Kakadeutar har - Nabakanta Barua(1) - ককা দেউতাৰ হাড় - নবকান্ত বৰুৱা

ককা দেউতাৰ হাড়


অৱশেষত আইতাক কথাটো ক'বলৈ ময়েই ওলালোঁ । আমাৰ শ্ৰীমতীৰ মনেৰে হেমন্তহঁত ইতিমধ্যে বহুত আগবাঢ়িছে  । নমিতাক দেখিলে তেওঁৰ হেনো জা-ক যেন লগা হ'লেই । সিহঁত দুটা বেচ মিলিব বুলিয়ে মোৰো ধাৰণা । পিচে খোজা-বঢ়াকৈ ছোৱালী অনাটোৱেই আমাৰ পৰিয়ালত এতিয়াও চলি আছে আৰু আইতাই আমাৰ ঘৰৰ ঘাই ধৰণী । আইতাৰ সন্মতি নোহোৱাকৈ কোনো কাম কৰাটো আমাৰ ঘৰত হোৱা নাই, এনেও নহয় , কিন্তু আইতাই ' তহঁতে ভাল দেখিছা যেতিয়া কৰ' বুলি চাল-মোহৰ মাৰি নিদিয়ালৈকে আমাৰ মনে খুত খুতাই থাকে ।আইতা যেন আমাৰ কমনোৱেলথৰ ৰাণী, কোনো কথাত পোনপটীয়া অংশ নলয় - অথচ সন্মতি নিদিলেও আইন হ'ব নোৱাৰে । গতিকে আইতাৰ অনুমতি অনাৰ অৰ্থাৎ কথাটো আইতাক জনোৱাৰ উদ্দেশ্যেৰে নগাঁৱলৈ গ'লোঁ ।

বাছখন নগাও পাওঁতে বেলি লহিয়াইছে । ৰিক্সাৰে নগৈ জংঘ্লী মিস্ত্ৰীৰ ঘাটৰ কাষৰ নিজঞ্জাল বাটটোৰে আগবাঢ়িলোঁ । কলংখন ইমান ওচৰৰ পৰা বহুত দিনৰ মূৰত দেখিলোঁ । ইমান যে ক্ষীণাইছে ! ল'ৰাকালত এইখিনিতে কলংখন সাঁতুৰি পাৰ হওঁতে ইমান বহল যেন লাগিছিল, ইমান ভাগৰ লাগিছিল ? ঘাটৰ ওচৰৰে ঘুলিটোলৈ আমি বৰ ভয় কৰিছিলোঁ । আমাৰ দলৰ নলিনহে অকমাত্ৰ একে ডুবতে ঘুলিটো পাৰ হ'ব পাৰিছিল । এতিয়া ডুব মৰা দূৰৰ কথা, কাছ সাঁতোৰ দিয়াৰ জিখায়েই পানী নাই চাগৈ । পানীত ক্ষীণ সোঁত এটা গম পায় কেৱল উটি যোৱা মেটেকাবোৰৰ পৰাহে ।

ৰাতি ভাত পানী খাই আইতাৰ আগত কথাটো উলিয়ালোঁ । আইতাৰ প্ৰতিক্ৰিয়াটোৰ বাবে মই সমূলি প্ৰস্তুত নাছিলোঁ ।

"সেই ঘৰৰ ছোৱালী নানিবি বোপাই" আইতাই ক'লে । মই অলপ থমক খাই ৰ'লোঁ । "কিয় আইতা, ঘৰখনচোন বেচ ভাল । পুৰণি পৰিয়াল । গুৱাহাটীত কেবা পুৰুষো আছে । আৰু নমিতাকচোন তুমি দেখিছাও, পোনাৰ বিয়াত যে আহিছিল । ছোৱালীজনৰ কিবা খুত আছে জানো ? আমাৰ হেমন্তৰো মন - মিলিবও ।" মই একে উশাহতে গোটেই কথাখিনি কোৱাদি ক'লোঁ ।

"নমিতা ছোৱালীজনী ভালেই চাগৈ" । পোনাৰ বিয়াত মাকে মোক চাই গৈছিলগৈ নহয় । দেউতাৰ গুৱাহাটিত থাকোঁতে মাকেই জীয়াৰী আছিল । আমি তেওঁলোকৰ ওচৰতে আছিলোঁ । পিচে ঘৰখন ....  ।"

বিয়া-বাৰুৰ কথা উঠিলেই আমাৰ মানুহে ঘৰখনৰ কথা উলিয়ায় । মোমাই তামুলী কিবা ডাঙৰ মানুহৰ ল'ৰা আছিলনে ? আমাৰ কৃষি প্ৰধান অৰ্থনীতিৰ দিনত বাৰু সেইবোৰ চোৱা-চিতা দৰকাৰ আছিল । এতিয়া এই গাই গোটে পেটে ভঁৰালৰ দিনত সেইবোৰৰ কিবা অৰ্থ আছে জানো ? এতিয়া বিয়া দুজন মানুহৰহে হয়; পৰিয়ালে পৰিয়ালে ক'ত হয় ! আইতাক অৱশ্যে এইবোৰ কথা কোৱাৰ যুক্তি নেদেখিলোঁ । গতিকে ক'লোঁ, আইতা, ঘৰখনচোন তুমি জানাই ! বেচ পুৰনি ঘৰ , ছোৱালীৰ লেখা-পঢ়াও আছে, অৱস্থাও ভাল ।" আইতাই মূৰ জোকাৰি ক'লে "শুকক আৰু কি বেদ পঢ়াবি বোপাই । সিহঁতৰ ঘৰখন আৰু মই চিনি নেপাওঁনে ?  হেমন্তক ক গৈ - সি যেন তাত বিয়া নকৰায় ।"

মই অলপ বিৰক্তিতেই সুধিলোঁ, "কিয় আইতা ? মইতো হেমন্তক এটা কাৰণ দেখুৱাব লাগিব ।"

"তাৰ কথা তাকেই ক'ম মই । পঠিয়াই দিওঁগৈ । কিন্তু ঘৰৰ ডাঙৰ ল'ৰা হিচাবে মোৰ দায়িত্বও জানো নাই ? মই আইতাক ক'লো, "হেমন্তৰ মনত পোনপটীয়া আঘাতটো নিদি মোকেই আপত্তিৰ কাৰণটো ক'ব  পাৰা দেখোন ।"

আপত্তি মোৰ নহয়, বোপাই, আমাৰ ভাগ্য পুৰুষৰ । একেটা গাঁততে দুবাৰ তামোল পুতিব নেপায় ", আইতাই ক'লে ।

দুবাৰ তামোল পোতা কথাটো মই বুজা নাছিলোঁ । আইতাই হাঁহি মাৰি ক'লে "একে ঘৰতে দুবাৰ সম্বন্ধ কৰিব নেপায় বুলি কয় দেখোন আগৰ মানুহে ।" 

আমাৰ এই ' ভাল মানুহ' কিঘৰৰ আকৌ থিতাতে সম্বন্ধটো ওলায় । মোৰ বিয়াৰ সময়তো কেইবা ঘৰৰো ছোৱালী সম্বন্ধে ঢুকি পায় বুলি এৰিবলগীয়া হৈছিল । মই পোনপটীয়াকৈ প্ৰশ কৰিলোঁ ।

"কিবা সম্বন্ধে পায় নেকি, আইতা ?"

"পায়ো, নেপায়ো," আইতাই ক'লে , "মুঠতে মোৰ কথা শুন - এই বিয়াখন হ'বলৈ নিদিবি ।"

"আইতা, কথাবোৰ সাঁথৰ কৰি নেপেলাবা চোন ।" মই লপ টানকৈ ক'লোঁ ।

আইতাই মোৰ মুখলৈ চালে । মই চকুদুটা এবাৰ তললৈ নমাই আকৌ আইতাৰ মুখলৈ চালোঁ । আইতাই বিষন্ন মাতেৰে ক'লে " এই বিয়াখনৰ কথা তহঁতে মনৰ পৰা গুচা বৰ মইনা ।"

"কিন্তু হেমন্ত যে ভালেখিনি আগবাঢ়িছে ।"

আইতাই সৰুকৈ সুধিলে, "কিবা লেঠা - চেঠা হৈছে নেকি আকৌ ?"

