Drawing Tutorial 33 - How to draw ear

In today's tutorial we will  learn to draw ear as seen from front. The shape of ear is similar to half heart with some sharp bends.

1. draw the outer periphery of the ear. Note the curves of the top helix and the lobule in the bottom.


Jonakto barafarnadir dare - Poems of raam Gogoiজোনাকটো বৰফৰ নদীৰ দৰে - ৰাম গগৈৰ কবিতা

জোনটো বৰফৰ নদীৰ দৰে
গলি গলি বৈ যায়
মোৰ বুকুৰ মাজেদি
সেই নদীত তোমাৰ প্ৰেমৰ
ৰূপালী ঢৌ
মোৰ হৃদয় থউকি বাথউ

দূৰ দূৰান্তৰ গিৰি শিখৰৰ পৰা
নামি আহে ৰূপালী জোনাকবোৰ
জোনাকবোৰ নামি আহে
কপাহজোলা মেঘ আৰু
গছৰ পাতৰ জখলা বগাই
মোৰ চোতাললৈ
মোৰ হৃদয়ত তোমাৰ প্ৰেমৰ
সে সৌন্দৰ্য-সুষমা

সৃষ্টি কৰে কি অপূৰ্ব ইন্দ্ৰজাল
শব্দময়
গীতিময়
অমৃতময়
তোমাৰ হৃদয়ৰ স'তে
মোৰ হৃদয়ৰ পৰিচয়



Moi bhoba kathabor - Poems of Ram Gogoi : মই ভবা কথাবোৰ - ৰাম গগৈৰ কবিতা

মই ভবা কথাবোৰ 
তুমি যদি ভাবিলাহেঁতেন
মই জনা কথাবোৰ
তুমি যদি জানিলহেঁতেন
মই জানো - নৈ কিয় বৈ যায় 
সাগৰৰ অভিমুখে 
তোমাৰ হৃদয় কিয় কল্লোলিনী
কত ঢৌ উঠে
আৰু 
উঠি মাৰ যায়
মই জানো
প্ৰদীপৰ শিখা কিয় জ্বলে
আকাশ ধিয়াই
তোমাৰ হৃদয়ে
নিজেই নিজতে দহি
কাৰ বাবে প্ৰাৰ্থনা জনায় ।

মই জানো
বৰ্ষণমুখৰ ৰাতি
গছৰ ডালত পাতৰ আঁৰত
ৰৈ ৰৈ কিয় কান্দে
অজান বিহগী
সেই মাজ নিশা
কিয় কঁপি উঠে
বাৰে বাৰে
তোমাৰ চম্পাৱতী মন
তোমাৰ হৃদয় - কোমল গান্ধাৰ
মন যে নদীৰ মোহনা

মই ভব্ব কথাবোৰ
তুমি যদি ভাবিলাহেঁতেন 



Mor anubhabar majat - poems of Ram Gogoi : মোৰ অনুভৱৰ মাজত - ৰাম গগৈৰ কবিতা

মোৰ অনুভৱৰ মাজত
তুমি
পুৱতি নিশাৰ হিমে ধোৱা
এপাহি খৰিকাজাই
বুকু জুৰি
কি অনিন্দ্য বেথাৰ সুবাস

মোৰ অনুভৱৰ মাজত
তুমি
এগছি সান্ধ্য প্ৰদীপ
জ্বলি আছা মোৰ
মনৰ গহনত
আলোকিত কৰি মোৰ হৃদয়
কি মধুৰ সেই দহনৰ জ্বালা
কি আশ্চৰ্য উত্তাপ

মোৰ অনুভৱৰ মাজত
তুমি
বিষাদ ৰাতিৰ
জোনাক সখী
তুমি গুণগুণাই আছা
মোৰ বুকুৰ মাজত
মোৰ কবিতাত
তোমাৰ নামৰ সুৰভি
মই
অনুভৱতেই আঁকি দিও
মোৰ জোনাকী সখীৰ
দুখনি পদুম ওঁঠত
ক্ষণিকৰ
এটি দুটি পলৰীয়া চুমা 

Prithibir praantare prantare - Poems of Ram Gogoi : পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তাৰে - ৰাম গগৈৰ কবিতা

পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে
কত নদী আছে ,
সেই সকলো নদীৰ নাম অন্বেষা ।

মোৰ বুকুৰ মাজতো আছে
এখনি নদী,
স্নিগ্ধ অনুভূতিৰ নদী;
সেই নদীৰ নাম তন্ময়তা

সেই নদীৰ নাম
তোমাৰ নাম । 

He prithibi antaratama - Poems of Ram Gogoi : হে পৃথিৱী অন্তৰতমা - ৰাম গগৈৰ কবিতা

প্ৰতিটো মুহূৰ্ত মোৰ উজ্জীৱিত হৈছে
তোমাৰ প্ৰেমেৰে, হে পৃথিৱী
মুখৰিত মোৰ হৃদয়
তোমাৰ অযুত অনন্ত কথাৰে ।

মোৰ সমগ্ৰ চিন্তাত তুমি ব্যাপৃত হৈ আছা
হে পৃথিৱী,
যেন নীলিম সমুদ্ৰ, অন্তহীন কল্লোল,
প্ৰভাত পখীৰ কূজন, অথবা
অথবা তুমি স্বপ্নময়ী ।

হে পৃথিৱী, তোমাৰ বুকুত হাত থৈ
(মোৰ স্বদেশৰ মাটিত)
মই অনুভৱ কৰিছোঁ মোৰ হৃদয়ৰ স্পন্দন
অনুভৱ কৰিছোঁ তোমৰ স'তে মোৰ শেষ  পৰিচয়
যেন জন্ম-জন্মান্তৰৰ কাল নিৰবধি ।
তোমাৰ মুখত মুখ থৈ বিচাৰিছোঁ
                          সৃষ্টিৰ অমৃত
কাণ পাতি শুনিছোঁ তোমাৰ আত্মাৰ নিহিত গীত
                          মোহময় সুৰৰ লহৰী ।

প্ৰতিদিনে
প্ৰভাতৰ হেঙুলী ৰহণে সনা
তোমাৰ নিমজ গালত
(মোৰ স্বদেশৰ আকাশত )
মই বিচাৰিছোঁ, ৰক্তিম সোণালী উত্তাপ
হে পৃথিৱী
আশা মোৰ বসন্তৰ কুঁহিপাত
সমীৰণে কঢ়িয়াই অনা হুণ গুণ সুবাস ,
মোৰ সমগ্ৰ সত্ত্বাত উপলব্ধ তোমাৰ প্ৰেম ।

আজি -
পৃথিৱীৰ প্ৰেমে মোক উন্মনা কৰিলে ।




Sapon - Poems of Ram Gogoi: সপোন - ৰাম গগৈৰ কবিতা


সূচীভেদ্য ৰাতিৰ আন্ধাৰ
ক্লান্তিৰ টোপনি মোৰ
সপোনৰ ফুলশয্যা ।
কোনো এক প্ৰমত্তা যৌৱনা দুঃস্থা নাৰীৰ
অবাঞ্ছিত আগমন;
হেমন্তাৰ হিমকান্তি ভেদ কৰি
ভাঁহি আহে কাৰ নৈশ আবেদন
মৌন মিনতি ... নিদীৰ্ণ বুকুৰ !

মোৰ স্বপ্নালু চেতনা জুৰি
ক্লান্তিৰ পুলক জাগে
ব্যাথাতুৰ প্ৰাণৰ আশংকা ।

জীৱন ব্যঞ্জনাময়, মোৰ জাগ্ৰত দিনৰ
স্বপ্নৰ অস্পৃশ্যা নাৰী । আৰু
খেৱালি জালৰ পাহি
সপোন সৰকি গ'ল ।
বৰশীত খলিহা-যখিনী লাগে ।
ক্লান্তিৰ পুলকে আনে মৃত্যুৰ বাতৰি ।

অদৃশ্য মণ্ডপৰ ভৰা অশুচি ফুলৰ মালা
শুদ্ধতাৰ দানৱীয় পৰিবেশ
অকলশৰীয়া মই ...
নিস্তব্ধ নীৰৱ ৰাতি ঐ-ফুল ফুলে
ৰাতিৰ দীনতা ভৰা কালপুৰুষৰ হাঁহি,
বা মাৰলীত বাঁহৰ আগলি ফাটে;
খাই পাতফলা হায় ডালত উঠিল ।

চিত্ৰলেখী সপোনৰ বিচিত্ৰ কাহিনী
সোৱনশিৰীৰ বানে সোণ সিঁচি যায়
মোৰ মন ৰংমহলত
মৌ-চাক হেজাৰ যুগৰ
সুৰ্যকান্তি ফুলৰ বাহাৰ
চৌভিতি নিশাৰ পোহৰ
মৰি মৰি ওপজা জোনৰ
মৰমৰ ধূলি-বালি
বাউলী পচোৱা পাই উৰে
ক্লান্তিৰ পুলকে আনে
স্বপ্নাতুৰ মনৰ বাৰতা ।
সূচীভেদ্য গোমা ৰাতি;
ক্লান্তিৰ পুলক লাগি
স্বপ্ন মোৰ স্মৃতিৰ কাহিনী হৈ ৰয় ।



Bedanar jui -Poems of Ram Gogoi : বেদনাৰ জুই - ৰাম গগৈৰ কবিতা

 পৰাজিত সমস্ত ইচ্ছাৰ প্ৰতিটো মুহূৰ্ত
আৰু অনাচ্ছাদিত ফলৰ গন্ধ,
সকলো হেৰাই যায় । অস্তিত্বৰ বিলোপ ঘটে ।
অস্তিত্বৰ বিলোপ ঘটে ।
অস্তিত্বৰ গহীন গুহাত ।

গভীৰৰ পৰা আৰু গভীৰ
তেজ, অস্থি আৰু মজ্জাৰ মাজত
উত্তেজনা আৰু আৰ্তনাদ একাকাৰ হৈ
বুকুৰ মাজত তোলে হাহাকাৰ ।
                            মনৰ মাজত জুই ।
                            চৰাইৰ পাখিত জুই । ফাগুনৰ জুই ।
পৰাজিত সমস্ত ইচ্ছাৰ প্ৰতিটো মুহূৰ্ত
ৰহস্যৰ অন্তৰালত গোপন হৈ ৰৈ যায়
আত্মদহনত নিগৃহীত নিপীড়িত
কত ৰূপ কথাৰ নায়ক, ভীৰু জৰাসন্ধ ।
                             বুকুৰ ওপৰৰ পৰা কিদৰে নমাম
                             পাষাণৰ বোজা ।
অতল দুখৰ মাজতো মণি-কাঞ্চণৰ সন্ধান বিচাৰি
অভিযাত্ৰী কত মানুহ
                             স্বপ্নময় মানুহ
                             স্বপ্নময়ী মানুহ
অতল দুখৰ মাজত কেতিয়া হেৰাই যায়
সেই মানুহ , পৰাজিত সমস্ত ইচ্ছাৰ
প্ৰতিটো মুহূৰ্তৰ দৰে  ।
                             বুকুৰ মাজত হাহাকাৰ ।
                             মনৰ মাজত জুই
                             চৰাইৰ পাখিত জুই । বেদনাৰ জুই



Mor man aru mor... - Poems of Ram Gogoi : মোৰ মন আৰু মোৰ .. - ৰাম গগৈৰ কবিতা

মোৰ মন, আৰু মোৰ হৃদয়ৰ
অকণি আকাশ;
সমুদ্যত চেতনাৰ বিপুল বিস্তৃতি ।
হেজাৰ শিশুৰ হাঁহি খেলা কৰে তাত ।

মোৰ মন, আৰু মোৰ হৃদয়ৰ
অকণি আকাশ ভেদি
কলধ্বনি উঠে, লক্ষ লক্ষ মুক্তি বিহংগৰ
ৰক্তাক্ত প্ৰভাতে তাত সিঁচি দিয়ে
নতুন সুৰ্যৰ জন্ম বেদনাৰ স'তে
অকৃপণ উজ্জ্বল পোহৰ

মোৰ মন, আৰু মোৰ হৃদয়ৰ
অকণি আকাশ । ইয়াত শুনিছোঁ মই
আপোন প্ৰাণৰ স'তে
ঐক্যতান অযুত প্ৰাণৰ ;
শুনি সেই সমলয় মিলিত কণ্ঠৰ,
পলাতক স্বাৰ্থবুদ্ধি মূৰ্খ কামনাৰ
ভীৰু যত পতংগৰ দল ।
উদাৰ অসীম নীলা আকাশৰ স'তে
বিপুল বিশ্বৰ;
মোৰ মন, আৰু মোৰ হৃদয়ৰ
অকণি আকাশ মিলি গ'ল ।

মই তাত সানি দিলোঁ
আৰু অক'মানি নীলা -
এটি কবিতাৰে ।



Bishnu Rabha - Poems of Ram Gogoi : বিষ্ণু ৰাভা - ৰাম গগৈৰ কবিতা

পৰ্বত জংগম আৰু নদী আৰু মৃত্তিকাৰ স'তে
তোমাৰ পৰিচয়, কিজানি বহুত দিনৰ ।
অসমৰ আদিমতম সমৰ যাত্ৰাত, বহু দান
অৱদান দিলা, সভ্যতাৰ স্তৰে স্তৰে । জনজাতি
অসমৰ আদিম মানুহ । (আদিম সাম্যবাদ, আৰু
যুগে যুগে তুমি তাৰ অনুবাদ । তোমাক প্ৰণাম )

আৰু আজি সভ্যতাৰ নতুন ভ্ৰমণ কাহিনী
তুমি লিখিব খুজিছা ।

শিল্পী তুমি, চেতনাৰ প্ৰভাতী ধ্বনিৰ তুমি প্ৰতিধ্বনি,
কৃষ্টিৰ সাধনা কৃচ্ছ্ৰ নিঃস্ব কৰি নিজকেই
'মুক্তি দেউল' সাজি
নিস্পেষিত কোটি কোটি বোবা চেতনাক তুলিছা জগায় ।
তোমাৰ বুকুত আছে সৃষ্টি মহিমা -
খ্যাতি আৰু গৰিমাৰ সস্তীয়া বজাৰখন
আবৰ্জনা আৰু গলিত কুষ্ঠাৰে ভৰা ।
                                 তুমি তাক জানা ।

