বন্ধু, তোমালৈ এখন চিঠি লিখিম
আমনি নেপাবা দেই, বহুত দীঘল হ'ব ।
অনেক দিনৰ আগতে
যেতিয়া তুমি মোক লগ পাইছিলা,
মোক যেতিয়া সুধিছিলা জীৱনৰ কথা ।
তেতিয়া তোমাক কৈছিলোঁ
'জীৱনৰ কথা শুধি কিয় দুখ দিব খুজিছা মোক,
বেদনাতুৰ অন্তৰত মোৰ অঘৰী মনৰ শতেক সংৰামৰ প্ৰতিক্ৰিয়া ।
কৰোবাৰ বুকুত সোমাই
উচুপি উচুপি কান্দিবলৈ মন গৈছে ।' আৰু
অনেক কথাই কৈছিলোঁ
যাৰ মাজত তুমি তোমাৰ প্ৰশ্নৰ যথাৰ্থ উত্তৰ
বিচাৰি নাপালা । সিদিনা তুমি মোক দুৰ্বল বুলি কৈছিলা ।
আৰু ইমান দিন
ইমান দিন তোমাক লগ পোৱা নাই;
(মোক পাহৰি গৈছা নেকি ?)
তুমি চিঠি পত্ৰ দিবলৈ এৰিলা
মাজতে তোমাক লগ পাইছিলোঁ
কোনোবা বন্ধু এজনলৈ দিয়া চিঠি এখনৰ বুকুতেই ।
ভালকৈ মনতো নপৰে ।
কুশলে আছানে বাৰু ? মোৰো কোনোমতে ভাল ।
সিদিনা অলপতে তোমাৰ দৰেই
আৰু এজন বন্ধুৱে মোওক শুধিছিল
মোৰ জীৱনৰ কথা । জীৱনৰ কথা মানে
তেওঁ বুজাব খুজিছিল দুখৰ কথা ।
তেওঁক কৈছিলোঁ - 'বহুত কথাই ক'বলগীয়া আছে ।
কিন্তু মোৰ জীৱনৰ দুখৰ মাজত মই এতিয়া
বিচাৰি লওঁ সংগ্ৰামৰ কাৰণে প্ৰেৰণা । মোৰ মন
এতিয়া আৰু অঘৰী নহয় ।
শত যোজনৰ পথ অতিক্ৰম কৰি
যোৱাৰ বাটত আগবাঢ়ি যোৱাৰ কাৰণে
মোৰ আছে এটা নিৰ্দিষ্ট মন ।'
আৰু কৈছিলোঁ - 'পুঞ্জীভূত হওক মোৰ অন্তৰত
পৃথিৱীৰ যত দুখ; কিয়নো
এই সকলোবোৰকে কাতি কৰি যোৱাৰ কাৰণে
মোৰ মনৰ আছে অসীম দৃঢ়তা । অঙ্গীকাৰ ।
আজি হয়তো তুমি মোক খুব সবল বুলিয়ে ক'বা ।
কিজানি সুধিবা ...... 'কেনেকৈ মই ইমান কথা ক'লোঁ ।'
বন্ধু, তুমিয়েই এদিন মোৰ সন্মুখত আদৰ্শবাদৰ
পাতনি মেলিছিলা । কিন্তু ভুল নুবুজিবা
আদৰ্শবাদৰ ভ্ৰান্তিয়ে মোওক এতিয়াও পোৱা নাই
(ভ্ৰান্তি বুলিয়ে কলোঁ । বুজিছা কিয় ?)
কাৰণ, যিদিনা তোমাক
ব্যক্তিগত জীৱনৰ দুৰ্দ্দশাই ব্যাকুল কৰিব
নাইবা যিদিনাই তুমি আদৰ্শবাদৰ দৰ্শন লৈ
ব্যস্ত হ'বা আৰু পাহৰি পেলাবা এই পৃথিৱীৰ
মাটিৰ মানুহবোৰক আৰু সিহঁতৰ কথা
সিদিনাৰে পৰা তুমি হৈ পৰিবা প্ৰতিক্ৰিয়াশীল ।
সেই সম্ভবনা মোৰ হ'লে নাই ।
মই যি শিকিছোঁ - এয়া সাধাৰন মানুহৰ
জীৱনৰ পৰা । এয়া মাটিৰ বুকুৰ কথা ।
আজিলৈ বাৰু নিলিখোঁ আৰু ।
আন এদিন তোমাক যিদিনা লগ পাম
তেতিয়া বিবৰি ক'ম মোৰ জীৱনৰ কথা
জীৱনৰ কথা মানে দুখৰ কথা নহয় দেই ।
মানে, নতুন দিনৰ স্বপ্নভৰা জীৱন যুঁজৰ কথা,
জীয়াই থকাৰ সংগ্ৰামৰ কথা ।
তেতিয়া শুনিবা ।
আজিলৈ বিদায় দেই । প্ৰীতি নমস্কাৰ ল'বা ।

No comments:
Post a Comment