"তুমি যে আৰু কথাবোৰ কোৱা আইতা ! নহয়, তাৰ আৰু নমিতাৰ লগত সকলোৱেই জানে সিহঁতৰ বিয়া হ'ব বুলি । আমিও জানো । এতিয়া তোমাৰ মতটো হ'লেই হয় ।"

"মোক নুসুধি বিয়া কৰালে মোৰ ক'বলৈ একো নাছিল । মোক সুধিলে মইনো বাৰু তহঁতক এটা শাওপাতৰ মাজলৈ কেনেকৈ ঠেলি পঠিয়াওঁ - ক'চোন ।

আইতাৰ কথাখিনিত থকা আঁকোৰ-গোজালি ভাবৰ আঁৰত মই যেন শুনিলোঁ কিবা এটা বিষন্নতাৰ, হতাশাৰ সুৰ । আইতাই কি শাওপাতৰ কথা কৈছে বাৰু ? নমিুতাহঁত গুৱাহাটীৰ আৰু আমি নগাঁৱৰ । কাম-কাজৰ কাৰণে আমি দুঘৰ গুৱাহাটিতে থাকি যোৱা গৈছোঁ  । আধআ চিনাকিৰ পৰা চিনাকিৰ পৰ্যায়লৈ আহিছে নমিতাহঁতৰ পৰিয়ালটো । আইতাই সম্ভবতঃ গুৱাহাটীত থাকোঁতে ঘটা কিবা ঘটনাৰ কথা জানে - যিটো মোক ক'ব খোজা নাই ! কিন্তু এই পৰিয়ালটোৰ বিষয়ে তেনে কোনো কথা মনলৈ আহিব নখোজেচোন, আইতাৰ বিষন্ন কণ্ঠস্বৰে মোৰ মনলৈ এটা খু-দুৱনিৰ ভাব আনি দিলে । কি শাওপাত ? কিহৰ শাওপাত ? মই আইতাক ক'লো, "তাৰ মানে তেওঁলোকৰ লগত আমাৰ কিবা সম্বন্ধ আছিল ? কিন্তু কেনেকৈ ? তেওঁলোক গুৱাহাটীৰ আমি নগাঁৱৰ ।"

"গুৱাহাটীৰ মানুহ বুলি কোনো মানুহ নাই অ' বৰ মইনা । তাৰ সৰহখিনি মানুহেই আন ঠাইৰ পৰা অহা, কোনো বৰফুকনৰ আমোলত কোনোবা মান ভগনত । তাৰ পিছত চৰকাৰী চাকৰিয়াল ! এতিয়াও দেখিছ চাগৈ, কেনেকৈ মানুহৰ সোঁত আহি চহৰবোৰত লগ লাগিছেহি । ইমান সম্ভ্ৰান্ত মানুহ উঠি গৈ গুৱাহাটীতে জাহ গ'ল - কিমান ঠেৰু ছিগা মানুহ আহি গোজেই গছ হৈ বহিল ।"

আইতাৰ মুখত গুৱাহাটীৰ জন্ম কাহিনী শুনাৰ ধৈৰ্য মোৰ নাছিল । ক'লোঁ "সেইবোৰ জানো আইতা, তাহানি বৰফুকনে কামৰূপৰ স্থানীয় মানুহখিনিক নিশা নগৰত থাকিব নিদিয়াৰ কথাও শুনিছোঁ । নমিতাহঁতো নিশ্চয় কোনোবা এটা সময়ত উজনিৰে পৰা উঠি অহা । কিন্তু আমাৰ লগত বিশেষ কোনো সম্বন্ধৰ কথা শুনা নাই দেখোন ।"

"সিহঁত ক'ৰ মানুহ জান?" আইতাই পোনপটীয়াকৈ প্ৰশ্ন কৰিলে ।

"হ'ব আৰু চাৰিং ন-দুৱাৰ বা তেনে কোনো কোনো ঠাইৰ ।"  মই পাল মৰা উত্তৰ এটা দিলোঁ ।

"শুন"   আইতাই দীঘল উশাহ এটা লৈ অলপ পৰ ৰ'ল । তাৰ পিচত ক'লে, " শুন, সিহঁত আৰু তহঁত একালত বৰ ওচৰা ওচৰিকৈ আছিলি । সিহঁতৰ গাওঁ আৰু তহঁতৰ গাওঁৰ মাজত আছিল এখন পথাৰ - একাহী পথাৰ । মই ন-বোৱাৰী হৈ আহোঁতেই দেখিছিলোঁ সেই পথাৰ - একাহী পথাৰ, মানে আকাশী পথাৰ । ইপাৰৰ ৰিং সিপৰে শুনাৰ কথাই নুঠে, সিপাৰৰ বাঁহনিবোৰ ববছা বনৰ জোপা যেন লাগে ।"

আইতাই যেন এটা ভয়লগা সাধুহে আৰম্ভ কৰিব খুজিছে । আইতাৰ একাহী পথাৰৰ মাজেদি এতিয়া ৰে'লৰ আলি হ'ল ।
আমি সৰুতে দেউতাৰ লগত আধিত দিয়া ধান আনিবলৈ যাওঁ । একাহী নামটোও শুনা নাছিলোঁ । আইতাই আপোন মনে কোৱাদি কৈ গ'ল ঃ

" এই ফালে কলং, মাজত তহঁতৰ গাওঁ, সিমূৰে নৈ, ন-নৈ কলংখন দেখিলেই মোৰ তহঁতৰ পৰিয়ালটোৰ কথা মনত পৰে ।বৰ কালিকা লগা এই নৈখন ..."

"নীল বৰুৱাৰ পুতেকে কলং পাৰত লিখা পদ্য দুটামান পঢ়িছিলোঁ , কলঙৰ কালিকা কিবা ধৰিব পাৰিছেনে নাই চাইছিলোঁ । পিছে নাই, কলঙৰ কথাচোন তাত নায়েই, কিবা ডেকা গাভৰুৰ মেল হে চোন "

কলংখন দেখিলে মোৰো দুখ লাগে । আমি জংঘলী মিস্ত্ৰিৰ ঘাটৰ কাষেৰে আহোঁতে আৰু দুখ লাগিছিল । কিবা আইতা আইতা লাগিছিল । সৰুতে দেখিছিলোঁ শিলঘাটৰ ওচৰত বাৰিষাৰ নাওঁৰ তলিখন মাথোন তিতে । নাওঁবোৰ দলঙৰ দৰে উবুৰি লৈ পৰি থাকে । খৰালি বালিত গাঁত খানি পানী একো গাগৰি নিয়ে - ওহোঁ - গাঁৱৰ জীয়াৰী-বোৱাৰীবোৰে নহয়, চুটি মেখেলাৰ ওপৰত  ব্লাউজ পিন্ধা পেন্দুকণা আইটি একোজনীয়ে । কাৰণ 'মানুহ' হোৱাৰ পিছত ছোৱালী ঘাটলৈ যোৱাটো লাজৰ কথা । 'ভাল মানুহৰ গাওঁ যে ...."

