে ?
তেজত এটোপা আতৰ ঢালি
হৃদয় কোনে চুলে ?

তোমাৰ কথা ভাবিলে
অকলে-অকলে,
তৰাই-তৰাই কথা পাতে
গোলাপৰ পাহে-পাহে |
জোনাকীৰ জাক জ্বলে
মোৰ তেজৰ কোঁহে-কোঁহে |

মোৰ বুকুত
এজোপা গোলাপ কোনে ৰুলে ?


লখিমী

মোটমৰা ধানৰ ডাঙৰি
দাঙৰীয়াৰ চোতালতে থলো |
এতিয়া, মোক ঘৰলৈ যাবলৈ দিয়া ।
আইজনীৰ মাকৰ গাত লেঠা;
এইবেলি লৰা এটা হলে ভাল হয় বৰ |
জানাইতো খেইতিয়কৰ লৰাৰ
হাত বৰ চিধা |

মোৰ দেখোন আজিকালি
বৰ অলপতে হাত-ভৰি কঁপে |
বন্দুকতো দুৰৰ কথা
ধনুকাঁড়ো জুৰিব নোৱাৰোঁ ।

আইজনীৰ মাকৰ
ৰা এটা হলে ভাল হয় এথোন ।
খেতিয়কৰ লৰাৰ বোলে
হাত বৰ পোন !


আইৰ অসুখ  

মোৰ আইৰ অসুখ … …
তেজৰ ধাৰত, হাড়ৰ আৰত বিহ ।
হাতেৰে মোহাৰি কাংক্ষিত-সুখ
সোনৰ হৃদয় সলাই ললে সীহ ।

মোৰ আইৰ কি অসুখ ?
বিষাদ-বাঁহীৰ মাতত হেৰুৱায় সম্বিত ।


চিকাৰী
[হেনা গঙ্গোপাধ্যায়ৰ মৃত্যুত]

আহা ! কি নিৰ্ভুল
চিকাৰী হাত !

এটা বনৰ চৰাইৰ
সাতোটা গুলিৰে
হৰিলা মাত !

আহা ! কি নিৰ্দয়
চিকাৰী দাঁত !

মই কবি
বহি আছিলো
বা-তিৰ্‌বিৰ্‌ ৰদৰ ছাঁত,
নেজানো কেনেকৈ
মোৰ কলিজাত
লাগিল তেজৰ দাগ !

আহা! কি নিৰ্ভীক
চিকাৰীজাক !
সাতোটা গুলিৰে

এটা চৰাইৰ হৰিলে সুৱদি মাত !

Drawing Tutorial 008 - Drawing materials


This week we will discuss about the drawing materials required for graphite pencil drawings-

Let's see first the essential ones

1) Paper
Its the surface mostly used to draw with graphite pencil. The papers that are used for drawing with graphite can be differentiated on the basis of how much teeth the paper has. More the teeth, less smooth the paper will be. While a paper with medium to high teeth is good to sketch on. for finer drawings a smoother paper will do the job better. While doing free sketches I use all kind of papers that takes graphite well like notebook, sketchbooks, print papers. Print papers have very less tooth and is good if the intended sketch is more towards line drawing. I fine the desk notebooks that are used in meetings and conferences a good option to draw rough sketches to free the drawing muscles. 

However, when the drawing is intended to be a finished drawing that should last long, a completely different property of the paper comes into play. Its the acidity of the paper. For longevity of the paper, it should be acid free, else it would turn yellowish over time and become brittle. All general purpose notebook available from Indian manufacturers are not acid free and therefore prone to deterioration. Thus, if the drawing is meant to be preserved over time, archival grade paper is the best option.

Saturday Sketch 007 - Dreamland



This digital painting is done from scratch without any reference in paint tool SAI. The tools is great for free hand painting though aftereffects and brush tools are limited.


Drawing Tutorial 007 - Drawing a face looking up


Last week we have drawn a face looking down. Today we will draw a face looking up. The basis of the face as we have learnt in previous weeks lessons, is an oval tapering to the bottom. The final result we will be aiming is 


Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ২

মোৰ দেশ



মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ |

মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে

শইচ-সোনোৱালী ভবিষ্যতৰ সপোন | মোৰ জীৱনৰ আঁহে-আঁহে

মোৰ যৌবনৰ কোঁহে-কোঁহে সেই সপোনৰ কলৰোল |



দেশে দেশে দেশ আছে | এনে বহু দেশৰ অৰঙে দৰঙে

মই ঘুৰিছোঁ | বহু বন্ধুৰ সতে হাতে-হাতে হাত ধৰি ফুৰিছোঁ |

কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা

পাহাৰতলিত খন্তেক জিৰাইছোঁ | বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ

কথা পাতিছোঁ | তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা |



এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ | যাৰ বুকুৰ উমে মোক দিছে

ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য্য | জীৱনৰ নতুন অৰ্থ |

এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ

প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস | প্ৰতিটো ঋতুৱে

মোক দি যায় জীৱনৰ আশীৰ্বাদ |



এই দেশৰ বাবে মৈ জীয়াই আছোঁ | এই দেশৰ বাবে মই

জীয়াই থাকিবলৈ মৰন পণ কৰিছোঁ | ৰণুৱা, বনুৱা, হালোৱা

এই সকলোৰ মাজত মই আছোঁ – মোৰ দেশৰ বাবে | অনৈক্যৰ

মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাবনা হৈ মই আছোঁ |

জীৱনে-মৰনে, শয়নে-সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ |

শত্ৰু-মিত্ৰ সকলোকে মই চিনিছোঁ | সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে

জিনিছোঁ | শান্তিৰ চৰাইযুৰিৰ আঁজলি ভৰাই মই দিছোঁ – ভঁৰালৰ

অমুঠি ধান, পৰাণৰ একোটি গান |



আৰুতো মোৰ একো নাই !



মোৰ দেশ – মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই

মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ

কঠিন পৰ্বত-মূললৈ… …





এজন বন্ধুৰ উক্তি



অথনিয়েই অলপ ফটিকা খাইছিলো

তাৰ ৰাগী এতিয়াও আছে |

হয়তো এইদৰে

গোটেই ৰাতিটো যাবগৈ |



এইদৰে কেতিয়াবা ফটিকা খাওঁ

আৰু, তাৰ ৰাগীয়ে মোক লৈ যায়

মনৰ সেই নিজান বনলৈ

য’ত

মই মোৰ সতে কথা পাতোঁ

কেতিয়াবা কৰো সতে নপতা কথা |



কি সুন্দৰ সেই ৰাতিবোৰ !

তৰাই-তৰাই নীল আকাশখনত

কথাৰ আখৈ ফুটে

ৰাতিৰ নিটোল শৰীৰ

মোৰ প্ৰাণৰ নদীয়ে ধুৱাই দিয়ে

শীতল সুললিত জলেৰে |





আই





আই!

তোমাৰ সতে শেষ দেখা মোৰ মনত নাই |



আজি হঠাৎ

তোমাৰ আঁচলেৰে ঢাকি অনা

গোপন ইস্তাহাৰখনৰ কথাবোৰে

দাৱনীৰ চোক দিয়া কাঁচিখনৰ দৰে

মোক চমকাই গ’ল |



আকালৰ জুয়ে পুৰি নিয়া

বনুৱাৰ হাতৰ তীখাৰ হাতুৰিটোৰ

প্ৰচণ্ড শব্দয় মোক সোঁৱৰাই

দিলে : তোৰ আই তোৰ সমুখত |



অতদিনে মই

নিজক লৈয়ে ব্যস্ত আছিলো আই !

আজি তোমাক পালো

তীখাৰ তীক্ষ্ণতা আৰু থোৰ মেলা

শস্যৰ মাজত |



মোৰ আই

কোন কাহানিবাই

আহি ৰৈ আছে মোৰ সমুখত ।





বোধন





আজি মোৰ

এন্ধাৰতে টোপনি ভাগিল |



স্বপ্নৰ পাপৰি

এটি এটি কৰি সৰি পৰি ৰ’ল

যেন পলাতকা পৰীৰ কবৰীৰ ফুল !



দেহৰ হুলত এতিয়া মোৰ

লাগি আছে মাতিৰ কোলাহল ;



আৰু, আপসৃয়মান ছায়াৰ দৰে


সপোনৰ কোমল কৌতুহল ।





প্ৰতীক্ষা





বহুপৰ হ’ল বেলিয়ে লাহ দিয়া



ধান কাটি দাৱনীজাক

এতিয়াও

মাজ পথাৰতে পৰি ৰৈ আছে :

আজি গধূলি

কমৰেড্‌ ৰাভা এইবাটে

আহিব উভতি |



চিফুঙৰ সুৰে সুৰে

ই-গাঁও, সি গাঁও, সাতোগাঁও

ৰজন্‌জনাই যাবহি |

কমৰেড্‌ ৰাভা আজি গধূলি


আহিব উভতি ।

Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা


আৰক্ত প্ৰহৰ

সূৰ্যৰ তেজৰ স্তৱক,
আকাশ জুৰি বাজি উঠে
কাৰ গানৰ ভৈৰৱ ?

