Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ২৪

তোমাৰ গান শুনিম - এটা দীঘল গান

মোৰ তেজত মজি আছে এখন আকাশ
আকাশভৰা জোনাক আৰু এডৰ ঘাহনি

কোনোবা জোনাক ৰাতি
ঘাঁহনিডৰাত বহি মই তোমাৰ গান শুনিম
এটা দীঘল গান - দুৰ নক্ষত্ৰৰ আহ্বান ।

আভেগে অন্তৰাৰে খুলি দিবা তোমাৰ
এপদ দুপদ সুৰৰ আটাইবোৰ অলংকাৰ

জোনাকৰ জেউতিয়ে ঢৌৱাই দিবহি মোৰ স্মৃতিৰ আমোলন বীজ
আৰু তোমাৰ উজ্জীৱিত গান দুৰূহ সুৰ ভাঙি
গুচি যাব দিগ্‌বিদিক ।

তৰাটো জ্বলি আছে অকলশৰে

ৰাতিপুৱাবৰে হ'ল
মোৰ শিতানৰ সিপাৰৰ আকাশখনত
তৰা এটা এতিয়াও সাৰে আছে -

টোপনিৰ লাহী বিচনিৰ বা-লাগি তাৰ
তিৰ্‌বিৰ্‌ শৰীৰ
হেন্দোলি উঠিছে শেষ ৰাতিৰ বতাহত

চকুৰ পাহিত ৰাতিৰ গভীৰ এন্ধাৰ -
কোনো ক্লেদ নাই, কোনো ক্লন্তি নাই
তৰাটো জ্বলি আছে অকলশৰে
বুকুত ভালপোৱাৰ সহজ প্ৰতিভা ।


ৰেকিবক সুঁৱৰি

বেলিটো ওলাবই পৰা নাই
সৰিয়হনিডৰাৰ ওপৰেৰে উৰি যোৱা মৌমাখিজাক
কুঁৱলিৰ আঁচল খামুচি আলাসতে থমকি ৰ'ল ।

নৈ আষৰীয়া সাঁচিগছ কিজোপা জাৰতে ঠেৰেঙা লাগি আছে -

পাতিসোন্দোজোপাৰো এখিলা দুখিলাকৈ পাত সৰি
                                 ভৰি পৰিছে তলৰ ঘাঁহনি ।
নাহৰণিৰ আলি-পদূলি পথাৰ-সমাৰ গোটেইখন বেজাৰে ঢাকি ধৰিছে ।


এডৰা গ'জি উঠা ঘাঁহ

মোৰ আঁৰ চকুত নাচনীৰ কলাফুল ল'ৰিছে-চৰিছে
পৰি থকা পৰ্বতখন পাখি মেলি উৰিব খুজিছে -
বাৰুৱতি ডাৱৰৰ সিপাৰে গ'জি উঠিছে এডৰা সেউজীয়া
ঘাঁহ....


বিহু

মোৰ গাত গা থৈ, ভৰিৰ পতাৰ পৰা মূৰৰ চুলিলৈকে
লতা বগোৱা দি বগাই যোৱাঁ -
                  হাতৰ হেদালিখনেৰে বহু দুৰলৈ গুচি যাব পৰিবা

মই জহি সৰিগৈ তোমাৰ শিপাত পৰিম -

মোৰ হাড়ৰ্শুকান সাৰত তুমি জাতিষ্কাৰ হৈ উঠিবা
ফুলপাতৰ গোন্ধে অমোলমোলাই থাকিব গোটেইখন ... ...


Poems of Hiren Bhattacharya(হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ২৩

শব্দৰ মৌ-বিচনী ভাঙি


গুঞ্জনময় গধূলি গানৰ চোতাল
মোৰ চেতনজুৰি আটিমুটি জান-নেজান এটা সেউজ শব্দ-শস্যই
এডৰা ধাননিৰ মাজেৰে বিৰ-দি বাট বিচাৰিছে ....

শব্দৰ মৌ-বিচনী ভাঙি গুণ্‌গুণাইছে ভাষা-বিভাষাই -

শব্দ উৰণীয়া, শব্দ জিৰনীয়া, উলহ-মালহ শব্দ মোৰ
লুকাই আছে তোমাৰ মৌসৰা দুখনি ওঁঠত .....
[ৰীজনীত জঁয় পৰি যায় গোলাপ !]


শব্দৰ সঁজাল শিপা

ভৰদুপুৰিয়া নিজানে-গৰকা চোতালখনত
নটুৱা লোকাপাৰটোৱে ৰুণিয়াই আছে অকলশৰে -

মোৰ কবিতাৰ শব্দ কাহানিবাই শেষ হ'ল

আজি আকৌ কোন তেজৰ এন্ধাৰত
মোৰ হেৰোৱা শব্দ-শস্যই এছাটি মুকলি বতাহ বিচাৰি উক্‌মুকাই আছে
হাঁহি-মাতি থকা ৰাতিৰ আকাশৰ তৰাবোৰৰ দৰে

শব্দ সিপাৰে-শব্দৰ অতীত শস্যঘন শব্দৰ উচ্চাৰণ .....