এইখনেই কলং । ভুগোলৰ মতে সুঁতি । কিন্তু মিছা আৰু দিজু নামৰ পাহাৰী জুৰি দুটাই লগ নধৰাকৈ তাত সোঁতেই নাথাকে । এইখনেই কলং । নৈ বুলি ক'লে হাঁহি উঠে । এতিয়া মনত পৰে নৈ বুলি ক'লে তাহানি মহাজননী আয়েও হাঁহিছিল । কিন্তু সম্পুৰ্ণ বেলেগ কাৰণত । উৱা, কলং কলঙেই । নৈ হ'বলৈ যাব কিয় ? আমাৰ বৰ আই এগৰাকী ডিবুৰুৰ ছোৱালী তেতিয়াৰ দিনৰে নিম্ন প্ৰাইমেৰী পাছ । ঘৰত পকী নাদৰ পানী খয় সদায় । বিয়াৰ পিচত আহি খোৱা পানীখিনি অলপ ঘোলা যেন দেখি নৈৰ পানী নেকি বূলি সুধুছিল । ইচকুল পঢ়া বৌৱেকৰ বুদ্ধিৰ হ্ৰস্বতাত ননন্দেকে কৈছিল, "এৰা, এতিয়া দহ মাইল বাট বাটকুৰি বাই তোমালৈ নৈৰ আনিব গৈ কোনোবাই । খোৰাঁ কলঙৰ পানী ।" 

নৈ মানে তেওঁলোকৰ অভিধানত ন-নৈ । এইখন কলং । আকৌ মনত পৰিল সৰুতে আইতাই কোৱা পুৰণি কথাবোৰ - মিকিৰ হাটৰ নিৰাময় মৌজাদাৰ গৈছিল গুৱাহাটীৰ কমিচনাৰ চাহাবৰ ওচৰলৈ । কাজলীমুখ চেৰাই নাওঁ যেতিয়া ব্ৰহ্মপুত্ৰত পৰিল তেতিয়া সৰুপাই নাওবৈছাই হেনো চিঞৰি উঠিছিল, "আই ঔ, এইখন বৰ ডাঙৰ কলং ঔ" বুলি । আমাৰ চিৰি-লুইতৰ পৰা সৰুপাইৰ গাওঁ কুৰি মাইলৰ ভিতৰত, কিন্তু কলঙৰ বাহিৰে আন নৈ.... সি দেখা নাই ।তাৰ অভিধানত কলং মানেই নৈ, নৈ মানেই কলং ।

মই এইবোৰ ভাবি থাকোঁতেই যেন আইতাই মোৰ মনৰ ভিতৰখন এখন কিতাপ পঢ়াদি পঢ়ি গৈছিল । আইতাৰ মাতত মোৰ চমক ভাগিল ।

"এৰা বোপাই, কলংখন তেনেই মৰি সুঁতি হ'ল । কিন্তু আগতে তেনে নাছিল । হাতীমূৰা পৰ্বতখনে বাট ভেটা দি ধৰাৰ পৰাহে হ'ল, আগতে সেইটো এটা চাপৰিহে আছিল , বছৰি তল যায় । দেখা নাই, কোৱা শুনিছোঁ । তেতিয়া বোলে কলঙত কোম্পানীৰ জাহাজো চলিছিল । পিচে, কলং হেনো এনেকৈ নেথাকে, এদিন বোলে লুইতৰ ঘাই সুঁতিটো এইফালে দিয়ে ব'ব - দুই মুনি শিলা উত্তৰ পাৰলৈ যাব ..."

আইতা এনেকৈয়ে ক্ৰমে ক্ৰমে অতীতৰ মাজলৈ সোমাই যায় । কিম্বদন্তীৰ পৰা আৰম্ভ কৰি খেলিমেলিকৈ পাৰৰ মানুহবোৰৰ কথা ক'বলৈ আৰম্ভ কৰে । কলংপাৰৰ ভাল মানুহৰ গাওঁ কিখনৰ নিস্তৰংগ জীৱন যাত্ৰাৰ পলসত যেন আইতা সোমাই পৰে ...  ।"

গতানুগতিক বংশ পৰম্পৰাৰ আমনি লগা অহংকাৰ । সেই অহংকাৰ অতীতৰ । অতীতৰ অহংকাৰৰেই জ্ঞান নাম কিজানি বুৰঞ্জী । এই বুৰঞ্জীয়ো এদিন সত্য আছিল এই অহংকাৰৰ দৰেই । আইতাহঁতৰ কলং পাৰৰ এই জীৱন জীয়াই আছিল অতীতক লৈ ।

ৰজাঘৰীয়া সন্মান আৰু প্ৰতিপত্তি যোৱাৰ লগে লগেই আৰম্ভ হ'ল চাহবাগিচাৰ সৈতে লেনদেন; ব্যাবসায় নহয়, চাকৰি । ব্যাবসায় কৰিব পৰা অধ্যবসায় আৰু মনৰ স্থিৰতা এওঁলোকৰ নাই । আনকি আগৰ যুগৰ মানী মানুহ হিচাপে ইংৰাজ চৰকাৰৰ পৰা পোৱা মৌজাকিটাও এওঁলোকে চলাই খাব নোৱাৰিলে । 

আইতাই বৰ কৰুণভাৱে বিৰক্তিহীন তিক্ততাৰে কৈ গ'ল, " সোপাই বাগিছাৰ চাকৰিত সোমাল - মাইকী মহৰিৰ পৰা বৰ বাবুলৈকে - তাৰ ওপৰত নাই । চাকৰিৰ লগতে অলপ খুচুৰা বেপাৰ । কলঘৰ সজাৰ পৰা কিছু টিনপাত আনি কাৰোবাক দিয়া, চিলটীয়া বেপাৰীক কিছু চোৰাং চাহ পাত - এইবোৰ বুজিছ বৰ মইনা । কিন্তু কথাই বতৰাই চাহবাগানৰ মালিকৰ সুৰ !"

কথাটো ময়ো মন কৰিছিলোঁ । আমাৰ পৰিয়ালত এটা নতুন সংস্কৃতিৰ চানেকি দেখিছিলোঁ আৰি শুনিছিলোঁ তাৰ উপযোগী ভাষা ।মোমাই, মাই, বাই - এইবোৰ হেনো ছোটলোকৰ ভাষা । মহাদেউ, মাহীদেউ বোলা দস্তুৰ পলমকৈ অহা উজনীয়া 'ঢং' । সেই মানুহ সকলে 'ফজিৰ'তে উঠি 'কামজাৰি'লৈ যায় - হয়তো নাঙলৰ ফাল চাঁচিবলৈকে । 'মামা'ৰ বিয়ালৈ 'দিদি' আহিব নোৱাৰাৰ কাৰণে 'আপচোচ' কৰে ।

মাটি থাকে আধিত । সৰুতে দেখিছিলোঁ - দীঘল দীঘল দাগৰ একোচিটা মাটি ।পুৰুষে পুৰুষে দীঘে দীঘে ভাগ হৈ আহি একোডোখৰ মাটি দীঘে এমাইল, পথালিয়ে হালখন ঘূৰে কি নুঘূৰে । বৰ-ঘৈণী ন-ঘৈণীৰে কমেও দুজনী তিৰোতাৰে একোখন কুৰিজনীয়া সংসাৰ কোনোমতে বৰ্তি থাকে । বাকীখিনি চাহবাগিচা আৰু সৰুসুৰা চৰকাৰী চাকৰিয়ে যোগায় । 

"কিন্তু বোপাই, বিয়া-বাৰু হ'লে সদায় আঁতৰে আঁতৰে ।" আইতাই আলপ অৰ্থপূৰ্ণ সুৰত ক'লে, আঠগাওঁৰ টুকৰিয়ালৰ ঘৰ, চতিয়াৰ দফলা বৰুৱাৰ ঘৰ, আনকি উত্তৰ গুৱাহাটীৰ মজিন্দাৰৰ ঘৰৰ লগতো ছোৱালী দিয়া অনা হয় । পিচলৈ তহঁতৰ কলেজ পঢ়া চাকৰি কৰা দুই এজনে উজনিৰ কাকতি দুৱৰা ঘৰৰোছোৱালি আনিছে দুই এক ।"

