He jeevan - Poems of Ram Gogoi : হে জীৱন - ৰাম গগৈৰ কবিতা

পুৱাৰ পৰা গধূলিলৈকে
প্ৰতিটো মুহূৰ্ততে
ভয় , সন্দেহ । হয়তো ছিঙি যাব
সেই সোণালী সূতা ।

কোন দিশৰ পৰা আহিছে বতাহ
গছৰ পাতবোৰ
এবেলি ইফালে, এবেলি সিফলে হালিছে
আকাশ ভাঙি
সো-সোৱনিৰ গভীৰ ধ্বনি
অন্তৰ্ভেদী আৰ্তনাদ ।

ফুল তোলোঁ বুলি মেলি দিলোঁ হাত
ফুলৰ পাহিত তেজ,
হাতত তুলি ল'লোঁ এমুঠি মাটি,
মাটি নে জুই ? ইমান তাপ !



Nirjaas - Poems of Ram Gogoi : নিৰ্যাস - ৰাম গগৈৰ কবিতা

কোনো এক মনোৰম স্নিগ্ধ প্ৰভাতত,
নিয়ৰে দেখিলে স্বপ্ন
দুবৰিক বৰণৰ মালা পিন্ধোৱাৰ;
জিলমিল জিঁয়াৰ পাখিত
অস্তগামী সূৰুজৰ বৰ্ন সমাহাৰ,
আপোন দ্যুতিৰে জ্বলি সৰু সৰু জোন পৰুৱাই
দূৰ কৰে অমা অন্ধকাৰ ।
অনেক বালিৰ কণা একগোট হৈ
সৃষ্টি হ'ল পৃথিৱীৰ বহু প্ৰান্তৰত
সুবিস্তীৰ্ণ মৰুভুৰ বক্ষ তৃষ্ণাতুৰ;
এটি দুটি মুহূৰ্তৰ, ক্ষণৰ বিপুল বোজা বোকোচাত লৈ
মহাকালৰ ইমান গধূৰ;
স্মৃতিৰ গবাক্ষ ভেদি ভঁহি অহা শৈশৱৰ স্নিগ্ধ-সুৰভিৰে
হ'ব জানো জীৱন মধুৰ ?



Sagar bichari - Poems of ram Gogoi : বিচাৰি - ৰাম গগৈৰ কবিতা

এজাক উতলা বতাহে গান গালে
জীৱনৰ জীয়াই থকাৰ গান ,
লক্ষ কোটি নক্ষত্ৰৰ আলোক-স্পন্দনে
উদ্ধত চেতনাৰ বিজয় বাৰতা দিলে,
কথা ক'লে নিৰ্ভীক কণ্ঠৰ প্ৰতিবাদ ।

বৰ্ষাৰ অনেক উত্তাল নদী
নাম যাৰ ইম্ফল, কলিকতা, পাটনা, কোলাপুৰ,
হাজাৰ হাজাৰ নদী
গলিত আলকাতৰা। শিল-বালি, কংক্ৰীট অৰণ্যৰ
বাধা ভাঙি ডি আই আৰৰ,
উন্মাদ উদ্দাম বেগে আগবাৰ্হি গ'ল,
উল্লাসিত ৰাজপথঃ
থৰে থৰে কঁপিছিল কুৰুসভা দিল্লী মস্‌নদ্‌ ।

শেষ কৰি সভাপৰ্ব
হঠাৎ আৰম্ভ হ'ল ষড়যন্ত্ৰ যতুগৃহৰ,
সাত সাগৰ তেৰ নদীৰ ' ৰুপদক্ষ ভাস্কৰৰ'
তিলে তিলে গঢ়া ৰূপৰ প্ৰতিমা'
অষ্টাদশী তিলোত্তমা বিংশ শতিকাৰঃ
সংগ্ৰাম লিপ্ত দুটি সহোদৰ;
অট্টহাস্য দুঃশাসনৰ । হাঁহে আৰু ভ্ৰূকুটিৰে
লণ্ডনৰ মিউজিয়ামত
চাৰ্চিল নামৰ এক কায়াহীন অপদেৱতাৰ
ইতিহাস খ্যাত বুলি কোৱা
চুৰটৰ ধোৱা খোৱাটোৱে ।

বতাহৰ উতলা গানৰ সুৰ
হঠাৎ নীৰৱ হৈ গ'ল ।
স্তব্ধ হ'ল নক্ষত্ৰৰ আলোক-স্পন্দন
হাজাৰ হাজাৰ নদী পথ হেৰুৱাই কান্দে
মৰুৰ বুকুত;
য'ত সকলো বস্তুৰে দাম বাঢ়ে দিনে দিনে ,
জীৱনৰ একো দাম নাই ।

সেইবাবে, সেইবাবে এই যে বতাহ ছাটি
আকৌ আহিব, শুনাবাহি নতুন সুৰৰে
পৰম প্ৰাপ্তিৰ বাবে চৰম ত্যাগৰ গান,
লক্ষ কোটি নক্ষত্ৰৰ আলোক স্পন্দনে
কথা ক'ব বলিষ্ঠ কণ্ঠত,
হাজাৰ হাজাৰ নদী ইম্ফল কলিকতা
বৈ যাব সাগৰ বিচাৰি,
মৰুৰ বুকুত তুলি বৰষাৰ বান
ধুই নিব ছাই ভস্ম
জতুগৃহৰ ।


Byaktigata - Poems of ram Gogoi : ব্যক্তিগত - ৰাম গগৈৰ কবিতা

মোৰ দৰে ইমান নীৰৱে কোনে কান্দে,
কিয় কান্দে আৰু
সেই কথা কোনেও নাজানে যদি
নালাগে জানিব;
মই জানো সেই কথা কোনোবাই জানে যদি
মোক মাথোঁ ভীৰু আৰু মূৰ্খ বুলি ক'ব ।

নিজকে নিজে মই সোধো বাৰে বাৰে,
মই কোন ? মইতো নহওওঁ কদাপি,
মূৰ্খৰ অৰ্থহীন হাঁহি আৰু উন্মাদৰ বিভীষিকা;
তথাপিতো কিয় যে,
নিজকে পাহৰি যাওঁ কেতিয়াবা, যেতিয়া
এটি মাত্ৰ সন্তানে মোৰ পেটৰ ৰোগত ভোগে
আৰু কয় ইটো লগে লগে সিটো লাগে বুলি,
পৰিয়াল পৰিজনে কয়,
টকা লাগে অকা লাগে বুলি ।