গধূলি


লাহে লাহে গেৰুৱা আকাশখন এন্ধাৰ হৈ আহিল
দীঘল দীঘল খোজেৰে বুঢ়া ব'ৰাগী ঘৰলৈ উভতিছে

বাঁহবাৰী তামোলনিৰ আগেৰে তৰাই ভুমুকিয়াইছে

দিহিঙৰ কজলাসোঁতৰ তলে-ওপৰে ঘোলাপানীৰ কল্‌কলনি
                                                   - লহৰি খেলিছে বতাহে

নিয়ঁৰত তিতিছে দুপাৰৰ নল-খাগৰি-বিৰিণাৰ গুৰি ...


বৰষুণ নাই


বহুদিন বৰষুন নাই ।
শুকান ডাৱৰবোৰ মন-মাৰি পৰ্বতৰ সিপাৰে
দীঘল দি পৰি আছে - সাৰ সিকটি নাই ।
ধূলি-বালিৰে চাব নোৱাৰা হৈছে আকাশৰ মুখ -
নৈ বিলৰ পানী গৈ তেনেই তলি পালেগৈ - মাছ পুঠি বোকাৰ তল
চাৰিওফালে দুখৰ গুম্‌গুমনি ....


এটা গানৰ কলি
[বাটৰে ঢেঁকীয়া আমাক বাটে দিয়া]


গোমাই থকা আকাশখনে হঠাৎ বৰকৈ বিজুলীয়াইছে
কপাহগুটীয়া বৰষুণজাক লাহে লাহে ডাঙৰ হৈ আহিছে
মিচিক্‌ কৰে হাঁহি গছবোৰে বতাহত উৰুৱাই দিছে সেউজীয়া পাত -
ব'ল সৰুমাই, আমি গুচি যাওঁ ভালপোৱাৰ দিক্‌চৌ বাটেৰে
-জিলিক্‌ মাৰি উঠিছে সৌ এৰাপৰলীয়া পথাৰ ....



Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ২২

তেজৰ কোৰ্হাল

কোনোবা নিজানত বহি মোৰ হেঁপাহ পলুৱাই কান্দিবৰ মন গৈছে
জীয়াজুৰিৰ ফট্‌ফটীয়া নিজান পানীয়ে ধুৱাই দিবহি মোৰ শুকান দুচকু
শিল হৈ যোৱা জলকা-বুকুত গজিব ভালপোৱাৰ একোজোপা গোলাপ
পাহে পাহে গান আৰু তেজৰ কোৰ্হাল ....

একোচিৰা ধানৰ দৰে

ধানদোৱা শেষ হ'ল
তোৰ ঘিলাচকলীয়া মুঠিত একোচিৰা ধানৰ দৰে
বিৰিঙি উঠিছে তেজ

নিঠৰুৱা নৰাবোৰ
এথানি-এবানি হৈ ৰ'দ কাঁচলিত পৰি আছে

জিৰাণিৰ সিপাৰে মাৰ গ'ল বেলি -
নিজাৰ পৰিল পথাৰ

নিজান পথাৰখনত
এটা দুৰণিবটীয়া গানে লাহে লাহে পাহি মেলি দিছে
জাৰমালতী ফুলৰ দৰে
ৰমক্‌জমক্‌ ।



বিহু-বাকৰিৰ গান

আজি ৰাতিপুৱাৰে পৰা
আকাশখনে পোহাৰিচুপতি কৰি আছে ।
পিঠিয়ে পিঠিয়ে লাগি থকা ল'ৰামতীয়া ডাৱৰবোৰ
বৰষুণ দিওঁ-দিওঁ কৰি দূৰলৈ উৰি গৈছে ।

মোৰ ভৰা ভোগদৈ বাঢ়ে ফেনে-ফোটোকাৰে ।
হৈয়াঙে-দৈয়াঙে থাউনি নোহোৱা বাঢ়নি পানীৰ সোঁত 

খুন্দ খাই থকা ডাৱৰৰ সিপাৰে
কি বিজুলিয়াই অ'সৰুমাই কিনো বিজুলীয়াই যায় ...

ৰ'দে বতাহে শুকাই টান টনটন মোৰ কলিজাৰ ভঙা গান ।


ধানৰ চকাছন্দা সুৰৰ ৰৈ-ৰমলী

তোৰ ম'হৰজীয়া ৰোৱনী হাতৰ টিপত সেমেকে
মোৰ পৰালি পৰা এমুঠি শুকান ধান 
উচ্‌পিচ্‌ ভৰিৰ সৰুগাঁঠিলৈকে তোৰ
তলসুঁতিয়া মাটিৰ ভুৰ্‌ভুৰীয়া বোকা 

ৰোৱা ৰ'লে এইবাৰ পথাৰ উজাৰি ধান হ'ব -
চকু-মন জুৰাই নিব ৰ'দৰ তোলনীয়া ধানে ....


হাবি-বিহু

পাত সৰাল দিয়া গছৰ ডালে ডালে আকৌ নতুন পাত ঠুটিয়াইছে
কোনোবাই ক'ৰবাত অকলশৰে দীঘল দীঘলকৈ বিহু বিনাইছে -
খোপাতে গেজেংফুল ...

