Aranyat nihata hridoy - Poems of Ram Gogoi : অৰণ্যত নিহত হৃদয় - ৰাম গগৈৰ কবিতা

পঁজাঘৰবোৰত জুই দিয়া হ'ল ।
আকাশচুম্বী লেলিহান জুই শিখাই
পোহৰ কৰিলে দিগন্ত !
পূব আকাশৰ উদীয়মান সূৰ্যটো
নিষ্প্ৰভ হৈ গ'ল তেতিয়া ।
হয়তো সি লাজ পাইছিল ।

পঁজাঘৰবোৰত জুই দিয়া হ'ল ।
নৈশব্দৰ বুকু ভাঙি গৰজি উঠিল
আদিম মানুহৰ বৰ্বৰতা ।
পৈশাচিক ৰণ হুংকাৰ
প্ৰতিধ্বনিত হ'ল অৰণ্যত ।

নিষ্ঠুৰ ষড়যন্ত্ৰৰ যুপকাষ্ঠত বলি হ'ল
অসহায় আবাল বৃদ্ধ,
নাৰী শিশু । (সংখ্যা নিস্প্ৰয়োজন )
নিৰ্বাপিত মমতাৰ দীপ
তেতিয়া উৰিয়ামঘাটত ৰাতি পুৱাবৰ
বহুত বাকী ।
দিচৈ দৈয়াং ৰেংমাৰ বতাহত
আৰ্তৰ কৰুণ নিশ্বাস আৰু
জুয়ে পোৰা মানৱতৰ উৎকট গোন্ধ ।

খবৰ কাগজত ৰং বেৰঙৰ দেশপ্ৰেমিকৰ
অস্ফালন । অৰন্যত নিহত হৃদয়

দীপ্তকণ্ঠে কোৱাহে সীমাৰ বেৰা ভাঙি কোনে
বিশ্বজগতৰ কৰিব জয় ।



Etom Boma - poems of Ram Gogoi : এটম বোমা - ৰাম গগৈৰ কবিতা

(সৃষ্টিৰ জাৰজ সন্তান ?) মৃত্যুৰ  বিভিষিকা লৈ
সুগভীৰ পৃথিৱীত কোনোবা এদিন নিশা
তোমাৰ বিস্ফোৰণ । তুমি অগ্নিপৰিক্ষাত উত্তীৰ্ণ হ'লা ।

হিৰোচিমা নাগাচাকি আৰু সাধাৰণ মানুহৰ জীৱনত
তোমাৰ প্ৰতিক্ৰিয়া । অদ্ভুত আৰু বিকৃত অনাগত দিনৰ ইতিহাস ।
অন্ধকাৰ হেজাৰ ৰাতিৰ । আৰু 
ৰুজেনবাৰ্গ দম্পতীৰ স্বপ্নাতুৰ হৃদয় উচ্ছাস । ভীতি - বিহ্বল ।
কি কৰুণ 
পৃথিৱীৰ ৰাতিৰ কাহিনী

বিজ্ঞানৰ সাগৰ মন্থন কৰি আমি পালোঁ কি ?
অসুৰৰ মৃত্যুবাণ ...... এয়া অমৃত নে গৰল ?
নিভৃত গবেষণাগাৰত কোনোবা কৃচ্ছসাধকৰ 
মুখত অনাবিল হাঁহি আৰু অসীম বিস্ময়ভৰা আনন্দৰ 

কি মহান সত্য সুন্দৰ  !
কি গভীৰ সাগৰ - মন্থন !

পৃথিৱীৰ জাৰজ সন্তান তুমি নোহোৱা ।
নতুন সৃষ্টিৰ সন্ধানত যুগে যুগে আমাৰ যাত্ৰা
স্থাবৰ পৃথিৱী আৰু যাযাবৰ মানুহৰ দল;
কি অপূৰ্ব পাথেয় !
শান্তি পিয়াসী সাধাৰণ মানুহৰ কৰুণ দৃষ্টিত
তুমি এক বীভৎস জন্তু
এদল অ-মানুহ আৰু অসাধাৰণৰ হাতত । আৰু 
কোটো কোটি মাতৃৰ গৰ্ভত থকা কেচুৱাবোৰে
তোমাক চিঞৰি কয়
নতুন যুগৰ বাণী
নিলকণ্ঠ জনতাৰ কি আশ্চৰ্য সমাবেশ
সৃষ্টিৰ নতুন সৃষ্টিৰ
কি অগ্নিময় সম্ভাৱনা তোমাৰ বুকুত !





