Bhogalir urukat - ভোগালীৰ উৰুকাত - Poems of Nirmalprabha Bordoloi

কি চাই আছা ?
আহাঁ আনো এটা দিন 
উদং ভৰাল ভৰি যোৱাকৈ 
ৰঙা নদীত ডুব দি থকা 
গোটে-পাতে এটা দিন ।

পচা, যাঠী, দা 
খোৱালী কোদাল
য'ত জি আছে আনা
সৰিয়হ ফুলৰ গন্ধ ভৰা 
পকাধানৰ গন্ধ ভৰা 
বিলাহী ৰঙৰ দিন ।

বিহু এখন পাতো আহাঁ ।
বিহু নেপাতিলে নাহে ।
দপ্‌ দপ্‌ দপ্‌
মেজিৰ জুইত
আহাঁ দলিয়াও
দুঃশাসনৰ ডোখৰ ডোখৰ দেহ 
অনশন 
আৰু বিবশন দিন ।

No comments:

Post a Comment