বুঢ়াচাপৰ মাৰি ফুলপানীছিগাৰ ঢুলীয়া আলিমূৰলৈ জাকেৰে ওলাই আহিছে ।
বনে বিৰিখে পখিয়াপখি কৰি ডেও দি থকা হেঁটুলুকা, পাতসীয়া, বাঢ়ৈটোকা
ৰং-বিৰঙৰ গাওঁফুৰা এই চৰাইবোৰ
ঢোলৰ মাত শুনি ভুৰুংকৈ উৰি থিতাতে কোনেবাখিনি পালেগৈ ।

হাবিৰ ওপৰে চ'তিয়াচ'তি কৰি চৌফালে বনাই ফুৰিছে
চিকুন-কুমলীয়া চৰাইৰ জাকৰুৱা মাত ।


জাকপাতি চৰি ফুৰা ডাৱৰবোৰ

ওহাৰ নমাই বনৰীয়া ম'হজাকৰ দৰে ডাৱৰবোৰ 
জাকপাতি আকাশত চৰি ফুৰিছে
এতিয়াই গা-মুৰি দি যেন কলহে কলহে পানীৰে তিয়াই দিবহি
ৰোৱনী পথাৰৰ ৰ'দ পিছলি পৰা বহল পিঠি -

তিতি বুৰি একাকাৰ হ'ব চপৰা-চপৰে
পথৰুৱা শুকান মাটি আৰু মোৰ
আওপুৰণি নাঙলৰ ইচাট্‌-বিচাট্‌ তীখাৰ গধুৰ ফাল ....




হীৰেন ভট্টাচাৰ্যৰ কবিতা - ২১

শস্যমালাৰ ভ্ৰমন

মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱাঁ
ভঁৰাল্ঘৰৰ চোতালখনতে
মৌ-সৰা দি জহি শুকাই সৰিম ।
পানি পালে, মাটি পালে, ৰ'দে বৰষুণে
ভুৰ্‌ভুৰ্‌কৈ আকৌ গজি উঠিম ... ।

শাওণৰ বোকা-মাটিৰ পথাৰখনত মোক চাৰিওফালে ছটিয়াই দিয়া
চহ কৰা মাটিৰ সীৰলুত শুই কান তাল মৰা মেঘৰ গাজনি শুনিম
বিজুলী চমকত চকু মেলি চাম
ঢৌচিৰা এন্ধাৰ পথাৰখন ;

আকাশ ভাঙি হুৰ্‌হুৰ্‌কৈ বৰষুণ আহক
আৰম্ভ হওক শস্যমালাৰ ধান-সোনোৱালী ভ্ৰমণ ...



ধান হওক

ধান হওক । বাঢ়নী পানীৰ লগত ফেৰ মাৰি ধান বাঢ়ক ।

শাৰী শাৰী ধানে সেৰা পাতি থাকক মোৰ পথৰুৱা পিঠি ।
বাৰখন হালে চহ কৰি থোৱা থৌকি-বাথৌ তেজৰ ঢৌ
ধানৰ ভৰত ভাঙিলে ভাঙক মোৰ তপতৈয়াৰ কান্ধ কামিহাড় ।
ধান হওক । আইৰ মলঙা আঁচল পকাধানৰ গোন্ধত
ফিৰ্‌ফিৰ্‌কৈ উৰক ।
ধানৰ পথাৰ গানৰ উজান
ইমানে সিমানে ধানে মোৰ পানীৰ লগত
ফেৰ মাৰি মেলিছে থোৰ ।



শস্য-বীজে চকু মেলক


চকুলোৰে পানী দিয়া । মোৰ তেজৰ এন্ধাৰত
শস্য-বীজে চকু মেলক ।
শিপাই ছানি ধৰক আলতীয়া বুকু ।
মোৰ গাত আহি হালি পৰিছে ধানৰ শুৱলা মাত
ভৰপক পথাৰৰ ধান-হালধীয়া ৰ'দ ।

বাৰুদ-বতাহত জিল্‌মিল্‌ মোৰ বুকুৰ নতুন গান
বোকা-মাটিৰ গা-ঘঁহা কান সমনীয়া ধান ...


ধানবোৰ দাই আনা

মোৰ কলং-কপিলীৰ কোনোবাখিনিত
ভালপোৱাৰ বোকা-মাটিৰ শিতানে-পথানে
হেন্দেলি উঠিছে ধান ।

তোমাৰ পদুমী হাতেৰে ধানবোৰ দাই আনা
কাঁটলফুটা ৰ'দে টলবল কৰক তোমাৰ চিকুণ কজলা মুখ ।
ধান আনা, ধান বানা, ভৰিৰ চাবত গুম্‌গুমাই থাকক চৌদিশ ।


হাতত হাঁচতি মোৰ মাধৈমালতী

মোৰ ফুললৈ মেলা হাতত তুমি ফুলো-নুফুলো মাধৈমালতী
তোমাৰ সুৱদি ওঁঠত মোৰ কান লাহদৈ পথাৰত শুৱলা মাটিৰ মাত
চোতালৰ অঙঠাৰ দৰে ৰঙা চ'তৰ জোন -
হেৰেমগৰীয়া কোনোবা চতাই পৰবতৰ নামনিৰ পৰা উৰি আহিছে
ৰিণিকি ৰিণিকি এফাঁকি বিহুনাম

ক'তে গৈ আছিল বিহু ধেমেলিয়া
হাতত হাঁচতি লৈ ... 


