নতুন পাঠ
কবিতা পঢ়ি পাহৰিব পাৰি
পাহৰিব পাৰি কিছু দুখ, আনকি গ্লানি |
কবিতা জীৱনৰ অন্য বিষয়-কুশল, অন্য প্ৰত্যাশা;
শব্দ সংঘ ভাঙি তিৰ্বিৰ্
বন-তুলসীৰ উজাৰি লুকুৱা সুগন্ধি দীঘল উপত্যকা …
নিনাও
ধুলীয়া তিতাবৰীয়া | ঢোল বাই গুচি যায় | ৰাতি বিয়লি
নিজানে কথা পাতে কাৰে, কৰঙীয়া কটাৰীৰ ধাৰে
কাটি চালে মোক, আছে নেকি সাৰে অতীজ
নিহপালী দিয়া তেজৰ তলত …
শাওনত ঢোল শইচত লাগে বোলে পোক
আজি আষাঢ়ৰ ওন্দোলা আকাশ …
কুশলাৰ্থে
মই কলমটো তোমাক দিলো |
মোক আইৰ মুখেৰে গঢ়ি তোলা
কবিতান্তৰৰ পোহৰেৰে দহি নিয়া মোৰ
তেজৰ তলিৰ এৰাপৰলীয়া পথাৰ |
শব্দবোধৰ নৈ বৈ যাওক;
নৈ মোৰ নুমলীয়া ভনী, চকুৰ পানীৰে গাঁথে মণিধাৰি !
আতোলতোল শৰীৰী গীতিপদ ভৰ দি নামক
জীৱন কেবল জীৱন |
অবোধ বান্ধোন ছিঙি সূক্ষ্ম কুশল উচ্চাৰণ |
নিজ নিজানত
উখল মাখল মোৰ ঠুনুকা কলম |
সাহিত্য উৎসৱৰ তিনিদিন
জাৰ গ’ল |
মোৰ আৰু কবিতা নহ’ল |
শব্দও কবিতাৰ কাষলৈ আহোঁতে
খুলি থৈ আহে
তাৰ পোছাকী কাপোৰ |
এইবাৰ
উৎসৱৰ তিনিদিন
ময়ো তোমালোকৰ সতে কটাম;
উলাহত তেজী ৰেলখনো ৰৈ যাব
পোন্ধৰ মিনিট |
আহাঁ তৰুণ কবিসকল,
আৰম্ভ কৰা তোমালোকৰ কবিতা
দেশ ভাঙি আহিছে মানুহ ….
মোৰ এখন নৈ আছে
মোৰ এখন নৈ আছে |
য’ত ভৰদুপুৰীয়া তুমুল ৰ’দত
নৈখনৰ পৈনত মাছে
ছুই আহে জলকুৱৰীৰ পিছল শৰীৰ |
ব’লা যাওঁ চাই আহোঁ মাছবোৰে
কেনেকৈ উজনি পানীত চিলনী সাঁতোৰে |
তোমাৰ খোজৰ সতে
উৰি আহে পৰীৰ দৰে সুখৰ কাঠি
শইচৰ সোনালী উৎসৱ |
No comments:
Post a Comment