"সেই অঞ্চলতে হ'লে কাকতী বৰাৰ ঘৰ আৰু কঢ়ালৰ ঘৰৰ বাহিৰে আনৰ লগত মিতিৰ সম্বন্ধ নাই । দুই এঘৰৰ বিষয় খোৱা হাজৰিকা শইকীয়ালৈ দুই এজনী ছোৱালী দিছে - বাকীবোৰ হেনো ছোটোলোক - কাঁড়ীৰপৰা       নাম নকটাৰ     গুস্তি ।"

আইতাই বাৰু এইবোৰ কি কৈছে ! বংশ গৌৰৱৰ ক্ষেত্ৰতো আইতা নিজেওতো কম নহয় । আজি কিহৰ কাৰণে আইতাই এইদৰে নিষ্ঠুৰভবে  নিজৰ অতীতক বিশ্লেষণ কৰি চাব খুজিছে । আইতাই নিন্দাৰ ছলেৰে গৌৰৱ কৰিছে নে গৌৰৱৰ ছলেৰে নিন্দা কৰিব খুজিছে বাৰু ?

"বুজিছ বোপাই, এই ভেমকণেই আছিল তেওঁলোকৰ জীৱন । তাতেই যেন তেওঁলোকে জিৰণি লৈছিল , তাকেই পাগুলি জীয়াই ৰাখিছিল নিজকে । ভেম নো নকৰিব কিয় ?" তাৰ পিচত আইতাই যিখিনি ক'লে তাৰ সাৰমৰ্ম এই ঃ

কলঙৰ অতীত থকাদি এদিন সিহঁতৰো আছিল বিচিত্ৰ অতীত । সেই অতীতত নাছিল ৰজাঘৰীয়া চাকচিক্য অথবা গ্ৰাম্য সৰলতা । কেৱল মাত্ৰ মৰ্য্যাদাৰ স্থুল প্ৰতিপত্তি । সময়েদি উজাই গ'লে মন কৰিব পাৰি কলিয়াবৰৰ পৰা খাগৰিজানলৈকে এই অঞ্চলটোত সমাজৰ কোনো ভাৰসাম্য নাছিল । উত্তেজিত হ'লে সিহঁতৰ সীমজ্ঞান নেথাকে , আনন্দিত হ'লে পাহৰি যায় ৰুচি । ৰজাৰ চকুত পৰিনলৈ বৰফুকনৰ মান যোগাবলৈ চমধৰা কোঠাত গড় মাৰি থকা ৰজাৰ সৈন্যৰ মাইকী যোগনীয়া হ'বলৈকো সিহঁতৰ বহুতৰ কুনঠা নাছিল । আনহাতে আকৌ আহোমৰ দুৰ্দিনত আশ্ৰয় বা সহায় বিচাৰি অহা ৰজাক সিহঁতে ছাগলী খেদোৱাদি খেদি পঠিয়াইছিল । চিৰ অশান্ত এই অঞ্চলৰ প্ৰজাই ন দিনৰ ভিতৰতে দুচাম ৰাজবিষয়াৰ পৰিবৰ্তন বিচাৰি হাবাথুৰি খায়; আকৌ আগৰ বিষয়াতেই সন্তুষ্ট হৈ সেও হয় । ৰাজবিষয়াৰ অত্যাচাৰ আৰু প্ৰতিষ্ঠাকামীৰ খিয়লা-খিয়লিয়েই নগাঁৱৰ ইতিহাস ।

"নদাই খৰঙিৰ কথা সুনিছ ?" আইতাৰ প্ৰশ্নত আকৌ আহি যেন আমাৰ ঘৰ পালেহি । 

"শুনিছোঁ আইতা, লাচিত বৰফুকনে শৰাইঘাটত বেমাৰী গাৰে নদাই খৰঙিৰ কান্ধত ভৰ দিয়েই নাওঁত উঠিবলৈ গৈছিল । "

"সেই নদাই - মানে নন্দেশ্বৰ তহঁতৰ উপৰি পুৰুষৰ এজন । বৰফুকনৰ গা- ৰখীয়া আছিল । কলীয়াবৰৰ পৰা আহি মিকিৰ হাটত থিতাপি লোৱা বৰুৱা কেইঘৰৰে এজন হ'ল ভোগাই  - ভোগেশ্বৰ বৰুৱা, নদাইৰ দুপুৰুষৰ তলত । পলৰীয়া ৰজা গৌৰীসিংহৰ দিনত তেওঁ ডেকা মানুহ ।

আইতাৰ কথা শুনি শুনি আজিৰ যিটো প্ৰসংগত এইবোৰ পুৰণি কথা ওলাইছে তাৰ কথা পাহৰিয়েই গৈছিলোঁ । ভাবিলো আইতাক সোধো তেওঁ কোৱা কাহিনীৰ লগতনো হেমন্ত-নমিতাৰ বিয়াখনৰ সম্পৰ্ক ক'ত ? কিন্তু কিবা এটা মই অনুমান কৰিলোঁ; আইতাই হয়তো পুৰ্বপুৰুষৰপৰা মুখে মুখে বাগৰি অহা কিবা জানে আমাৰ পৰিয়ালৰ - তেওঁ কোৱা মতে কিবা শাওপাতৰ কথা । সেইবাবে আইতাক আৰু একো নুশুধিলোঁ । আইতাই কৈ যাওক, মই শুনি যাম ।

আইতাই হঠাৎ ক'লে " মোৰ জোৰণত দিয়া গহনাখিনি দেখিছিলি নে? সেইখিনিৰেই তহঁতৰ মা'ৰোৰো জোৰণ দিয়া হৈছিল ।"

মোৰ মনত পৰিল আয়ে এবাৰ দেখুৱাইছিল কেইপদমান পুৰণি অলংকাৰ । ক'লো, "দেখিছিলোঁ আইতা, কি হ'লনো ?"

"কেনেকুৱা আছিল গহনাখিনি ?"

"জানো ? মনত নাই বিশেষ ।"

"তই কিজানি মন কৰা নাই । গোটেইখিনি অলংকাৰ মিনা কৰোৱা । ঢাকা জিলাৰ পৰা মিনা কৰাই আনিছিল তোৰ ককাৰে ।"

পুৰণি বা নতুনেই হওক, অলংকাৰ মহিমাৰ বিষয়ে মোৰ কোনোকালে কোনো কৌতূহল নাই । কিন্তু আইতাৰ কথাবোৰ মোৰ কিবা প্ৰহেলিকাময় যেন লাগিবলৈ ধৰিলে । ভোগাই বৰুৱাৰ কাহিনীৰ লগতে মিনা কৰা গহনাৰ বা কি সম্বন্ধ ? মই ভাবি নোৱাৰিলোঁ । আইতাই মাথোন ক'লে, " আগেয়ে তহঁতৰ পৰিয়ালত জোৰনত মিনা কৰা গহনাহে দিয়ে । ভোগাই বৰুৱাৰ পুতেক জুৰাইৰ দিনৰ পৰা সেইটো চলি আছে বোলে ।"

মোৰ বিয়াৰ আগে আগে আইৰ গহনা বোৰ চোৰে নিছিল । আয়ে কিবা কিবি নতুন গহনা কৰাইছিল । মনত পৰিল, তেতিয়া আইতাই মিনা কৰোৱা আঙুঠি এটা হ'লেও দিবলৈ দিছিল । মিনা কৰা আলংকাৰ দিয়াত কিবা অৰ্থ আছে বুলি তেতিয়া ভবা নাছিলোঁ । কোনেও একো কথাও কোৱা নাছিল । আজি যেন তাত এটা দূৰৰ সংকেত পালোঁ ।