তোমাৰ ঘামে টলবল মুখ


আহাঁ ভালপোৱা, মোৰ হাতত হাত থোৱাঁ, ওঁঠত ওঁঠ ।
আকাশৰ সুঠাম গাত আঁওজি থকা শুকান ডাৱৰবোৰ
তোমাৰ সতে চপৰা-চপৰে নামি আহক ধোৱা-ধুলিয়ৰি এই বাটেৰে ।

তুমুল বৰষুণে ধুৱাই দিয়ক গছ-গছনি, চৰাই-চিৰিকটিৰ মাত ।

কোনোবা হাবিতলীয়া নিজান নৈৰ শিল-চেঁচা পানীৰ দাপোণত
জিল্‌মিল্‌ কৰক তোমাৰ ঘামে টলবল মুখ ।







হীৰেন ভট্টাচাৰ্যৰ কবিতা - ২০

শইচৰ সুদৃশ্য বৰ্ণমালা 

মোক চহাই মৈয়াই শইচৰ গুটি সিঁচি দিয়া,
চকুৰ পানীৰে জীপ দিম শিলুৱা বুকুৰ মাটি,
হাড় হিমজুৰ সাৰত
লহ্‌পহ্‌কৈ বাঢ়ি উঠিব ধান-মাহ-সৰিয়হ-
                                     শইচৰ সুদৃশ্য বৰ্ণমালা ।

তিল কুশ তুলসীৰে শুচি কৰি লোৱা মোক

বিহ্বল মুখত দিয়া সৃজন নিসৰ্গৰ ভাষা
ধানে-বানে দৃঢ় হওক আৱেগ সত্তাৰ নিৰ্জন নিৰ্মাণ ।

বুকুৰ তলেৰে মোৰ ৰ'দ-বতাহৰ অদৃশ্য শিপা ...



বীজ

ক'তো গদ্যৰ উজ্জ্বলতা নাই
বৰ ফিকা হৈ গৈছে মোৰ কবিতা
বুকু খান্দি উলিয়াই আনা তেজ-ঘাম-প্ৰেম
মোৰ সেই সতেজ খনিজ ।

তোমাৰ স্পৰ্শত জ্বলি উহক মোৰ হাড়ৰ সমিধ

দুচকুৰ লোৰ কাটি লৈ আহাঁ নদীৰ বলিয়া ধল
তেজতকৈ তীব্ৰতাত অধিক উজ্জ্বল ।
বোধ মেধাৰ শুকান কোঁহে কোঁহে পলস পৰক
সাৰ পাওক তেজ পদুমৰ বীজ ।


মানুহ-মাটি-তেজ-ঘামৰ পথাৰ

চহাই পেলোৱা চন পৰা এই মানুহ-মাটি
তীখাৰ নিমজ ফালেৰে ফাল ফাল কৰা উদং ৰ'দৰ
তপত পথাৰ
দেহ-দিৰিঙৰ বোকা-মাটি খচকি সিঁচি দিয়া ধান ।
কলহৰ কানেৰে পানী ঢালা খৰাং মাটিত,
ন-থৈ পানীৰে ভৰি পৰক
ছিৰাল চিটাচিট চ'তৰ শুকান মাটি -

পানী আনা, ভাঙা নদী-নলা-খাল বিল ।

ধূলি কৰি মাটি কঠীয়া পাৰা,
ভূঁইতলিৰ একাচেকা লেও লোৱা মাটি
কোন ডৰাত কি ৰুবা
আহু-শালিৰ হেতা-ওপৰা, বাও-আমনা উথপ্‌থপ্‌ ।

চহাই পেলোৱা মানুহ-মাটি-তেজ-ঘামৰ পথাৰখন ...


সপোনৰ সোঁৱে-বাঁৱে

শইচৰ সঁচ সাঁচি থলো । জাৰ যাওক, চ'তৰ ৰদে
কীট-বীজাণু পুৰি মুকলি কৰক দূষিত মাটি
ন-পানী আহক শইচৰ গুটি সিঁচি দিম
মন-মাটি মোৰ ৰোমঞ্চিত যুৱক;

চকুৰ পতাৰ পৰা বৈ আহিছে দুখন নৈ,

টলমল ঘোলা পানীৰ সোঁৱে-বাঁৱে চৌ চৌ ধান
জীৱন-জটিল গ্ৰন্থিত মোৰ নদন-বদন
ঘাম ভৰা সপোন তজ্‌বজ্‌ ...


এচেৰেঙা ৰ'দ
[হীৰেন চৌধুৰীৰ নামত ]

আজি হঠাৎ
মোৰ উজাই নোহোৱা হোৱা শব্দৰ খৰাং মাটিত
গুণ্‌গুণাই উঠিছে
কোন কাহানিৰ ধূলি-বালি লগা এটা আধৰুৱা গান

গান বৰ সহজে সোঁৱৰণলৈ গুচি যাব পাৰে

মোৰ পাহৰা গানৰ গুণ্‌গুণনিত
মুগ্ধ পাতৰ দৰে আজি জিৰ্‌জিৰ্‌কৈ সৰি পৰিছে
মন মাটিৰ কোন সজীব সুদূৰতা !