চিনি পওঁ ইমান আপোন ভাৱে
বুজি পাও আপোন সত্তাক মোৰ
ইমান গৰীবভাৱে,
তথাপিতো বাৰে বাৰে কিয় ভুল কৰোঁ,
সকলো মানুহে কয় মই হেনো বৰ ভুল কৰোঁ;
সেই দেখো ময়ো ভাবোঁ কেতিয়াবা
কিয় বাৰু বাৰে বাৰে ভুলকে  কৰিছোঁ ।

মোৰ দৰে ইমান নীৰৱে কোনে কান্দে,
কিয় কান্দো,
সেই কথা কোনেও নাজানে যদি
নালাগে জানিব ।
জানি থক মই মাথোঁ বাৰে বাৰে ভুলকে কৰিছোঁ ।

মই জানো, মই মাথোঁ
ধন লোভ ক্ষমতাৰ অসুৰ পূজাৰ
নিষ্ঠুৰ যুপকাষ্ঠত বলিৰ সামগ্ৰী
এক সাধাৰণ ভাৰতীয়; আৰু

হয়তো, এদিন মই,
মই নহ'লেও মোৰ অমৃত সন্তানে
পৰশুৰামৰ দৰে পৃথিৱী ভ্ৰমিব ।

এতিয়া, এতিয়া মাথোন মই নিৰৱে কান্দিছোঁ ।

Ekhan chiThir uttarat - poems of Ram Gogoi - এখন চিঠিৰ উত্তৰত - ৰাম গগৈৰ কবিতা

মৰমৰ ককাইদেউ, তুমি যে লিখিলা,
"ধন-মান, যশস্যা আৰু ক্ষমতাক লৈ
অথৱা,
সিঁহতৰ  আশাত বলিয়া হৈ মানুহ জীয়াই
নথাকে । তেজস্ক্ৰিয় বৰষুণ আৰু
শস্যৰ পথাৰে ইংগিত নিদিয়ে,
মানুহক জীয়াই থাকে প্ৰীতি আৰু ভালপোৱা
মৰমৰ বুকুৰ মাজত ।"
                     জীয়াই থকাৰ, কি গভীৰ প্ৰতীতি
                     তোমাৰ ।
জ্ঞানৰ দুৱাৰ মেলি বিজ্ঞানৰ অভিযান ।
মানুহৰ বিপুল
কি বিৰাট সম্ভবনা,
কি মহান আশা দিলে বিজ্ঞানে
মানুহৰ জীৱনে জীৱনে । শান্তি আৰু প্ৰগতিৰ ।
(ফুলশয্যাৰ ৰাতি,
মৃত্যুৰ ভয়ত স্তব্ধ প্ৰাণৰ মমতা সানি,
কোনো এক অভিশপ্ত সুনিপুণ শিল্পীয়ে
গঢ়িছিল নিজ হাতে বাঘৰ মূৰতি
ৰুপ দিলে , প্ৰাণ দিলে , মৃত্যুৰে
ৰাখি গ'ল মধুমতী প্ৰেয়সীৰ প্ৰথম মিনতি ।)

হঠাৎ শুনিছোঁ আজি মৃত্যুৰ বাতৰি,
ব্যৰ্থতাৰ কৰুণ ক্ৰন্দন ।
(মৃত্যুমুখী সভ্যতাৰ, নিস্ফল প্ৰচেষ্টা ।
জীয়াই থকাৰ ।)
হয়তো হ'বও পাৰে সভ্যতাৰ নৱ অভিযান ।

বৰষুণ আহক নতুন,
আজি নুফুলিলে শস্য পথাৰত (অভাৱত পৃথিৱীত)
আশাৰ সপোন ঃ
অনাগত অন্তহীন কালৰ বুকুত,
মানুহৰ কেঁচাৰঙা তেজ আৰু ঘাম আৰু সুঠাম বাহুৰ
মৌচুমী পৰশ পাই,
শস্য শ্যামল হওক, হৈ ৰওক চিৰদিন
আমাৰ পৃথিৱী আৰু
আমাৰ মৰম ।

Akashar prati prarthanaa - Poems of Ram Gogoi : আকাশৰ প্ৰতি প্ৰাৰ্থনা - ৰাম গগৈৰ কবিতা

প্ৰভাতৰ বিহংগ কণ্ঠত শুনি নতুন দিনৰ গান,
এদিন হৃদয় মোৰ আকাশ-আকাশ হৈ গ'ল;
নীলোজ্জ্বল দিগন্তৰ ব্যাপ্তি য'ত,
হৰ্ষোলাস চিত্ত-ঔদাৰ্যৰ ।

পাছত,
এদিন শাৰদী ৰাতি আকৌ দেখিলোঁ,
কেঁচা হালধীয়া ৰং এটি জোন
আকাশত ওলমি আছিল ।
অনেক নক্ষত্ৰ স্বপ্ন, স্বপ্নৰ শিখাই পুৰি
সোণালী উজ্জ্বল হৈ ফুলিছিল তাত
য'ত মোৰ হৃদয় আকাশ-আকাশ হৈ গ'ল সেইদিন ।

এদিন আছিলোঁ ময়ো সূৰ্য কৰোজ্জ্বল এটি সৰু ঢৌ
এখনি নদীৰ ।
জীৱন নদীৰ পাৰ খলক লগাই
ময়ো মাতিছিলোঁ আহাঁ কোন কোন যোৱা
সময় অতিক্ৰান্ত মোৰ গতিপথ পৰিক্ৰমা
খেলি মেলি বহু ব্যস্ততাৰ,
হঠাৎ উফৰি গৈ নিজেই হেৰাই গ'লোঁ 
ৰিক্ত যত উপকূল শুকান বালিত ।
এতিয়া কেৱল মাথোঁ হাহাকাৰ,
বতাহৰ বিষণ্ণ কান্দোন,
এতিয়া শুনিছো মই এটি সুৰ বেদনাৰ 
দিনান্তৰ নীড়হাৰা বিহংগৰ নিসংগ আত্মাৰ ।

এতিয়া কেৱল মাথোঁ শুই আছে
বুকুত অসীম তৃষ্ণা পাৰৰ বালিত 
এটি নীৰৱ প্ৰাৰ্থনা,
হে আকাশ,
মোৰ হৃদয় ডাৱৰ ডাৱৰ হৈ
বৰষুণ আহিব কেতিয়া ।



Imaan asthirata - Poems of Ram Gogoi - ইমান অস্থিৰতা - ৰাম গগৈৰ কবিতা

দুপৰৰ ৰ'দ এতিয়া
ওলমি আছে আকাশত ।
দুপৰৰ ৰ'দ জ্বলি আছে মোৰ বুকুত ।

জেঠৰ খৰাং বতৰত
কোনে মোৰ বাঁহী নমাই আনিব বৰষুণ,
ৰাতিৰ তুহিন ভেদ কৰি ভাঁহি অহা
কাৰ মৃদু গুঞ্জনে শীতল কৰিব মোৰ মোৰ বুকুৰ উত্তাপ !