"ভায়েকৰ বিয়া য'তে নেপাত লাগে, মিনা কৰা অলংকাৰ দুপদমান দিবি । মই মা'ৰকো ক'ম । কিন্তু পাৰিলে সেই ঘৰত বিয়া নকৰাবি । তহঁতে সিহঁতৰ প্ৰতি ডাঙৰ অন্যায় - নহয় - পাপ কৰি থৈছ । সেই শাওপাত এতিয়াও যোৱা নাই । সেইবাবেই কিজানি তহঁতৰ হৈয়ো একো নহয় । তহতে জখলা একোডাল হৈ আনক বগাবলৈ সুবিধা দিছ । নিজে একো কৰিব পাৰা নাই ।"

আইতাৰ সোতোৰা-সুতুৰি হাত দুখন মই খামুচি ধৰিলোঁ । মুহূৰ্তৰ বাবে পাহৰি গলোঁ হেমন্ত-নমিতা সকলোকে । মোৰ অতীত জানিবৰ মন গ'ল । অতীতক । মনে মনে ক'লোঁ, কোৱা আইতা, মোক ভোগাই বৰুৱাৰ কথা কোৱা, মিনা কৰা কি শাওপাত পাহৰায় নে সোঁৱৰায় - তাৰ কথা কোৱা । 

আইতাৰ কাহিনীয়ে মোক সময়ৰ বুকুৰে উজুৱাই লৈ গ'ল অৰ্ধ-অৰাজক এখন ঠাই আৰু এটা সময়লৈ । 

                                                        -----------------------------------


                                                                                                                                          দ্বিতীয় অধ্যায়

He jeevan - Poems of Ram Gogoi : হে জীৱন - ৰাম গগৈৰ কবিতা

পুৱাৰ পৰা গধূলিলৈকে
প্ৰতিটো মুহূৰ্ততে
ভয় , সন্দেহ । হয়তো ছিঙি যাব
সেই সোণালী সূতা ।

কোন দিশৰ পৰা আহিছে বতাহ
গছৰ পাতবোৰ
এবেলি ইফালে, এবেলি সিফলে হালিছে
আকাশ ভাঙি
সো-সোৱনিৰ গভীৰ ধ্বনি
অন্তৰ্ভেদী আৰ্তনাদ ।

ফুল তোলোঁ বুলি মেলি দিলোঁ হাত
ফুলৰ পাহিত তেজ,
হাতত তুলি ল'লোঁ এমুঠি মাটি,
মাটি নে জুই ? ইমান তাপ !



Nirjaas - Poems of Ram Gogoi : নিৰ্যাস - ৰাম গগৈৰ কবিতা

কোনো এক মনোৰম স্নিগ্ধ প্ৰভাতত,
নিয়ৰে দেখিলে স্বপ্ন
দুবৰিক বৰণৰ মালা পিন্ধোৱাৰ;
জিলমিল জিঁয়াৰ পাখিত
অস্তগামী সূৰুজৰ বৰ্ন সমাহাৰ,
আপোন দ্যুতিৰে জ্বলি সৰু সৰু জোন পৰুৱাই
দূৰ কৰে অমা অন্ধকাৰ ।
অনেক বালিৰ কণা একগোট হৈ
সৃষ্টি হ'ল পৃথিৱীৰ বহু প্ৰান্তৰত
সুবিস্তীৰ্ণ মৰুভুৰ বক্ষ তৃষ্ণাতুৰ;
এটি দুটি মুহূৰ্তৰ, ক্ষণৰ বিপুল বোজা বোকোচাত লৈ
মহাকালৰ ইমান গধূৰ;
স্মৃতিৰ গবাক্ষ ভেদি ভঁহি অহা শৈশৱৰ স্নিগ্ধ-সুৰভিৰে
হ'ব জানো জীৱন মধুৰ ?



Sagar bichari - Poems of ram Gogoi : বিচাৰি - ৰাম গগৈৰ কবিতা

এজাক উতলা বতাহে গান গালে
জীৱনৰ জীয়াই থকাৰ গান ,
লক্ষ কোটি নক্ষত্ৰৰ আলোক-স্পন্দনে
উদ্ধত চেতনাৰ বিজয় বাৰতা দিলে,
কথা ক'লে নিৰ্ভীক কণ্ঠৰ প্ৰতিবাদ ।

বৰ্ষাৰ অনেক উত্তাল নদী
নাম যাৰ ইম্ফল, কলিকতা, পাটনা, কোলাপুৰ,
হাজাৰ হাজাৰ নদী
গলিত আলকাতৰা। শিল-বালি, কংক্ৰীট অৰণ্যৰ
বাধা ভাঙি ডি আই আৰৰ,
উন্মাদ উদ্দাম বেগে আগবাৰ্হি গ'ল,
উল্লাসিত ৰাজপথঃ
থৰে থৰে কঁপিছিল কুৰুসভা দিল্লী মস্‌নদ্‌ ।

শেষ কৰি সভাপৰ্ব
হঠাৎ আৰম্ভ হ'ল ষড়যন্ত্ৰ যতুগৃহৰ,
সাত সাগৰ তেৰ নদীৰ ' ৰুপদক্ষ ভাস্কৰৰ'
তিলে তিলে গঢ়া ৰূপৰ প্ৰতিমা'
অষ্টাদশী তিলোত্তমা বিংশ শতিকাৰঃ
সংগ্ৰাম লিপ্ত দুটি সহোদৰ;
অট্টহাস্য দুঃশাসনৰ । হাঁহে আৰু ভ্ৰূকুটিৰে
লণ্ডনৰ মিউজিয়ামত
চাৰ্চিল নামৰ এক কায়াহীন অপদেৱতাৰ
ইতিহাস খ্যাত বুলি কোৱা
চুৰটৰ ধোৱা খোৱাটোৱে ।

বতাহৰ উতলা গানৰ সুৰ
হঠাৎ নীৰৱ হৈ গ'ল ।
স্তব্ধ হ'ল নক্ষত্ৰৰ আলোক-স্পন্দন
হাজাৰ হাজাৰ নদী পথ হেৰুৱাই কান্দে
মৰুৰ বুকুত;
য'ত সকলো বস্তুৰে দাম বাঢ়ে দিনে দিনে ,
জীৱনৰ একো দাম নাই ।

সেইবাবে, সেইবাবে এই যে বতাহ ছাটি
আকৌ আহিব, শুনাবাহি নতুন সুৰৰে
পৰম প্ৰাপ্তিৰ বাবে চৰম ত্যাগৰ গান,
লক্ষ কোটি নক্ষত্ৰৰ আলোক স্পন্দনে
কথা ক'ব বলিষ্ঠ কণ্ঠত,
হাজাৰ হাজাৰ নদী ইম্ফল কলিকতা
বৈ যাব সাগৰ বিচাৰি,
মৰুৰ বুকুত তুলি বৰষাৰ বান
ধুই নিব ছাই ভস্ম
জতুগৃহৰ ।


Byaktigata - Poems of ram Gogoi : ব্যক্তিগত - ৰাম গগৈৰ কবিতা

মোৰ দৰে ইমান নীৰৱে কোনে কান্দে,
কিয় কান্দে আৰু
সেই কথা কোনেও নাজানে যদি
নালাগে জানিব;
মই জানো সেই কথা কোনোবাই জানে যদি
মোক মাথোঁ ভীৰু আৰু মূৰ্খ বুলি ক'ব ।

নিজকে নিজে মই সোধো বাৰে বাৰে,
মই কোন ? মইতো নহওওঁ কদাপি,
মূৰ্খৰ অৰ্থহীন হাঁহি আৰু উন্মাদৰ বিভীষিকা;
তথাপিতো কিয় যে,
নিজকে পাহৰি যাওঁ কেতিয়াবা, যেতিয়া
এটি মাত্ৰ সন্তানে মোৰ পেটৰ ৰোগত ভোগে
আৰু কয় ইটো লগে লগে সিটো লাগে বুলি,
পৰিয়াল পৰিজনে কয়,
টকা লাগে অকা লাগে বুলি ।