Saturday Sketch 019 - Portrait of a smiling woman

This portrait drawing was made on notepad mechanical pencil with HB lead . I used little bit of smudging to the graphite hatching. The drawing was then digitally altered to add some filter.




Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ১৯



তোমাৰ প্ৰশংসাত

বাট এৰি দিলে শাওণৰ ডাৱৰে, উপচি পৰিল জোনাক ।
মুগ্ধ অনুজৰ মল্লিন কণ্ঠত গছ-গছনি শিপাৰ তলৰ জটিল গান
মূৰ দোঁৱাই আছে তোমাৰ প্ৰশংসাত ।

নদ-নগৰ--দৰ্শন মগ্ন নিৰ্বিকাৰ প্ৰসন্ন প্ৰতিভাত
আন্দোলিত হওক মানুহ মাটিৰ সহজ অধিষ্ঠান ;
মই আকৌ এবাৰ ফুললৈ মেলিলো হাত ।

জৰীপ

এতিয়া ভঙাৰ সময় ।
মানুহমুখী বোধ-বুদ্ধি-হৃদয় তেজৰ মনীষা
হিংস্ৰ জেং তাঁৰ ছিঙি দলদোপে ওলাই আহে,
সপোনে বিভ্ৰমে ভাঙে ধৰ্ষিতা প্ৰতিমাৰ বিষাদৰ শিল ।

ফেনে-ফোটোকাৰে বাঢ়ে বেগবতী নৈ,
আত্মাৰ নক্ষত্ৰ নীল ফুলনিলৈ
তোকে মোকে কোনে লৈ যায় ধুমুহা বাটেৰে !

হাত ধৰ স্বাধিনতা, তই মোৰ সহোদৰ ।

শব্দহীন বৰ্ণমালা
[অনন্ত লহকৰক সুঁৱৰি ]

কাঁইটীয়া এন্ধাৰত লুকাল গোলাপ ।
স্মৃতি জৰ্জৰ ৰাতিৰ জঠৰ । মোৰ হাড় হিমজুত
ফুলৰ নিজান গোন্ধ; শব্দহীন বৰ্ণমালা ।

মই আখৰ জোঁটাই পঢ়োঁ ।
শব্দৰ কোঁহ ভাঙি উজাগৰ জোনাকী উৰে ।
এন্ধাৰত গছ-গছনিৰ মৃগনাভ সৌৰভ ।

মোৰ ঘৰৰ ওপৰেৰে আহ-যাহ কৰিছে ডাৱৰ ।
আজিও বৰষুণ হ'ব । পাৰ ভাঙি সপোন আহি
আঠুৱনি পানীত খেলিব ।


এডৰা নীলা দলঘাঁহ

গছৰ ডালে-পাতে এন্ধাৰ,
আজি ডাৱৰে গাজি গুমৰি কঁপাই তুলিছে বতাহ;
আকাশৰ গাত বিজুলীৰ ধাৰ,
দলনিৰ ওপৰে জাকি মাৰি উৰিছে জাকে জাকে দেকেৰুৱা হাঁহ,
শব্দশীল কবিৰ পৰুৱাই পোৱা কলম হঠাৎ একাকাৰ -
এন্ধাৰ ডাল-পাত আৰু লহ্‌পহ্‌ এডৰা নীলা দলঘাঁহ ।


সমুখ শান্তি

তই মোৰ তেজৰ সোঁতত ।
তোৰ পলকহীন পতাকাৰ দীঘে-বাণিয়ে বুকু ফিন্দাই উঠে মোৰ অসম্ভৱ ।

অন্ধ-জীৰ্ণ মোৰ তৰোৱাল তোৰ হাতেৰেই তীব্ৰ তীক্ষ্ণ মানৱিক ।

মোৰ জঁই পৰা ওঁঠত তোৰেই স্বপ্ন-নক্ষত্ৰ-গান
নষ্ট নিসৰ্গ ফালি হিঁয়ালি-জিয়ালি ।

কোনে কাটি গ'ল দুৰূহ শিলত
তেজ-মেধা-জীৱন-চেতন মহাকাব্যৰ অভিজ্ঞান

মোৰ ৰ'দঘন বীণৰ মৌসৰা তাঁৰৰ স্তব্ধতাত বাজে তাৰ
                                        দ্ৰুত আঙুলিৰ আনন্দ ভৈৰৱ ।




Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ১৮


দুকুৰি সাতোটা দীঘল সুহুৰি


বতাহে বিষাদে কঁপে শাল-শিমলু-চেগুনৰ পাত,
ওৰ গধুৰ কানত কোনে গুণ্‌গুণায় ধুলিয়ৰি গান;
মাৰ যায় দুকুৰি সাতোটা দীঘল সুহুৰি
বন্ধুহীন দিনৰ কোলাত;
জীৱনে শিকায় নিতৌ নতুন শব্দ
অতীজৰ অৰ্থেৰে ভাঙিব নোৱৰা টান


হাতত উৱলে মূল্যবান নথি পত্ৰেৰে ভৰা মোৰ উজ্জ্বল পাণ্ডুলিপি,
তুমুল বৰষুণে ধুৱাই নিয়ে তেজত মগ্ন হৈ থকা গোলাপৰ গোন্ধ;
ৰৈ বৈ যায় হাহাকাৰ ধ্বনি ... ...
মোৰ এন্ধাৰ দুৱাৰ খোলে কোন ঊষাৰ কোমল হাতে,
সুখে দুখে বাজি উঠে অভিনৱ গান
নিজ অধিকাৰে !