মোৰ বুকুত দুপৰৰ ৰদ,
দুপৰৰ ৰ'দ ওল্পমি আছে আকাশত
মোৰ বুকুত এতিয়া জুই ।
গছৰ ছায়াবোৰ দীৰ্ঘায়ত হয় পুবলৈ,
মোৰ বুকুত এতিয়া জুই,
মই উভতি গৈছোঁ
সেই দীৰ্ঘায়ত ছায়ৰ দৰেই
মায়াবী অন্ধকাৰৰ মাজলৈ ।
(জীৱনৰ আবেলিত একাঁজলি ৰ'দ ।)
মোৰ বুকুত এতিয়া দুপৰৰ ৰ'দ,
মোৰ হৃদয়ত এতিয়া দুপৰৰ দপ্‌ দপ্‌ ৰ'দ ।
আৰু আহত পখীৰ পাখিৰ ঢপঢপনি
আৰু হৃদপিণ্ডৰ স্পন্দন ।

এতিয়া ইমান অস্থিৰতা,
মোৰ হৃদয়ৰ গহনত,
মোৰ বুকুত দপ্‌ দপ্‌ দুপৰৰ ৰ'দ ।
ৰ'দ কাঁচলিত
দেখিছোঁ কেৱল মোৰ দীৰ্ঘায়ত ছায়া ।



Nirab bedanaa - Poems of Ram Gogoi - নীৰৱ বেদনা - ৰাম গগৈৰ কবিতা

দুটি আঙুলিৰ মোৰ
সৰু এটি টিলিকিত,
অকমানি শব্দ এটি
বতাহত মিলি যদি যায়;

বতাহত মিলি যদি যায়
মৰম চেনেহ আৰু যত ভালপোৱা
স্বজন বন্ধুৰ, তেনে
মিছা এই পোহৰৰ ৰূপৰ গৌৰৱ,
মিছা আৰু ঈশ্বৰৰ দান ।
আৰু আকাশৰ নীলা ।

মোৰ এই হৃদয়ৰ্গহীন গহ্বৰ ভেদি
হাহাকাৰ বেদনাৰ দক্ষিণ সমীৰ
আৰু কৰুণ কাতৰ এটি আৰ্তনাদ,
শেষ ক'ত, শেষ ক'ত
ধুমুহাৰ প্ৰলয় নিনাদ
আৰু আত্মগৰ্ব, কলোচাচ
কল্পনা বিলাস ।

মোৰ মন স্বপ্নৰ নীৰৱ নদীত
ধীৰে ধীৰে উটি ভাহি গুচি গ'ল
আকাশৰ কত জোন-নাও,
নীৰৱ নদীৰ স্বপ্ন
থাকি গ'ল অজিওতো
নীৰৱতা, নীৰৱতা হৈ ।

মিলি যদি যায় বতাহত
মিলি যাওক,
সৰু এটি টিলিকিৰ শব্দ হৈ
সময় গৰ্বৰ ধ্বনি,
আৰু দিন জ্বলে, সূৰ্য গলি যায়
সেই উদ্ধ্বত কামনা ,
সঁচা হৈ ৰওক মাথোঁ
অসীম বেদনা মোৰ হৃদয়ৰ নীৰৱতা
চিৰসত্য আনন্দৰ ৰূপ লৈ
চিৰকাল, চিৰদিন ।



Dinantat - Poems of Ram Gogoi দিনান্তত - ৰাম গগৈৰ কবিতা

অঘৰী কালৰ ৰথৰ আৰোহী, দিনমণি,
লাজৰ ওৰণি টানি, আজিলৈ মাগিছে মেলানি
জ্যোতি-স্নান পসচিমৰ দিগবলয়ত গান গাই
ৰঙা মেঘে , বেদনাৰে বিদায়ৰ গান
এন্ধাৰৰ আগমনি চাই ।

গৃহমুখী বিহংগৰ পাখিৰ শব্দ শুনি
হেজাৰ দিনৰ স্বপ্ন মোৰ ভাগি গ'ল ।
খন্তেক পাছতে,
সন্ধ্যাৰ আৰতি-দীপ জ্বলি শেষ হ'ব ।
শেষ হ'ল মছজিদত আজানৰ ধ্বনি;
হঠাৎ শুনিছোঁ মই আত্মাৰ কৰুণ গান;
মৃত-কল্প জীৱনত মৃত্যুৰ নীৰৱ আহ্বান ।
(শেষ হ'ল এটা দিন অলেখ স্বপ্নেৰে ৰঞ্জিত
মৰণে মাতিছে অনুক্ষণ,
জীৱনৰ অংক এটি কমি গ'ল ; আয়ুস কালৰ ।

এন্ধাৰ আহিছে নামি ,
আকাশত এটি দুটি তৰা     হাজাৰ বিজাৰ
হঠাৎ আহিলে তৰা এটি
পৃথিৱীৰ বুকুলে ।
হে কক্ষচ্যুত জ্যোতিকণা, শুনি যোৱা
দিনান্তত
বেদনা বিহ্বল মোৰ জীৱনৰ
স্বপ্নভঙা গান ।



Sundarar para sundaratam - Poems of Ram Gogoi : সুন্দৰৰৰ পৰা সুন্দৰতম - ৰাম গগৈৰ কবিতা



হৃদয়, হে হৃদয় মোৰ,
কঠিনৰ পৰা হোৱা কঠিনতৰ ।
সমুখৰ পথ কণ্টকাকীৰ্ণ ,
চকুৰ পানীৰে জীৱনক আৰু
                         নকৰিবা অসুন্দৰ ।

কিয়নো,
          অগ্ৰজ জনৰ তেজেৰে আমাৰ
          পৰিক্ৰমাৰ ইতিহাস হ' ল লিখা;
          এইবাৰ হ' ব শেষবাৰ
          শত্ৰুৰ স'তে নিষ্ঠুৰ মোকাবিলা ।

হৃদয়, হে হৃদয় মোৰ,
পাষাণৰ পৰা হোৱা পাষাণ,
জীৱন, হে জীৱন মোৰ
দূৰ কৰা যত ৰিক্ততা আৰু
                          বঞ্চনাৰ অপমান ।