চিনি পওঁ ইমান আপোন ভাৱে
বুজি পাও আপোন সত্তাক মোৰ
ইমান গৰীবভাৱে,
তথাপিতো বাৰে বাৰে কিয় ভুল কৰোঁ,
সকলো মানুহে কয় মই হেনো বৰ ভুল কৰোঁ;
সেই দেখো ময়ো ভাবোঁ কেতিয়াবা
কিয় বাৰু বাৰে বাৰে ভুলকে  কৰিছোঁ ।

মোৰ দৰে ইমান নীৰৱে কোনে কান্দে,
কিয় কান্দো,
সেই কথা কোনেও নাজানে যদি
নালাগে জানিব ।
জানি থক মই মাথোঁ বাৰে বাৰে ভুলকে কৰিছোঁ ।

মই জানো, মই মাথোঁ
ধন লোভ ক্ষমতাৰ অসুৰ পূজাৰ
নিষ্ঠুৰ যুপকাষ্ঠত বলিৰ সামগ্ৰী
এক সাধাৰণ ভাৰতীয়; আৰু

হয়তো, এদিন মই,
মই নহ'লেও মোৰ অমৃত সন্তানে
পৰশুৰামৰ দৰে পৃথিৱী ভ্ৰমিব ।

এতিয়া, এতিয়া মাথোন মই নিৰৱে কান্দিছোঁ ।

Ekhan chiThir uttarat - poems of Ram Gogoi - এখন চিঠিৰ উত্তৰত - ৰাম গগৈৰ কবিতা

মৰমৰ ককাইদেউ, তুমি যে লিখিলা,
"ধন-মান, যশস্যা আৰু ক্ষমতাক লৈ
অথৱা,
সিঁহতৰ  আশাত বলিয়া হৈ মানুহ জীয়াই
নথাকে । তেজস্ক্ৰিয় বৰষুণ আৰু
শস্যৰ পথাৰে ইংগিত নিদিয়ে,
মানুহক জীয়াই থাকে প্ৰীতি আৰু ভালপোৱা
মৰমৰ বুকুৰ মাজত ।"
                     জীয়াই থকাৰ, কি গভীৰ প্ৰতীতি
                     তোমাৰ ।
জ্ঞানৰ দুৱাৰ মেলি বিজ্ঞানৰ অভিযান ।
মানুহৰ বিপুল
কি বিৰাট সম্ভবনা,
কি মহান আশা দিলে বিজ্ঞানে
মানুহৰ জীৱনে জীৱনে । শান্তি আৰু প্ৰগতিৰ ।
(ফুলশয্যাৰ ৰাতি,
মৃত্যুৰ ভয়ত স্তব্ধ প্ৰাণৰ মমতা সানি,
কোনো এক অভিশপ্ত সুনিপুণ শিল্পীয়ে
গঢ়িছিল নিজ হাতে বাঘৰ মূৰতি
ৰুপ দিলে , প্ৰাণ দিলে , মৃত্যুৰে
ৰাখি গ'ল মধুমতী প্ৰেয়সীৰ প্ৰথম মিনতি ।)

হঠাৎ শুনিছোঁ আজি মৃত্যুৰ বাতৰি,
ব্যৰ্থতাৰ কৰুণ ক্ৰন্দন ।
(মৃত্যুমুখী সভ্যতাৰ, নিস্ফল প্ৰচেষ্টা ।
জীয়াই থকাৰ ।)
হয়তো হ'বও পাৰে সভ্যতাৰ নৱ অভিযান ।

বৰষুণ আহক নতুন,
আজি নুফুলিলে শস্য পথাৰত (অভাৱত পৃথিৱীত)
আশাৰ সপোন ঃ
অনাগত অন্তহীন কালৰ বুকুত,
মানুহৰ কেঁচাৰঙা তেজ আৰু ঘাম আৰু সুঠাম বাহুৰ
মৌচুমী পৰশ পাই,
শস্য শ্যামল হওক, হৈ ৰওক চিৰদিন
আমাৰ পৃথিৱী আৰু
আমাৰ মৰম ।

Akashar prati prarthanaa - Poems of Ram Gogoi : আকাশৰ প্ৰতি প্ৰাৰ্থনা - ৰাম গগৈৰ কবিতা

প্ৰভাতৰ বিহংগ কণ্ঠত শুনি নতুন দিনৰ গান,
এদিন হৃদয় মোৰ আকাশ-আকাশ হৈ গ'ল;
নীলোজ্জ্বল দিগন্তৰ ব্যাপ্তি য'ত,
হৰ্ষোলাস চিত্ত-ঔদাৰ্যৰ ।

পাছত,
এদিন শাৰদী ৰাতি আকৌ দেখিলোঁ,
কেঁচা হালধীয়া ৰং এটি জোন
আকাশত ওলমি আছিল ।
অনেক নক্ষত্ৰ স্বপ্ন, স্বপ্নৰ শিখাই পুৰি
সোণালী উজ্জ্বল হৈ ফুলিছিল তাত
য'ত মোৰ হৃদয় আকাশ-আকাশ হৈ গ'ল সেইদিন ।

এদিন আছিলোঁ ময়ো সূৰ্য কৰোজ্জ্বল এটি সৰু ঢৌ
এখনি নদীৰ ।
জীৱন নদীৰ পাৰ খলক লগাই
ময়ো মাতিছিলোঁ আহাঁ কোন কোন যোৱা
সময় অতিক্ৰান্ত মোৰ গতিপথ পৰিক্ৰমা
খেলি মেলি বহু ব্যস্ততাৰ,
হঠাৎ উফৰি গৈ নিজেই হেৰাই গ'লোঁ 
ৰিক্ত যত উপকূল শুকান বালিত ।
এতিয়া কেৱল মাথোঁ হাহাকাৰ,
বতাহৰ বিষণ্ণ কান্দোন,
এতিয়া শুনিছো মই এটি সুৰ বেদনাৰ 
দিনান্তৰ নীড়হাৰা বিহংগৰ নিসংগ আত্মাৰ ।

এতিয়া কেৱল মাথোঁ শুই আছে
বুকুত অসীম তৃষ্ণা পাৰৰ বালিত 
এটি নীৰৱ প্ৰাৰ্থনা,
হে আকাশ,
মোৰ হৃদয় ডাৱৰ ডাৱৰ হৈ
বৰষুণ আহিব কেতিয়া ।



Imaan asthirata - Poems of Ram Gogoi - ইমান অস্থিৰতা - ৰাম গগৈৰ কবিতা

দুপৰৰ ৰ'দ এতিয়া
ওলমি আছে আকাশত ।
দুপৰৰ ৰ'দ জ্বলি আছে মোৰ বুকুত ।

জেঠৰ খৰাং বতৰত
কোনে মোৰ বাঁহী নমাই আনিব বৰষুণ,
ৰাতিৰ তুহিন ভেদ কৰি ভাঁহি অহা
কাৰ মৃদু গুঞ্জনে শীতল কৰিব মোৰ মোৰ বুকুৰ উত্তাপ !