Amrita Manthan - Poems of Ram Gogoi : অমৃত মন্থন - ৰাম গগৈৰ কবিতা

অমৃতবাণী বহুত শুনিলোঁ ।
সাম্য মৈত্ৰীৰ সমাজবাদৰ বহুত ধুনীয়া কথা ।
প্ৰতিৰক্ষাৰ নামত নতুন আইন ।
দেশ গঠনৰ দীঘলীয়া ইস্তাহাৰ ।
দিস্তা দিস্তা কাগজত মাথোঁ
শব্দৰ যাদু । ওস্তাদ খেলোৱাৰ ।

বহুত কথাই কোৱা ডাঙৰীয়া,
(নতুন নতুন মটৰ গাড়ীও ল'লা ।)
ঘিণ নেলাগেনে
বস্তুৰ দাম বান্ধি দিব নোৱাৰিলা ।
দুৰ্ণীতি আৰু ক'লা বজাৰত
নিজক বিক্ৰী কৰি
দেশসেৱকৰ ভূমিকা ল'লা ।
প্ৰতিৰক্ষাৰ নাম ল'বলৈ লাজো নোপোৱা হ'লা ।

মুক জনতাৰ কঁকাল ভাগিল ।
ধনী বেপাৰীৰ অত্যাচাৰত
গাৱলীয়া লখিমী বিবসনা হৈ
দুখ লজ্জাত আপোন ঘাতিনী হ'ল,
কুৰি বছৰীয়া চফল ডেকাৰ লক্ষ্য নোহোৱা হ'ল
অভাৱৰ জ্বালা - মৰণৰ জ্বালা
নিৰাশ এন্ধাৰে হৰি নিলে মনোবল ।
(দেখিও নেদেখা হ'লা ডাঙৰীয়া
দেখিও নেদেখা হ'লা
হেৰা ডাঙৰীয়া,
তুমি জানো দিনকণা !
সুবিধাৰ বাবে প্ৰয়োজন হ'লে
দলত্যাগ কৰি
ৰাজনীতিৰ নতুন পাশটি খেলা ।)
মিছা চকুপানী নেলাগে টুকিব
দুঃস্থজনৰ বাবে ।
নিতৌ বাঢ়িছে
আমোলাতন্ত্ৰৰ ভয়লগা বিষদাঁত ।
দোহাই আদৰ্শবাদ ।

হে নীলকণ্ঠ ৰুদ্ৰ জনতা,
স্বৰূপ ধৰা । তৃতীয় নয়ন খোলা ।
জ্বলাই দিয়া জ্বলাই দিয়া ।



Ghrinit Jibon - poems of Ram Gogoi : ঘৃণিত জীৱন - ৰাম গগৈৰ কবিতা

তোমাৰ মগজুৰ মাজেৰে বৈ যায় এখন নদী
সেই নদী জানো
            সূৰ্য গলিত লাভাৰ !
যেন আদিম অৰণ্যক মানুহৰ পুঞ্জীভূত ক্ৰোধ
অনিৰুদ্ধ প্ৰবাহ ! উদ্দাম । উত্তাল ?

তোমাৰ স্নায়ুতন্ত্ৰত অস্থিৰ উত্তেজনা
আঘাত কৰা আৰু আঘাত লোৱাৰ,
তোমাৰ স্নায়ুতন্ত্ৰত অস্থিৰ উত্তেজনা
দৈত্যৰ দৰে এটা প্ৰৱল ইচ্ছা
               তুমি আকৌ ঘুৰি আহিবা
               প্ৰস্তৰীভূত কবৰৰ পৰা
               তুমি সাৰ পাইছা ।
আদিম হিংস্ৰ মানৱতাৰ উদ্যত খড়গ ।
যুদ্ধৰ দমামা,
নভ-জল-স্থল - আন্দোলিত দশোদিশ ।

কেনি যোৱা, কলৈ পলাবা, হে বিবেক !
হে কুটিল, হে সভ্য মানুহ,
ধিক !
ধিক, তোমাৰ নতুন জীৱন ! 

Bhanga louha pinjarar bandha kapat - Poems of Ram Gogoi : ভাঙা লৌহ পিঞ্জৰাৰ বন্ধ কপাট - ৰাম গগৈৰ কবিতা

বন্ধু, পুঞ্জীভূত অন্ধকাৰৰ বুকুফালি
এদিন যি মাতি আনিছিল পোহৰৰ সভালৈ
সেই বৃদ্ধা মাতৃৰ আগত
কোন সাহসেৰে তুমি ক'বা আজি,
'আই, চোৱাচোন মুখলৈ মোৰ'
কেনেকৈ শুনাবা তোমাৰ কিশোৰ সন্তানক
শৰাইঘাটৰ সেই স্বৰ্ণ ইতিহাস,
কেনেকৈ তুলি দিবা তাৰ কোমল হাতত
সদ্য প্ৰস্ফুটিত এপাহ ৰঙা গোলাপ !
হে বন্ধু, প্ৰাত্যহিক তুচ্ছতাৰে ক্লেদাক্ত তোমাৰ জীৱন ।

বন্ধু, দীপ্তকণ্ঠে কেনেকৈ গাবা তুমি -
জীৱনৰ জীয়াই থকাৰ গান লক্ষ মানুহৰৰ,
যাৰ বিন্দু বিন্দু ঘামৰ গন্ধত
পথাৰ সেউজী হয়,
দুপৰৰ প্ৰখৰ ৰ'দ বোকোচাত লৈ
যি মানুহে সুউচ্চ অট্টালিকা সাজে,
তেজেৰে কবিতা লিখে অন্ধকাৰ খনিৰ গৰ্ভত,
কাৰখানা আৰু বন্দৰত
কেনেকৈ শুনাবা তুমি সিহঁতক
মেকং নদীৰ গান, 
কেনেকৈ তুলি দিবা সিহঁতৰ কঠিন হাতত
তেজৰঙা এপাহি গোলাপ !