কিয়নো,
            ৰঙা সূৰুযৰ হেঙুলী শিখাই
            শতেক যুগৰ অন্ধকাৰৰ
                           ভ্ৰান্তি কৰিছে দূৰ,
দুৰ্বাৰ গতি আগুৱাই ব'লা
             গোৱা নতুনৰ বিশ্ববিজয়ী গান,
             দীপ্তকণ্ঠ কৌটি মানুহ আগুৱান, আগুৱান ।
জীৱন, হে জীৱন মোৰ,
উত্তৰ কালৰ মহাজীৱনৰ
               সূৰ্য সাধনাৰ বাবে
মাতি আনা আজি বজ্ৰ ধুমুহা
               প্ৰলয়ৰ ঘন ঘোৰ;
সাজু হোৱা, আজি হোৱা মৃত্যুৰে মহীয়ান,
সুন্দৰৰ পৰা হোৱা সুন্দৰতম ।
কঠিনৰ পৰা হোৱা কঠিনতম ।



Kolikata - Poems of ram Gogoi : কলিকতা - ৰাম গগৈৰ কবিতা

পথে প্ৰান্তৰে নগৰে চহৰে দলিত জনৰ উদৰ জ্বালা,
দূৰ বিদেশত স্বাধীনতাৰ মহান স্বত্ব, সিঁহতে লিখিলে বিক্ৰীনামা;
ধনিক বণিক, চোৰাং কৰবাৰী, পুজিঁপতি পিছ দুৱাৰত উচ্ছিষ্ট
                                                 জীৱিকা যাৰ,
ৰাজভৱনত দেখিছে সপোন, সাজিছে নিতৌ সমাধি নতুন,
                                                 নিজে হেনো চৰকাৰ ।
মুনাফা চিকাৰী ধনী বেপাৰীৰ দুৰ্নীতিগ্ৰস্ত অৰ্থনীতিৰ জুলুমবাজী,
অনুগ্ৰহৰ গোপন ফাইলত কিমান দক্ষিণা কোনেউ নাপালে জানি;
পদলেহনত লজ্জা নাপায়; তথাপি মন্ত্ৰী, সৰ্বৰোগৰ ধন্বন্তৰি
দম্ভ অহংকাৰত মত্ত, বন্দুকৰ গুলী কৰে ৰাজত্ব গণতন্ত্ৰৰ ধ্বজাধাৰী !

মূৰ-কপালত হাত থৈ সেই সদাচাৰীবোৰ তথাপি স্তব্ধ,
দেখি, আকাশৰ ডাৱৰ ফালি উদিত নতুন সূৰ্য,
ইফালে-সিফালে ৰঙা ভূত দেখি মৃত্যু ভয়ত ত্ৰস্তমান ,
নতুন সূৰ্যৰ পোহৰত জ্বলে সৰু সৰু ফুল বহ্নিমান
দীপ্তকণ্ঠ; উদ্যত বাহু , আঘাত হানিছে বজ্ৰমুষ্টি,
অস্ত্ৰ যে মাথোন মহান একতা, নৱ ইতিহাস কৰিছে সৃষ্টি;
ৰাজপথে ক'লে জনতাৰ ভাষা বুকুৰ শোণিত নিগৰি গ'ল ,
মাতৃ হৃদয় ক্ৰন্দসী আজি, তথাপি নামানে , নুবুজে হৃদয়ে
                                                 ব'ল আগুৱাই ব'ল ।
জনাসাগৰত অমৃত মথিলোঁ; ময়ে কলিকতা নীলকণ্ঠ হ'লো,
                                                  পান কৰি হলাহল,
জ্বলি আছে মোৰ ভঙা হৃদয়ত প্ৰতিশোধৰ দীপ্ত অনল;
অত্যাচাৰীৰ চিতাৰ অগ্নি সেই অনলত যদিহে জ্বলে উঠক জ্বলি,
মুষিকৰ দল, ক'লৈ পলাবি, মাৰ্ল ঘৰত অগ্নিশিখা নাচিছে আজি ।




Petrich Lumumba - Poems of Ram Gogoi : পেত্ৰিছ লুমুম্বা - ৰাম গগৈৰ কবিতা

লুমুম্বা, তোমাৰ নাম সুৰভিৰে জানো লিখিব পাৰিম কবিতা
তুমি অতন্দ্ৰ, দলিতজনৰ মহাজীৱনৰ চিৰ উজ্জ্বল সবিতা
তোমাৰ নামেৰে ইতিহাস হ'ব লাঞ্ছিত ভূমিৰ মুক্তিৰ,
বন্দী চেতনা, স্থিতিশীলতাৰ গ্ৰন্থি ছিঙিলা জিঞ্জিবৰ ।

কুক্কুৰৰ দৰে ক্ষমতা অন্ধ উচ্ছিষ্ট জীৱিকা যাৰ,
সাম্ৰাজ্যবাদৰ পদলেহনত গৰ্বিদ্ধত অহংকাৰ,
প্ৰতিক্ৰিয়াৰ হাতৰ পুতুলা ঘৃণিত দলৰ আত্মতুষ্টি
দীপ্তকণ্ঠ প্ৰতিবাদ তুমি আঘাত হানিলা বজ্ৰমুষ্টি ।

চিৰসেউজীয়া অগাধ অৰণ্য , কংগো নদীৰ অৱবাহিকাত,
যুগযুগান্তৰৰ প্ৰবঞ্চিত সুপ্ত মানৱ স্বজাতিৰ কলিজাত,
আত্মত্যাগৰ মহান ব্ৰতৰ জ্বলাঈ তুলিলা অগ্নিশিখা
মুক্তি সংগ্ৰামৰ বিশ্ব ইতিহাস স্বৰ্ণাক্ষৰত লিখা ।

সমাজ দেহত গলিত কুষ্ঠ গণিকা উপনিবেশ,
কৃষ্ণ আফ্ৰিকাৰ বন্দী আত্মা; দৈৱকী গৰ্ভ জন্মক্লেশ,
অত্যাচাৰী কংস শাসন ধ্বংস অভিযান,
মুখা খহি পৰা 'ইউনো'ৰ ধ্বজা তোমাৰ নামত কম্পমান ।

লুমুম্ব, তোমাৰ অমৰ আত্মা । হে শাশ্বত জ্যোতিষ্মান,
সঁচা জীৱনৰ দলিল লিখিলা মৃত্যুৰে মহীয়ান;
তোমাৰ নামত শোণিতাঞ্জলি হেজাৰ জনতাৰ
মুগ্ধ পৃথিৱী শ্ৰদ্ধা অৱনত তোমাক নমস্কাৰ ।



