Khoma prarthanaare - Poems of Ram Gogoi : ক্ষমা প্ৰাৰ্থনাৰে - ৰাম গগৈৰ কবিতা

হে মোৰ জন্মদাতা পিতা,
আৰু মোৰ পূজনীয়া আই,
বাৰে বাৰে তোমাৰ কথাই
মোৰ মনত পৰিছে এতিয়া ।

মই দেখিবলৈ পাইছোঁ
তিনিশ মাইল দুৰত্বৰ সেই অখ্যাত গাৱঁত
তোমালোকৰ সংকুচিত অনাহাৰ-ক্লিষ্ট মুখ;
মই যেন শুনিবলৈ পাইছোঁ
মোৰ হৃদয়ৰ গভীৰত
তোমালোকৰ বুকুভঙা নীৰৱ কান্দোন;
যেন বতাহত ভাঁহি আহে
উজাগৰ বিচনাত অনাহাৰ ৰাতি যাপনৰ
দুঃসহ যন্ত্ৰণা ।

চেনেহৰ আই মোৰ,
তুমি মোক জন্ম দিলা,
অনন্তন্ধকাৰৰ বুকুৰ পৰা
মোক তুমি মাতিছিলা পোহৰৰ সভালৈ,
আৰু তেজ দিলা, দেহৰ সৌষ্ঠব দিলা,
দিলা মোক বুকুৰ অমৃত ।
মই বাৰু কি দিলোঁ ?
কেৱল যন্ত্ৰণা আৰু দুধাৰি চকুলো,
কোনেও নেদেখাকৈ নীৰৱে টোকাৰ ।

হে মোৰ পূজনীয় পিতা,
তুমি মোক জ্ঞানৰ পোহৰ দিলা,
মোৰ বাবে কত দুখ, লাঞ্ছনাক
মূৰ পাতি ল'লা অকাতৰে ,
আশাৰ দেউল সাজিলা কিমান দিন !
মই বাৰু কি দিলোঁ ! কি দিলোঁ !
কেৱল অসীম যন্ত্ৰণা আৰু চকুপানী,
কোনেও নেদেখাকৈ মুচি পেলোৱাৰ ।

পূজনীয় পিতা মোৰ, মোৰ আই,
শূন্য কৰি হৃদয়-সম্ভাৰ
সকলো উজাৰি মোক দিলা তোমালোকে
কেৱল নিদিলা;
বিবেকক বিক্ৰি কৰি জীয়াই থকাৰ বুদ্ধি,
নিশিকালা ঘোচ পাৰ্মিট আৰু আপোচৰ ৰাজনীতি;
(যি কথা নিশিকালা শিকিবৰ চেষ্টা কৰি
কতবাৰ মন আৰু মগজুক মিছাকৈয়ে উত্তপ্ত কৰিলোঁ)
যি বাবে 'অপদাৰ্থ' বুলি মাথোঁ দিলোঁ পৰিচয়
এইখন গান্ধী আৰু নেহেৰুৰ ভাৰতবৰ্ষত ।
হে পিতা, আই মোৰ
এয়া মোৰ অভিযোগ বুলি
নধৰিবা কদাপিও,
অভিযোগ কৰা নাই, কিয়নো
শূন্য কৰি হৃদয়-সম্ভাৰ
সকলো উজাৰ কৰি দিলা তোমালোকে,
মই বাৰু কি দিলোঁ, পিতা,
মই বাৰু কি দিলোঁ, আই,
কেৱল যন্ত্ৰণা আৰু চকুপানী
কোনেও নেদেখাকৈ নীৰৱে টোকাৰ ।


জানা আই ;
ময়ো কালি অনাহাৰে আছোঁ,
আৰু আজি এটা দিন পাৰ হৈ গ'ল;
মোৰ দৰে আৰু কত বুভুক্ষু মানুহ আছে,
প্ৰবঞ্চিত লাঞ্ছিত মানুহ;
মোৰ দৰে এইবোৰ মানুহৰ জীৱনৰো
এদিন দুদিন কৰি এইদৰে কত দিন পাৰ হৈ
গ'ল,
অথৰ্ব দিন যাপনৰ ক্লান্তি,
কেৱল দিন যাপনৰ গ্লানি
অসহ্য, অসহ্য, আই
সেই দেখি হে পিতা,
হে মোৰ স্নেহময়ী আই,
কোনোবা এদিন যদি বৰ্ণাভ প্ৰভাতত
অথবা কালিলৈ, অহা কালিলৈ,
মোৰ দৃঢ় বজ্ৰমুঠিত
আমাৰ কঠিন হাতত
নাচি যদি উঠে অগ্নিশিখা,
তেতিয়া হাঁহি হাঁহি তোমালোকে
মোক জানো ক্ষমা নকৰিবা ?

No comments:

Post a Comment