হে বন্ধু, তোমাৰ হাতত ভিক্ষা পাত্ৰ অনুগ্ৰহৰ ।
লোভ আৰু স্বাৰ্থৰ পিঞ্জৰাত বন্দী কৰি নিজকেই
হে বন্ধু, কেনেকৈ আশা কৰা
মুক্ত বিহঙ্গৰ দৰে বিচৰণ কৰোঁ বুলি
আকাশ পথত !
কেনেকৈ তুলি ল'বা আলফুলে ভালপোৱা দুহাতেৰে
মানুহৰ প্ৰাণে প্ৰাণে ফুলি ৰোৱা ৰক্ত গোলাপ ।
যদিহে ভাঙিব নোৱাৰা তুমি -
সেই চ ।

প্ৰতিবন্ধকতাৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰি
যি ভ্ৰুণৰ সৃষ্টি হয় ফালৰ গৰ্ভত
যি শিশু ভুমিষ্ঠ হয়
আকাশৰ তৰা দেখা চালৰ তলত,
চিমনীৰ ধোৱাৰে আকীৰ্ণ
বস্তিৰ সংকীৰ্ণ পঁজাত,
সেই শিশুৰ দুচকুৰ পৰা 
চোৱা, কেনেকৈ জুই ফিৰিঙতিবোৰ
উফৰি পৰিছে ।
তাৰ বলিষ্ঠ কণ্ঠত শুনা
অনাগত জীৱনৰ জয়গান,

হে বন্ধু, 
ধীৰে ধীৰে বাঢ়ে আজি গকুলত
নিপীড়িত দৈৱকীৰ শত শত অষ্টম সন্তান ।



Khoma prarthanaare - Poems of Ram Gogoi : ক্ষমা প্ৰাৰ্থনাৰে - ৰাম গগৈৰ কবিতা

হে মোৰ জন্মদাতা পিতা,
আৰু মোৰ পূজনীয়া আই,
বাৰে বাৰে তোমাৰ কথাই
মোৰ মনত পৰিছে এতিয়া ।

মই দেখিবলৈ পাইছোঁ
তিনিশ মাইল দুৰত্বৰ সেই অখ্যাত গাৱঁত
তোমালোকৰ সংকুচিত অনাহাৰ-ক্লিষ্ট মুখ;
মই যেন শুনিবলৈ পাইছোঁ
মোৰ হৃদয়ৰ গভীৰত
তোমালোকৰ বুকুভঙা নীৰৱ কান্দোন;
যেন বতাহত ভাঁহি আহে
উজাগৰ বিচনাত অনাহাৰ ৰাতি যাপনৰ
দুঃসহ যন্ত্ৰণা ।

চেনেহৰ আই মোৰ,
তুমি মোক জন্ম দিলা,
অনন্তন্ধকাৰৰ বুকুৰ পৰা
মোক তুমি মাতিছিলা পোহৰৰ সভালৈ,
আৰু তেজ দিলা, দেহৰ সৌষ্ঠব দিলা,
দিলা মোক বুকুৰ অমৃত ।
মই বাৰু কি দিলোঁ ?
কেৱল যন্ত্ৰণা আৰু দুধাৰি চকুলো,
কোনেও নেদেখাকৈ নীৰৱে টোকাৰ ।

হে মোৰ পূজনীয় পিতা,
তুমি মোক জ্ঞানৰ পোহৰ দিলা,
মোৰ বাবে কত দুখ, লাঞ্ছনাক
মূৰ পাতি ল'লা অকাতৰে ,
আশাৰ দেউল সাজিলা কিমান দিন !
মই বাৰু কি দিলোঁ ! কি দিলোঁ !
কেৱল অসীম যন্ত্ৰণা আৰু চকুপানী,
কোনেও নেদেখাকৈ মুচি পেলোৱাৰ ।

পূজনীয় পিতা মোৰ, মোৰ আই,
শূন্য কৰি হৃদয়-সম্ভাৰ
সকলো উজাৰি মোক দিলা তোমালোকে
কেৱল নিদিলা;
বিবেকক বিক্ৰি কৰি জীয়াই থকাৰ বুদ্ধি,
নিশিকালা ঘোচ পাৰ্মিট আৰু আপোচৰ ৰাজনীতি;
(যি কথা নিশিকালা শিকিবৰ চেষ্টা কৰি
কতবাৰ মন আৰু মগজুক মিছাকৈয়ে উত্তপ্ত কৰিলোঁ)
যি বাবে 'অপদাৰ্থ' বুলি মাথোঁ দিলোঁ পৰিচয়
এইখন গান্ধী আৰু নেহেৰুৰ ভাৰতবৰ্ষত ।
হে পিতা, আই মোৰ
এয়া মোৰ অভিযোগ বুলি
নধৰিবা কদাপিও,
অভিযোগ কৰা নাই, কিয়নো
শূন্য কৰি হৃদয়-সম্ভাৰ
সকলো উজাৰ কৰি দিলা তোমালোকে,
মই বাৰু কি দিলোঁ, পিতা,
মই বাৰু কি দিলোঁ, আই,
কেৱল যন্ত্ৰণা আৰু চকুপানী
কোনেও নেদেখাকৈ নীৰৱে টোকাৰ ।


