Sagar bichari - Poems of ram Gogoi : বিচাৰি - ৰাম গগৈৰ কবিতা

এজাক উতলা বতাহে গান গালে
জীৱনৰ জীয়াই থকাৰ গান ,
লক্ষ কোটি নক্ষত্ৰৰ আলোক-স্পন্দনে
উদ্ধত চেতনাৰ বিজয় বাৰতা দিলে,
কথা ক'লে নিৰ্ভীক কণ্ঠৰ প্ৰতিবাদ ।

বৰ্ষাৰ অনেক উত্তাল নদী
নাম যাৰ ইম্ফল, কলিকতা, পাটনা, কোলাপুৰ,
হাজাৰ হাজাৰ নদী
গলিত আলকাতৰা। শিল-বালি, কংক্ৰীট অৰণ্যৰ
বাধা ভাঙি ডি আই আৰৰ,
উন্মাদ উদ্দাম বেগে আগবাৰ্হি গ'ল,
উল্লাসিত ৰাজপথঃ
থৰে থৰে কঁপিছিল কুৰুসভা দিল্লী মস্‌নদ্‌ ।

শেষ কৰি সভাপৰ্ব
হঠাৎ আৰম্ভ হ'ল ষড়যন্ত্ৰ যতুগৃহৰ,
সাত সাগৰ তেৰ নদীৰ ' ৰুপদক্ষ ভাস্কৰৰ'
তিলে তিলে গঢ়া ৰূপৰ প্ৰতিমা'
অষ্টাদশী তিলোত্তমা বিংশ শতিকাৰঃ
সংগ্ৰাম লিপ্ত দুটি সহোদৰ;
অট্টহাস্য দুঃশাসনৰ । হাঁহে আৰু ভ্ৰূকুটিৰে
লণ্ডনৰ মিউজিয়ামত
চাৰ্চিল নামৰ এক কায়াহীন অপদেৱতাৰ
ইতিহাস খ্যাত বুলি কোৱা
চুৰটৰ ধোৱা খোৱাটোৱে ।

বতাহৰ উতলা গানৰ সুৰ
হঠাৎ নীৰৱ হৈ গ'ল ।
স্তব্ধ হ'ল নক্ষত্ৰৰ আলোক-স্পন্দন
হাজাৰ হাজাৰ নদী পথ হেৰুৱাই কান্দে
মৰুৰ বুকুত;
য'ত সকলো বস্তুৰে দাম বাঢ়ে দিনে দিনে ,
জীৱনৰ একো দাম নাই ।

সেইবাবে, সেইবাবে এই যে বতাহ ছাটি
আকৌ আহিব, শুনাবাহি নতুন সুৰৰে
পৰম প্ৰাপ্তিৰ বাবে চৰম ত্যাগৰ গান,
লক্ষ কোটি নক্ষত্ৰৰ আলোক স্পন্দনে
কথা ক'ব বলিষ্ঠ কণ্ঠত,
হাজাৰ হাজাৰ নদী ইম্ফল কলিকতা
বৈ যাব সাগৰ বিচাৰি,
মৰুৰ বুকুত তুলি বৰষাৰ বান
ধুই নিব ছাই ভস্ম
জতুগৃহৰ ।


No comments:

Post a Comment