Chaku meli dekho andhakar - Poems of Ram Gogoi : চকু মেলি দেখোঁ অন্ধকাৰ - ৰাম গগৈৰ কবিতা

চকু মেলি থাকিলেও দেখোঁ অন্ধকাৰ
অন্ধকাৰৰ সেই প্ৰাচীন দেৱালত
বাধাপ্ৰাপ্ত মোৰ কণ্ঠ,
অনুচ্চাৰিত বেদনাত মই
চকুপানী টুকোঁ ।
দুহাত মেলি মাতোছোঁ তোমাক
হে সূৰ্য ধৰা দিয়া
কিন্তু
হাত মেলিয়েই দেখা পাওঁ
আকাশত ক'লীয়া মেঘৰ ঘনঘটা দুৰতে বিদূৰ সূৰ্য ।

সূৰ্য অস্ত যায়
নৰকৰ অন্ধগলিৰ সিপাৰত ।

Chotaal - Poems of Ram Gogoi : চোতাল - ৰাম গগৈৰ কবিতা

এইখন ববনিত অলপ আগতে আহি
বহুত ল'ৰাই অনেক কোঢ়াল কৰি
ফুটবল খেলিছিল ।
সিহঁতৰ ভৰিৰ নখত লাগি ছিগি ছিগি গ'ল বন গুটি;
সেইবোৰ নাভাবিলে সেইজাক দুৰন্ত ল'ৰাই,
সিহঁত আহিল আৰু খেলাৰ শেষত
ঘৰাঘৰি গুচি গ'ল ।

এতিয়া নীৰৱ হোৱা এইখন বননিৰ
সেউজীয়া ঘাঁহৰ বুকুত শুই আছে সন্তৰ্পণে
বহুত টুকুৰা কথা, খেলি মেলি অনেক কোঢ়াল ।
এজাক দুৰন্ত ল'ৰা । সিহঁতৰ প্ৰাণৰ নিবিড় আনন্দ
আৰু অপাৰ হাঁহিৰে মুখৰিত

এইখন বননিৰ ইফালে সিফালে, এইবোৰ ৰঙা নীলা
সৰু সৰু জীয়াঁৰ পাখিত উৰা, গুণ গুণ এছাটি বতাহ ।
মোৰ মনে সাৰ পালে,
সৰু এটি গানৰ কলিৰ দৰে
কথা ক'লে বহুত পুৰণি কথা;
এইখন বননিৰ সেউজীয়া ঘাঁহৰ বুকুত
শুইছিল সন্তৰ্পণে বহুত টুকুৰা কথা,
অনেক কোঢ়াল, মোৰ নিবিড় আনন্দ,
সেইবোৰ সোণোৱালী জীৱন পুৱাৰ ।

এতিয়া আহিছে নামি দিগন্তত
ধীৰে ধীৰে অস্তগামী সূৰুযৰ বেদনা গধুৰ ছাঁয়া ,
এতিয়া ভাবিছোঁ মই
এতিয়া সময় মাথোঁ ভাবি ভাবি টোওপনি যোৱাৰ ।
সপোন সপোন লগা বিগত দিনৰ কথা
শুই থ'ক সংগোপনে সেউজীয়া ঘাঁহৰ বুকুত ,
এতিয়া কেৱল মোৰ মনত পৰিছে

এইখন চোতালৰ দুবৰিতে
হাড়ৰ কপনি তোলা কোনো এক মাঘৰ শীতত
অন্তিম নিশ্বাস থৈ গুচি যোৱা আইতাৰ কথা ।


Stories of Laksminath Bezbaruah - Firingatir pora khandab daah - ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ

ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ

'আইটী শয়নি অ' ! মাৰক ক, আজি আঞ্জাত লোণ দিবলৈ পাহৰিলে । ভাত এগাল খাবলৈ আহিলে সদায় এনেবিলাক আহুকাল । ক, সানি খাবলৈকে অলপ লোণ লৈ আহিলে ভাল । ' হাকিম ডিম্বেশ্বৰ বৰুৱা মুনচুপে পুৱা দহ বজাত ভাতৰ পাতত বহি অগৰাহ ভাত মুখত দি এই কোৱা মাত্ৰকে বাৰৰ সিফালে আখলৰ চৰুৰ কাষৰ পৰা হাকিমনী মুনচুপনীয়ে ঠেহেৰকৰে মাত লগালে - 'আমি ৰান্ধিলে আঞ্জাত লোণ নহয় , ভাত আধফুটা হয় , মাছ কেঁচাই থাকে, কিবা বোলেনে ঢেৰুৱাৰ ঠাৰি নিসিজে । ৰান্ধনি বামুণ নাইবা 'খানচামা' নেৰাখে কিয় ?সিঁহতে ৰান্ধি দিলেই দেখোন জুতি ধৰি খাব পাৰে ; আৰু কিবা বোলেনে গোলামীজনীয়েও 'ছুটি' পায় । '

হাকিম । - 'উস্‌ ! এইটো ভয়ংকৰ কথা দেখিছোঁ যে আঞ্জাত লোণ নহ'লে নাই হোৱা বুলি ক'ব নেপায়, ভাত দেই গ'লে বা শুকাই কৰ্কৰা হ'লে দেই গ'ল বা কৰ্কৰা হ'ল বুলি ক'ব নেপায় ।গাখীৰ কুৰুচি গ'ল বুলি ক'ব নেপায় । ল'ৰা ছোৱালীক কন্দুৱালে কিয় কন্দুৱাইছে সুধিব নেপাই ! এনে কথা ক'ত আছে, ক'ত দেখিছা ? মোৰ ঘৰত মই কোনো নহওঁনে ? এইখন ঘৰৰ গৰাকী কোন ? এইখন মান-মৰাণৰ মুলুক হ'ল নেকি ?'