মোৰ শৰীৰৰ চেঁচা তেজত
ফুটুকী হৰিণীৰ দৰে
হঠাৎ জঁপিয়াই পৰে
এচেৰেঙা ৰ: উদগ্ৰীৱ, উৎসুক |
হৃদয় যদি এই ৰদকণে
স্পৰ্শ কৰিলেহেঁতেন
দেখিলোহেঁতেন পুৰ্ণতাৰে পৰিপূৰ্ণ
পৃথিৱীৰ অপৰূপ ৰূপ !

মৃত্যুৰ শিখাৰে উজ্জ্বল
স্বদেশৰ নিৰ্ভীক মুখ !!

স্তম্ভিত বিদ্যুত   

আজি মই
অনবৃত বহাগৰ স্তব্ধতাত
ওঁঠ থৈ সগৰ্ভা পৃথিবীৰ
গৰ্ভ সঞ্চাৰিত ইচ্ছাৰ
যি বিস্ফোৰণ দেখিছোঁ
তাৰ আঘাতত
থানবান হৈ যোৱা মোৰ পৌৰুষ
নক্ষত্ৰ তৰংগেৰে যেন
জ্বলি উঠিছে : শিৰাই শিৰাই
মোৰ স্তম্ভিত
বিদ্যুত |

হাগৰ স্তব্ধতাত
লাগি আছে মোৰ
মৌণ ওঁঠ |

প্ৰতিবাদ  

দোক্‌মোকালিতে ওলাই গৈ
সন্ধিয়া সি উভতি আহিল
মাকৰ বুকুৰ কাষলৈ |
আলেঙে-আলেঙে ফুৰি ফুৰা লৰাটো
মাকৰ ইমান ওচৰত
আজি বহুদুবৰ মুৰত শুইছে |

তাৰ ৰক্তাক্ত দেহত
এতিয়াও দপ্‌দপ্‌কৈ জ্বলি আছে
ওঠৰ বছৰৰ এটি সাঁচতীয়া সপোন |

[শংকৰ পুৰকায়স্থৰ স্মৃতিত]

ৰাতি   

এতিয়া মোৰ টোপনি আহিব খুজিছে
অথনিৰে পৰা ইকটি-সিকাটি কৰি বিছনাখনতে পৰি আছোঁ
ৰাতি আৰু এন্ধাৰ হলে
শিতানৰ খিৰিকীখন মই লাহেকৈ খুলি দিম

হাস্নাহানাৰ সিপাৰে
জিক্‌মিকাই উঠিব এন্ধাৰ ৰাতিৰ তৰাৰ মৰ্মভেদী স্তব্ধতা

মোৰ দুৰ্বল-মেধাৰ বুকুত খন্তেকীয়া ফুলৰ গোন্ধে
সজীৱ পাহি মেলি দিব

সি  

তোমাক বিচাৰি আহি
সি উভতি গ
স্তব্ধতাৰ নিৰ্জন অন্ধকাৰত
অৰ্থহীন পোহৰত
ইতস্তত: সি তোমাক বিচৰিছিল |

তাৰ ক্ষমাহীন মুখৰ কুঞ্চিত ৰেখাত
স্পষ্ট হৈ উঠিছিল সূৰ্যৰ দৰে
প্ৰখৰ আৰু প্ৰত্যক্ষ পোহৰ |
স্বাস্থোজ্বল এটি পুৱাৰ
তেজ ৰঙা ফুলৰ দৰে উজ্জ্বল
তাৰ শৰীৰ থৰথৰকৈ কঁপিছিল
আমাৰ নৈৰাজ্যৰ নিঃস্বতাত |

মোৰ ভয় লাগিছিল
সি যদি তোমাক লগ পায় |

যন্ত্ৰণা

বিসফোৰনৰ পাথৰ
কঁপে থৰথৰ |
নিবেদি নপুংসকৰ
শুনো আৰ্তনাদ |

কাল সমুদ্ৰত আহিছে জোৱাৰ
যেন ক্ষুব্ধ অজগৰ |
জনতাৰ প্ৰগলভ কণ্ঠত
দুৰ্মদ প্ৰতিবাদ |

অংগীকাৰৰ শানত ধাৰ
সেমেকা বাৰুদ শুকাল আমাৰ |
জ্বলন্ত সূৰ্যৰ কাঁড় পৰি অকস্মাৎ
আঁতৰক পৃথিৱীৰ ক্লীৱ অৱসাদ |