জানা আই ;
ময়ো কালি অনাহাৰে আছোঁ,
আৰু আজি এটা দিন পাৰ হৈ গ'ল;
মোৰ দৰে আৰু কত বুভুক্ষু মানুহ আছে,
প্ৰবঞ্চিত লাঞ্ছিত মানুহ;
মোৰ দৰে এইবোৰ মানুহৰ জীৱনৰো
এদিন দুদিন কৰি এইদৰে কত দিন পাৰ হৈ
গ'ল,
অথৰ্ব দিন যাপনৰ ক্লান্তি,
কেৱল দিন যাপনৰ গ্লানি
অসহ্য, অসহ্য, আই
সেই দেখি হে পিতা,
হে মোৰ স্নেহময়ী আই,
কোনোবা এদিন যদি বৰ্ণাভ প্ৰভাতত
অথবা কালিলৈ, অহা কালিলৈ,
মোৰ দৃঢ় বজ্ৰমুঠিত
আমাৰ কঠিন হাতত
নাচি যদি উঠে অগ্নিশিখা,
তেতিয়া হাঁহি হাঁহি তোমালোকে
মোক জানো ক্ষমা নকৰিবা ?

Ami goi thako - Poems of Ram Gogoi : আমি গৈ থাকো -- ৰাম গগৈৰ কবিতা

গৈ থাকা , এনেকৈয়ে গৈ থাকা,
যেনেকৈ গৈ আছে শাৰী পাতি , লানি পাতি
নিয়মিত সুশৃঙ্খল এদল সৈন্যৰ দৰে
অজস্ৰ পৰুৱা; লক্ষ্যত উপনীত হবই লাগিব ।

সৰু সৰু গুৰি পৰুৱাই মাউখে উটিলে
বোৱতী দুৰন্ত নদীও পাৰ হয় ।
সিহঁতৰ কষ্ট ক্লিষ্ট পথ পৰিক্ৰমাৰ অন্তত
আৰম্ভ হয়
জীৱনৰ জীয়াই থকাৰ কঠোৰ সংগ্ৰাম ।
অনাগত নতুন দিনৰ বাবে
সোণালী স্বপ্নৰ সঞ্চয় আৰু
প্ৰজাতিৰ স্বভবিক বৃদ্ধি ।

আহাঁ আমি গৈ থাকোঁ,
দল বান্ধি, সৰু সৰু মানুহৰ দল ।
যিসকলে আমাক পদদলিত কৰিছিল
আমাৰ অগ্ৰজ বন্ধুসকলক
হত্যা কৰিছিল অন্যায়ভাবে
সিহঁতক পিষ্ট কৰি আমৰ পদতলত
এনেকৈয়ে গৈ থাকো আহাঁ ।
সহকৰ্মীৰ বুকুৰ তেজেৰে সিক্ত পতকাবোৰ ।
হাতে হাতে তুলি লোৱা ; যি পতাকাত আছে
প্ৰভাতৰ নতুন সুৰ্য্যৰ অনুপম ৰং,
আছে উন্মাদনা
জীৱনক, পৃথিৱীক নতুন সাজেৰে গঢ়াৰ ।
এনেকৈয়ে এদিন আমি পামগৈ
এখন শস্যভৰা সোণালী পথাৰ, য'ত
অশাবোৰ, স্বপ্নবোৰ সিণগুটি হৈ
কৌটি কৌটি বছৰৰ পুৰণি মাটিৰ বুকুলৈ
দোঁ খাই আছে । আমি সেই শস্যবোৰ
আমাৰ সন্তানৰ দুহাতত তুলি দিম ।
সিহঁতৰ মুখত বিৰিঙি উঠিব সেইদিনা
অনাবিল হাঁহি ।



Tomalok shui asa - Poems of Ram Gogoi : তোমালোক শুই আছা - ৰাম গগৈৰ কবিতা

Tomalok shui asa - Poems of Ram Gogoi : তোমালোক শুই আছা - ৰাম গগৈৰ কবিতা

তেনেই সাধাৰণ এই কথাটোকে
তুমি, আমি কোনোৱেই বুজি পোৱা নাই ।
আমাৰ মুখামুখি হৈ বহি থকা
সেই যে, এজনৰ পাছত এজনকৈ
কথা ক' বলৈ ৰৈ আছে
সভাপতি প্ৰমুখ্যে মুখ্য অতিথি,
নিৰ্দিষ্ট বক্তা আৰু নিমন্ত্ৰিত ভদ্ৰ বাবুসকল;
তেওঁবিলাকৰ মংগল আৰু সমৃদ্ধিয়েই
আমাৰ মুক্তি ।
তেনেই সাধাৰণ এই কথাটোকে
বুজি নোপোৱাৰ বাবেই
আমাৰ যত বিলয় বিপত্তিৰ অন্ত পৰা নাই ।

