মৰমৰ সুনীল
কি আৰু লিখিম !
মাজে মাজে ভাব হয়
কোনো অৰ্থ নাই
একোৰেই |
শব্দই অৰ্থ বহন নকৰে |
তুমি অকা জুইৰ ছবিত
হাত সেকিব পৰা হ'লে
নোৱাৰি
কাগজত অঁকা বেলিত
ৰাতি নুপুৱায়
যাওক দিয়া সেইবোৰ।
তোমালৈ সেই একেটাই খবৰ পঠালোঁ
আমাৰ ইয়াত ৰাতিৰ অন্ধকাৰত
বেৰৰ পানে মূৰ কৰি
আমি আটায়ে
একলে ফেকুঁৰো
পুৱা যে আকৌ
উঠিব লাগিব
কান্দিবলৈকে
দাৰুণ সে দুখত !
No comments:
Post a Comment