হাকিমনী । - 'এৰা এইখন মান-মৰাণৰ মুলুক হ'ল; মই মাননী-মৰাণনী হ'লো । মই আজিৰ পৰা ভাত ৰান্ধিব নোৱাৰোঁ,
নেৰান্ধো, সকলোকে কৈ দিলোঁ । আজিৰ পৰা কোনে মোৰ হতুৱাই ভাত ৰন্ধাই খায় তাকো দেখিম । বোলোঁ দেখিম, দেখিম , দেখিম ! বোৱাৰীয়েকহঁতে এগাল ৰান্ধি ভৰিৰে গৰাই দিলে তেতিয়া সকলোৱে হেপাহ পলুৱাই খাব ।'

হাকিম । - 'কি ক'লি পাষণ্ডী ! পাপিষ্ঠী ! তোৰ ইমান মুখ বাঢ়ি গৈছে !' এইবুলি ডিম্বধৰ বৰুৱা মুনচুপ ডাঙৰীয়া হাকিম কাঁহীৰ ভাত কাঁহীতে এৰি , চুৱা হাতেৰে ঘৈণীয়েক মুনচুপনী হাকিমনীক ভালকৈ এখুন্দা দিবলৈ গোণা ম'হে চোঁচা লোৱাদি চোঁচা ল'লে । পুতেক শূলধৰ তৌজিনবিচ ডেকবৰুৱায়ো বাপেকৰ ওচৰতে বহি, পেট নামে, ভু ভাৰতত জন্ম লোৱা সেই নিজা ছালৰ মোনাত একান্তমনে গৰাহে গৰাহে ভাত গিলি আছিল । কিন্তু কথা বিসংগতি হ'ল যেন দেখি তেওঁ একেচাবেই উঠি বাপেকৰ ভৰিত সাৱট মাৰি ধৰিলে; আৰু ডাঙৰীয়ৰো মস্তি চৰা মখনা হাতীয়ে উচাল মাৰি ভৰিৰ বান্দা চিঙাদি পুতেকৰ সেই হাতৰ বান্ধ চিঙি যাব খোজোঁতেই মাটিত গুৰিকঁঠালটো পৰাদি হামকুৰি খাই পৰিল; আৰু তাৰ ফলস্বৰুপে তেওঁৰ মুখৰ চিকচিকিয়া আগদাঁত এটা চিৰকাললৈ ভাগি থাকিল ! তাৰ উপৰি ঘিউ চেনি ভিতৰলৈ সুমুৱা আৰু তিতা মাত বাহিৰলৈ উলিওৱা তেওঁৰ বহুমুলীয়া ওঁঠখন কাটি তাৰ পৰা বোম্বানলে তেজ ব'বলৈ ধৰিলে । ডাঙৰীয়া মুঁছকঁছ গ'ল ।খন্তেকতে ঘটনাটো গৈ গুৰতৰ হ'ল দেখি চাৰিওফালৰ পৰা লগুৱা - লিকচৌ টেকেলা - বেঙেনা য'ত যি আছিল আটাইবোৰ লৰি আহি ডাঙৰিয়াক তুলি ধৰি বহুৱাই তেওঁৰ মূৰত তেল পানী দি বিচিবলৈ লাগি গ'ল । ডাঙৰীয়ানীয়েও কি কৰোঁতে কি হ'ল দেখি, আখাৰ আৰু খঙৰ  আঙঠাবোৰ হুৰহুৰ কৰে পানী ঢালি দি , 'অ' মোৰ ভৈয়াইৰ কি হ'ল ঔ ! মোৰ ভৈয়াইক হাততে হেৰুৱালোঁ নে কি ঔ !' বুলি ৰাউচি মাৰি দি উধাতু খাই লৰি আহিল ।

কিছুমান বেলিৰ পিছত ডাঙৰীয়া সুস্থ হ'ল ।  ঘৰত মুনচুপ ডাঙৰীয়া আৰু বনত দাঁত ভঙা ফেটীসাপ এই দুইৰো মাজত কি কি বিষয়ত মিল আৰু কি কি বিষয়ত অমিল, সেই কথাৰ বিচাৰ কৰিবলৈ ডাঙৰীয়ই শত্ৰুক সুবিধা দি লাহে লাহে চেঁচা পানীৰে নিজৰ মুখ ধুই, ভগা দাঁতৰ গুৰিৰ আৰু কটা ওঁঠৰ আগৰ তেজ ৰখাই কছাৰীলৈ যাবলৈ ওলাল । ওলাল মানে গ'লেই বুলিব লাগে । কাৰণ, বেলি দুপুৰীয়া হৈ গৈছিল দেখি খৰধৰকৈ তেওঁ যাবলৈ বাধ্যহৈছিল, মাথোন বাটত হঠাৎ ডাঙৰীয়াৰ আগত পৰি তুৱাই তৰণিয়ে ভৰিত বুট জোতাৰে সৈতে ডাঙৰীয়াক 'চেলাম' কৰাত তুৱাইক 'কুকুৰৰ পো কটা' বুলি ডাঙৰীয়াই গালি পাৰি এখুন্দা দিব খোজোতেহে যি অলপ অচৰপ পলম হৈছিল । সি যি হওক, ধুমুহা বতাহৰ কোৱত ডাৱৰ উৰি যোৱাৰ পিছত ৰ'দ ৰেঙোৱাৰ দৰে সেইদিনাৰ দুৰ্যোগ কাটি গ'ল । হাকিম ডাঙৰীয়া এজলাছত বহিল আৰু তেঁওৰ মুখত সুখৰ ৰেঙনি ওলাল । কিন্তু দুৰ্ঘোৰ বাৰিষা কালত ৰেঙোৱা ক্ষন্তেকীয়া হোৱাৰ দৰে সেই ৰেঙোনীয়ো ক্ষন্তেক থাকি মাৰ গ'ল । হকিমে কাপ লৈ কিবা কাকত এখন চহী কৰোতে দেখিলে যে কাপৰ মুখখন কাকতত চেৰ্চেৰাই গৈছে । হাকিমে সেই চেৰ্চেৰণিটো কাকতে কাপৰ ওপৰৰ কৰা গোচৰ বুলি ধৰি লৈ তৎক্ষণাৎ কাপৰ 'জবানবন্দী' হৈ চুমাৰি বিচাৰ কৰি কাপটোক কলীয়াপানীলৈ পঠিয়ালে আৰু কাপ আচামীৰ সহায়ক বুলি ৰামগোলাম দপ্তৰীক পাঁচটকা জৰিমানা কৰিলে । বাৰ বাজি পোন্ধৰ মিনিট হৈ গ'ল , তেতিয়াও মিনাৰাম পেচকাৰে মোকদ্দমাৰ নথিবোৰ হাকিমৰ আগত দিয়াহি নাই । মিনাৰামৰ কামত বৰ 'গাফিলী' বুলি হাকিমে তেঁওক এমাহৰ দৰমহা জৰিমনা কৰিলে ।

