Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ১৩


স্বপ্নৰ সতে

ভালপোৱাই বুকু উজাৰ কৰি দিয়ে আনন্দ,
কবিতাৰ শব্দ, বৰ্ণ;
বুকু পাতি লয় দুখৰ ধুমুহা, স্বপ্নৰ সতে বিনিময় কৰে
বিষাদৰ হিমদৃশ্য … …

মই দুখৰ লগত খেলো, জিকোৱেই বা হাৰোঁ
অবিচলিত মোৰ আনন্দ !



অসম্ভব অনুবাদ

এটা অজুহাত পালে মই গুচি যাব পাৰোঁ
যেনি মন যায় তোমাৰ সান্নিধy জাদুকৰী ৰাতি
মই গুচি যাম, যি কোনো অজুহাত পালে
মুক্ত কৰি প্ৰতিভাৰ পথ, নিৰ্জনত নিৰ্ভৰ ছয়াৰ
সুখ্যাতিত এই যে তোমৰ উপস্থিতি
অসম্ভব অনুবাদ তাৰ, জালিকটা জোনকৰ
মাজেৰে মই গুচি যাম, হাতত সাৰে ভৰিত সাৰে … …

           [কোনোবা হাস্নাহানা ৰাতি]

পথাৰ

শস্যৰ সময় | ৰোৱণিৰ ভৰি উঠে বুকু !
বেলি বুৰ দিবলৈহে পালে
ধানৰ শীহে-শীহে সুহুৰি বজাই বৈ
বতাহৰ নিছিগা ধাৰ |
সাঁজৰ এন্ধাৰে মোৰ বাহুত মূৰ থৈ
যিমানলৈ চাব পাৰে চালে :
ৰোৱণীৰ ধুক্ধুক্বুকুৰ শব্দই-শব্দই কঁপি উঠে
গোটেই পথাৰ |

সোঁৱৰনীৰ অনুসৰনত

সহজ আছিল দুখ, কাঁইটৰ দৰে হোঁৱাহেতেন,
নিষ্ফল ঘাঁহত ভৰি মোহাৰিলেই আহে গোলাপ-ভ্ৰমণৰ
অনুনয় সোঁৱৰণ … …

দুখ, যিয়েই নহ বাস্তুহাৰা বা উৎসাহী পৰ্যটক,
ৰাতিটো কটাই যা, তেজত মোৰ সাজি থৈছোঁ আলহীঘৰ;
চৌকাষে ওলগনি-গছ, কোঠালিত ফুলৰ বিনীত স্তৱক |


স্বপ্নৰ ফুলবোৰ ফুলে দুখৰ ছাঁত, জোনাকীয়ে শুহি  নিয়ে
গছৰ নিয়ৰ, শুন্যত উৰে মৃগৰ ৰ্কস্তুৰী গোন্ধ,
কান পাতিলেই শুনো
তেজৰ ফুলৰ নিগূঢ় সংলাপ, নিজান নদীৰ কবিতা পাঠ !

No comments:

Post a Comment