ভুৰবন্ধা ঘাট

সুৰ্য্যটো গুচি গ'ল ৰঙা পালখনৰ তলেৰে,
নাৱৰ নিজান বুকুত জিলিকে
বিনন্দিত প্ৰতিমাৰ মুখ,
পানীৰ লিহিৰী সোঁতে-সোঁতে
মাৰ যায়
বিতোপন গাৱলীয়া ছবি,
ব'ঠাৰ চবে-চাবে উঠি আহে
এন্ধাৰ;
জলমগ্ন এই গুঢ় আৰোহণত
বাজে মোৰ বিষাদ
বিষাদৰ তেজ মঙহ ...

আত্মপক্ষ

অক্ষমতাক ক্ষমা কৰিব
মইতো নাজানো । ৰেহাই মূল্যতো
খদ্দৰ কিনাৰ সামৰ্থ মোৰ নাই ।

আই, আজি মই সঁচাকৈয়ে
বৰ হিংস্ৰ হৈ উঠিছোঁ ।
মোৰ নিয়াৰিৰ
কাচিখনলৈ এবাৰ চালেই
বুজিব পাৰিবা
কাৰ ডিঙিৰ জোখেৰে গঢ়িছোঁ ।

পাৰ যদি আই মোক ক্ষমা কৰিবা ।
মই যে দাৱনীৰ হাতৰ ধানকটা
কাচিখনৰ কথা পাহৰিয়েই গ'লো

সেইখনো এদিন ময়েই গঢ়িছিলো ।


যদি সাৰে থাকে

বুকুৰ মাজত যদি সাৰে থাকে
সততে

সোঁৱৰণীৰ
উৰুখা চালত পৰি
হলধীয়া চৰাইটোৱে
মাতক

বন-বিৰিখিৰ হাবিয়ালি মাত

বা লাগি বাজি উঠক উজাগৰ মাটি ।

ঠোঁটৰ পৰা সৰি
পৰক
মৰহা নিজান
ঘাঁহ ।

ছাই হৈ যোৱা দিন
পুৰি শেষ হোৱা ৰাতি ।


থাকে বুকু জুৰি


এন্ধাৰ তলাতল ভাঙি আহে পাখি-লগা শব্দ
মোৰ তেজৰ কোলাত দিনৰ উজ্জ্বল গোন্ধ, হিৰন্ময় ৰাতি ।


আঁঠুৰ ধুলি দুহাতেৰে মচি থিয় দিয়ে মোৰ দুখ,
তুলসীতলৰ গধূলি আৰু কৰুণ কৰে মাটিৰ ঢিমিকি পোহৰে ।


উৰণীয়া চৰাইৰ পাখিৰ তলত নিম-দুপৰৰ হালধীয়া বাঁহী,
অপোনা-আপুনি জাপ খাই আহে মোৰ গধুৰ চকু,
নিজানে মেলি ধৰে কাঁইটীয়া বুকুৰ গুলপীয়া পাহি ।



Drawing Tutorial 017 - Drawing lips

Drawing lips for a face which is facing straight and without much expression is comparatively easier. Therefore this week we are not doing step by step instruction. Here is a step by step drawing with tips how to draw lips in front view with how to add tones.



Poems of Hiren Bhattacharya - হীৰেন ভট্টচাৰ্যৰ কবিতা - ১৭


বিষন্নতা প্ৰমুখ অন্যান্য

বিষন্নতা !
মোক নিৰ্ভৰ কৰ ।
এনেকৈ
গালে মুখে হাত দি বহি থাকিব নেথকিবি,
মোৰ মন মৰি যায় ।

মুৰ তোল,
চকুৰ পানীৰে
ধুই দিওঁ তোৰ ভৰপূৰ দুখ;

যেনেকৈ নিয়ৰে ধুৱায়
গোলাপ ।


গৰজি ভাঙে


শিকলি টানি
প্ৰান্তৰৰ ৰেলগাড়ীখনৰ পৰা মই নামি গ'লো
                      হাতত
                      এটা বোবা শব্দ
                      আৰু
                      এখন আচৰিত পাৰপত্ৰ


মোৰ বুকুত,
কালি ৰাতিৰ পৰা একেটা শব্দ গৰজি আছে একেই ধৰণে;
গা-হালধীয়া ধানৰ পাতত
                       কোনে মচি থ'লে তেজৰ মুখ
                  কৰাল মাৰি আছে তেজ, প্ৰতিমামুখৰ তেজ,
একেই ধৰণে একেটা শব্দ গৰজি আছে
                       গৰজি ভাঙে
                       বুকুৰ হাড় ... ...


ধান কটাৰ পৰ

আনকি
চৰাই চিৰিকটিৰ মাতত
বিষাদ ... ...

