Poems of Hiren Bhattacharya - হীৰেন ভট্টচাৰ্যৰ কবিতা - ১৭


বিষন্নতা প্ৰমুখ অন্যান্য

বিষন্নতা !
মোক নিৰ্ভৰ কৰ ।
এনেকৈ
গালে মুখে হাত দি বহি থাকিব নেথকিবি,
মোৰ মন মৰি যায় ।

মুৰ তোল,
চকুৰ পানীৰে
ধুই দিওঁ তোৰ ভৰপূৰ দুখ;

যেনেকৈ নিয়ৰে ধুৱায়
গোলাপ ।


গৰজি ভাঙে


শিকলি টানি
প্ৰান্তৰৰ ৰেলগাড়ীখনৰ পৰা মই নামি গ'লো
                      হাতত
                      এটা বোবা শব্দ
                      আৰু
                      এখন আচৰিত পাৰপত্ৰ


মোৰ বুকুত,
কালি ৰাতিৰ পৰা একেটা শব্দ গৰজি আছে একেই ধৰণে;
গা-হালধীয়া ধানৰ পাতত
                       কোনে মচি থ'লে তেজৰ মুখ
                  কৰাল মাৰি আছে তেজ, প্ৰতিমামুখৰ তেজ,
একেই ধৰণে একেটা শব্দ গৰজি আছে
                       গৰজি ভাঙে
                       বুকুৰ হাড় ... ...


ধান কটাৰ পৰ

আনকি
চৰাই চিৰিকটিৰ মাতত
বিষাদ ... ...

আঘোনমহীয়া পথাৰখনত
জঁয় পৰি ৰ'ল
মানুহজনী

তাইৰ
ভৰিৰ পতাত ভয় ।

ফাটেক ভাঙি ওলাই আহিছে
ঘৰৰ মানুহটো
সিৰিক্‌ কৰিলেই কঁপে তাৰ ঘৰৰ ভিতৰৰ ঘৰ ।


স্মৃতি তাৰ সুগন্ধি পখিলা


গুণ্‌গুননিতে
কঁপে গছৰ ছাঁ, পাতৰ আগৰ ৰ'দ
একেটা ফুটতে
মোৰ বুকুত উবুৰি খায়
অবোধ দিন
এতিয়াও যাৰ পোছাকী নাম দিয়া হোৱা নাই !


কবিতা মূলতঃ স্বাধীন, স্মৃতি তাৰ সুগন্ধি পখিলা !


যাবৰ পৰত শেঁতা সাজযোৰ খুলি থৈ গ'ল ।
সেমেকা আঁচলত বোধৰ কাঠি
পূৰ্ণিমাৰ ৰাতি
লাহে-লাহে পাহাৰৰ সিপাৰেৰে
জোনটো নামি যায় ।
মোৰ নিফুট গানৰ সুৰে ৰাউচি জুৰি কান্দে ... ...



কাঠ হোৱা চকুলোৰ গান

গান আনা, নিৰ্জনতাৰ পৰা
কোলাহলৰ পৰা, মোৰ সুৰ নাই
তোমাৰ সুৰীয়া হাতেৰে তুলি ধৰা উজ্জ্বল গান,
শান দিয়া গান, সতেজ সুগন্ধ ।

গানৰ গাত আছে নেকি জোনাকী
এন্ধাৰেৰে বাট কাটি যায় !

গান আনা, শুনো যুদ্ধৰ গান, শান্তিৰ গান
পলাতক প্ৰাচীন অথবা আগত তৰুণ,
জটিল দিনৰ প্ৰতীকী ভাষান্তৰ
কাঠ হোৱা চকুলোৰ সুঠাম নিৰ্মাণ ।

গান আনা, তুলি লোৱা মাটিৰ মৃদং
নিৰ্জনতাৰ পৰা, কোলাহলৰ পৰা উঠি আহে গান,
মাটিৰ মাতত
গানহীন মানুহৰ কল্যান ।







No comments:

Post a Comment