শ্ৰোতামণ্ডলী, বক্তৃতাৰ এতিয়াও শেষ পৰা নাই ।
চোৱাচোন বক্তাসকলৰ উদাত্ত কণ্ঠত
তোমালোকৰ প্ৰতি থকা সহানুভুতি
আৰু হৃদয়ৰ গভীৰ ভালপোৱা
কেনেকৈ কলহৰ কাণেৰে ওপচি পৰিছে ।
দুষ্টলোকে মিছাকৈয়ে তেওঁবিলাকক ভণ্ড বুলি কয় ।
চোৱা, কেনেঐ মাউথ পিচ টো মোহাৰি ল' লে
ইজন বক্তাই । কিজানি আগৰ জনৰ মুখৰ পৰা
থুই পৰিছিল তাত । বক্তাৰ কি অপৰাধ ।
তোমালোকৰ বাবেই কথা কৈছিল তেওঁ ।
পাৰা যদি ক্ষমা কৰিবা । নকৰিলেও তেওঁ
তোমালোকৰ কথা কৈয়ে যাব ।

শ্ৰোতামণ্ডলী, তোমালোক এজন এজনকৈ
আকৌ জুম পাতি পাতি উঠি গৈছা ।
সভামণ্ডপত এতিয়াও বক্তৃতাত শেষ হোৱা নাই ।
সভাপতিৰ কণ্ঠ শোভা কৰা
ফুলৰ মালৰ নিলামৰ কাৰ্যসূচী
এতিয়াও বাকী আছে ।
তোমালোক এতিয়াই উঠি নেযাবা ।
দলে দলে তোমালোক এইদৰে উঠি গ'লে
সভাঘৰ শূন্য হৈ যাব । কিন্তু
বক্তাসকল নিৰাশ হোৱা নাই ।
কিয়োনো তেওঁলোকে জানে,
তোমালোক নিতান্তই মূৰ্খ
কেনি যাবা; বক্তাসকলে তোমালোকক
অকৌ লৈ আহিব সভাঘৰলৈ
তেওঁবিলাকৰ বক্তৃতা তোমলোকে শুনিবই লাগিব ।
নহ'লে সভাঘৰৰ দুৱাৰ বন্ধ কৰি ল'ব ।
তোমালোকক বেঢ়ি ল'ব সশস্ত্ৰ প্ৰহৰীয়ে ।
উঠি যাব খোজা যদি দুৱাৰ ভাঙিব লাগিব ।
সেই বেষ্টনীও যে ভাঙিব লাগিব ।

দুৱাৰ ভাঙিব লাগিব ।
চোৱা, সভামণ্ডপত বক্তৃতাৰ শেষ হোৱা নাই ।
মাইকত হিন্দি ফিল্মৰ গান
এতিয়াও বজা নাই । সভাঘৰৰ বাহিৰত
তোমালোকৰ অবোধ শিশুবোৰ কান্দিছে
সিহঁতে সভাঘৰটোত জুই দিব ।

তোমালোক শুই আছা ।
তোমালোকৰ মুখত ফুলচন্দন পৰক ।



Moi prithibir kabi - Poems of Ram gogoi : মই প্ৰিথিৱীৰ কবি - ৰাম গগৈৰ কবিতা

হে সূৰ্য, উদ্দীপ্ত অনন্ত যৌৱন
হে কান্তিময় ,
তুমি পৃথিৱীৰ প্ৰথম প্ৰেমিক ।
তোমাৰ প্ৰেম, অকীপণ
অনিৰ্বাণ জ্যোতিৰে উদ্বেল । আৰু
আৰু মই !

মই পৃথিৱীৰ কবি
আদিম অৰণ্যক অন্ধকাৰৰ
বুকু ভেদ কৰি
মই আহি আছোঁ ।
মই আহি আছোঁ - মোৰ জন্মৰ
সেই পৰম ঐতিহাসিক মুহূৰ্তৰ পৰা ;
কত যুগ; কত আলোকবৰ্ষ
পাৰ হৈ গ'ল
মোৰ জন্মৰ সেই মুহূৰ্তৰ পৰা;
হে সূৰ্য, তুমি তাক জানা ,
তুমি তাৰ সাক্ষী হৈ ৰবা ।

মই পৃথিৱীৰ কবি
এই পৃথিৱীৰ মাটিতেই জন্ম মোৰ ।
জন্ম মোৰ সেউজীয়া ঘাঁহনিত, অথবা
ধুলিয়াৰী মৰু প্ৰান্তৰত ।
ক'ত মোৰ জন্ম হ'ল ?
সৰস্বতী অথৱা মিচিচিপি,
ৰাইন, ভল্গা, ইৰাৱতী, অথৱা
নীল নদীৰ সুবিস্তীৰ্ণ উপকূলত
লুইতৰ বানে ধোৱা
পলসুৱা বোকাৰ মাজত ।

ক'ত মোৰ জন্ম হ'ল ।
জন্ম মোৰ নিশ্চয়েই
পৃথিৱীৰ কোনো এক নীৰল প্ৰান্তত ।
আৰু
সেই জন্ম মুহুৰ্তৰ পৰা
মই আহি আছোঁ । মই আহি আছোঁ ,
মই পৃথিৱীৰ কবি,
মই মেলি দিছোঁ হাত
অনন্ত মহাকাশলৈ ।