সভ্যতা আৰু সংঘাতৰ মাহাসমৰত তুমি অসমৰ
মহান বিপ্লৱী । অত্যাচাৰ আৰু শতিকা বিয়পা
শোষণ আৰু পুঞ্জীভূত নিৰ্যাতনৰ তুমি দুৰ্ঘোৰ প্ৰতিবাদ ।
তুমি সভ্যতাৰ ফালে ।
মুক্তি-সংগ্ৰামৰ পাতনি নতুন ।
খেতিয়ক বনুৱাৰ হাড়ে হাড়ে মৃত্যুৰ কঁপনি ।
দুঃস্থ জীৱনৰ ইতিহাস তুমি ৰচি যাবা
নতুন ছন্দত ঃ অভিনৱ শব্দ চয়নেৰে ৰঙা ইতিহাস ।
বিপ্লৱী ... সভ্যতাৰ শ্ৰেষ্ঠ শিল্পী ... আৰু
                                সহকৰ্মীৰ দৃঢ় পদক্ষেপ
আৰু পাহাড় তলীত তুমি বিপ্লৱৰ তুঁহ জুই
ৰাখিছা জ্বলাই মানুহৰ প্ৰাণে প্ৰাণ

তুমি ভয়ৰ কাৰণ হোৱা । হবাতো নিশ্চয় ।
                                        সিহঁতে নুবুজে তোমাক ।

ৰুগ্ন নগ্ন এই সভ্যতাক জীয়াই ৰাখিব খোজে,
সিহঁতৰ পদে পদে মৃত্যুৰ চক্ৰান্ত ।
বাধা দিব খোজে, সৃষ্টিক, নতুন সৃষ্টিক ।
মানুহক অন্ধকাৰ
পুৰাতন গৰ্ভত আবদ্ধ কৰি, সিহঁতে ওপৰত
সাজিব খোজে পুঁজিৰ পাহৰ ।
(সেই দেখি তুমি বন্ধু;
মুক্তি দেউল সাজা....।)
তুমি আজি কাৰাৰূদ্ধ,
আৰু তোমাৰ দৰে বহুতো শিল্পী ।
যুগৰ শ্ৰেষ্ঠ শিল্পী ।
কিয়নো তোমালোক মুক্ত মহাজীৱনৰ সংগ্ৰামী
আৰু আমি অমুক্ত,
(লৌহ-শৃঙ্খল আমাৰ হাতত) ।
ৰুদ্ধ কাৰামুক্ত কৰি আমি আগুৱাই যাম ।
নতুন অসম আৰু নতুন সমাজৰ
যাত্ৰা হ'ব জয়
তুমি লিখিবা    ৰঙা ইতিহাস ।



Kakadeutar har - Nabakanta Barua (7) : ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা


ককাদেউতাৰ হাড় 
সপ্তম অধ্যায় 

স্বাভাবিকভাবেই কুমাৰগঞা ৰাইজ ভোগাইৰ কাষ চাপিল । ঠিক গোচৰ নহয় । দিহা-ভাৰসাৰ কথা । মেল বহিল মুনিচুনি বেলিকা । ভোগাই বৰুৱাই ক'লে , বোলে বাখৰৰ ঘৰ মিতিৰ মানুহ , তেওঁ বাজিলে দেখিবলৈ ভাল নহ'ব । কিন্তু, এটা কথা  তেওঁ নক'লে যে তেতিয়া হ'লে তেৱোঁ যে পৰোক্ষোভৱে ঘটনাটোৰ লগত জড়িত সে কথাট জলজল পটপটকৈ ওলাই পৰিব । আৰু তেওঁৰ প্ৰকৃত ভয়ো সেইটোৱেই । অলপ ৰৈ তেওঁ ক'লে, নিলগীয়া হ'লেও সলাল গোহাঁই এতিয়াও ক্ষমতাত আছে । গতিকে কুমাৰগঞা ৰাইজে সমূহীয়াকৈ গৈ সলাল গোহাঁইদেউতাৰ দোপদৰত গোচৰ কৰিবলৈহে দিহা দিব খোজোঁ ।"

কিন্তু কুমাৰগঞা ৰাইজে জানে, সলাল গোহাঁয়ে এই বিষয়ে একো কৰিব নোৱাৰিবও, নুখুজিবও । আৰু দলে বলে সলাললৈ গ'লে বাখৰে সুদাই এৰিবনে ? এজন মুখিয়ালে ক'লে , "চিপাহী-চন্তৰীৰ বেহু পাৰ হৈ গোহাঁই দেউতাক লগ ধৰাটো জানো কম কথা । তাতে ৰাজভগনৰ দিন । বৰুৱা দেউতাই আগ পাছ কৰি দিলেহে জানোচা - "

"তেনে কথা এতিয়া ভাবিব নোৱাৰি ৰাইজ",  ভোগায়ে ক'লে, "কথা হওঁতে হয়,  ৰংপুৰত ৰজা ভাগিছে  ।  সৰ্গদেউ এতিয়া ভটিয়াই গুৱাহাটী  পালেগৈ বুলি শুনিছোঁ  ।  এনে জয়াল সময়ত আমাৰ ফালৰ পৰা কোনো কথাত আগবঢ়া টান । "

"ৰজাই যদি পলাল, ৰাইজে ৰ কেনেকৈ ?" কুমৰগঞা ৰাইজৰ অসহায় মনোভাৱ ফুটি ওলাল । কিন্তু ভোগায়ে ক'লে , "সৰ্গদেউহে ভাগিছে, বিচাৰ ক'লৈ যাব ? চাৰিজনা ডাঙৰীয়াই আগেয়েও চলাই নিছে । অ'ত ত'ত এতিয়া সেইবোৰ নপতা ৰজা ওলোৱাৰ কথা ৰাইজে জানো শুনা নাই । ৰংপুৰত মটক ৰজাৰ কথা নকৱেই, উত্তৰ কোনে জাপৰীভিটাত, উজনিত বেং মৰাত - এইবোৰত বহুতো নপতা ৰজা হৈছে  ।"

ভোগাইৰ মুখত ৰজাভগনৰ কথা মানুহবোৰে তন্ময় হৈ শুনিছে । ৰজা যেয়েই নহওক লাগে, এইবোৰ সাধাৰন মানুহৰ ভাগ্য, জীৱন-যাত্ৰা - একোৱেই সলনি নহয় । তথাপি কলথোকা বাদুলীয়ে খোৱাৰ কথাতকৈ ৰাজাভগনৰ কথাতেহে প্ৰজাৰ ৰাপ বেছি । ভোগায়ে দিয়া বাতৰি সিহঁতে অবাক হৈ শুনিছে , ভোগায়ে লাহেকৈ ক'লে, "আৰু আমাৰ ইয়াতো খেনোৱে মন মেলিছেহে !"

খেনোৱে মানে যে তেওঁ বাখৰকে বুজাব খুজিছে সেই কথা বুজিবলৈ কুমৰগঞা ৰাইজৰ বাকী নেথাকিল ।

"এস্‌ এস্‌, ৰজা ভাগিল বৰ বিপদ । দেশ অৰাজক হ'লে বৰ বিপদ । নপতা ৰজাই নচঁচা হ'লে সমান ! নপতা ৰজাৰ মুলুকত আমি থাকোঁ কেনেকৈ ? ৰাইজ নিগমে মৰিল ।" এইদৰে কুমৰগঞা প্ৰজাই উচ্‌ পিচালে ।

তেতিয়া ভোগায়ে বুজাই ক'লে, "সৰ্গদেউ ভাগিলেও দেশৰ ধৰণী বুঢ়াগোহাঁই আছে । বুঢ়াগোহাঁই ডাঙৰীয়াই নিজেই সেই দ্ৰোহী বিষয়া আৰু প্ৰজাবোৰক দণ্ড বিহিছে । জপৰা শইকীয়া, জাবৰ - সিহঁতক বৰশীত দিছে । খেনোক ধৰি তেলত ভাজি বা কোৰেৰে ঘৈয়াই মাৰিছে । ৰজা গলেও বিচাৰ নেজায় ৰাইজ, বিচাৰ নেজায় । "এই কথাটোকে আকৌ দোহাৰি ভোগায়ে ক'লে, "ৰজানো সদায় থাকেনে ? ৰাইজ, ৰজাৰ বিচাৰহে থাকে ।"  কুমৰগঞা ৰাইজ ভোগাইৰ কথাত যুক্তু দেখিলে যদিও বিশেষ ভৰসা নাপালে । এই ৰাজভগনৰ দিনত বিষয়াবিলাকে যদি এনে থৰ-যুকুতি নাই - সিহঁতকনো সলাল গোহাঁয়ে কি ৰাখিব । পুৰণি সোণ কেইচিকুতমানৰ বাবেই ইমান অথন্তৰ মাতি অনাৰ বাবে সিহঁতৰ ভোগাইকে দোষী কৰিবৰ মন গ'ল । কিন্তু সেই চিন্তা মনলৈ অনাউ বিপদ । তথাপি মৰো জীওঁ নেভাবি এজনে উলিয়ালে , "দেউতা,  আপুনি এতিয়া কাটকেই বা মাৰকেই -  আপুনিয়েই কৰালে, আমি কৰিলোঁ । আপোনাতেই আমি শৰণ লৈছোঁ "

তাচ্ছিল্যৰ হাঁহি এটা মাৰি ভোগায়ে ক'লে, "মই মহন্ত নে মহাজন অ', এনেকৈ কৈ শৰণ লওঁ লওঁ লগাইছ ? মই তহঁতক ৰূপ অলপমান আগধন দিলোঁ ছোৱালীৰ বিয়াৰ বাবে চৰু , মলা এইবোৰৰ বাবে, আৰু তহঁতে গলি তাৰে সোণ মোকলাবলৈ । এৰা, যাবিতো, নেযাবি কিয়, বোপা-ককাৰ দিনৰ বস্তু । কিন্তু তাতে যদি কিবা অথন্তৰ ঘটে তাৰ বাবে জগৰটো মোৰ হ'ল নে ?"

কথাখিনি আটাইৰে অস্বাভাবিক যেন লাগিল । ভোগেশ্বৰ বৰুৱাই সাধাৰণতে  ইমান বেছি কথা নকয় । এঘাৰ বছৰ বয়সতে এইঁ ছোৱালী উলিয়াই দিবনে ? আগবিয়া দিয়া প্ৰথা এওঁলোকৰ পৰিয়ালত নাই । আৰু, কাৰো জীয়েকৰ বিয়াত কুৰি পোন্ধৰজন কুমাৰে তিনি চাৰিশ টকাৰ চৰু - টেকেলী গঢ়িব নালাগে ।  কুমাৰবিলাকে জানে , বাখৰক লঘু কৰিবলৈকে সিহঁতক সোণ মোকলাবলৈ ধন দিয়া হৈছিল । কিন্তু ভোগায়ে সেই কথা খোলাখুলিকৈ কোৱা নাই । নকয়ো । ভোগাইৰ কথাত সিহঁতে নিৰুপায় হ'ল । এফালে ভোগাই, আনফালে বাখৰ । তাৰ মাজত কুৰুৱা বতাহত বিৰিণা কঁপাদি কঁপি থকাৰ বাহিৰে সিহঁতৰ আৰু উপাই নাই ।

ভোগায়ে আকৌ ক'লে, "শুন, তহঁতক কথা এটা কওঁ । তহঁত সলাল গোহাঁইৰ তালৈকে যা । ময়ো বাৰু গোহাঁই দেউতাক লগ কৰিম । ইতিমধ্যে মিতিৰকো বুজাই শাঁত কৰিব পাৰিম যেন লাগিছে ।"

"গোহাঁই দেউতাৰ তালৈ গ'লে জানোচা সিঁটোৱে - "

"কি সিটোৱে সিটোৱে বুলিছ ? মোৰ আগত মিতিৰৰ কথা ন'কবি তেনেকৈ !"ভোগাই গৰ্জি উঠিল ।

"জগৰ নধৰিব দেউতা", মানুহটোৱে থোকা থুকিকৈ ক'লে, "সিজনে গোহঁইদেউৰ তালৈ গ'লে ব আকৌ কি মূৰ্তি দেখুৱায় ....তাতে সিজনৰ আকৌ হিলৈদাৰী আছে ।"

"হিলৈদাৰী ! কি ক'লি ? হিলৈদাৰী !"

"হয় দেউতা , আমাৰ মুকুন্দক হিলৈৰেহে মাৰিলে ।"

"যাহ মিছা কথা, কেনেকৈ জানিলি ?"

