Madhyannat - মধ্যাহ্নত - Poems of Nirmalprabha Bordoloi

সমুখত দুখৰ পৰমান্ন
জয়জয় ময়ময় দুপৰৰ ভোজ ।

বিষন্নবোৰক কোৱা 
আমাৰ কাঁহী শুণ্য নহয়, নিৰন্ন নহয় 
তাত উপচি আছে 
আহা ! পৰমান্ন ।

যি অন্নৰ সুগন্ধতে 
ঝন্‌ ঝন্‌ শিকলি ছিগিব 
এশ এটা ৰনুৱা ঘোৰাৰ ।

No comments:

Post a Comment