Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ১২

নতুন পাঠ

কবিতা পঢ়ি পাহৰিব পাৰি
পাহৰিব পাৰি কিছু দুখ, আনকি গ্লানি |

কবিতা জীৱনৰ অন্য বিষয়-কুশল, অন্য প্ৰত্যাশা;
শব্দ সংঘ ভাঙি তিৰ্‌বিৰ্‌
বন-তুলসীৰ উজাৰি লুকুৱা সুগন্ধি দীঘল উপত্যকা …



নিনাও

ধুলীয়া তিতাবৰীয়া | ঢোল বাই গুচি যায় | ৰাতি বিয়লি
নিজানে কথা পাতে কাৰে, কৰঙীয়া কটাৰীৰ ধাৰে
কাটি চালে মোক, আছে নেকি সাৰে অতীজ
নিহপালী দিয়া তেজৰ তলত …

শাওনত ঢোল শইচত লাগে বোলে পোক
আজি আষাঢ়ৰ ওন্দোলা আকাশ …


কুশলাৰ্থে

মই কলমটো তোমাক দিলো |

মোক আইৰ মুখেৰে গঢ়ি তোলা
কবিতান্তৰৰ পোহৰেৰে দহি নিয়া মোৰ
তেজৰ তলিৰ এৰাপৰলীয়া পথাৰ |

শব্দবোধৰ নৈ বৈ যাওক;
নৈ মোৰ নুমলীয়া ভনী, চকুৰ পানীৰে গাঁথে মণিধাৰি !

আতোলতোল শৰীৰী গীতিপদ ভৰ দি নামক
জীৱন কেবল জীৱন |
অবোধ বান্ধোন ছিঙি সূক্ষ্ম কুশল উচ্চাৰণ |

নিজ নিজানত
উখল মাখল মোৰ ঠুনুকা কলম |


সাহিত্য উৎসৱৰ তিনিদিন

জাৰ গ’ল |
মোৰ আৰু কবিতা নহ’ল |

শব্দও কবিতাৰ কাষলৈ আহোঁতে
খুলি থৈ আহে
তাৰ পোছাকী কাপোৰ |

এইবাৰ
উৎসৱৰ তিনিদিন
ময়ো তোমালোকৰ সতে কটাম;
উলাহত তেজী ৰেলখনো ৰৈ যাব
পোন্ধৰ মিনিট |

আহাঁ তৰুণ কবিসকল,
আৰম্ভ কৰা তোমালোকৰ কবিতা

দেশ ভাঙি আহিছে মানুহ ….


মোৰ এখন নৈ আছে

মোৰ এখন নৈ আছে |
য’ত ভৰদুপুৰীয়া তুমুল ৰ’দত
নৈখনৰ পৈনত মাছে
ছুই আহে জলকুৱৰীৰ পিছল শৰীৰ |

ব’লা যাওঁ চাই আহোঁ মাছবোৰে
কেনেকৈ উজনি পানীত চিলনী সাঁতোৰে |
তোমাৰ খোজৰ সতে
উৰি আহে পৰীৰ দৰে সুখৰ কাঠি
শইচৰ সোনালী উৎসৱ |


No comments:

Post a Comment