"আমি দেখিছোঁ দেউতা, দেখা নাই যদি এই চকুহাল ভলুকা বাঁহৰ আখি ! আৰু সিদিনা মাজগাঁৱৰ ফাৰ্চীপঢ়া বুঢ়া দেউতাও আছিল ।"

ভোগাই অলপ তভক মাৰি ৰ'ল । কথা তাৰ মানে তলে তলে বহুত দলৈকে শিপাইছে । ত'ত মটকে হিলৈ নোহোৱাকৈ টোকোন জোকাৰি জোকাৰিয়েই ৰাজ্য ল'লে । আৰু বাখৰে হিলৈও গোটাইছে । ভোগাইৰ অলপ পৰ নিজকে বৰ অসহায় যেন লাগিল । ইমান দিনে তেওঁ বাখৰক খন্তীয়া সাপৰ দৰে বিষাক্ত আৰু হীন বুলি ভাবি আহিছিল - কিন্তু এতিয়া বুজিলে যে তেও এটা বিষাক্ত ফেটী গোমৰ লগত যুঁজ দিবলগীয়া হৈছে । ! ক'ত পালে বাখৰে হিলৈ ? ক'ত ? কিন্তু মনুহবোৰে ভোগাইৰ ভাবান্তৰ লক্ষ্য কৰাৰ আগতেই ভোগায়ে ভেকাহি মাৰি ক'লে ,  "তহঁত অলপ ধতুৱা মানুহমখাই বাখৰে পাদ মাৰিলেও হিলৈ ফটা বুলি ভয় খাৱ । ক'ৰবাত ল'ৰা-ছোৱালীয়ে চাগৈ পানী হিলৈ ফুটাইছিল, তাতে তহঁতে বৰ হিলৈটো দেখিলি ।"

"নিস্তে কৈছোঁ দেউতা, সিবৈছা কলিয়াবৰত যে দেখিছিলোঁ কুম্পানীৰ বঙাল চিপাহীৰ হাতত - ঠিক তেনেকুৱা হাত হিলৈ। "ক'লামণি নামৰ কুমাৰজনে ক'লে ।

"বাৰু, বাৰু মই ফাৰ্চীপঢ়া ঘৰৰ হাজৰিকাক সুধিম বাৰু কথাটো" ভোগায়ে ক'লে । " চাওঁ বৰ্হমচৰীয়াক মাতচোন" এইবুলি তামোল কটা লিগিৰি লৰটোক পাচিলে । বৰ্হমচৰীয়া বাহিৰ চ'ৰাৰ পিৰালিতে বহি বিছনীৰ কাঠী তুলাই আছিল । ভোগাই চ'ৰাত বহিলে বৰ্হমচৰীয়া সদায় পিৰালতে বহি থাকেই । নাম লোৱা শুনিয়েই বৰ্হমচৰীয়া দুৱাৰডলিত থিয় দিলেহি ।

"ককাই" ভোগায়ে ক'লে, "তই পথাৰৰ বাটেৰে পোনাই মাজ গাৱলৈ যা । ফাৰ্চীপঢ়া ঘৰৰ হাফীজুৰ আপক মই মতা বুলি ক'গৈ য। আৰু চা, লগত ল'ৰা লুৰি কাকো আনিব নেলাগে বুলি ক'বি । তয়েই লগত লৈ আহিবি । " তাৰ পিচত অলপ ৰৈ ক'লে, "নেলাগে বুঢ়া মানুহ কষ্ট পাব । তই সৰু দোলাখনকে লৈ যা দোলাভাৰী দুটাৰে, জোৰ আৰিয়া নিনিবি, - পথাৰৰ বাটেৰেই আহিবি ।"

বৰ্হমচৰীয়া গ'ল । ভোগায়ে কুমাৰ গাৱৰ মানুহখিনিৰ লগতে কথা পাতি থাকিল । ৰাইজৰ এনে ভাব হ'ল ভোগাই বৰুৱা যেন ৰাইজৰহে এজন । ভোগায়েও যিমান পাৰে সিমান কোমলকৈ কথা বতৰা ক'বলৈ ধৰিলে । তেওঁ ভাবিলে এই মানুহমখাক হাতত ৰাখিবই লাগিব । হিলৈ-বাৰুদ নোহোৱাকৈ মটক মোৱামৰীয়াই ৰজাৰ লগত যুঁজিলে কিহৰ বলত । টোকোন জোকাৰি সিঁহতে ৰজাৰ সৈন্য খেদি নিছিল কিহৰ বলত ? মানুহ । জনবল । এজনে একোচপৰাকৈ মাটি দিওঁতে ভেটি ওখ হৈছিল সাত হাত । মানুহ মানুহেই আচল । এই মানুহখিনিক তেওঁ হাত কৰিব লাগিবই । ইহঁতে কোৱামতে বাখৰৰ যদি হিলৈ আছেও - তেওঁ এই সমুহীয়া শক্তিক বলে পাৰিব জানো ?

ভোগায়ে কুমাৰহঁতৰ কাৰ কিমান ক্ষতি হৈছে সুধিলে । কন্দলী পাহাৰৰ পৰা কাঠ বাঁহ অনাত সুবিধা কৰি দিব বুলিও আশ্বাস দিলে ।

"হাতৰ বন কৰি খোৱা মানিহৰ ক'তো মৰণ  নাই । বোলোঁ কি বোলা ক'লামণি ?"

"দেউতাই সজ কৈছে । হাত দুখনেই আমাৰ সাৰথি । আই বসুমতীয়েই আমাৰ মূলধন । তেওঁৰ গাৰ একো চপৰা খহাই খচি পিটিকি চৰু মলা-গঢ়োঁ - আমাৰ নো কিহৰ ভয়টো ? আৰু জাতে - পাতে আমি কলিতা মানুহ । মাটি খচোঁ বুলি নো আমি কিবা কেঁচু-কুমটিনে ? ক'লামণিয়ে ক'লে , "পিচে এইবোৰ নো জানো কি কলিটো লাগিল !"

"মোৰ মনেৰে", মনধন কুমাৰে ক'লে, "কেৰকণৰ ঘৈণীয়েকে বিধুতি গাৰেই মাটি খচিছিল বাবেইহে আমাৰ এই দুৰ্গতি হ'ল , আই বসুমতীয়ে নসহিলে ।"

"এৰা এৰা, আৰু তেওঁৰ বেলি যে ভুইকঁপটো হৈছিল - সেই দিনাও তাই তেনে গাৰেই চৰু পুৰিবলৈ নৰা গোটাইছিল ।"  মনধনৰ শালপতিয়েক মহীধৰে যোগ দিলে ।

ভোগায়ে জানে , কেৰকণৰ ঘৈণীয়েকজনী বৰ ধুনীয়া । তাই জিয়ৰী থাকোঁতে গাঁৱৰ আটাইমখা ডেকাই তাইলৈ চকু দিছিল । মনধন অলপ বাৰুকৈয়ে আগবাঢ়িছিল । গা-ধন দিবলৈ বুলি সি বাখৰৰ পৰা ৰুপ একুৰিও ধাৰে আনিছিল ।  পিচে মনধনক দুদিনমান বান্দৰ নচুৱাই তাই কেৰকণলৈহে গ'ল । ভোগায়ে ডেকা কালত তাইক অলপ টুকুৰিয়াইও চাইছিল  - পিচে নাই, বিয়াৰ পৰা তাই তেনেই জাতি ছোৱালি হ'ল । পুৰণি আখেজতে মনধনে সুবিধা পালেই কেৰকণৰ ঘৈণীয়েৰৰ কথা উলিয়ায় ।

কৰকণৰ খং উঠিল । সি গেঙেৰ দি উঠিল, "কিয় হ'ব ? সিহঁতে ক'লেই হ'বনে ? তাই গা নধোৱা আজি পাঁচ মাহ হ'ল । ক'ৰ বিধূতিখন হ'ব ? "

ভোগায়ে হাঁহি এটা মাৰি ক'লে , " বাৰু বাৰু এইবোৰ তিৰোতা-মেল এৰা। কিবা ক'ৰবাত দোষ লাগিছে যদি বৰসবাহ এভাগিকে পাতিব লাগিব । "

এইদৰে তেওলোক কথা পাতি থাকিল ।। মেল ছিগাৰ কোনো লক্ষণ দেখা নগ'ল । দৰাচলতে আটাইখনে বাট চাই আছিল ফাৰ্চীপঢ়া বুঢ়া আপ অহালৈ । ভোগাই নিসচিত হ'ব খুজিছিল বাখৰৰ শক্তি সম্পৰ্কে আৰু কুমাৰগঞা ৰাইজে বাট চাইছিল ভোগাইক তেওঁলোকৰ কথা পতিয়ন নিয়াবলৈ । সেইবাবে মাজে মাজে আটাখনে বাহিৰলৈ চাই আছিল ।

বাহিৰত তেতিয়া ভলকৈয়ে আঞ্ছাৰ হৈছে । বাটচ'ৰাৰ ওচৰৰ ছাঁ'ৰ দৰে দেখা গ'ল এখন দোলা । ফাৰ্চীপঢ়া ঘৰৰ বুঢ়া আপ আহি পালে ।


ষষ্ঠ অধ্যায়                                                                                                                               অষ্টম অধ্যায়

---------------------------



Kakadeutar har - Nabakanta Barua (6) : ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা



ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা 


কিছুদিন মানৰ পৰা মাহিন্দ্ৰীয়ে লক্ষ্য কৰিছিল, হাতনি পেৰাৰ ধনেৰে ভোগাইৰ নচলা হৈছে । ঘনাই বৰ মেলিবলৈ লৈছে । আগেয়ে সিকিটো চৰতীয়াটো লাগিলেও বৰ্হমচৰীয়াৰ হতুৱাই তাইৰ পৰা নিয়ায়হি । এতিয়া ভোগায়ে নিজেই পেৰা মেলি লৈ যায় । কুমাৰ গাৱৰ মানুহবোৰৰ আহ-যাহৰ কথাও সিহঁতৰ ঘৰবান্দী পিতিকি বায়ে কৈছিলহি তাইক ।

মুঠতে সকলোবোৰ কথা মিলি মাহিন্দ্ৰীয়ে মনটো দুশ্চিন্তাৰে ভৰি আছিল । লিগিৰী  বৰ্হমচৰীয়াৰ পৰা তাই কুমাৰ গাঁৱৰ মানুহবোৰক ধন দিয়াৰ কথাও গম পাইছিল । কি উদ্দেশ্যত ভোগায়ে এইবোৰ কৰিছে তাই ঠিক বুজিব পৰা নাই । বুজিব নোৱাৰা কাৰণে তাইৰ দুশ্চিন্তা আৰু উদ্বেগ বাঢ়িহে আহিছিল । যেনে তেনে তাই কথাটো উলিয়াবই । 

সিহঁতৰ এঘাৰ বছৰীয়া জীয়েক সুমলাই এতিয়া সিহঁতৰ সাঁকো । এঘাৰ বছৰীয়া পাটগাভৰু ছোৱালী, এতিয়াও কেচুৱা হৈয়েই থাকিল । উঘা এটা ল'ব নাজানে । জানে কেৱল সাধু শুনিব আৰু ধেমালি কৰিব । ৰুক্ষ স্বভাৱৰ ভোগাই সুমলাৰ ওচৰত নিচেই কোমল । এদিন মাৰল ঘৰত বহি ভোগায়ে সুমলাক কিবা বাঙাল বাজিকৰৰ ভাও দেখুৱাইছিল । ভোগাইৰ প্ৰসন্ন মুখখন দেখি মাহিন্দ্ৰীয়ে সুযোগটো ল'ব খুজিলে ।

"হয়নে অ' সুমলা,  পিতাদেৱে যে কুমাৰৰ আগত টকা ছটিয়াইছে, সিহঁতেও কিবা এটকা ৰূপ দুটকা কৰা ভেলেকি জানে নেকি ?"

ভোগাইৰ হাঁহি কেইমূহুৰ্তৰ বাবে বন্ধ হৈ আকৌ দুগুণ জোৰেৰে ওলাল । এই হাঁহি অৱশ্যে আগৰ সৰল হাঁহি নহয় । হাঁহি হাঁহি ভোগায়ে ক'লে , "মা-ৰক ক' বোলে পিতাদেৱেৰে বৰ দ পাট নাদ এটা খন্দাব খুজিছে, একেবাৰে পাতাল ঢুকি পোৱাকৈ । মোমায়েৰৰ ভয়ত আমি পলাব লাগিব নহয় ! - তয়ে ময়ে ! মাৰ ভনীয়েৰ বুলিয়েই সাৰিব ।"

"মোমাইৰ লগত তই কিবা লুকা ভাকু খেলিছ নেকি পিতাদেউ !" সুমলাই ক'লে ।

"এৰা লুকা ভাকুৱেই । পিচে এই খেলত যি মৰে' সি আৰু নিজীয়ে - একেবাৰেই মৰে", তাৰ পিচত মাহিন্দ্ৰীলৈ চাই ক'লে,  "সিদিনা ভোজত তোৰ বৌয়েৰে কোৱা কথাখিনি মনত আছে নে নাই ? মই হেনো হাতীৰ ক'ৰবালৈ তৰাৰ ফৰ্মুটি মাৰিছোঁ । হোঁ । সি হাতী হ'ল । তাৰ দাঁত ওলাইছে ! হেৰ' হাতীৰ দুদাঁত, বৰাৰ দুদাঁত আৰু নিগনিৰো দুদাঁত । এইবাৰ নোদোকা বৰগাহৰিক নিগনি কৰিহে এৰিম ।"

সুবিধা পালেই মাহিন্দ্ৰীক বিকৰ্থনা কৰাটো ভোগাইৰ স্বভাবতেই পৰিণত হৈছে । মাহিন্দ্ৰীৰ হাঁহিৰ খোজা মুখখন মেলান পৰি গ'ল । 

সুমলাই ক'লে, "পিতাদেউ, বৌ আহিলেই তই চোন কিবাখন কৰ । নোমোলো যা তোৰ লগত ।"

এইবুলি সুমলা দুপ দুপাই ওলাই গ'ল ।

মাহিন্দ্ৰীয়ে সৰুকৈ ক'লে, "জানো, সৰু মানুহবোৰৰ লগ লাগি আপুনি কি কৰিব খুজিছে এইখন । বেচি লাই দিলে গললৈকে জপিয়াব ক'ৰবাত !"