হে সূৰ্য, হে পৃথিৱীৰ প্ৰথম প্ৰেমিক,
দুহাত মেলি মাতিছোঁ তোমাক,
যুগে যুগে মোৰ হৃদয় আলোকিত কৰা
তোমাৰ ঔদাৰ্য্য আৰু তোমাৰ জ্যোতিৰে ।

মই পৃথিৱীৰ কবি ।
মই পৃথিৱীৰ প্ৰিয়তম কবি , অভিযাত্ৰী,
মই আহি আছো, অক্লান্ত অবিৰাম
শেষ ক'ত, যাত্ৰাৰ শেষ নাই ।
শেষ নাই - মোৰ জীৱনৰ জিজ্ঞাসাৰ ।
অনন্ত তৃষ্ণাৰ মায়া
মোৰ হৃদয়ত লৈ
মই আহি আছোঁ । মোৰ গীত
মোৰ কবিতাত
পৃথিৱীৰ অদ্ভুত অনন্ত কথা,
কত কথা,
মোৰ বুকুভৰা নিঃসীম নীলা বেদনাৰ । কত কথা ।

মই পৃথিৱীৰ কবি ।
মই আহি আছোঁ যুগে যুগে,
মোৰ মৃত্যু নাই ।
কোনে ক'লে, - মোৰ মৃত্যু হ'ল !
মই কবি - (মই পৃথিৱীৰ প্ৰিয়তম মানুহ)
কোনে ক'লে মোক হত্যা কৰা হ'ল ? সঁচা;
বাৰম্বাৰ চেষ্টা কৰা হৈছিল
মোক হত্যা কৰাৰ ।
আদিম অৰণ্যৰ অন্ধকাৰত,
কত অত্যাচাৰী সম্ৰাটৰ
দুৰ্লঙঘ্য কাৰাগাৰৰ অন্তৰালত ,
ৰাজপথত, ফাঁচীৰ কাঠত,
নাৎসীৰ গেচ চেম্বাৰত
হিৰোচিমা আৰু ইথিওপিয়াত 
নেলী, গহপুৰ আৰু ভুপালত
কতবৰ চেষ্টা কৰা হ'ল 
মৈক হত্যা কৰাৰ । কিন্তু
মই আছোঁ, মোৰ মৃত্যু নাই । মাই আছোঁ ।
মই আছোঁ শৰবিদ্ধ ক্ৰৌঞ্চ পখীৰ চিৰন্তন বিষাদত
সিশুৰ অনাবিল নগ্নতাত,
মই আছোঁ - হিৰোচিমাৰ
সেই পংগু শিশুৰ চেতনাত, - মই আছোঁ
নিষ্পেষিত ক'লা মানুহৰ হৃদয়ত,
মই আছোঁ
সাম্য - মৈত্ৰী স্বাধীনতাৰ বাবে উৎসৰ্গীকৃত
তৰুণ প্ৰাণৰ উষ্ণ ৰক্ত প্ৰৱাহত ।
মই আছোঁ - পৃথিৱীৰ সকলো ধৰ্ষিতা নাৰীৰ
চকুৰ পানীত ।

মোৰ মৃত্যু নাই ।
মই পৃথিৱীৰ প্ৰিয়তম মানুহ ।
মই আহি আছোঁ যুগে যুগে
মোৰ জন্মৰ সেই পৰম ঐতিহাসিক মুহূৰ্তৰ পৰা ।

হে সূৰ্য
তুমি পৃথিৱীৰ প্ৰথম প্ৰেমিক ।
আৰু মই - পৃথিৱীৰ কবি ।
মোৰ প্ৰসাৰিত দুহাতত ধৰা দিয়া,
মোৰ কণ্ঠত তোমাৰেই গান ! আলোকৰ গান !
মই মানুহৰ কবি,
মই পৃথিৱীৰ অমৰ সন্তান ।
                     

Komar shalar gaan - Poems of Ram Gogoi - কমাৰ শালৰ গান - ৰাম গগৈৰ কবিতা

 হাতুৰিৰ আঘাতে আঘাতে
গঢ় লয় নতুন অস্ত্ৰই ।
সেই অস্ত্ৰত নিহিত
কমাৰৰ সুঠাম বাহুৰ বল,
ঘাম, মনৰ সকলো উচ্ছ্বাস ,
খং ৰাগ আৰু জীয়াই থকাৰ তীব্ৰ বাসনা ।
হাঁতুৰিৰ আঘাতত বিচ্ছুৰিত
প্ৰতিটি স্ফুলিংগ,
ইতিহাস অনাগত নতুন দিনৰ
যেন সমদলত আগবাঢ়ি যোৱা
এটি বিদ্ৰোহী তৰুণ
গতিত নিহিত সিহঁতৰ অফুৰণ সৌৰশক্তি;
দপ্‌ দপ্‌কৈ জ্বলি উঠে বিক্ষোভত ।

হাঁতুৰিৰ আঘাতে আঘাতে
গঢ় লয় নতুন অস্ত্ৰই ।
কৃষকৰ নাঙলৰ ফাল, কাঁচি
কাঠ মিস্ত্ৰিৰ হাতিয়াৰ,
দা, কোৰ আৰু যাঠি ।
সেই অস্ত্ৰত দিয়া শান,
বতাহ নিনাদি  উঠা
কমাৰ শালৰ ছন্দায়িত
সেই শব্দ তৰঙ্গত শুনা
সংগ্ৰামৰ কঠিন প্ৰতিজ্ঞাৰ আহ্বান ।

Ketekee by Raghunath Choudhary - কেতেকী - ৰঘুনাথ চৌধাৰী


     -: প্ৰথম তৰঙ্গ :-  
  -----------**----------- 

ক'ৰ পৰা তই আহিলি সোণাই
কোন দিশে যাৱ উৰি,
কিয়  বা ফুৰিছ দূৰ দূৰণিত
অকলই ঘুৰি ঘুৰি

লোকালোক এৰি নিজান ভূমিত
নুবুজা ভাষাৰে তই,
কি মাত মাতিছ কিহৰ আশাত
নুবুজোঁ বিহগি মই !