ইয়াৰ পিছত এটা ছোৱালী চুৰি মোকৰ্দমা নথি হাকিমৰ হাতত পৰিল । আৰু 'আচামী' ফৰিয়াদীৰ ফোকাৰ হ'ল । ফৰ্চাচিং কনিষ্টবলে ভুলকৈ 'ফোকৰিলে' 'জয়ৰাম কলিতা আচামী হাজিৰ ! ' পেচকাৰে লাহেকৈ ফৰ্চাচিঙক ক'লে - 'জয়ৰাম কলিতা নহয় জিৎৰাম কলিতাহে ।' ফৰ্চাচিনঙৰ দুৰ্ভাগ্যৰ গুণে লাহেকৈ কোৱা কথাষাৰো হাকিমৰ কাণলৈ গ'ল । হাকিমে তেতিয়াই ধৰি ফৰ্চাচিঙক 'চাচপেণ্ড' কৰি থ'লে !মোকৰ্দমাত জিৎৰাম কলিতা দোষী প্ৰমাণ নাই হোৱা বুলি জিৎৰামৰ পক্ষৰ উকিল বিদ্যাৰাম শইকীয়াই দীঘলকৈ বক্তৃতা মেলিব খোঁজোতেই উকীলক 'চুপৰও' বুলি হাকিমে ভেকাহি মাৰি দি জিৎৰামক তিনি মাহলৈ ফাটকত দিবলৈ হুকুম দিলে । বিদ্যা উকীলে আকৈ কিবা ক'ব খোজাত 'আদালত অৱমাননা !' বুলি হাকিমে উকীলক কুৰি টকা জৰিমনা কৰি সেই গোচৰ সেইখিনিতে সামৰনি ঘেটা মৰিলে ।

কুগ্ৰহে পোৱা হাকিমৰ কথা আমি এইখিনিতে এৰি দুৰ্ভগীয়া পেচকাৰৰ কথা কওঁ । গধুলি বেলিকা পেচকাৰে এবোকোচা মনৰ দুখ কছাৰী ঘৰৰ পৰা ভাৰ বৈ ঘৰলৈ আনি, তেওঁক হাত, মুখ ধুবলৈ পানী এলোটা দিয়াত নামমাত্ৰ পলম হোৱাত আৰু তাৰ পিছত ধঁপাত এচিলিম লগাই দিবলৈকো তেনে হোৱাত, লগুৱা ল'ৰাটোক ঠলামূৰীয়াই দিলে । অন্যায় দেখি গিৰিয়েকৰ সেইদিনাৰ মানসিক অৱস্থাৰ বিষয়ে একো সম্ভেদ নাজানি, পেচকাৰণীয়ে লগুৱাটোৰ হৈ একেষাৰ মতাত, পেচকাৰে পেচকাৰণীৰে সৈতে ঢেঁকীথোৰা এটাৰ নতুন বিধৰ চিনাকি কৰি দিব খোজোঁতেই টেঙৰী পেচকাৰণীয়ে লৰ মাৰি কলাবাৰীত সোমাই নিজৰ প্ৰাণ আৰি নীতি শাস্ত্ৰৰ মান ৰক্ষা কৰিলে । কিন্তু অৰসিক লগুৱাটোৱে পেচকাৰ ডাঙৰীয়াৰ লপা-থপা কিলকেইটাক গুৰুলাগুৰুল কিলৰ শাৰীত পেলাই তেতিয়াই নিজৰ লামলাকটু কেইডাল লৈ পেচকাৰক ঘৰতে এৰি থৈ গুচি গ'ল ; লাভৰ ভিতৰত লগুৱাৰ অভাৱত পেচকাৰণিয়ে এমাহলৈ চুৱা ধুবলগীয়াত পৰিল আৰু পেচকাৰে স্বহস্তে তিয়নী চেপা, ধঁপাত লগোৱা আদি কাম নথিৰে সৈতে সমানে পেচ কৰিবলগীয়া হ'ল ।

ফৰ্চাচিং কনষ্টিবলে সঁচাসঁচিকৈয়ে 'ছছপেণ্ড' হৈ ছাপৰাছ পাগুৰি শোধাই দি মনৰ দুখত মদৰ দোকানত সোমাই টেটুলৈকে এটেটুকৈ মদ খাই মতলীয়া হৈ তাতে আৰু এটা মতলীয়া মানুহেৰে সৈতে প্ৰথমতে কোলাকুলি দ্বিতীয়তে গলীয়াগলি আৰু তাৰ পিছত মৰামৰি আৰু শেষত মূৰ ফলাফলি কৰি আস্পাতাল পালেগৈ আৰু দণ্ডবিধি আইনৰ ৩৫৩ ধাৰামতে তাৰ ওপৰত গোচৰ 'ৰিজু' হ'ল ।

তুৱাই তৰণিৰ ছোৱা শুনিলে গাৰ তৰুণ হেৰাবৰ কথা । ৰাজআলিত বাটৰুৱা মানুহৰ আগত ওপৰত কৈ আহাৰ দৰে তেওঁ অপমান আৰু লাজ পাই ক্ৰোধত জৰ্জৰিত হৈ মুনচুপ ডাঙৰীয়াৰ নামে হুৰমতৰ দাবীৰ গোচৰ কৰিবলৈ  বাৰেবঙলুৱা ভাষাতে আৰ্জি এখন লিখি লৈ তেওঁৰ গৰকী উকীল ত্ৰাহিৰাম শৰ্মাক দেখুৱালে । ঘটনা গুৰুতৰৰ পিনে অহা দেখি উকীলে তুৱাইক তপত চেঁচা অনেক বিধৰ কথাৰে সেকি পটুকি শান্ত কৰিল কোনো মতেহে সেই আৰ্জিখন দাখিল নকৰাকৈ ৰাখিলে । কিন্তু কঁকালৰ কোব নেপাহৰা সাপৰ দৰে তুৱায়ে সেই অপমানৰ কোব নেপাহৰি, দুদিন পিছতে ধৰ্মাবতাৰ হাকিমৰ গাত ভেটী খোৱা অপবাদ দি চীফ কমিছনাৰ চাহাবলৈ বেনামীকৈ চিঠি এখন লিখি পঠিয়াই অঁতাইহে কোনোমতে চেঁচা পৰিল ।