"মোৰ ডিঙি ঢুকি পোৱা ইমান সহজ নহয় অ' বৰাৰ জীয়েক । ভগাৰজাৰ দিনৰে বৰুৱা আমি । তোৰ ককায়েকৰ দৰে আঠদিনীয়া নহয় একা ।"

মাহিন্দ্ৰীয়ে একো নামাতিলে । কাৰণ মাতিলে লাভ নাই ।  তাই তলমূৰকৈ ওলাই আহিল ।

তাৰ কেইদিন মানৰ পিচত  খবৰ ওলাল কুমাৰ গাঁৱত জুইলগাৰ । মাহিন্দ্ৰীৰ মনৰ সাঁথৰটো আৰু জটিল হৈ পৰিল । কোনে জ্বলালে বাৰু এই জুই । ভোগাইৰ খঙৰ ভমক কেতিয়া কোনফালে যায় ঠিক নাই । কিজানি ভোগায়েই ! কিন্তু বৰ্হমচৰীয়াই পিচত এদিন ক'লেহি সম্ভবতঃ এই জুই বাখৰে দিয়াইছে । কুমাৰবোৰে হেনো বাখৰক অপমান কৰিছিল । মাহিন্দ্ৰীৰ বুজিবলৈ বাকী নাথাকিল যে কিবা উপায়ে ভোগাইয়েই কুমাৰবোৰৰ হতুৱাই বাখৰক অপমান কৰাইছে । দুঘৰ মানী মানুহৰ, দুঘৰ মিতিৰৰ কাজিয়া লাগিছে - হয়তো ভাগিবও । কিন্তু মাজত এই সধাৰণ মানুহবোৰক উচটোৱাৰ প্ৰয়োজন কি / তাৰ পৰা কৰোৱেই মংগল নহয় । প্ৰজাবোৰ এনেকৈ বাখৰৰ অত্যাচাৰত জুৰুলা হ'ব , ভোগাইৰ মনৰ অশান্তি বাঢ়িব । আৰু বাখৰেও তো পাৰে প্ৰজাবোৰক উত্তেজিত কৰিব ভোগাইৰ বিৰুদ্ধে । তাই আৰু চিন্তা কৰিব নোৱাৰা হয় । কান্দি কান্দি তাই বুজিলে, কান্দি লাভ নাই, আৰু নাকান্দিও উপায় নাই । এই দুই বৈনাই-জেঠেৰীৰ আৰু মিলন নহয় - নালাগে, কিন্তু দুয়ো শান্তিত থাকক । তাইক ভোগায়ে যিমান কেটেৰা-জেঙেৰা কৰি থাকে থাকক । মাথোন শান্তিত থাকক, শান্তিত ।

"আমি তিৰোতা মানুহমখাই শান্তি বিচাৰো, বৰ মইনা ।" আইতাৰ মাতত মই আকৌ বৰ্তমানলৈ ঘূৰি আহিলোঁ , "আমাৰ নিজৰ বাবে নহয়, ঘৰখনৰ কাৰণেহে শান্তি বিচাৰোঁ । সেইবাবেহে হেমন্তৰ বিয়াখনত এইবোৰ কথা উলিয়াইছো ঁ ।" আইতাৰ বৰ্ণনাত মাহিন্দ্ৰীৰ মনৰ সংঘাত আৰু বিষাদৰ ছবি ইমান গভীৰভাবে কিয় পাইছোঁ এতিয়াহে যেন বুজি পালোঁ । মাহিন্দ্ৰীৰ দৰে আইতাও এইঘৰৰ বোৱাৰীহে । বোৱাৰীয়েহে বোৱাৰীৰ দুখ বুজে চাগৈ । আৰু এটা কথা মই আলপ আচৰিত পালোঁ, আইতাই আম্ৰ পৰিয়ালৰ ইমানবোৰ কথা কেনেকৈ জানিলে ? আইতাক কথাটো সুধিয়েই পেলালোঁ ।

আইতাই ক'লে , "মই যেতিয়া তহঁতৰ ঘৰ সোমাওঁহি - তেতিয়া মোৰ পোন্ধৰ বছৰ । আৰু এতিয়া মোৰ চাৰি কুৰিলৈ এবছৰ কম । আইৰ ঘৰত মই সেই পোন্ধৰ বছৰহে আছিলোঁ - বাকিখিনি চোন তহঁতৰ মানুহমখাৰ লগতে ।" তাৰ পিচত সেমেকা হাঁহি এটা মাৰি আকৌ ক'লে, "বোৱাৰীয়েহে আচল ঘৰখন চিনি পায়, জীয়াৰী বোৰে মাকৰ ঘৰৰ সপোন দেখিয়েই কটায় ।"

আইতাৰ কথা বেচি পৰ ভাবিবলৈ নাপালোঁ । আইতাই আকৌ টানি লৈ গ'ল মোৰ মন অতীতলৈ ।



------------------------

পঞ্চম অধ্যায়                                                                                                                        সপ্তম অধ্যায় 

Kakadeutar har - Nabakanta Barua (5) : ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা

ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা 


এদিন মুকুন্দ কুমাৰ গাঁৱৰ এমূৰীয়া তাৰ পঁজাটোওৰ পৰা ওলাল । নিঠৰুৱা নহ'লেও তাৰ অৱস্থা নিঠৰুৱাতকৈ শোক লগা । ৰ'ৰআ-তিৰোতাই তাক এৰি গৈছে । ভায়েকে গাঁৱৰ এমূৰত পঁজা এটা সাজি দিছে । চাউল-পাতৰো যোগান ভায়েকেই ধৰে; কেতিয়াবা খুজিও আনে । তাৰ জুপুৰি ঘৰটো হ'লে চালে চকুৰোৱা । মিহিকৈ চিকণুৱা চোতাল । কেইজোপামান শেৱালি আৰু তগৰ ফুলৰ গছ । ৰাতিপুৱা সোনকালে উঠি সি কোনেও নেদেখাকৈ নৈত গাটো ধুই আহে । বাকী ঘৰৰ কাম তাৰ ঘৰৰ কাষতে থকা খালটোৰে কৰে। খুজিব - মাগিবলৈ গ'লে তাক আটাৱে লেই লেই ছেই ছেই কৰে । কাৰো ঘৰৰ পদুলিৰ সিপাৰ হ'বলৈ তাক দিয়া নহয় । মানুহেও কথা বতৰা দুৰৰ পৰাহে পাতে । মুকুন্দ আজি ঘৰৰ পৰা ওলাল । ওলায়েই সি গাঁৱৰ ফালে নাহি ন- নৈৰ ফালে আগবাঢ়িল । কথাটো এটা খবৰৰ দৰেই হ'ল । গাঁৱৰ ল'ৰা- ছোৱালীয়ে গৈ খবৰ দিলে ভায়েকক । ভায়েক প্ৰায় উধাতু খায়েই আহিল । কাৰণ সি ককায়েকক খুজিব মাগিবলৈ হাক দিছে । যি লাগে সি নিজেই দিয়ে । 

"ককাই, কলৈ যাব ? কিবা চাউল-পাত লাগিলে দিমহি নহয় ।"

"নেলাগে নেলাগে, তহঁতৰ চাউল পাত আৰু নেলাগে মোক । এইয়া চা" - বুলি মুকুন্দই টোপোলা এটা জোকাৰি দেখুৱালে । টোপোলাটোৰ পৰা এমুঠি ৰূপৰ টকা সিকি অদমহীয়া হাতত ল'লে ।

"ইমান ধন ক'ত পালি ককাই ? কি কৰগৈ এই ধনেৰে ?"

ভায়েকে কাতৰভাবে সুধিলে ।

মুকুন্দই এটা অদ্ভুত হাঁহি মাৰিলে ।

"মই মানুহটোহে পেলনীয়া হৈছো - এইবাৰ চাওঁ মোৰ ধন পেলনীয়া হৈছে নে নাই !"

"তোৰ কথা একো বুজা নাই ককাই । ক'ৰ টকা ? কাক দিয়গৈ ?"

ভায়েকৰ মাতত বিমোৰ হোৱাৰ সুৰ স্পষ্ট ।
মুকুন্দৰ মুখত আকৌ সেই হাঁহি । আত্মঘাতী বেদনাৰ হাঁহি । "ক'ত পালোঁ কিয় লাগিছে ? এই টকা মোৰ । এই টকা মই য'ত দিব লাগে দিম । চাই থাক । আৰু মোৰ সিজনীৰ - তাই আছে নহয় বাপেকৰ ঘৰত - কাণত কঁৰীয়া পিন্ধাম । বুঢ়ী আইৰ কাণৰ কঁৰীয়া ।

ভায়েকে কথাটো বুজিলে । ক'লে "ককাই ! তই নিজেও মৰিবি, আমাকো মাৰিবি । বুঢ়ী আইৰ কঁৰীয়া আৰু এতিয়াও কঁৰীয়া হৈ আছেনে ? ককাই তই এইবোৰ এৰি পেলা । য'ৰ ধন পাইছ তাত দি আহগৈ । "

 "ধন ঘূৰাই দিলেও মৰিম, সোণ আনিবলৈ গলেও মৰিম "মুকুন্দই ক'লে, "মোক মৰাৰ ভয় নুখুৱাবি । মইনো ক'ত জীয়াই আছো ? ছিঃ মই মৰাতকৈ অধইচ ! সকলোৰে পেলনীয়া হৈ গাঁৱৰ এচুকত - ছিঃ !"

এই বুলি মুকুন্দ আগবাঢ়িল । ভায়েক নিৰুপায় হৈ গুচি গ'ল । ভায়েক লগত যোৱাটোও সম্ভব নাছিল । কাৰণ, সি জানে লগত থাকিলে বাখৰৰ খঙৰ জুইত সিও জাহ যাব লাগিব ।

গাঁৱৰ ল'ৰামাখাই অৱশ্যে মুকুন্দৰ পিছ নেৰিলে । টুকটুককৈ সি ন-নৈৰ ফালে আগবাঢ়িলে । কুৰি নলমান আঁতৰে আঁতৰে ল'ৰাৰ দল । খেনোৰ কঁকালত কাচুটি আছে, খেনোৰ নাই । ল'ৰাহঁতে জানে যে আজি বাখৰৰ ঘৰত কিবা ধেমালি হ'বই । সিহঁতৰ মতলব সেই ধেমালি চোৱাৰ । মাক-বাপেকে গালিপাৰি শাওপ-শপনি দিও সিহঁতক খেদি পঠাব নোৱাৰিলে । সিহঁত আগবাঢ়িল । পিচত দেখা গ'ল, ল'ৰাহঁতৰ কিছু আঁতৰে আঁতৰে গাঁৱৰ আন মানুহো ধেমালি চাবলৈকে গৈ থাকিল । 

মুকুন্দ গৈ বাখৰ বৰাৰ বাটচ'ৰাতে ৰ'ল । বাহিৰত ল'ৰা-ছোৱালীৰ কোঢ়াল শুনি বাখৰৰ ঘৰৰ লগুৱা দুটা ওলাই আহিল ।

"কোন তহঁত, কি লাগে তহঁতক ?"

বাখৰৰ লগুৱাৰ মাত শুনিয়েই মানুহবোৰৰ ফৰিং চিটিকা দিলে । বাটচ'ৰাত কঁপি কঁপি থহিয় দি কেৱল মুকুন্দ কুমাৰ, হাতত তাৰ টোপোলাটো ।

বাখৰে তেতিয়া চ'ৰাঘৰতে বহি ফাচীপঢ়া ঘৰৰ বুঢ়া হাজৰিকা হাফিজুৰৰ লগত কথা পাতি আছিল । গোলমাল শুনি তেওঁ দুৱাৰ দলিৰ পৰা লগুৱা এটাক ক'লে "হেৰ' সেই বৰৰুগীয়াটো কিয় আহিছে সোধচোন । নাই নেলাগে ৰ । ভায়েকে সিধা পাতি নিদিয়া হ'ল হ'বলা । পৰলীয়া চাউল এদোনকে দি আহগৈ টকৌপাতৰ তোম এটাত ।"

এই বুলি তেওঁ গৈ আকৌ হাফিজুৰ হাজৰিকাৰ লগত কথাত যোগ দিলে । টকৌপাতৰ টোম এটাত চাউল এটোম নি লগুৱা এটাই বাটচ'ৰাৰ দাঁতিত থ'লে । 

"চাউল-পাত একো নেলাগে ঐ দেউতাহঁত ! মই বাখৰ দেউতাৰ মাত এষাৰকে  শুনিব খোজোঁ ।"

লগুৱা কেইটা বিচুৰ্তি হ'ল ।  এই বৰ- ৰুগীয়াটো কয় কি ? সিহঁতে সৰুকৈ ক'লে, "হেৰৌ , ভালে ভালে আঁতৰি যা । দেউতাই তোক বাটচৰাৰ পৰা আদৰি নিনিয়েহি । গুচ্‌ কটা ভালে ভালে ! "

কিন্তু মুকুন্দ অবিচল । সি বৰা দেউতাক দেখা নকৰাকৈ নাযায় ।
এটা লগুৱাই ক'লে, "হেৰৌ, বোলো কিবা কথা থাকিলে আমাক ক'। আমি গৈ দেউতাক ভেটিমগৈ ।"

কিন্তু মুকুন্দ মান্তি নহ'ল । সি ক'লে, "মোৰ কথা মইহে ক'ব পাৰিম  । তোমালোকে মই বৰা দেউতাক লগ কৰিব খোজোঁ বুলি কোৱাগৈ যোৱা ।"

"তই লগ ধৰিব খোজাৰ কথা কেনেকৈ ক'মগৈ অ' দেউতাক ? কোনটো সাহেৰে ক'ম ?

"তহঁত জীয়া মানুহ ঐ দেউতাহঁত, তহঁতৰ মৰিবলৈ ভয় হ'বই । মোৰ পিচে ভয় নাই । তেন্তে তহঁতেই কগৈ দেউতাক - বোলে বুঢ়ীমাকৰ সোণ মোকলাবলৈ মুকুন্দ কুমাৰ আহিছে ।"

মুকুন্দৰ মুখৰ পৰা কথাষাৰ ওলোৱাৰ লগে লগেই লগুৱা দুটা উচপ খাই উঠিল ।

"আই ঔ, তেনে কথা এষাৰ দেউতাক ক'বলৈ মোৰ বোপাইৰো দুটা কলিজা নাই ঔ !"

