আদিপাঠ
মই,এই
মানুহটো, গোটেইবোৰ লৈয়েই, যি আছে,
যেনেকৈ
আছে, ঠিক তেনেকৈ, একো হীন-ডেঢ়ি হ’ব নোৱাৰে,
আৰু
যি হেৰাল বা যাক
জীৱনটো
পাত কৰিও পাব নোৱাৰোঁ,
মোৰ
সেই একান্ত সপোন, উৎসাহৰ ফুলনিৰ
লনি
গছবোৰৰ ছাঁৰ দৰে মোৰ লগত এনেকৈ থাকে যে
মই
এধানমান সময়ৰ বাবেও এৰি থৈ আহিব নোৱাৰোঁ,
যি
হেৰাল বা যি আছে একোৱেই, আৰু যি লুকাই আছে
মোৰ
নিশ্চিত ভবিষ্যতত |
অপ্ৰতিদ্বন্দী
মৃত্যুৰ
সতে কোনে কাজিয়া, জীৱনৰ সংগীত
মৃত্যুৰ
সূক্ষতাত শুদ্ধ, স্বৰ যাৰ ধ্বনিৰ প্ৰাকৃত উদ্ধৃতি,
মোৰ
পিঠিত হাত থৈ এটা প্ৰকাণ্ড মানুহ – কবিতাপুৰুষ;
মই
তাৰ ছাঁৰ কাষে কাষে সোৱৰণীৰ লেছেৰি বুটলি গৈ আছোঁ,
মুক্ত
স্বপ্নৰ আগত পোহৰৰ অগা-ডেৱা, মই নেজানো কবিতা কি,
মোৰ
ভয়ংকৰ যাত্ৰাৰ সংগী আৰু কোন, অথবা
নিজৰ
সীমবদ্ধতা; মই মোৰ অবয়ব ভাঙি ওলাই আহোঁ
বা
জীয়াই-জীয়াই গোটেই মানুহটো মাটিৰ তললৈ সোমাই যাওঁ,
মাটিৰ
তলত মই গোটেই মানুহটো, মাটি মোৰ গাৰ কাষত,
আকাশ-পাতাল
মোৰ চাৰিওফালে মাটি,
মাটি
মোৰ লুভীয়া জিভাত
দেশে
দেশে
[চিলিৰ
গণহত্যাৰ প্ৰতিবাদত ]
বহল
যেতিয়া বধ্যভূমি
চীনৰ
পৰা পেৰু, ক্ৰুচৰ কঠিন কাঠত তুমি;
উদ্ভাসিত
দেহ, আৰ্দ্ৰ বুকু,
দহো
দেশে মোৰ নিতৌ নতুন যীশু |
সংকট
দিন
আকালৰ
চোতাল | শস্যৰ পথাৰ উদং | কিশোৰৰ হেৰাল
স্বপ্ন
স্বাধীনতা | গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত |
মূলত
কি বিহ ? উছন গ’ল গাঁও | নষ্ট নগৰ |
মৃত্যুৰ
মলিন ছাঁত অশ্লীল বনিজ | পাপ মুদ্ৰাৰ পয়োভৰ |
হে সময়, গৰ্জি উঠা, নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা |স্মৃতি আৱাহন
সন্নিহিত হোৱা হে স্মৃতি, খুলি দিয়া তোমাৰ
জটিল গ্ৰন্থি, তৃপ্ত হওক মোৰ শোক-অশোক
শ্ৰম, শক্তি, সাধনা । আজি মোৰ হৃদয় ভিক্ষুক ।
হে হিৰন্ময়ী ! নিষ্পলক দিবা ৰাত্ৰিৰ শ্লোক;
মেলা তোমাৰ আঁচল-আলোক, দৃপ্ত হওক মোৰ
প্ৰেম, নিষ্ঠা, দ্ৰোহ, মৃত নক্ষত্ৰৰ যত ম্লান মুখ !
No comments:
Post a Comment