( দশম অধ্যায় )
বেচেৰা ৰতিকান্ত । ভোগাইৰ কথা শুনিয়েই সি লৰ ধৰিলে টিঙিৰা বেজৰ ঘৰ বুলি । লৰালৰিৰ ভমকত সি কাকো লগ ধৰিবও নোৱাৰিলে । বেলি কৰিলে জানোচা ভোগায়ে ডবিয়ায় । কিছুদূৰ যোৱাৰ পিচত তাৰ মনত খেলালে, যদি বাঘটোৱে ক'ৰবাত চোপ লৈ আছে । এবাৰ আগলৈ আৰু এবাৰ পিচলৈ চাই চাই সি লৰি আগবাঢ়িল । ওৰে বাটটো সি বুকুত থুৱাই থুৱাই গোসাঁইৰ নাম লৈ যাবলৈ ধৰিলে । ভয়ত তাৰ শুকান মুখৰপৰা থুকে ওলাব নোখোজে, তথাপি সি ভোৰভোৰাই গাই গ'ল ঃ
"অ' মোৰ কলীয়া গোসাঁই, অ' মোৰ নিসিংহ থানৰ নেদেখা গোসাঁই, আউনীআউটি, দক্ষিণপাট, কুৰুৱাবাহী, গৰমূৰ বেঙেনআটি, হালধিআটি আইকেইখন সত্ৰৰ আটাইকেইজন জীয়া গোসাঁই .... আজি ৰলেহে ৰোৱা ....আজি তৰিলেহে তৰা .. ৰাম ৰাম ..... ।"
বাটটো যেন শেষেই হ'ব নোখোজে । অৱশেষত টিঙিৰা বেজৰ দুৱাৰমুখত সি ফোপাই - জোপাই ৰ'লগৈ ।
ইফালে খীৰমন বৰাৰ উকি শুনি টিঙিৰাৰ খৈণীয়েকে দুৱাৰৰ ডাং যে দিলেই, চালপীৰা এখনো দুৱাৰত ভেজা দিবলৈ টানাটানি কৰি আছে । টিঙিৰা বেজে জুহালৰ কাষত টিকিৰা পুৰি বলকি আছে ঃ
"হেৰৌ বেটী, কুঁহিয়াৰ পাব ক'ত থলি অ' ? আনৰ তিৰোতাই চকলিয়াই চকলিয়াই গিৰিহঁতৰ আগত যতনাই দিয়ে, এই বেটীয়ে কুঁহিয়াৰ অকণ বিচাৰিও দিব নোৱাৰা হ'লি ।"