লগুৱা দুটাই বেচ ছোট্‌ঘাত দেখুৱালেও কথাবোৰ হ'লে লাহে লাহে কৈছিল - জানোচা বাখৰৰ কাণত পৰেগৈ । তেনেতে বাখৰ আকৌ উঠি আহিল ।

"হেৰৌ থোলোক , কি বিয়নি মেল পাতিছে সেই কুঠীয়াটোৰ লগত ? তাৰ জনীকে আনি ল'ব খুজিছ নেকি ? তাক যাবলৈ নকৱ কিয় ?"

থোলোক নামৰ লগুৱাটোৱে উপাই নাপাই সেহাবেঙাকৈ ক'লে,     "সি কৈছে বোলে সি হেনো দেউতাৰ লগতেহে কথা ক'ব ।"

"আহঃ এই বৰকথীয়াটোৰ ইমান সাহ ! গতিয়াই খেদি দে তাক ।"

আনদিনা হ'লে বাখৰৰ মুখৰ পৰা ইমানখিনি কথা ওলোৱাৰ প্ৰয়োজনেই নহ'লহেঁতেন, লগুৱাকেইটাই আগতেই দিহা লগালেহেঁতেন । কিন্তু মুকুন্দৰ গাত হাত দিবলৈ সিঁহতৰ সাহ নাই । মুকুন্দৰ গাটো যে তাপলিৰে ভৰা । বগা তাপলি অৰ্থাৎ শ্বেতকুষ্ঠ সৌ সিদিনালৈকে 'বিয়াধি' হিচাপে ধৰা হৈছিল । মানুহে ভাবিছিল ইও এটা মৰাত্মক, দুৰাৰোগ্য আৰু সংক্ৰামক ৰোগ । সেই বাবেই মুকুন্দক ল'ৰা-তিৰোতাই এৰি গৈছিল । ভায়েক বেলেগে ঘৰ সজাই দিছিল । আজি মুকুন্দৰ ব্যধিয়েই তাৰ বৰ্মৰ দৰে হ'ল । তাক কোনোৱে নোছোৱে ।

লগুৱাকেইটা আৰু বাখৰো নিৰুপায় হৈ থিয় দি থাকিল । তেনেতে ফাৰ্চীপঢ়া ঘৰৰ হাজৰিকা হাফিজুৰ বুঢ়আপ ওলাই অহিল ।

"বোলোঁ, কিহৰনো খকাখুন্দা তৰ্কাতৰ্কি ? বৰা, বোপা, কি হ'লনো ?"

"চাওকচোন আপদেউ, এই বেমাৰীটো ইয়াৰ পৰা নাযায় । মোৰ লগত হেনো তাৰ কথা আছে । মোৰ লগতনো তাৰ কি এনে কথা থাকিব পাৰে ? তাৰ সাহটো চাওক চোন ।"বাখৰে ক'লে ।

ফাৰ্চীপঢ়া ঘৰৰ হাফিজুৰ হাজৰিকাই ক'লে, "হেৰৌ বেমাৰী মানুহটো, তই এইদৰে ঘুৰি ফুৰিব পায় জানো ? চাউল দিছে পাত দিছে, গুচি নাযাৱ কিয় ?"

ফাৰ্চীপঢ়া দেউতা", মুকন্দই ক'লে , "আপুনিও আছে যেতিয়া ভালেই হ'ল । মই বৰা দেউতাৰ সৈতে অলপ কথা - " মুকুন্দৰ কথা শেষ নহ'ল । বাখৰে গৰজি ক'লে , "কটা নিধক কুঠীয়াৰ সঁচ, তোৰে সৈতে মোৰ কিহৰ কথা থাকিব পাৰে অ' ?" তাৰ পিচত লগুৱা দুটক ক'লে, "খেদি নপঠাৱ কিয় ইয়াক, বেটাহঁত ?"

হাফিজুৰ বুঢ়াই ক'লে , "বোলোঁ বৰা বোপাদেউ, কোৰান হদিছত কৈছে বোলে গৰীব-ধনী, দুখীয়া-সুখীয়া সকলো মানুহ খোদাতাল্লাৰ পয়দা । গৰীব - দুখীয়া মানুহৰ আমীৰ-ওমৰাওৰ ওচৰত কিবা নালিচ গোচৰ থাকিবও পাৰে । সেইবোৰ নুশুনিলে গুনাহ নাই, কিন্তু শুনিলে চবাব হ'ব ।"

হঠাৎ বিজুলী সঞ্চাৰে বাখৰৰ মনত এটা আশাৰ ৰেঙনি খেলি গ'ল । কিজানি মুকুন্দই বাখৰৰ ওচৰত ভোগাইৰ কথা কিবা ক'বলৈকে আহিছে !

হাফিজুৰ বুঢ়া আপই তেনেতে মুকুন্দক ক'লে, "বেমাৰী মানহটো, তই ক'চোন । তোৰ আৰজী পেচ্‌ কৰ । বাখৰ দেউতাৰ আগত কি ক'বলগীয়া আছে ক' ।"

কি কথা ক'ব পাৰে বাৰু মুকুন্দ কুমাৰে, বাখৰে ভাবিলে । কিহৰ বাবে মানুহটো মৰসাহ কৰি সি আহি বাখৰৰ পদূলিত থিয় দিছেহি ? বগা তাপলি হোৱা বৰ বেমাৰী এটা তেওঁৰ টোলত সোমাব খোজাটোৱেই তেওঁৰ প্ৰতিষ্ঠাৰ প্ৰতি এটা প্ৰত্যক্ষ অসন্মান, কিন্তু হাফিজুৰ আপই কোৱা কথাৰো দাম নোহোৱা নহয় । সৰু হওক, ডাঙৰ হওক, ৰজাঘৰীয়া বিষয়া তেওঁ । তেওঁৰ ওচৰত মুকুন্দৰ কিবা গোচৰো থাকিব পাৰে । হয়তো মুকুন্দৰ পৰা ভোগাইৰ মতি-গতিৰো কিবা তলা-নলা পাব পাৰে । তেওঁ মুকুন্দক ক'লে "বাৰু ক'চোন, তোৰ কি গোচৰ আছে ?"

মুকুন্দই মেৰতলিৰ পৰা টকাৰ টোপোলাটো উলিয়ালে । তাৰ পিচত আঁঠু লৈ সেৱা এটা কৰি টোপোলাটো বৰাৰ ফালে মাটিত থ'লে ।

বাখৰে সকলো বুজিলে । গোটেই গাৰ তেজবোৰ আহি যেন তেওঁৰ মুখ আৰু মূৰত গোট খালেহি । তেওঁ কিবা কোৱা বা কৰাৰ আগতেই হাফিজুৰ বুঢ়াই আচৰিত হৈ চিঞৰি উঠিল, "ইয়ে আল্লা, ইমানবোৰ টকা ! হেৰ' তোৰ মতলব কি ? " মুকুন্দয় স্পষ্ট অথচ ক্ষীণ মাতেৰে ক'লে, দেউতা সকল, মোৰ বুঢ়ী আয়ে দেউতাৰ ওচৰত কঁৰীয়া এযোৰ ..."

মুকুন্দৰ কথা শেষ নহ'ল । বাগৰৰ গোৰত টোপোলাটোত থকা টকা সিকি-আদমহীয়াবোৰ সিঁচৰিত হৈ পৰিল । হাফিজুৰ্বুঢ়াই কি বুলিলে ক'ব নোৱাৰি, কিন্তু বাখৰে বুজিলে । শেষত মুকুন্দ কুমাৰো আহে বুঢ়ীমাকৰ কঁৰীয়া মোকলাবলৈ ! তাকো ফৰ্চীপঢ়া বুঢ়া আপৰ আগতে !

"কি চাই আছ কুকুৰ পোৱালিহঁত ? বান্ধ ইয়াক " বাখৰে চিঞৰি ক'লে । কিন্তু সিহঁত কোনো আগ নাবাঢ়ে । বৰৰুগীয়াটোৱে ছোৱে কেনেকৈ সিহঁতে ?

খঙত একো নাই হৈ বাখৰে ভিতৰলৈ সোমাই গ'ল ।

মুকুন্দয় য'ৰে টকা ত'তে পেলাই থৈ উঠি এখুজি দুখুজিকৈ উভতি যাবলৈ ধৰিলে । বাখৰ ওলাই হাতত সৰু নলীয়া হিলৈ আটা লৈ ।

"খাজ !" বাখৰে ক'লে । লগুৱাই হিলৈ খাজিলে । বাখৰৰ নিৰ্দেশমতে থোলোক নামৰ লগুৱাটোৱে মুকুন্দলৈ টোঁৱাই হিলৈৰ ঘোঁৰাটোত টিপা মাৰি দিলে ।

তাৰ পিচত হিলৈৰ শব্দ, বাৰুদৰ ধোৱা আৰু গোন্ধ ।

মুকুন্দৰ শেষ আৰ্তনাদ ।

তেতিয়াহে বাখৰে মন কৰিলে আলি কেঁকুৰিত মানুহৰ জুম । তেতিয়াহে চেতনা আহিল , চোতালত থিয় দি আছে ফাৰ্চীপঢ়া বুঢ়া হাফিজুৰ হাজৰিকা । বাখৰে বুজিলে, তেওঁ এটা ডাঙৰ ভুল কৰিলে । উত্তেজিত হৈ চিকা মাৰি হাত গোন্ধোৱালে তেওঁ । নিজেই নিজৰ বিপদ মাতি আনিলে । মুকুন্দ কুমাৰক মাৰিবলৈ হিলৈ । জুই দিব নালাগে ।  ৰজাঘৰীয়া সৈন্যৰ বাহিৰে হিলৈ আন মানুহে ৰাখিব নাপায়  - ৰাখিলে জগৰ । তাতে আকৌ এইটো কুম্পানীৰ হিলৈ । মুকুন্দ কুমাৰক তেওঁ অনায়াসে টঙনিয়াই মাৰিব পাৰিলেহে৬তেন বা যাঠিৰে খুঁচি । তেওঁৰ হাতত হিলৈ থকা কথাটো সামান্য কথা এটাতে সদৰি হৈ গ'ল । মিকৃগড় চাহাবৰ হিন্দুস্থানী চিপাহী এটাৰ পৰা চোৰাংকৈ আনি ৰাখিছিল হিলৈটো । আজি ৰাইজে জানিলে । এই সামান্য মানুহবোৰে বাৰু জানিলে জানক । কিন্তু ফাৰ্চীপঢ়া ঘৰৰ হাফিজুৰ বুঢ়ায়ো গম পালে । সেইটোহে ডাঙৰ কথা হ'ল । বঙালৰ চুবাদাৰৰ চিঠিপত্ৰ বহুত সময়ত ফাৰ্চী জবানত আহে । সেইবোৰ পড়ি দিয়াৰ বাবে তেওঁলোকৰ পুৰুষানুক্ৰমে হাজৰিকা । এতিয়া যদি সলাল গোহাঁয়ে গম পায় বাখৰে কুম্পানীৰ হিলৈ ৰাখিছে ! যদি তেওঁ ভাবে বাখৰে দ্ৰোহ আচৰিছে ! হঠাৎ বাখৰৰ মনলৈ আহিল - মুকুন্দ আৰু হাফিজুৰ - দুয়োওকে ভোগায়ে চক্ৰান্ত কৰি পঠিয়াই দিয়া নাইতো ?

হাফিজুৰ বুঢ়া আপই বাকহ্ৰৰ ফালে একেথৰে চাই আছিল । তেওঁ যেন বাখৰৰ ম্মনটো ফাৰ্চী পঢ়াদি পঢ়িহে পেলালে । তেওঁ নিৰ্বিকাৰ সুৰে ক'লে , "বোপাদেউ চিন্তা নকৰিব ।। মই একো দেখা নাই, মই একো শুনা নাই ।"

হাফিজুৰ বুঢ়া আপ গ'লগৈ ।

দূৰৰে পৰা খোৰোচা গাঁঠি লগাই মুকুন্দৰ শটো চোঁচৰাই নি গাঁত এটা খানি পুতি থোৱা হ'ল ।

বাখৰৰ মনত অলপ উগুল থুগুল ভাব । পানীত তুলসী পাত তিয়াই গাটো ধুইহে মনটোত অলপ শান্তি পালে । ছেঃ কি কাণ্ডটো হ'ল আজি । হাফিজুৰ বুঢ়াৰ শেষ কথাষাৰ মনত পৰিল । তেওঁ হেনো একো দেখাও নাই শুনাও নাই । অৰ্থাৎ তেওঁ যি দেখিলে সেই কথা আৰু কোনোৱে গম নাপায় । কিন্তু বাখৰে ভাবিলে  সিহঁতে তো দেখিছে । সিহঁতে মানে আলি-কেঁকুৰিত থকা কুমাৰ গাঁৱৰ মানুহমখাই । ইহঁতৰনো কৰবাত গোচৰ তৰিবৰ সাহ হ'বনে ? আৰু ভোগায়ে গম পাবই । ভোগাইহঁতে সদায় চোন গম পায়েই । নাই বাখৰে ভুল কৰিলে । ভোগাইৰ হাতত এইদৰে ধৰা পৰিব তেওঁ নালাগিছিল । জিদত পৰি কুমাৰ গাঁৱৰ বন্ধকী সোণ মোকলাবলৈ গৈ সি টোকোনা হৈ গ'লহেঁতেন । প্ৰথমে দিয়া চিকা ৰূপ আৰু আঠচুকীয়া ৰূপৰ ঠাইত এতিয়াই চোন সিকি আধলি ওলাইছেই । এইদৰে চেঁচা ৰণখন চলি থকাটোৱেই ভাল আছিল । আজি তেওঁৰ খঙৰ ভমকটো বৰুৱাৰ ঘৰৰ যেন হে হ'ল ।

বাৰু যি হ'ব লগা আছিল হ'ল । মুকুন্দই অনা টকাবোৰ পেলাই দিব নোৱাৰি । তেওঁ সেইবোৰ গোবৰ পানীৰে ধুই  তুলসী পানী ছটিয়াই সুমুয়াই থালৈ ভৰালীক ক'লে । আৰু এই কুমাৰ গাঁৱৰ গৰুমাখাক ভালকৈ সোৱাদ দিব লাগিব , সিহঁতৰ যাতে চিৰকাললৈ পিত্‌ মৰি যায় ।

সেই দিনা ৰাতি কুমাৰ গাঁৱৰ আধাখিনি পুৰি ছাই হৈ গ'ল ।



                                                            -----------------------------



চতুৰ্থ অধ্যায়                                                                                                                     ষষ্ঠ অধ্যায় 

Kakadeutar har - Nabakanta Barua (4) : ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা

ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা 



এমাহ মানৰ মূৰত কুমাৰ গাঁৱৰ পৰা এজনী কুমাৰনী গৈ বাখৰৰ আগচঁৰাৰ পিৰালিত লাহেকৈ বহিল । সাধাৰণতে সিহঁত পাছ দুৱাৰেদি পোনে পোনে ভিতৰ চোতালোলৈহে যায় ।

"কি অ', আজি চোন একো আনা নাই ?" চেলেংখনত হাত মচি মচি বাখৰে ক'লে, "লুহিতে বাণমলা নে ভুৰুকা কিবা এতাৰ কথা কৈছিল নহয় তোক, আনিছ ?"