দেৱৰ দুৰ্লভ আনিছ কি ধন
কাক নো বিলাই দিবি,
কিম্বা ই দেশৰ ভাল বস্তুখিনি
কোন দেশলই নিবি ?

অলঙ্ঘ্য গিৰিৰ শিখৰে শিখৰে
ধব বিননীয়া সুৰ
কেতিয়াবা গই তটিনী তীৰৰ
নিস্তব্ধতা কৰে দূৰ ?

বিজন বনত প্ৰান্তৰ ভূমিত
মনত কি লই ফুৰ,
ক'ত এৰি থই পৰাণ মণিক
অকলে অকলে ঘুৰ ।

জনম লভিছে মানৱ অজ্ঞাত
অছে যি সুন্দৰ ঠাই,
শ্ৰদ্ধা, শান্তি, দয়া, দেৱবালা সৱে
বিহৰিছে সৰ্বদায় ?

নিতে ফুলে য'ত প্ৰেম পাৰিজাত
নিকুঞ্জ কানন ভৰি,
বিতৰে সৌৰভ ধীৰ সমীৰণে
পৰাণ শীতল কৰি !

নাই যি দেশত পাপ প্ৰলোভন
নাই বিভীষিকা ভয়,
পূণ্যৰ জ্যোতিষে যি প্ৰেম নগৰী
কৰি আছে জ্যোতিৰ্ময় !

য'ত অপৰূপ সদানন্দ ৰূপ
আছে দিব্য ৰূপ ধৰি ,
এনে হেন দেশ বিহঙ্গিনি তই
কিয় বা অহিলি এৰি ?

নুবুজো বিহগি অবোধ মানৱে
কিহত গইছ ভোল,
কিয় ফুৰ তই ইনাই বিনাই
কি তোৰ মনত হ'ল ?

বাপ মাৰ ভাই সবাকো এৰিলি
এৰাল ওপজা ঠাই,
গছ পাতে সজা গঘৰটি এৰিলি
কাৰ কি আহুদি পায় ?

নহয় ই ঠাই নন্দন কানন
নহয় অমৰাৱতী,
আচল পিছল আছে বহু বাট
আছে বহু লটি ঘটি !

বুজিছ নে পখি মায়াকাননত
বিহৰিছ তই আহি,
মায়া ভাও জুৰি মায়াবী সকলে
লগাব ডিঙ্গিত ফাহি ।

দুষ্ট ব্যাধে তাত মোহৰ বাগুৰা
পাতিছ সুন্দৰ কই,
কিন্তু পখি তই আগ পাচ গুণি
ফুৰিবি সতৰ্ক হই !

আহিছ বিহগি আলচি মনত
কিবা পাম খাম বুলি;
লোভৰ বেহানি আছে আৰু বহু
যাব তোৰ মন ভুলি ।

নিস্বাৰ্থ মৰম নাপাবি ইয়াত
নাপাবি অমিয়া সুখ,
আদৰি সাদৰি কোনে নো মাতিব
কোনে পতিয়াব দুখ !

দুখৰ সুখৰ এগৰাকী তোৰ
আছে নে কোনোবা আৰু
লগৰ লগৰী দেহৰ এফাল
আহিছে নে তেওঁ বাৰু ?

ভোক লগা জানি কোনে দিব আনি
গছৰ সুৱদি ফল,
পিয়াহ লাগিলে কোনে নো পিয়াব
আকাশী গঙ্গাৰ জল !

দুখ ভাগবত শীতলী শয্যাত
কোনে নিচুকাই থব,
কোনে আহি তোৰ মুখখনি চাই
চুমা এটি খাই যাব ?

চিৰসুখী জনে নোৱাৰে কদাপি
বেজাৰৰ ভাৰ বব,
তয়ো যে কিমান পাবি দুখ জ্বালা
নোৱাৰোঁ ফুটাই কব !

যদিও বা পাখি ক্ষুদ্ৰ জীৱ তই
শৰীৰৰ শক্তি ক্ষীণ,
কিন্তু সি শক্তিত বিশ্ব প্ৰেমৰস
বই থাকে ৰাতি দিন !

বিশ্বৰ মঙ্গল সাধনৰ হেতু
বিহগি জনম ললি,
পৱিত্ৰ প্ৰেমৰ এগছি ডোলেৰে
জগৎ মেৰাই থলি !