প্ৰাণৰ কবি মোৰ
দিয়া সেই আশীৰ্বাদ |

[ নাজিম হিকমতৰ সোঁৱৰনীত ]


আৰু এটি বসন্ত

বিস্ময়াবহ এটি চৰাইৰ ডেউকাৰ পোহৰ
আহি পৰিছে মোৰ চোতালত,
হৃদয়-স্পন্দিত মৃত্যুৰ ছন্দেৰে অনুভৱ কৰিছোঁ জীৱন,
পুৱাৰ পখিৰ সোনোৱালী সুৰ,
শিশুৰ হাঁহি আৰু কত কি !

প্ৰাণৰ বালিত আজি আকৌ
লিখি থলো এটি নাম ; যিদৰে তুমি
আলফুলে অথচ ঐশ্বৰ্য্যৰ গৌৰেৱেৰে
তোমাৰ প্ৰিয়জনৰ নাম লিখি থোৱা
হৃদয়ৰ গভীৰত |

প্ৰেমৰ কথাতো আৰু আনক কব নোৱাৰি |
নিশ্বাসৰ দৰে নিশব্দে এ যেন বিচাৰি ফুৰে
শব্দ, বৰ্ণ আৰু পোহৰৰ উৎস |
আৰু এটি বসন্তৰ
এই এক আশ্চৰ্য মুহূৰ্তত মোৰ নিশ্বাস
ক্ৰমে দ্ৰুত আৰু দ্ৰুততৰ হৈছে
স্নায়ুৰ মাজেৰে চলিছে শানিত এক অস্ত্ৰ … …


আহিনৰ লেণ্ডস্কেপ      

শেষ হৈ গ
লুব্ধ আকাশৰ হিংস্ৰ উৎসৱ |
উখল-মাখল পথাৰত
এতিয়া বলিছে সেউজীয়া ধল |

তামস আকাশখনৰ
স্তব্ধতা ভাঙে কোমল কহুৱা ফুলে |
কবিতাৰো বতৰ আছে
আহিনৰ আকাশে কানে-কানে কলে |

দালিৰ ভাঁজে ভাঁজে
অপাৰ বিস্ময় |
আৱেগত ভাগি পৰে
শব্দৰ তন্ময় |

নিহত হৃদয়   

মই, মোৰ বন্ধুৰ হাতত
নিহত হলো | মৰাৰ আগতে
মানুহে কি ভাবে বাৰু ?
লৰালিৰ কথা,
যৌবনৰ সোনোৱালী দিনবোৰ নে আন কিবামই নেজানো |

মই মৰাৰ আগতে, বন্ধুৰ হাতৰ তীক্ষ্ণ ছুৰীখন দেখি ভবিছিলো
এটা উজ্জ্বল মৃত্যুৰ কথা | সেয়ে সংগোপনে মই মোৰ জীৱন
মোৰ বন্ধুৰ হাতত তুলি দিলো :
যিদৰে আলফুলে প্ৰিয়াৰ খোপাত
পিন্ধাওঁ এপাহ গোলাপ |

মই নিহত হলো | শেষ হল মোৰ বন্ধুৰ সতে
গোলাপ-গোলাপ বহুতো সংলাপ |

হাগ 

মই খিৰিকীখন খুলি দিলো |
স্তব্ধতাৰ নিৰ্জন পোহৰত আমি
আকৌ মুখামুখি হলো : শিৰৰ সেন্দুৰেৰে সুন্দৰ
আকাশৰ মুখত জিলিকি উঠিছে
সোনোৱালী বহাগ |

মই যেন সমস্ত শৰীৰেৰে গ্ৰহণ কৰিম
ক্ৰান্তি লগ্নৰ এই সুৰ্যৰ বুকুৱেদি বৈ অহা
তাৰুণ্যৰ বেগৱতী নৈৰ উত্তাপ !
আৰু তাৰ কোৱাল সোঁতত লাগি থকা
দৰ কোমল স্বাদ !!

আহা! কি সুন্দৰ এই বহাগ,
কি যে মায়াবী তাৰ লাৱনী দুখনি হাত !!


Saturday Sketch 006 - Veiled


This sketch of a veiled woman with modern topwear is made on regular A4 cartridge paper. Made with Camlin charcoal stick which found to be super smooth and black on cartridge as well as other drawing sheets. Smudging and erasing techniques can be used so easily to add wonderful effects.





And a little touch of colour