"নাই দেউতা, আন এটা সকামতহে আহিলোঁ আজি ।"

"কি , পুতেকৰ বিয়া পাতিছ নেকি ? ভুৰাগাৱত যে চপনীয়া হৈ আছিল সেইটো ?"

"এৰা, তেনেকুৱাই দেউতা, দুটাৰ মাইকী হৈ উঠি এতিয়া বোলে বোৱাৰীজনী আহে । তাইকতো কিবা এটা দিব লাগিব ।"

কুমাৰনীয়ে সেমেনা-সেমেনিকৈ ক'লে ।

"কি দিবিনো ? লপঙৰ মাকক খুজি পুৰণি ৰিহা-মেখেলা এযোৰকে দে গৈ । পুৰণি কইনা যেতিয়া ।"

বাখৰে ৰসিকতা কৰি শেষৰ বাক্যটো যোগ দিলে । অলপ আসৈ পোৱাৰ সুৰত কুমাৰনীয়ে ক'লে , "নিম দেউতা, নিম । আপোনাসবৰ এৰা এৰেহাৰেই আমাৰ চলি যাব ।" তাৰ পিচত অলপ ৰৈ ক'লে, "লগতে ভাবিছিলোঁ দেউতাৰ হাতত থকা গেজেৰাটোও - "

"হেৰ'ইমান টকা ক'ত পাবি তই ? দুই কম একুৰি হ'ল - জাননে নেজান ?"বাখৰে খংমুৱা হৈ ক'লে ।

"বান্দীয়ে নো আৰু কি সিমানটো ভু পাওঁ, পিচে অনাত আনিছো ৰূপ একুৰি । সেই দহ টকা নিয়া আজি কম দিন হ'ল নে ? এই বুলি কুমাৰনীয়ে হাঁচতিৰে মেৰাই অনা আঠচুকীয়া ৰজা ৰূপৰ টোপোলাটো বটাতোৰ ওপৰতে থৈ আকৌ সেমেনা-সেমেনিকৈ ক'লে , "বেটীৰ বস্তুকণ, দেউতা !"

বাখৰে এক মুহূৰ্ত কিবা ভাবিলে ।

কুমাৰনীৰো বুকুৱে ধপ্‌ধপালে ।

তাৰ পিচত বাখৰ ভিতৰ সোমাই গৈ অলপ পিচত আকৌ ওলাই আহিল, হাতত কুমাৰনীৰ গেজেৰাটো ।

"হোঁ এইটো ।"

কুমাৰনীয়ে সেৱা এটা কৰি গেজেৰাটো হাতত লৈ আলফুলকৈ চুমা এটা খাই আঁতৰি গ'ল ।

"এই মেদেউ ! "বাখৰে মাতিলে ।

কুমাৰনী ৰৈ ঘূৰিল ।

"মোক মাতিছে দেউতা ? "

"এইফালে আহ ।"

কুমাৰনীয়ে ভয়ে ভয়ে উভতি আহিল ।

"তোক এই টকা কোনে দিছিল ? ক ।" বাখৰে ডাবি দি ক'লে । কুমাৰনী নিমাত ।

চৰু বেচি পাইছিলি ? তোৰ ফুটা চৰু বেচি বাৰটা পৈয়েৰে বাৰ বছৰে একুৰি ৰূপ অৰ্জিব নোৱাৰিলে, আজি ক'ত পালি ?"

কুমাৰনী নিমাত ।

"নকৱ কিয়, কোনটো পৈয়েৰে দিছিল ? সিকিটো আদমহীয়াটোকৈ নি নি এতিয়া একে কোবেই একুৰি ৰূপ একে কোবেই সোধব পৰা হ'ল !" বাখৰে ভোকাহি মাৰি ক'লে , "ক', কোনে দিছিল ?"

কুমাৰনী নিৰুত্তৰ ।

তাই থকথকৈ কঁপিছে ।

"সেই টকাখিনি ল' ল বুলিছো !"

কুমাৰনীয়ে গেজেৰাটোৰ ফালে মৰম সনা দৃষ্টিৰে এবাৰ চাই বতাত থ'লে আৰু ৰূপ কুৰিত হাত দিলে ।

"ওহোঁ, গেজেৰাটোও নে ।"

টকা আৰু গেজেৰা লৈ কুমাৰনী গুচি গ'ল ।

কুমাৰনী যোৱাৰ পিচত বাখৰ বহুত পৰ বহি থাকিল। বাৰে বাৰে চেলেঙত হাত মচিলে । এইবোৰ নিশ্চয় সিঘৰৰ কাম  - তেওঁ ভাবিলে । কুমাৰনীৰ হাতৰ- কাণৰ সোনেৰে চহকী হোৱা বুলি ভোগায়ে তেওঁক ইতিকিং কৰাৰ কথা বাখৰে আগৰে পৰা জানে । মাটি বাৰী আৰু বহতীয়া কিছুমান থাকিলেই হ'ল নেকি  সিহঁতৰ দৰে । সোণৰ মহিমা সিহঁতে, এই ব-ছিগাকেইটাই কেনেকৈ বুজিব ? সিহঁতৰ মূৰবোৰতো মাটি সোমাইছে । এজনী কুমাৰনীক ৰূপ একুৰি সি সোন মোকলাই নিয়াই সিহঁতে ভাবিছে, মোক অপমান কৰিছে । কিন্তু গোটেই কুমাৰ গাঁওখনেই যে মোৰ হাতত বন্ধা । কলীয়া আতাত দিনৰে পৰা সচা গোটেইখিনি ধন খৰচ কৰিও ভোগায়ে পাৰিব নে সোণখিনি মোকলাব ? ভোগাইৰ দৰে সাতোটা বলধ কিনি থব পাৰোঁ মই । তাৰ পিচত বাখৰ অলপ তভক মাৰি ৰ'ল । ভোগায়ে বাৰু এইতো কি খেলা খেলিছে ? এইদৰে সোণ মোকলাই সি নিজেই সেইবোৰ ৰাখিব নেকি ?

ওহোঁ, ইমান লাভ-লোকচানৰ কথা ভবাটো সিহঁতৰ পৰিয়ালত নাই । কুমাৰনীৰ সোণ ভোগায়ে নিজলৈ কেতিয়াও নাৰাখে । বাখৰক ঠাট্টা কৰাৰ বাহিৰে সিহঁতৰ আৰু আন উদ্দেশ্য নাই । সিহঁতক লাগে মাথোন সন্মান, লাগে প্ৰতাপ ।

কিন্তু তাৰ পিচতো দেখা গ'ল কুমাৰ গাঁৱৰ বহুতো মানুহ সকলো ভয় কাটি কৰিও একুৰু দুকুৰিকৈ ৰূপ লৈ বন্ধকী সোণ মোকোলাবলৈ আহিল । বাখৰেও উপায় চিন্তিবলৈ ধৰিলে । কিবা এটা কৰিব লাগিব, তেওঁ ভাবিলে । সোণৰ মোহৰ কথা তেওঁ ভআদৰেই জানে । তেতিয়াৰ দিনত বন্ধকী থোৱা মানে কমদামত বেচা । বাখৰে বুজিলে মানুহৰ সোণৰ ওপৰত থকা মোহকণৰ ওপৰত ভেটি কৰিয়েই ভোগায়ে এই খেলা খেলিছে । কিন্তু তাত ভোগাইৰ লাভ কি ? এই লোকচানৰ খেলাত লাভ কি তেওঁৰ ? হয়তো বাখৰক অপমান কৰা । নে, আৰু কিবা কাৰণ আছে ?


----------------------------- 

তৃতীয় অধ্যায়                                                                                                                         পঞ্চম অধ্যায়


Kakadeutar har - Nabakanta Barua (3): ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা


ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা 


আইতাৰ কথাবোৰ আৰু চোন সাঁথৰ সাঁথৰ লাগিল । মই মুঠতে এইখিনিকে বুজিলোঁ, নমিতাহঁতৰ পৰিয়াল আৰু আমাৰ পৰিয়ালৰ মাজত কোনোবা কালত প্ৰতিষ্ঠাৰ বাবে সংঘাত চলিছিল, অথচ দুয়ো ঘৰৰ মাজত বৈবাহিক সম্বন্ধো ঘটিছিল । আইতাই বাৰু ক'ব খুছিছে কি ? সেইঘৰ পুৰণি মিতিৰ মানুহ, সম্বন্ধ ঢুকি পোৱাতে আছে নে, সেইঘৰ পুৰণি শত্ৰুৰ ঘৰ - গতিকে সম্বন্ধ পতা থিক নহয়, কোনটো ? ভাবিলোঁ আইতাক পোনপটীয়াকৈ সুধি লওঁ । আৰু দুটামান কৌতুহলো মোৰ মনত জাগি উঠিল । আইতাই দেখোন কি মিনা কৰোৱা গহনাৰ কথা উলিয়াই কথাটো আকৌ সামৰি থৈ দিলে । আকৌ এতিয়াচোন উলিয়াইছে পানী কাহুঁদি আৰু বলধ গৰুৰ কথা । সেইবোৰৰ সংকেত বুজিবৰ বাবেও মোৰ কৌতুহলৰ পাৰ নোহোৱা হ'ল ।

" বাৰু আইতা, মাহিন্দ্ৰীক যে ভোগাই বৰুৱাই বিয়া কৰালে আমাক তাৰ কিবা সম্বন্ধে পায় নেকি ? " মই সুধিলোঁ ।

"চুৰিয়াৰ সাত আৰু মেখেলাৰ তিনি - তাৰ পিচত আৰু সম্বন্ধ নেথাকে বোপাই । কিন্তু কথাটো বেলেগ এটাহে । তহঁতৰ গাত বাখৰৰ ঘৰৰ তেজৰ চিন নৰ'ল ।" আইতাই ক'লে ।

"কিয় আইতা ? সুমলা ?"

"তহঁত বৰ অঁকৰা অ' , সুমলা তহঁতৰ ঘৰৰ জীয়ৰীহে - উলিয়াই দিলেই লেঠা ছিগিল ।" ইমান পুৰণিদিনিয়া সম্বন্ধ এটা আইতাই ইমান সহজ সুৰত ক'লে যেন আজিৰ ঘটনাহে । সুমলা জীয়াই থকা হ'লে দুশ বছৰৰো বেছি বয়স হ'লহেঁতেন ! মোৰ হাঁহি উঠিল, কিন্তু তাৰ পিচত আইতাই যি কথা ক'লে সি যেন এটা তীব্ৰ ফু-ৰ দৰে মোৰ হাঁহিটো নুমুৱাই দিলে ।

"সুমলাও নেথাকিল বোপাই; মানৰ দিনত তাইৰ পেত ফালি পোৱালিটি উলিয়াই দেৱানীয়েই আম পাৰি খালে বোলে !"

"দেৱানীয়া কোন আইতা ? "

"দেৱানীয়াৰ কথা নেজান নেকি ? মানৰ দিনত যিমান মানুহ মানৰ দেৱান শিকি সিহঁতক বাট-পথ চিনাই লৈ ফুৰিছিল সেই আমাৰ মানুহমখা ।"

আইতাৰ কথাৰ সহজ সুৰটোৱে মোক আকৌ লৈ গ'ল সেই নিষ্ঠুৰ সময়ছোৱাৰ মাজলৈ । আকৌ মনৰ পটত জিলিকি উঠিল ভোগাই বৰুৱাৰ ক্ৰ্দ্ধ মুখখনলৈ, যিজনে বুজিছে তেওঁৰ পুৰোহিতৰ পুতেকক অপমান কৰি বাখৰ নামৰ প্ৰতিষ্ঠাকামী বৰা এটাই তেওঁক অপমান কৰিছে । কিন্তু বাখৰৰ কাৰ্যৰ তাৎপৰ্য তেওঁ উলিয়াব পৰা নাই । ময়ো পৰা নাই । মই আইতাক ক'লো , " আইতা পানী কাহুঁদী আৰু বলধ গৰুটোৰ কথাটো মই একো ধৰিব পৰা নাই হ'লে ।"

"তহঁতৰ পৰিয়ালৰ বুধিবোৰ অলপ বাৰুকৈয়ে ভোটা অ' বৰমইনা । খঙৰ ভমক একোডাল আছে - কিন্তু কোনে কেতিয়া কি ভাবই কি কৰে একো বুজি নেপাৱ । ভোগায়ো তেনেকুৱাই আছিল । তেৱোঁ সেইবোৰ বুজি পোৱা নাছিল । পিচত যেতিয়া পালে - । " 

কেনেকৈ পালে আইতা ?" আইতাৰ কথা শেষ নহঁওতেই মই সুধিলোঁ ।

"সেইবোৰ বহুত কথা বোপাই । শুনচোন, ছেঃ ৰাতিও ভালেখিনি হ'ল ।"

"আজি আৰু লাগিলে নোশোওঁ আইতা, তোমাৰ সাধু শেষ কৰিহে শুম ।" অকণমান নাতি ল'ৰা এটাৰ দৰে মই ক'লোঁ ।

আইতাই কৈ গ'ল ঃ

"সেইবোৰ বৰ খেলিমেলি কথা । ভিতৰি ভিতৰি ইমানখন কাজিয়া সত্বেও ভোগাই শহুয়েকৰ জ্ঞাতিতালিৰ ভোজলৈ গ'ল । অকল সেয়েই নহয় - নাওখোৱা হাবিৰ পৰা বৰ এটা কাঠখোৱা শৰ মাৰিও পঠিয়াই দিলে ।"

"বাখৰে ৰাখিলেনে ? " মই সুধিলোঁ ।

"কিয়, কিয় নাৰাখিব ? ডাঙৰ মানুহৰ কাজিয়াৰ ধৰণেই বেলেগ । মিতিৰৰ ঘৰৰ পৰা শহুৰৰ শৰাধৰ ভোজত পহু এটা নিদিলে কেনেকৈ চলিব ?  মানুহবোৰেই ব কি বুলি বুলিব ?"

