(মোৰ) বুকুত বাজিছে অহৰহ এটি
বিষাদ বিননি সুৰ ,
মৰহি শুকালে আশাৰ সেউজী
কুমলীয়া কুঁহিবোৰ ।
শীতৰ সেমেকা ৰাতিৰ বুকুত
শুনি হাহাকাৰ ধ্বনি,
আপোন দুখৰ ভাবনাত মোৰ
নিগৰে চকুৰ পানী ।
কোনেও নুশুনা কোনেউ নুবুজা
মন গহনৰ বাঁহীৰ মাত
চিৰ বিষাদৰ সুৰৰ অমিয়া
আপোন হৃদয় পেলাই শাঁত ।
সেমেকা ৰাতি জোনৰ বুকুত
দেখিছোঁ আজলী প্ৰিয়াৰ মুখ
বিৰিঙি উঠিছে চকুৰ পানীত
হেজাৰ গোপন দুখ ।
বিষাদ বিননি সুৰ ,
মৰহি শুকালে আশাৰ সেউজী
কুমলীয়া কুঁহিবোৰ ।
শীতৰ সেমেকা ৰাতিৰ বুকুত
শুনি হাহাকাৰ ধ্বনি,
আপোন দুখৰ ভাবনাত মোৰ
নিগৰে চকুৰ পানী ।
কোনেও নুশুনা কোনেউ নুবুজা
মন গহনৰ বাঁহীৰ মাত
চিৰ বিষাদৰ সুৰৰ অমিয়া
আপোন হৃদয় পেলাই শাঁত ।
সেমেকা ৰাতি জোনৰ বুকুত
দেখিছোঁ আজলী প্ৰিয়াৰ মুখ
বিৰিঙি উঠিছে চকুৰ পানীত
হেজাৰ গোপন দুখ ।
No comments:
Post a Comment