Samay - Assamese Poems of Ram Gogoi : সময় - ৰাম গগৈৰ কবিতা


এতিয়া পুৱালে ৰাতি ;
জীৱাই থকাৰ বাবে উদ্বিগ্নতা প্ৰান্তৰে
পশু পক্ষী গছ বন মানুহৰ জীৱনে জীৱনে ।
এই যে পখিলাজনী ফুলত পৰিলে আহি,
এই যে পৰুৱাজনী খুদকণ এটি লৈ গ' ল,
এডালি শুকান বন ঠোঁটেৰে কামুৰি
উৰি গ'ল এজনী শলিকা;
হয়তোবা নীড় এটি সজাৰ কামনা,
অনন্ত কালৰ ই যে অনন্ত কবিতা ।

এতিয়া পুৱালে ৰাতি
বাহী চোতালৰ ধূলি সাৰি নিলে ভন্‌টিজনীয়ে
চিন তাৰ থৈ গ'ল এটি দুটি লাহি লাহি খোজৰ
আল্পনা ;
এচেৰেঙা ৰ'দ আহি পদূলি মুৰত সৌ
ৰঙা জবা ফূলৰ বুকুত
পিন্ধালেহি নিয়ৰৰ মুকুতাৰ মালা
আৰু মই পিৰালিত বহি বহি লিখিছোঁ কবিতা ।

হাতত কৰিয়া লৈ সদায় চিনাকি সেই
গল খেকাৰিটো মাৰি
দেউতা ওলাই গ'ল গোহালিৰ ফালে
লাজুকী লতাৰ দৰে নবৌৱে তিতা কপোৰেৰে
মোৰ আগেদিয়ে গৈ ভিতৰ সোমলে;
সৌৱা ওলাই গ'ল ৰামলাল ড্ৰাইভাৰ
ইমান পুৱাতে, হয়তো সময় তাৰ নহ'ল আকণো
ফিকা চাহপানী বাটি গিলিবৰ বাবে;

এতিয়া সময় হ'ল বহু ব্যাস্ততাৰ,
এতিয়া সময় জানো কবিতা লিখাৰ !

আকৌ আহিব ৰাতি নিৰবিল অকণি শান্তিৰ,
পুৱা ফুলা ফুলবোৰ মৰহি শুকাব,
অকাশী স্বপ্নৰ মায়া ডেউকাত লৈ
শুকুলা মেঘৰ দৰে জাকে জাকে উৰি যাব বগলীৰ দল
টোপনিত লালকাল কণ, কণ, পোনাবোৰে
পদুমৰ নৈ সিপাৰৰ মছলা বনৰ পৰা
উৰি উৰি উৰি হা মনোৰম সপোন দেখিব ।
চাকিটি নুমাই লৈ ৰামলাল ড্ৰাইভাৰে
কাণে কাণে প্ৰেয়সীক দুটা কথা ক'ব ।

শেষ হ'ব এটা দিন এটা ৰাতি -
পলে পলে জীৱনৰ আয়ু শেষ হ'ব ।
চিৰন্তৰ সুসুপ্তিৰে হয়তো সাৱটি ল'ব লাগিব এদিন
অবিনাশ অনন্ত মৌনতা ।
তেতিয়া , তেতিয়া নহ'ব লিখা
দিন আৰু ৰাতিৰ কবিতা ।
সময়, তেতিয়া তুমি মোৰ বাবে নিলিখা কবিতা
সময়, তেতিয়া তুমি মোৰ পৰা একোকে নোপোৱা ।

সময়, তোমাৰ মুল্য জুখি চালোঁ মোৰ জীৱনৰে
জন্ম আৰু মৃত্যুৰ দুটি ক্ষণ, দুটি বিন্দু সংযোজক
জীৱন নামৰ এটি সীমিত ৰেখাৰে
সময়, এতিয়া তুমি তাৰ বাবে ক্ষমা কৰা মোক ।

No comments:

Post a Comment