আইতাৰ বৰ্ণনামতে ভোজৰ দিনা ৰভাতলি উদুলি-মুদুলি । খেলে খেলে বেলেগে ৰান্ধি খাইছে , এটা পহুৰে ক'ত জোৰে । বাখৰে খাহীও আনিছে আঠোটা নে কিমান । তাৰে নুজুৰিলে । মানুহ গ'ল গাৱত খাহী বিচাৰী । বাখৰতো ঢাঁহি-ঢুঁহি খাঁহীবোৰ নিলেই আগতে, এতিয়া আৰু ক'ত পায় ? পঠা পোৱালি কেইটামানকে মানুহে ধৰি আনিলে । পঠা কেইটামানক নি তপত খাহী কৰি খেলত ভগাই দিলেগৈ । তপত খাহি বস্তুটো কি প্ৰথমতে বুজা নাছিলোঁ । পিচত আইতাই বুজাই ক'লে বোলে তেওঁলোক মহাপুৰুষীয়া মানুহ দেখি পঠা ছাগলী নেখায় - পঠা গোসাঁনীৰ বস্তুহে , সেইবাবে খাহীহে চলে । মানুহৰ অনুপাতে খাহী কম হ'লে পঠা ছাগলী একোটোকে মৰাৰ আগতে খাহীকৈ লয় । সেয়েই হেনো তপত খাহী । তাৰ উপৰি খাহীটো হেনো কাটি নেমাৰে । মুচৰিহে মাৰে ।

"এ' কাটিলে যে বলি দিয়া হ'ব ! গোসাঁনীৰ আগতহে বলি সিয়ে । উমানন্দতো দেখিছ চাগৈ খাহীবোৰ কেনেকৈ মাৰে - বলি নিদিয়ে - " আইতাই খবৰ দিয়াদি ক'লে, আমাৰো, আগতে মুচৰিহে মাৰে ।"

খেলে খেলে ভোজ-ভাত খাইছে । ঘাই চোতালত বহিছে বাখৰ, ভোগাই আৰু পৰিয়ালৰ মানুহ  কেইজন । সলল গোহাঁইৰ টোললৈ পুৱাতেই পহুৰ পিৰা এটাৰে সিধা পঠিয়াই দিয়া হৈছে । মাহিন্দ্ৰীয়ে নিজে ককায়েক আৰু গিৰিয়েকৰ কাৰণে হিং দি পহুৰ আগমঙহ অকন ভাজিছে । সুমলা গোটেইজনী পখিলা উৰাদি ঘূৰি ফুৰিছে । তেওঁলোকে ভাত খাবৰ পৰত তাই লুহিত আৰু লপঙৰ লগত মাৰল পিৰালিতে উমলি আছিল । লুহিত আৰু লপং বাখৰৰ ল'ৰা - ছোৱালী । সিহঁতৰ ধেমালিৰ দুটা এটা টুকুৰা টুকুৰি কথা ভোগাইহঁতৰ কাণত পৰিছেহি । এবাৰ ভোগায়ে শুনিলে,

                                                            "ব - ৰা
                                                             নাকটো খৰা
                                                            খিৰতি নিগনি বিয়া কৰা ।"

মাতটো সুমলাৰ । তাৰ অলপ পিচতে লুহিতৰো মাত শুনা গ'ল ।

                                                           বৰুৱা   ব  -  ৰু   - ৱা
                                                           ব-ছিগা বৰুৱা ।
                                                           টিকাত কামোৰ মাৰিলেহি
                                                           আমৰলি পৰুৱা ।"

ভোগাইৰ কাণত বাজি উঠিল এটা শব্দ - ব-ছিগা বৰুৱা । ব- ছিগা বৰুৱা । কান্ধত যুঁৱলিৰ ঘঁহনি খাই বলধৰ ব ছিগে । ভোগাইৰ মুখখনে তিনিবাৰমান বৰণ সলালে ! কথাটো মাহিন্দ্ৰীৰ চকুত পৰিল । তাইৰ বুকুখন চিৰিংকৈ গ'ল । দেখিলে, বাখৰেও এবাৰ কেৰাহিকৈ ভোগাইলৈ চাই কেঁচা জলকীয়াটোত মৰককৈ কামোৰ এটা মৰিলে । পুৰোহিতৰ পুতেকক বৃষৎসৰ্গত বলধ গৰু দিয়াৰ তাৎপৰ্যটো ভোগাইয়ে এতিয়াহে গম পালে । তেওঁলোকৰ মাজত অকথিত বহুতো তৰ্ক বিতৰ্ক যেন হৈ গ'ল । কিন্তু কাৰু মুখত কোনো কথা নাই । খোৱাৰ অন্তত তামোল এখন মুখত ভৰাই ভোগায়ে সুমলাহঁতক মাতি আনি হাঁহি এটা মাৰি ক'লে, "তহঁতে পদ-ফকৰা একো নেজান, এইদৰে গাবি,

                                                           "বৰাৰ ঘৰত তৰাৰ গাঁথি
                                                           বৰা থাকে কেই ৰাতি ।"
  
তাৰ পিচত আৰু এটা হাঁহি মাৰি মাহিন্দ্ৰীৰ মুখলৈ চালে । মাহিন্দ্ৰীয়ে তলমূৰ কৰিলে । বাখৰৰো মুখৰ ৰং কেইবাবাৰো সলনি হ'ল । কিন্তু মুখেৰে তেতিয়া একো নক'লে । বৰানীয়ে, অৰ্থাৎ বাখৰৰ ঘৈণীয়েকে তামোল যতনাই আছিল । তেওঁহে ভোগাইৰ কোবটো যেন গাত পাতি ল'লে । হাঁহি মুখেৰেই তেওঁ ক'লে, "বোলো সুমলাৰ মাক, তৰাৰ ফৰ্মুটি যাৰ ক'ৰবালৈ মাৰে সি কেৰেপকে নকৰে । মৰোঁতা বীৰজন হে লঘু হয় ।"

"হেঃ এইজনী, মনে মনে থাক " বুলি হুঁকি এটা মাৰি বাখৰে তেতিয়ালৈ কথাটো তল পেলাই থ'লে ।

ৰাতি আটাই কেইদিন ভিন ভিন খেলে ভাওনা পাতিছিল । সেইদিনা আছিল সুধম্বা বধ ভাওনা, মুঢ়নীৰ গায়নৰ খেলে পাতিছিল । বৰ ধেমালি সৰু ধেমালি হৈ যোৱাৰ পিচত বাখৰ আৰু ভোগাই গৈ সমাজত বহিল । বায়নৰ ঘৰৰ টেপু বৰ ধেমেলীয়া ল'ৰা । সি বহুৱা উঠিছে । তাৰ বহুৱালিত ৰাইজে গিৰ্জনি পাৰি হাঁহিছে । মাজতে এবাৰ বাখৰ উঠি ক'ৰবালৈ গ'ল । আহোঁতে ছোঁ-ঘৰত সোমায়ো আহিল । তাৰ কিছু পৰৰ পিচত, যেতিয়া সুৰথ ৰজাৰ মৃত্যু হ'ল তেতিয়া টেকেলি এটা কাণমাৰিত বান্ধি লৈ বামুণৰ লিটিকাই হৈ টিকা খজুৱাই টেপু ওলালহি ! নানান অংগী ভংগী আৰু নানান কথাৰ বকলাৰ মাজতে টেকেলিটো সুঙি চাই ক'লে, " এ সুৰথ ৰজা মৰিল । আমাৰ বাপু গ'ল কাজলৈ । পালে এই টেকেলিটোহে । চাওঁ চাওঁ কি আছে ! গোন্ধাইছে ঐ গোন্ধাইছে - ৰং চাবা কি তেনেই সৰু ল'ছালীয়ে চেৰেলিয়াইহে থৈছে যেন । কি ? এ' পানী কাহুঁদি ! যি হ'ল হ'ল । ময়ো জানো পৰি মৰাটো " - এই বুলি সি ফকৰা মাতিলে, " নাম পালোঁ ভোগাই, খাওঁ পানী কাহুঁদি । "

ৰাইজে গিৰ্জনি পাৰি হাঁহিলে । টেপুৱে সমজুৱাৰ ফালে চালে, তাৰ পিচত বাখৰৰ ফালে । বাখৰে সন্মতিসূচক হাঁহি এটা মৰিলে । টেপুৱেও হাঁহিলে । কিন্তু ভোগাইৰ মুখৰ ফালে তাৰ দৃষ্টি যোৱাৰ লগে লগে তাৰ বুকুৰ তেজ হিম হৈ গ'ল ।তেওঁৰ কোঁচ খোৱা কপালৰ ৰেখাত সি তাৰ ভাগ্যলিপি যেন পঢ়ি পেলালে । ৰাইজে ইফালে হাঁহিয়েই আছে । অ' সেইসেইবাবেহে বৰা দেউতাই তাক এনেকে ওলাবলৈ কৈছিল । কঁপা কঁপা মাতেৰে সি শেষ কৰিলে , "ৰজা আহিছে, চুপ চাপ ! চুপ চাপ ! সুৰথ ৰজা আহিছে , চুপ চাপ ।"

ৰাইজে আকৌ এবাৰ হাঁহিলে । কোনোবাই মাত লগাই দিলে , "হেৰৌ মৰা ৰজাটো কেনেকৈ আহিব অ' ?" সকলোৱে গোটেইটো টেপুৰ ভাও বুলিয়েই জানিলে । ভোগায়ে এতিয়াহে বুজি পালে পানী কাহুঁদিৰ ৰহস্য । গদবাপুক পানী কাহুঁদি দি বাখৰে পৰোক্ষ ভাবে ভোগাইকে ইতিকিং কৰিছিল । ইমানদিনে কথাটো বুজিব নোৱাৰাৰ বাবে ভোগাইৰ নিজৰে বৰ লাজ লাগিল । মুখখন কিবা গৰম লাগিবলৈ ধৰিলে । ভোগাই চাৎ কৰে থিয় হ'ল । তাৰ পিচত উত্তেজনাটো শাম কটাবলৈ বহি তামোল এখন মুখত ল'লে । সুত্ৰধাৰ আহি বচন মাতোঁতে তেওঁ যাবলৈ ওলাল । ৰাইজে বাট এৰি দিলে । ছোঁ ঘৰৰ কাষ পাই ভোগাই খন্তেক ৰ'ল ।

"এই টেপু, আহচোন ।"

টেপু আহি বেঙেমুতা গৰুৰ দৰে কঁপি কঁপি থিয় হ'ল ।

"ফকৰা ক'ত শিকিছিলি ?"