মোৰ বুকুত দুপৰৰ ৰদ,
দুপৰৰ ৰ'দ ওল্পমি আছে আকাশত
মোৰ বুকুত এতিয়া জুই ।
গছৰ ছায়াবোৰ দীৰ্ঘায়ত হয় পুবলৈ,
মোৰ বুকুত এতিয়া জুই,
মই উভতি গৈছোঁ
সেই দীৰ্ঘায়ত ছায়ৰ দৰেই
মায়াবী অন্ধকাৰৰ মাজলৈ ।
(জীৱনৰ আবেলিত একাঁজলি ৰ'দ ।)
মোৰ বুকুত এতিয়া দুপৰৰ ৰ'দ,
মোৰ হৃদয়ত এতিয়া দুপৰৰ দপ্‌ দপ্‌ ৰ'দ ।
আৰু আহত পখীৰ পাখিৰ ঢপঢপনি
আৰু হৃদপিণ্ডৰ স্পন্দন ।

এতিয়া ইমান অস্থিৰতা,
মোৰ হৃদয়ৰ গহনত,
মোৰ বুকুত দপ্‌ দপ্‌ দুপৰৰ ৰ'দ ।
ৰ'দ কাঁচলিত
দেখিছোঁ কেৱল মোৰ দীৰ্ঘায়ত ছায়া ।



Nirab bedanaa - Poems of Ram Gogoi - নীৰৱ বেদনা - ৰাম গগৈৰ কবিতা

দুটি আঙুলিৰ মোৰ
সৰু এটি টিলিকিত,
অকমানি শব্দ এটি
বতাহত মিলি যদি যায়;

বতাহত মিলি যদি যায়
মৰম চেনেহ আৰু যত ভালপোৱা
স্বজন বন্ধুৰ, তেনে
মিছা এই পোহৰৰ ৰূপৰ গৌৰৱ,
মিছা আৰু ঈশ্বৰৰ দান ।
আৰু আকাশৰ নীলা ।

মোৰ এই হৃদয়ৰ্গহীন গহ্বৰ ভেদি
হাহাকাৰ বেদনাৰ দক্ষিণ সমীৰ
আৰু কৰুণ কাতৰ এটি আৰ্তনাদ,
শেষ ক'ত, শেষ ক'ত
ধুমুহাৰ প্ৰলয় নিনাদ
আৰু আত্মগৰ্ব, কলোচাচ
কল্পনা বিলাস ।

মোৰ মন স্বপ্নৰ নীৰৱ নদীত
ধীৰে ধীৰে উটি ভাহি গুচি গ'ল
আকাশৰ কত জোন-নাও,
নীৰৱ নদীৰ স্বপ্ন
থাকি গ'ল অজিওতো
নীৰৱতা, নীৰৱতা হৈ ।

মিলি যদি যায় বতাহত
মিলি যাওক,
সৰু এটি টিলিকিৰ শব্দ হৈ
সময় গৰ্বৰ ধ্বনি,
আৰু দিন জ্বলে, সূৰ্য গলি যায়
সেই উদ্ধ্বত কামনা ,
সঁচা হৈ ৰওক মাথোঁ
অসীম বেদনা মোৰ হৃদয়ৰ নীৰৱতা
চিৰসত্য আনন্দৰ ৰূপ লৈ
চিৰকাল, চিৰদিন ।



Dinantat - Poems of Ram Gogoi দিনান্তত - ৰাম গগৈৰ কবিতা

অঘৰী কালৰ ৰথৰ আৰোহী, দিনমণি,
লাজৰ ওৰণি টানি, আজিলৈ মাগিছে মেলানি
জ্যোতি-স্নান পসচিমৰ দিগবলয়ত গান গাই
ৰঙা মেঘে , বেদনাৰে বিদায়ৰ গান
এন্ধাৰৰ আগমনি চাই ।

গৃহমুখী বিহংগৰ পাখিৰ শব্দ শুনি
হেজাৰ দিনৰ স্বপ্ন মোৰ ভাগি গ'ল ।
খন্তেক পাছতে,
সন্ধ্যাৰ আৰতি-দীপ জ্বলি শেষ হ'ব ।
শেষ হ'ল মছজিদত আজানৰ ধ্বনি;
হঠাৎ শুনিছোঁ মই আত্মাৰ কৰুণ গান;
মৃত-কল্প জীৱনত মৃত্যুৰ নীৰৱ আহ্বান ।
(শেষ হ'ল এটা দিন অলেখ স্বপ্নেৰে ৰঞ্জিত
মৰণে মাতিছে অনুক্ষণ,
জীৱনৰ অংক এটি কমি গ'ল ; আয়ুস কালৰ ।

এন্ধাৰ আহিছে নামি ,
আকাশত এটি দুটি তৰা     হাজাৰ বিজাৰ
হঠাৎ আহিলে তৰা এটি
পৃথিৱীৰ বুকুলে ।
হে কক্ষচ্যুত জ্যোতিকণা, শুনি যোৱা
দিনান্তত
বেদনা বিহ্বল মোৰ জীৱনৰ
স্বপ্নভঙা গান ।



Sundarar para sundaratam - Poems of Ram Gogoi : সুন্দৰৰৰ পৰা সুন্দৰতম - ৰাম গগৈৰ কবিতা



হৃদয়, হে হৃদয় মোৰ,
কঠিনৰ পৰা হোৱা কঠিনতৰ ।
সমুখৰ পথ কণ্টকাকীৰ্ণ ,
চকুৰ পানীৰে জীৱনক আৰু
                         নকৰিবা অসুন্দৰ ।

কিয়নো,
          অগ্ৰজ জনৰ তেজেৰে আমাৰ
          পৰিক্ৰমাৰ ইতিহাস হ' ল লিখা;
          এইবাৰ হ' ব শেষবাৰ
          শত্ৰুৰ স'তে নিষ্ঠুৰ মোকাবিলা ।

হৃদয়, হে হৃদয় মোৰ,
পাষাণৰ পৰা হোৱা পাষাণ,
জীৱন, হে জীৱন মোৰ
দূৰ কৰা যত ৰিক্ততা আৰু
                          বঞ্চনাৰ অপমান ।

কিয়নো,
            ৰঙা সূৰুযৰ হেঙুলী শিখাই
            শতেক যুগৰ অন্ধকাৰৰ
                           ভ্ৰান্তি কৰিছে দূৰ,
দুৰ্বাৰ গতি আগুৱাই ব'লা
             গোৱা নতুনৰ বিশ্ববিজয়ী গান,
             দীপ্তকণ্ঠ কৌটি মানুহ আগুৱান, আগুৱান ।
জীৱন, হে জীৱন মোৰ,
উত্তৰ কালৰ মহাজীৱনৰ
               সূৰ্য সাধনাৰ বাবে
মাতি আনা আজি বজ্ৰ ধুমুহা
               প্ৰলয়ৰ ঘন ঘোৰ;
সাজু হোৱা, আজি হোৱা মৃত্যুৰে মহীয়ান,
সুন্দৰৰ পৰা হোৱা সুন্দৰতম ।
কঠিনৰ পৰা হোৱা কঠিনতম ।



Kolikata - Poems of ram Gogoi : কলিকতা - ৰাম গগৈৰ কবিতা

পথে প্ৰান্তৰে নগৰে চহৰে দলিত জনৰ উদৰ জ্বালা,
দূৰ বিদেশত স্বাধীনতাৰ মহান স্বত্ব, সিঁহতে লিখিলে বিক্ৰীনামা;
ধনিক বণিক, চোৰাং কৰবাৰী, পুজিঁপতি পিছ দুৱাৰত উচ্ছিষ্ট
                                                 জীৱিকা যাৰ,
ৰাজভৱনত দেখিছে সপোন, সাজিছে নিতৌ সমাধি নতুন,
                                                 নিজে হেনো চৰকাৰ ।
মুনাফা চিকাৰী ধনী বেপাৰীৰ দুৰ্নীতিগ্ৰস্ত অৰ্থনীতিৰ জুলুমবাজী,
অনুগ্ৰহৰ গোপন ফাইলত কিমান দক্ষিণা কোনেউ নাপালে জানি;
পদলেহনত লজ্জা নাপায়; তথাপি মন্ত্ৰী, সৰ্বৰোগৰ ধন্বন্তৰি
দম্ভ অহংকাৰত মত্ত, বন্দুকৰ গুলী কৰে ৰাজত্ব গণতন্ত্ৰৰ ধ্বজাধাৰী !

