Sangket - সংকেত - Poems of Nirmalprabha Bordoloi

মই ভালকৈ চকুৰে নমনা হ'লো
চোৱাচোন পোহৰবোৰ সঁচাকৈয়ে
গলাৰুপ যেন হৈছেনে ??
বলিকটা দাখনৰ 
ধাৰ থকা ফালটোৰ দৰে ??
ক'ৰবাত কিবা এটা 
লৰচৰ কৰি থকাৰ 
উমান পাইছো
চোৱাচোন, গজলীয়া ল'ৰাটোৰ 
হাতখন পোন হ'লনে ?

খৰধৰ কৰিবলৈ কোৱা 
সংকটত আখৰা নেলাগে ।।

No comments:

Post a Comment