টেপু নিৰুত্তৰ ।

"কাইলে মোৰ টোললৈ যাবি । আৰু দুটামান ফকৰা শিকাই দিম ।"

ভোগাই আৰু নৰ'ল । সুমলা আৰু মাহিন্দ্ৰীক দোলাত লৈ যাবলৈ বৰ্হমচৰীয়াক দিহা দি তেওঁ বগা নেজৰ ঘোঁৰাটোত উঠিলগৈ ।

পিচ দিনাৰে পৰা টেপু বহুৱা নোহোৱা হ'ল । খেনোৱে ক'লে গড়গঞা বাঘে খালে । কিন্তু বহুতেই জানিলে ।

বগা ঘোঁৰাটো আহি ভোগাইৰ বাটচৰাতে ৰ'লহি । উৰীয়া লঠীয়াল কেইটাই আহি ঘোঁৰাটো ধৰিলে । ভোগাই আহি আৰু এবাৰ মাৰলতে বহিল । এবাৰ ভিতৰত সোমাল । তাৰ পিচত আকৌ ওলাই গ'ল । কাকো একো নক'লে ।

মাহিন্দ্ৰীৰ আৰু ভাওনা চোৱা সুখ নহ'ল । তাই সুমলাক লৈ গুচি আহিল । সুমলা দোলাতে শুলে । গিৰিয়েকক নেদেখি মাহিন্দ্ৰী চিন্তিত হ'ল । ক'লৈ ব গ'ল মানুহজন এই তিনিপৰ নিশালৈকে ? ক'ত বা কি কৰিছে গৈ ? বান্দী বেটীবোৰক সুধি জানিলে , ভোগাই আহিছিল, আহি আকৌ গৈছে ।। কাকো একো কোৱা নাই ।

অলপ পিচত ভোগই আহিল । চকু দুটা ৰঙা । ভোগায়ে কোনোদিনে ফটিকা আদি নাখায় । সেইবাবে ৰঙা চকু দেখি মাহিন্দ্ৰীৰ আৰু চিন্তা লাগিল - কিবা অসুখেই হ'ল নেকি ।

কিন্তু ভোগাইয়ে আহি খপজপকৈ ,"চাওঁ, তোৰ জেঠীনেজীয়া আঙঠিটো দেচোন ।"

"কিয় ?" মাহিন্দ্ৰীৰ মুখৰ পৰা এনেয়ে ওলোৱাদি ওলাল কথাষাৰ ।

সেই আঙঠিটো মাহিন্দৃক জোৰনত দিয়া হৈছিল । মান সোণৰ আঙঠি । সেইঘৰ মানুহৰ বোৱাৰীবোৰে পুৰুষানুক্ৰমে জোৰণত পায় আঙঠিটো । জয়ধ্বজ সিংহ দেৱৰ ৰাজমাও দেউতাই হেনো দিছিল তেওঁলোকৰ পুৰ্বপুৰুষৰ কাৰোবাক ।

"কিয় ?" ভোগায়ে মাহিন্দ্ৰীৰ কথাষাৰ যেন অবাক হৈ দোহাৰিলে । মাহিন্দ্ৰীক চৰ এটা মৰিবলৈ হাতখন দাঙি ভোগাই ৰৈ গ'ল । তাৰ পিচত একৰকম জোৰ কৰিয়েই মাহিন্দ্ৰীৰ হাতৰ পৰা আঙঠিটো খুলি আনিলে ।

ভোগাইৰ চৰটো মাহিন্দ্ৰীৰ গালত পৰা হ'লেই কিজানি মাহিন্দ্ৰীয়ে ভাল পালেহেঁতেন । ঘটনাটো কিজানি শেষ হ'লহেঁতেন । এইদৰে ৰৈ যোৱাটোহে বিপদজনক । ভোগাইৰ মনত নিশ্চয় কিবা এটা দৃঢ় সংকল্পৰ জন্ম হৈছে ।


আঙঠিটো লৈ ভোগাই মাৰল ঘৰৰ ফালে গ'ল । অলপ পিচতে হাতত সাৰে ভৰিত সাৰে মাহিন্দ্ৰীও গৈ মাৰল ঘৰৰ কাষতে ৰ'ল ।  জলঙাৰে দেখিলে সনাতন সোণাৰি বহি আছে । আগত এদ'ম গহনা । চাকিৰ পোহৰত সনাতনৰ টপা মূৰ জিলিকি উঠিছে । সনাতনে গহনাবোৰৰ পৰা বাখৰবোৰ এৰুৱাই গৈছে । এফালে থুপাই থোৱা ৰঙা আৰু সেউজীয়া বাখৰবোৰৰ ফালে ভোগায়ে একেথৰে চাই আছে । শেষত তাইৰ জেঠিনেজীয়া আঙঠিটোৰ পৰাও সনাতনে বাখৰবোৰ খুলি পেলালে ।

মাহিন্দ্ৰী আৰু তাত নেথাকিল । লাহেকৈ বৰঘৰ সোমাই কান্দিবলৈ ধৰিলে । গিৰিয়েকৰ এই আচৰণৰ অৰ্থৰ ক্ষীণ ৰেঙণি এটা পাই তাইৰ গাৰ নোমবোৰ থিয়ো হৈ উঠিল । কিছু পৰৰ মূৰত ভোগাই আকৌ সোমাই আহিল । আঙঠিটো মাহিন্দীক দি ক'লে , "হো , পিন্ধি ল এইটো ।" তাৰ পিচত মুখৰ ভিতৰতে ভোৰ ভোৰাইভোগাইয়ে যি ক'লে সেইটো মাহিন্দ্ৰীয়ে বুজি পালে । "সেই এটা বাখৰ থাকে মানে বাখৰ নোসোমায় আৰু ঘৰত ।"

মাহিন্দ্ৰীৰ কান্দোন একেবাৰে বন্ধ হ'ল । তাই মাথোন এবাৰ গিৰিয়েকৰ মুখলৈ চালে । ক্ষীণ মৰম লগা মানুহজন । নাকৰ পাহি দুটা ডাঙৰ । মিহি, টানকৈ জাপ খোৱা ওঁঠ দুখনত দৃঢ়তাৰ চিন । চকুত আজলা অথচ কঠোৰ দৃষ্টি । ভোগাই ! ভোগেশ্বৰ বৰুৱা । মানুহজনৰ বাবে তেওঁৰ দুখ লাগিল । লগে লগে ককায়েকৰ কথা ভাবিও তাইৰ বুকুৰ তেজ অকণমান যেন গোট মাৰি গ'ল । তাই হ'বলৈআহিছিল দুটা প্ৰতাপী পৰিয়ালৰ মিলনৰ সেতু । এতিয়া সেই সাঁকোৱেদি বগাই আহিছে বিদ্বেষ, অপমান আৰু হয়তো মৃত্যুৰো ছাঁ । ভোগাই বৰুৱাৰ ক্ষীণ দেহটোৰ ভিতৰত থকা দৃঢ় মনটোৰ কথা তেওঁ জানে ।

তাইৰ হাতত ধৰি ভোগাই ক্ষন্তেক ৰ'ল । খপ্‌জপকৈ আঙঠিটো তাইৰ হাতত সুমাই দিব খুজিলে । তাৰ অলপ চকুপানী ওলাব খুজিছিল । "ছেঃ চৰহাটো" বুলি চকু দুটামোহাৰি ভোগাই আকৌ ওলাই গ'ল ।

তাৰ পিচত মাহিন্দ্ৰীয়ে মাথোন দিন গণিছিল । সদায় ভয় কৰিছিল  ক'ৰবাত কিবা এটা হ'ব । কোনোবা ফালৰ পৰা অমঙ্গলৰ বাতৰি আহিব । কিন্তু নাই, ভালেমান দিন এনেকৈয়ে গ'ল । ভাওনাৰ দুদিন পিচতে টেপু বহুৱা নোহোৱা কথাটো লৈ অলপ বু-বু-বা-বা চলিছিল । কিন্তু বৰুৱা টোলত সেইবোৰ কথা তেনেকে সোমাব নোৱাৰে ।

ভোগায়ে ভাবিছিল বাখৰৰ ঘৰে আৰু লেৰেলা বাপুক কাজেকামে নামাতে । আন পুৰোহিত ল'ব । তেতিয়া লেৰেলা বাপুক উচটাই কিবা প্ৰতিশোধৰ ব্যৱস্থা কৰা যাব । কিন্তু নাই , বাখৰে নতুন পুৰিহিত নল'লে । দেউতাই লগাই থৈ যোৱা 'পুহকৰ' কেইপাত গুচাবলৈ মাহে মাহে তুলসী দিবলৈ লেৰেলা বাপুকে মাতিলে । বাখৰে এদিন লেৰেলা বাপুক ক'লে, "দেউ, মনৰ দুখতে সিদিনা কিবখন কৰিলোঁ । দায় জগৰ নধৰিব । জানেই লঘোণে-ভোকে আছিলোঁ গোটেই মাহটো !"
লেৰেলা বাপুৱে ভাবি আছিল শৰাধৰ কথা ইমান দিনে তল পৰিছে । আজি ক্ষমা প্ৰাৰ্থনাৰ সুৰত হ'লেও বাখৰে কথাষাৰ উলিওৱাত বাপুৰ মনত অলপ সন্দেহ হ'ল । তেওঁ একো নক'লে । তেওঁৰ সন্দেহ যে অমূলক নহয় সেইটো ওলাই পৰিল বাখৰৰ দ্বিতীয় কথাষাৰত ।

"দেউ, বহুত দিনৰ পৰাই কথা এটা কম বুলি ভাবিছিলোঁ । আপুনি যে সেই পিতনীডৰাতে পৰি আছে, মোৰ বৰি মাটি অলপ দিওঁ, নৈলৈকে উটি আহক । কন্দলীত থকা পামখনো আপুনিয়েই খাওক । ঘৰে ঘৰে যজমানী নকৰিলেও চলিব কিজানি ।"

লেৰেলা বাপুৱে প্ৰমাদ গণিলে । দুই ম'হৰ যুঁজৰ ফকৰাটো  আহিলে মনলৈ । বাখৰে আৰু এটা টোপ আগবঢ়ালে, "আৰু বাপু, পোৱালিকণক যদি টোলে চোলে পঢ়াব মন আছে, মই ভাটিলৈ যোৱাৰো দিহাকণ কৰি দিব পাৰোঁ ।"

এই টোপটো বাপুৱে টপ কৰে নিগিলিলে । কিন্তু ইয়াতেই তেওঁ এটা উপায় পোৱাদি পালে ।

"বৰা বোপাদেৱে কৈছে যেতিয়া আমাৰ গদক ভাটিলৈ পঠোৱাৰ অসুবোধা নহ'ব চাগৈ । সিবেলি বাণেশ্বৰ দেৱালয়লৈ কৈঠালকুছিৰ দেৱী পণ্ডিত আহিছিল  - কিবা বোলেন দেবেন্দ্ৰপতি ভট্টাচাৰ্য্য - বৰ বিচক্ষণ পণ্ডিত । টোল আছে । তেও৬ৰ তালৈকে পঠাব পাৰি নেকি চোৱা যাওক ।" এইদৰে গদ বাপুৰ অৰ্থাৎ পুতেকৰ শিক্ষাৰ কথাকে পাতি লেৰেলা বাপুৱে ন-নৈলৈ উঠি অহাৰ কথা তল পেলাবলৈ চেষ্টা কৰিলে ।

অৱশেষত গদক কমৰূপলৈ  পঢ়িবলৈ পঠোৱাৰ বন্দোবস্ত প্ৰায় পকা হৈ উঠিল ।  কন্দলীৰ পাম এখনো বাখৰে বাপুক দিলে ।

"পাম-চাম চলাই ঘৰতে পুথি পাঁজি চায়েই চোন দে'ৱে দিন কটাব পাৰে - কি বোলে ? " বাখৰে আকৌ টোপ জোকাৰিলে ।

"বৰা বোপাই কথা সজেই কৈছে । টিলিঙা বজাই আৰৈ চাউল চোবোৱাতকৈ মাটি-বাৰীৰে চমুৱা যেন হৈ থাকিলে বেয়া নহয় চাগৈ । পিছে বোপা-ককা গ'ল যজমানী কৰি - এতিয়া আৰু টিলিঙা এৰি লৰু ধৰোঁ কেনেকৈ ?" লেৰেলা বাপুৱে ক'লে ।

লেৰেলা বাপুৱে অমান্তি হোৱাৰ আচল কাৰণটো হ'ল ভোগাই । যজমানী এৰা মানে ভোগাইহঁতৰো পুৰোহিতালি এৰা - যিটো সম্ভৱ নহয় ।  লেৰেলা বাপুৰ পক্ষে সেই কথাত মান্তি হোৱাটো নানা কাৰণত সম্ভৱ নহয় । বাখৰেও বুজিলে কথাটো ।

ভোগায়ে সকলো গম পালে । আনকি লেৰেলা বাপুক তেওঁৰ আশ্ৰয় এৰি যাবলৈ কোৱালৈকে ।

উস্‌ ইমান সাহ্‌ । কিন্তু তাতে চোন তেওঁ নাবাজিল । মাথোন লেৰেলা বাপুক আৰু দুপুৰা বাৰী মাটি দি ক'লে, "গদই বাৰু কামৰূপৰ টোলত সম্‌চকৃত পঢ়ি আহিব খুজিছে আহকগৈ । পিচে, আমাৰ কাল-সংহতিৰ আতাসকলে সম্‌চকৃত পঢ়াটো বৰ কামৰ কথা বুলি নাভাবে । সম্‌চকৃতত যি যি কথা আছিল গুৰু দুজনাই সেই আটাইবোৰ পদ কৰিলেই হেনো । তেওঁলোকে সাহখিনি আনি দিছেই - সম্‌স্কৃত পঢ়া মানে খোলাটো চেলেকাহে । "

বাপুৱে কথাটো ভাল নাপালে যদিওবিশেষ একো নক'লে । মাথোন ক'লে, "আগম নিগম আদি অনেক শাস্ত্ৰ আছে । আমি বামুন মানুহে সেইবোৰ জানিলে ভাল ।"

সেইটো"অৱশ্যে হয় । শৰাধ বিধি ক্ৰিয়া কাণ্ড শিকি অহাটো বেয়া নহয় । আমাৰ বজৰাঙী আইৰ ল'ৰা আতাই অৱশ্যে কৈ গৈছে বোলে গুৰু দুজনাৰ কথাই বেদ । বাৰু সেইবোৰ বাৰু এৰক । পিছে নৈ লৈ উঠি যোৱাটো কি হ'ল?"

এই পিনপটীয়া কথাটো সে অৱশেষত আহিবই সেইটো লেৰেলা বাপুৱে জানিছিল । তাৰ বাবে তেও৬ সাজুও আছিল । ভোগাইৰ কথা শেষ নহওঁতেই দেৱে ক'ল, "চিৰি বিষ্টু ।"

ভোগায়ে ভোৰভোৰালে , "মোৰ পুৰোহিতক ফুচুলাই নিব খোজে সেই কুমাৰনীৰ কাণৰ সোনেৰে চহকী হোৱাটোৱে । উস্ ভোগাই হালোৱা, ভোগাইৰ পুৰোহিতক দিয়ে বলধ । কিমান সোণ আছে সিহঁতৰ চাম ।"

"ডাঙৰীয়াই কিব কৈছে ?"লেৰেলা বাপুৱে ক'লে ।

"নাই একো নহয়, ভাল পালোঁ শুনি যে আপুনি এতিয়াও গাভৰু ছোৱালী হৈ থকা নাই । মনত ৰাখিব - ভোগাইক এৰোঁতা কোনো নাই, এৰিলে ভোগাইহে এৰে ।"

লেৰেলা বাপুৱে অকৌ মাথোন ক'লে " চিৰি বিষ্টু"।


------------------------------


দ্বিতীয় অধ্যায়                                                                                                                         চতুৰ্থ অধ্যায়