দুখীয়া ৰামগোলাম দপ্তৰীয়ে অলপ কচুৰতে পাঁচটকা জৰিমআ ভৰি, দুখৰ ভাৰ মনত লৈ ঘৰ পাই, ঘৈনীয়েকে তিনি বছৰৰ অগেয়ে কৰা পুৰণি জগৰ এট সুঁৱৰি, তাৰ বাবে তাইক এখুন্দা দি চতাই বেহেৰাৰ ঘৰ ওলালগৈ । চতায়ে ছমাহৰ আগেয়ে ৰামগোলামৰ পৰা টকাত চাৰি পইছা বাঢ়িত ছটকা ৰূপ ধাৰে নিছিল । ৰামগোলামে তাৰ কঁকালৰ গাঁঠিত কম পৰা ৰূপ ছটকা ছপই আনিবলৈ গৈছিল । 'এতিয়া মোৰ হাতত ৰূপ নাই, দিব নোৱাৰো, পিছত দিম' বুলি চতায়ে কোৱাত , কমাৰৰ হাতুৰীৰ মুখৰ পৰা ফিৰিঙতি উফৰাদি ৰামগোলামৰ খঙৰ ফিৰিঙতি উফৰি যাবলৈ ধৰিলে । ক্ষন্তেকতে দুয়ো গলিয়াগলি কৰি আৰু তাৰ পাছত হতাহতি লগালে । তাৰ পাছত বেহেৰাৰ ঘৈনীয়েক বেহেৰাণীয়ে বাঢ়নি হাতত লৈ সেই ভাৱনাত প্ৰৱেশ কৰি ৰামগোলামক খুঁচি দিলত বেহেৰা চতায়ে ঘৈনীয়েকৰ সোঁশৰীৰে সম্পুৰ্ণ সহানুভূতি আৰু সহায় লভি পৰম উৎসাহিত হৈ বপুৰা ৰামগোলামক গতাৰে সোধা-পোছা কৰি আগবঢ়াই থৈ আহি সেই ক্ষুদ্ৰ অথচ গপগপীয়া  ভাৱনাৰ ওৰ পেলালে । ৰামগোলামে কিন্তু চতাই-চতায়নীৰ নামে পিছদিনা কছাৰীত মাৰপিটৰ গোচৰ নকৰাকৈ নেৰিলে । এইখিনিতে ক'বলৈ পাহৰিছোঁ সে চতাই - চতায়নীয়ে ৰামগোলামক মাৰধৰ কৰাত 'কি অন্যায় কথা, চতাই কাই ! তহঁতে মানুহটোক কিয় অনাহকতে মাৰিছহঁক বুলি ওচৰ চুবুৰীয়া পিথু শইকীয়াই মাত লগোৱাত চতায়নীয়ে পিথুক  তাৰ সাতপুৰুষ উকতি গালি পাৰি দিলে, আৰু তাৰ ফলস্বৰুপে পিথুৰ মাকৰ মাহীমাকৰ মোমায়েকৰ জীয়েকক চতাইৰ পুতেকৰ সৈতে বিয়া দিবলৈ খোজাবঢ়া বিয়াখন ভাগি থাকিল ।

বিদ্যাৰাম উকীলৰ কীৰ্তি ফেৰাও এইখিনিতে কৈ এই বেগেতীয়া সাধুৰ ওৰ পেলাব খোজোঁ । তেওঁ বিয়া কৰোৱা ছোৱালীৰ, পোন্ধৰ দিনৰ আগেয়ে নোৱাই-তোলনি বিয়া হৈ গৈছিল । মনত বেজাইৰে তেওঁ সেইদিনা ঘৰলৈ আহি শহুৰেকলৈ ৰাতিয়েই চিঠি লিখি পঠিয়ালে যে 'জাননী যে অহা সপ্তাহৰ ভিতৰতে দিন-বাৰ চাই তেওঁৰ জীয়েকক মোৰ মক্কেলৰ সৈতে শান্তি দিব লাগিব, নতুবা মোৰ মক্কেলে সেই ছোৱালীৰ স্বত্ব পৰিত্যাগ কৰিব আৰু শহুৰেকৰ নামে দেৱানী কৰ্যবিধি আইনমতে ক্ষতিপুৰণৰ দাবী কৰি গোচৰ কৰিব ।' শহুৰেকে জোৱায়েকৰ এই অদ্ভুত উকীলি চিঠি পাই বিমোৰ হৈ উত্তৰ পঠিয়ালে ' বোপা তোমাৰ গা কেনে আছে এই পত্ৰবাহকৰ মাৰ্ফত জানিব দিবা, মই বৰ চিন্তিত হৈ আছোঁ । বিশেষ ম্মোৰ পক্ষে ইমান লৰালৰিকৈ শান্তি দিবলৈ দিহা কৰি উঠা একেবাৰেই অসম্ভৱ । মই অকলশৰীয়া মানুহ তুমি দেখোন জানাই ।অৱশ্যে এমাহমানৰ মূৰত মই শান্তি দিবলৈ যথাসাধ্য চেষ্টা কৰিম ।সম্প্ৰতি মই বৰ বিচলিত হৈছোঁ । তোমাৰ গা কেনে আছে জানিবলৈ দিবা । যদিহে গা ভাল নহয়, তেন্তে মই বেজবৰুৱাক লগত লৈ এতিয়াই তোমাৰ তালৈ যাম ।'

জোঁৱাই বোপাই শহুৰেকৰ উত্তৰ পাই ঘৃতাহুতি হৈ উঠিল । তেঁৰ মূৰৰ তালুত খঙে ইমান উপদ্ৰৱ লগালে যে তেওঁক দেখোতাৰ মনত খেলাবলৈ ধৰিলে যেন তেওঁৰ খং জুইত চুলিবিলাক পুৰি থোপাথোপে কুকুহা উৰি যাব লাগিছে । তৎক্ষণাৎ তেওঁ আকৌ এখন চিঠি তেতিয়াই শহুৰেকলৈ লেখি পঠিয়ালে যে যদি অহা সপ্তাহতে শহুৰেকে ছোৱালী শান্তি নিদিয়ে, তেন্তে তেওঁৰ মক্কেলে অৰ্থাৎ তেৱেই নিশ্চয় নিশ্চয় সেই ছোৱালী পৰিত্যাগ কৰিব । আৰু যদিহে শহুৰেকে পইচাৰ অভাৱত জীয়েকক শান্তি দিবলৈ পাছ হুঁহকিছে , তেন্তে তেওঁ জীয়েকক এনেই পঠিয়াই দিব পাৰে । শহুৰেকে সেই চিঠি পাই কান্দি - কাটি পিছদিনা জীয়েকক দোলা এখনত তুলি লগত ওচৰ-চুবুৰীয়া তিৰোতা মানুহ এজনী দি, লোটা-বহাটি, কাঁহী-কলহ গোটাচেৰেকে সৈতে জেঁৱায়েকৰ ঘৰলৈ পঠিয়াই দিলে; আৰু সেইদিনাই তেওঁৰ ভাত চৰুটো পেলাই দি সকলোকে কৈ দিলে যে তেওঁৰ জীয়েক-জোঁৱায়েক জহনিত গ'ল ।