মূৰ-কপালত হাত থৈ সেই সদাচাৰীবোৰ তথাপি স্তব্ধ,
দেখি, আকাশৰ ডাৱৰ ফালি উদিত নতুন সূৰ্য,
ইফালে-সিফালে ৰঙা ভূত দেখি মৃত্যু ভয়ত ত্ৰস্তমান ,
নতুন সূৰ্যৰ পোহৰত জ্বলে সৰু সৰু ফুল বহ্নিমান
দীপ্তকণ্ঠ; উদ্যত বাহু , আঘাত হানিছে বজ্ৰমুষ্টি,
অস্ত্ৰ যে মাথোন মহান একতা, নৱ ইতিহাস কৰিছে সৃষ্টি;
ৰাজপথে ক'লে জনতাৰ ভাষা বুকুৰ শোণিত নিগৰি গ'ল ,
মাতৃ হৃদয় ক্ৰন্দসী আজি, তথাপি নামানে , নুবুজে হৃদয়ে
                                                 ব'ল আগুৱাই ব'ল ।
জনাসাগৰত অমৃত মথিলোঁ; ময়ে কলিকতা নীলকণ্ঠ হ'লো,
                                                  পান কৰি হলাহল,
জ্বলি আছে মোৰ ভঙা হৃদয়ত প্ৰতিশোধৰ দীপ্ত অনল;
অত্যাচাৰীৰ চিতাৰ অগ্নি সেই অনলত যদিহে জ্বলে উঠক জ্বলি,
মুষিকৰ দল, ক'লৈ পলাবি, মাৰ্ল ঘৰত অগ্নিশিখা নাচিছে আজি ।




Petrich Lumumba - Poems of Ram Gogoi : পেত্ৰিছ লুমুম্বা - ৰাম গগৈৰ কবিতা

লুমুম্বা, তোমাৰ নাম সুৰভিৰে জানো লিখিব পাৰিম কবিতা
তুমি অতন্দ্ৰ, দলিতজনৰ মহাজীৱনৰ চিৰ উজ্জ্বল সবিতা
তোমাৰ নামেৰে ইতিহাস হ'ব লাঞ্ছিত ভূমিৰ মুক্তিৰ,
বন্দী চেতনা, স্থিতিশীলতাৰ গ্ৰন্থি ছিঙিলা জিঞ্জিবৰ ।

কুক্কুৰৰ দৰে ক্ষমতা অন্ধ উচ্ছিষ্ট জীৱিকা যাৰ,
সাম্ৰাজ্যবাদৰ পদলেহনত গৰ্বিদ্ধত অহংকাৰ,
প্ৰতিক্ৰিয়াৰ হাতৰ পুতুলা ঘৃণিত দলৰ আত্মতুষ্টি
দীপ্তকণ্ঠ প্ৰতিবাদ তুমি আঘাত হানিলা বজ্ৰমুষ্টি ।

চিৰসেউজীয়া অগাধ অৰণ্য , কংগো নদীৰ অৱবাহিকাত,
যুগযুগান্তৰৰ প্ৰবঞ্চিত সুপ্ত মানৱ স্বজাতিৰ কলিজাত,
আত্মত্যাগৰ মহান ব্ৰতৰ জ্বলাঈ তুলিলা অগ্নিশিখা
মুক্তি সংগ্ৰামৰ বিশ্ব ইতিহাস স্বৰ্ণাক্ষৰত লিখা ।

সমাজ দেহত গলিত কুষ্ঠ গণিকা উপনিবেশ,
কৃষ্ণ আফ্ৰিকাৰ বন্দী আত্মা; দৈৱকী গৰ্ভ জন্মক্লেশ,
অত্যাচাৰী কংস শাসন ধ্বংস অভিযান,
মুখা খহি পৰা 'ইউনো'ৰ ধ্বজা তোমাৰ নামত কম্পমান ।

লুমুম্ব, তোমাৰ অমৰ আত্মা । হে শাশ্বত জ্যোতিষ্মান,
সঁচা জীৱনৰ দলিল লিখিলা মৃত্যুৰে মহীয়ান;
তোমাৰ নামত শোণিতাঞ্জলি হেজাৰ জনতাৰ
মুগ্ধ পৃথিৱী শ্ৰদ্ধা অৱনত তোমাক নমস্কাৰ ।



Chaku meli dekho andhakar - Poems of Ram Gogoi : চকু মেলি দেখোঁ অন্ধকাৰ - ৰাম গগৈৰ কবিতা

চকু মেলি থাকিলেও দেখোঁ অন্ধকাৰ
অন্ধকাৰৰ সেই প্ৰাচীন দেৱালত
বাধাপ্ৰাপ্ত মোৰ কণ্ঠ,
অনুচ্চাৰিত বেদনাত মই
চকুপানী টুকোঁ ।
দুহাত মেলি মাতোছোঁ তোমাক
হে সূৰ্য ধৰা দিয়া
কিন্তু
হাত মেলিয়েই দেখা পাওঁ
আকাশত ক'লীয়া মেঘৰ ঘনঘটা দুৰতে বিদূৰ সূৰ্য ।

সূৰ্য অস্ত যায়
নৰকৰ অন্ধগলিৰ সিপাৰত ।

Chotaal - Poems of Ram Gogoi : চোতাল - ৰাম গগৈৰ কবিতা

এইখন ববনিত অলপ আগতে আহি
বহুত ল'ৰাই অনেক কোঢ়াল কৰি
ফুটবল খেলিছিল ।
সিহঁতৰ ভৰিৰ নখত লাগি ছিগি ছিগি গ'ল বন গুটি;
সেইবোৰ নাভাবিলে সেইজাক দুৰন্ত ল'ৰাই,
সিহঁত আহিল আৰু খেলাৰ শেষত
ঘৰাঘৰি গুচি গ'ল ।

এতিয়া নীৰৱ হোৱা এইখন বননিৰ
সেউজীয়া ঘাঁহৰ বুকুত শুই আছে সন্তৰ্পণে
বহুত টুকুৰা কথা, খেলি মেলি অনেক কোঢ়াল ।
এজাক দুৰন্ত ল'ৰা । সিহঁতৰ প্ৰাণৰ নিবিড় আনন্দ
আৰু অপাৰ হাঁহিৰে মুখৰিত

এইখন বননিৰ ইফালে সিফালে, এইবোৰ ৰঙা নীলা
সৰু সৰু জীয়াঁৰ পাখিত উৰা, গুণ গুণ এছাটি বতাহ ।
মোৰ মনে সাৰ পালে,
সৰু এটি গানৰ কলিৰ দৰে
কথা ক'লে বহুত পুৰণি কথা;
এইখন বননিৰ সেউজীয়া ঘাঁহৰ বুকুত
শুইছিল সন্তৰ্পণে বহুত টুকুৰা কথা,
অনেক কোঢ়াল, মোৰ নিবিড় আনন্দ,
সেইবোৰ সোণোৱালী জীৱন পুৱাৰ ।

এতিয়া আহিছে নামি দিগন্তত
ধীৰে ধীৰে অস্তগামী সূৰুযৰ বেদনা গধুৰ ছাঁয়া ,
এতিয়া ভাবিছোঁ মই
এতিয়া সময় মাথোঁ ভাবি ভাবি টোওপনি যোৱাৰ ।
সপোন সপোন লগা বিগত দিনৰ কথা
শুই থ'ক সংগোপনে সেউজীয়া ঘাঁহৰ বুকুত ,
এতিয়া কেৱল মোৰ মনত পৰিছে

এইখন চোতালৰ দুবৰিতে
হাড়ৰ কপনি তোলা কোনো এক মাঘৰ শীতত
অন্তিম নিশ্বাস থৈ গুচি যোৱা আইতাৰ কথা ।