আঘোনমহীয়া পথাৰখনত
জঁয় পৰি ৰ'ল
মানুহজনী

তাইৰ
ভৰিৰ পতাত ভয় ।

ফাটেক ভাঙি ওলাই আহিছে
ঘৰৰ মানুহটো
সিৰিক্‌ কৰিলেই কঁপে তাৰ ঘৰৰ ভিতৰৰ ঘৰ ।


স্মৃতি তাৰ সুগন্ধি পখিলা


গুণ্‌গুননিতে
কঁপে গছৰ ছাঁ, পাতৰ আগৰ ৰ'দ
একেটা ফুটতে
মোৰ বুকুত উবুৰি খায়
অবোধ দিন
এতিয়াও যাৰ পোছাকী নাম দিয়া হোৱা নাই !


কবিতা মূলতঃ স্বাধীন, স্মৃতি তাৰ সুগন্ধি পখিলা !


যাবৰ পৰত শেঁতা সাজযোৰ খুলি থৈ গ'ল ।
সেমেকা আঁচলত বোধৰ কাঠি
পূৰ্ণিমাৰ ৰাতি
লাহে-লাহে পাহাৰৰ সিপাৰেৰে
জোনটো নামি যায় ।
মোৰ নিফুট গানৰ সুৰে ৰাউচি জুৰি কান্দে ... ...



কাঠ হোৱা চকুলোৰ গান

গান আনা, নিৰ্জনতাৰ পৰা
কোলাহলৰ পৰা, মোৰ সুৰ নাই
তোমাৰ সুৰীয়া হাতেৰে তুলি ধৰা উজ্জ্বল গান,
শান দিয়া গান, সতেজ সুগন্ধ ।

গানৰ গাত আছে নেকি জোনাকী
এন্ধাৰেৰে বাট কাটি যায় !

গান আনা, শুনো যুদ্ধৰ গান, শান্তিৰ গান
পলাতক প্ৰাচীন অথবা আগত তৰুণ,
জটিল দিনৰ প্ৰতীকী ভাষান্তৰ
কাঠ হোৱা চকুলোৰ সুঠাম নিৰ্মাণ ।

গান আনা, তুলি লোৱা মাটিৰ মৃদং
নিৰ্জনতাৰ পৰা, কোলাহলৰ পৰা উঠি আহে গান,
মাটিৰ মাতত
গানহীন মানুহৰ কল্যান ।







Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ১৬

অন্য পাণ্ডুলিপি


কি বিজুলীয়ায় ? সোঁৱৰণী ! কি যে তাৰ
আচৰিত উপহাৰ, কবিক কি দি যায় জীৱনৰ
প্ৰথম কবিতাটোৰ সেই পাহৰা সোৱাদ, শব্দ
যাৰ আইৰ হাতৰ অন্ন !


ফুলত আছে নে ৰ'দত আছে
ৰাতিটো জ্বলি নুমাই যোৱা মাটিৰ চাকিৰ নিজান পোহৰ !


বসন্তৰ সৌ ৰঙা ডাকবাকচটোত
আজি মই হেমন্ততে লিখা চিঠিখন দি থৈ আহিছোঁ,
দুখৰ সঠিক ঠিকনা বসন্তই জানোচা জানে ... ...


কেতিয়াবা যে বিষাদ
জীৱনৰ ইমান কাষ চাপি আহে বন্ধুৰ দৰে,
ম্লান হাতত তাৰ অন্য পাণ্ডুলিপি ... ...


সোনৰ সোলেং
[এদিন সৰুতে শুনা গান শুনি]

মোৰ ল'ৰালিৰ গানে আজি ক'লে কানে-কানে,
গানে যেনেকৈ কন্দুৱায়, নিচুকায়ো তেনেকৈয়ে, গানে
আনে নজনা কিমান ধৰনে যে খেলিব জানে !


কোন কুসুমিত ফুলৰ অন্ধকাৰ

কোন কুসুমিত ফুলৰ অন্ধকাৰে দৃঢ় কৰে
বীৰ্যবত্ত বসন্ত ভাবনা, স্বৰ্গ ৰচনাৰ ভংগীমাৰে
ভাঙি দিয়ে শুকান জিভাৰ আড়ষ্টতা, স্বভাবে পাহৰা স্মৃতি
অন্ধকাৰ বিশাল প্ৰদেশ জুৰি বাজি উঠে শংখৰ দৰে
শস্য গন্ধময় পৃথিৱীৰ হাতচাপৰিৰ সতে দ্ৰুত তালে-তালে,
কোন কুসুমিত সুগন্ধে শুশ্ৰুষা কৰে কবিৰ জীৱিতা,
শেষ কৰি আত্মগোপন কাল কোন কুসুমিত ফুলৰ
সুগন্ধ শৰীৰ ভাঙি বৈ আহে অৱৰুদ্ধ প্ৰেম
বিনম্ৰ পথিকৰ যেন সহজ ভ্ৰমণ ... ...


এতিয়াও অমৃত


সৃতি দুখৰ অতীত
সুহুৰিয়াই গুচি যায় সুৰম্য উপত্যকা ।


মুখত এজোলোকা তেজ । সুৰ্যটো ওলমি আছে ।
আকাশ ফাঁচীৰ কাঠ ।


দীৰ্ঘশ্বাস মলিন আকাশত কোন তুমি বিষাদ প্ৰতিমা !


প্ৰেমৰ দাবী যে বহুত


দুখে যেতিয়া কবিত লেখে মোৰ হাতেৰে
মোৰ আঙুলিত আহি নিজাৰ পৰে সখিয়তি ৰ'দ ।


কান্ধৰ পৰা নমাই থ'লা সপোন । গালে-মুখে বিষাদৰ ছাঁ ।
শিতানত সহজ সঁচাৰ কাঠি । শেঁতা মুখত উবুৰি খাই পৰে
আষাঢ়ৰ অমল পূৰ্নিমা । প্ৰেমৰ দাবী যে বহুত !
দুখে মোৰ ঘৰ হেৰুৱাই কান্দে কবিতা আখৰে আখৰে ।







Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা -১৫

নৈ গুম্‌গুমায়

নৈ
গুম্‌গুমায় ।
তাৰ
বুকু কঁপে
পাৰ ভঙা মাটিৰ
শব্দত |

ধানৰ পথাৰত
সাঁতোৰে ঘৰৰ নিজান
ছাঁ ।
কাতৰ মাটিৰ উশাহে
ঘোলা কৰে মেঘ-পানী-আকাশ ।

নৈ
গুম্‌গুমায়
থাউনি হেৰোৱা পানীৰ তলত ।


কবিতাৰ কাৰণে ৰ'দ

চোতাল ছুইয়েই গুচি যায় সোনৰ সোলেং ৰ'দ
দোৰোল খাই পৰে দুখৰ ঘৰৰ খেৰ,
ৰ'দ লৈ থকা লতা চানেকীয়া
খৰিকাজাঁইজোপাৰ উলাহ মৰহে,
ৰৌঢ়ি ফুটে ব-ছেৰা কবিৰ দুৰ্নাম ।
ফুল পৰা চকুত চমক লাগায় চিনাকি বাটে, মাতে-মাতে
মোৰ কবিতা কোনে আওৰায়, থকথক্‌ কৰে কঁপে গোটেই গা,
ভাত-কাপোৰৰ দুখত ৰাতি চকুৰ টিপকে নপৰে,
কোনে ৰ'দ আনি দিব মোক ধলপুৱাতে
শস্যৰ কাৰনে ৰ'দ আনি দিব মোক ধলপুৱাতে
শস্যৰ কাৰনে ৰ'দ, বৃক্ষৰ কাৰণে ৰ'দ, ৰ'দ কবিতাৰ কাৰণে ।


বন্দীশালৰ দুৱাৰ ভাঙি

গছৰ শুকান গোন্ধ, শৰীৰ দুছেও কৰা বাঁহীৰ আকুল মাত,
মোৰ কবিতাৰ কাগজ বতাহত উৰে, অনুৰূপ আৱিষ্কাৰৰ
আগ্ৰহৰ অতিমাত্ৰাত উজ্জ্বল দিন, তৰুণ শিল্পীৰ ৰঙৰ
স্তব্ধতাত থিয় দি থাকে কৌতুকময়ী নাৰী, নিসৰ্গৰ দৃশ্য
অস্বস্তিৰ দূৰলৈ গুচি যায় ক্ৰমে, অলীক মৌলিকতাত
দ্বীপান্তৰিত দুৰূহ কবি, তৰুণতৰ চিন্তাত জন্ম ল'ব সন্তান,
হাতত প্ৰজ্ঞাৰ পদুম,

নিজৰ ছাঁ গছকি মই পাৰ হৈ যাওঁ, বন্দীশালৰ দুৱাৰ ভাঙি
আহে সক্ৰিয় সময়-সমৃদ্ধ শব্দ ... ...


দুশাৰীমান


মোক এনেকৈ ক'লৈ  লৈ যাবা, গাঁও-ভূঁই, নগৰ
দুখৰ ভৰিৰ তলেৰে পাৰ হৈ যায়, ম্লান হৈ আহে
তেজ লগা মেঘ, লীলায়িত শস্যৰ সুন্দৰতা,
মোৰ হাতে-মুখে লাগি থকা ৰ'দৰ চোকা গোন্ধ ... ...


এন্ধাৰৰ কোমল ক্লান্ত গোন্ধে মোক ঢাকি আছে,
ফৰিংফুটা জোনাক এন্ধাৰ কৰি তুমি গুচি গ'লা
কিমান সহজ সাজে!


বালি চাপৰিত উমলি আছে মোৰ ভালপোৱা,
পিঠিত দীঘল দিনৰ ৰ'দৰ শোভা ... ...


ৰ'দৰ পেঁপাৰ মাত

মোৰ মাজেৰে মাজৰাতিৰ বতাহ,
সুষুপ্তিৰ বন্ধ তৰোৱাল খোলাৰ শব্দ,
দূৰত
ক'ৰবাত ৰ'দৰ সোনোৱালী পেঁপাৰ মাত
মোৰ
তেজ-ঘাম সকলো অশ্ৰুপাত !




Saturday Sketch 018 - Portait of a man

This portrait drawing was made on sketchbook with graphite pencil (HB to 8B) and to some extent using charcoal powder. I usually draw on table but this was drawn on easel and I can attest that the getting proportions correct is easier while drawing on easel.

The drawing was then digitally altered to add some filter and framing.