তোকে যেন বিধি সৃষ্টি পাতনিতে
গঢ়িলে যতন কৰি;
প্ৰেমৰ সোৱাদ বিলাব আহিছ
দেৱদূতী ৰূপ ধৰি !

ইপিনে সিপিনে ডিঙ্গি মেলি মেলি
কাক চাৱ জুমি জুমি,
কাৰ বিৰহত বিৰহিণী তোৰ
গইছে হৃদয় পমি ?

কাৰ নো বাতৰি আনিছ সাদৰী
কাৰে নো পাতিবি কথা,
হৃদয় পমোৱা মাত শুনি তোৰ
হিয়াত লাগিছে বেথা !

বিৰহ বাতৰি আনিছ যদি হে
তাৰ কথা নুশুনাবি,
মিলন বাতৰি আনিছ হে যদি
লাৱণি সুৰত গাবি !

আহিয়েই তই ভুলালি সাগৰ
ভুলালি পৰ্ব্বত বন,
অমৃত বৰষা এষাৰ মাততে
ভুলালি সংসাৰ খন !

জনপ্ৰাণী হীন মৰু প্ৰান্তৰত
গাই সঞ্জীবনী গান,
সজাই তুলিলি ঊষৰ ভূমিত
অপৰূপ মৰুদ্যান !

প্ৰেমৰ ৰাজ্যত পাটৰাণী হই
সাধিলি অদ্ভুত কাজ,
সঙ্গিতৰ ধাৰা ঢালি প্ৰাকৃতিক
পিন্ধালি গাভৰু সাজ !!

ভুৱন ভুলোৱা অমৃত ভাণ্ডটি
ক'ত পালি পখি তই,
মৰু জগতক অমৰ কৰিলি
বোৱালি প্ৰেমৰ নই !

শ্ৰান্ত পান্থ জনে তোৰ সুৰটিকে
হৃদয়ত ধৰি ধ্যান,
বাটৰ ভাগৰ পাহৰি সকলো
পায় গই লক্ষ্য স্থান !

মাজ নিশা তই অকলে অকলে
উৰু আহি ক'ৰ পৰা,
গিৰি শিখৰত তুলি প্ৰতিধ্বনি
সজাগ কৰিলি ধৰা !

আছিলোঁ মগন মোহ-টোপনিত
নাছিল চেতনা জ্ঞান,
কিনো নাম গাই ঘুমটি ভাঙ্গিলি
বলিয়া কৰিলি প্ৰাণ !


দেখিছিলোঁ মই মায়া-ভৱনত
অলীক সপোন লীলা,
তোৰ গীত শুনি মুগ্ধ হৃদয়ৰ
পৰিল চোঁচনি ঢিলা ।

লভিছোঁ যদিও মানৱী জনম
মানৱী ধৰম নীতি;
কিন্তু তোৰ গীতে শিকালে প্ৰাণত
স্বৰ্গীয় মৰম প্ৰীতি ।

বীণাৰ ঝঙ্কাৰ মুৰলীৰ ধ্বনি
তটিনীৰ কুলু তান,
তোৰেই সুৰত বাজে সি বোৰত
বিমল প্ৰেমৰ গান ।

তোৰেই নিচিনা জীৱ আহে দেখি
আছে মৰমৰ ভাষা ;
কোমল হাঁহিটি কটাক্ষ চাৱনি
তয়ে নিৰাশাৰ আশা !

প্ৰেমৰ শিকনি শিকালি মৰ্ত্ত্যক
পিয়ালি অমৃত বিন্দু,
তোকে আৰ্হি লই তৰাৰ মাজত
হাহিছেঁ বিমল ইন্দু ।

     -: দ্বিতীয় তৰঙ্গ :- 
  -----------**----------- 

বসন্ত  আহিল, আমে মলিয়ালে
কঠালে পেলালে মুচি;
মদালাপী কুলি তোকে চাই লই
আহিছে মুৰটো চুঁচি ।

নাই লসবেশ সুৱগী কুলিৰ
কালিমা বৰণ দেহ;
গীত গাই কিন্তু ললিত পঞ্চমে
বেহায় প্ৰেমৰ বেহা ।

তোৰ গীত শুনি বহাগী আইটাা
গাভৰু সজালে গা ;
তোৰ লগতেই আহিল লগৰী
শীতলী মলয়া বা ।

পুষ্প কাননত তৰু-লতাৰাশি
ধৰি নৱ কিশলয়,
অপৰূপ ৰূপে শ্যামকুঞ্জ পাতি
ধৰা কৰে সুখময় ।

কুঞ্জ কুটীৰৰ পদুলি মুখত
ৰাঙ্গলি অশোক জুপি,
আদৰিছে তোক লাহ লোটনেৰে
সজাই ফুলৰ থুপি ।

ধীৰ সমীৰণে ধীৰে নচুয়াই
শ্যামল অঞ্চল খনি,
ৰ'দৰ ৰশ্মিত জ্বলে কি সুন্দৰ
লোটনীয়া ফুল মণি ?

নানা তৰহৰ সুৰভি কুসুমে
সুৰভিত কৰি বন ;
শুনাইছে তোক গুপ্ত হৃদয়ৰ
প্ৰীতি ভৰা সম্ভাষণ ।

শোভি আছে কত তৰু শিৰে শিৰে
কুঞ্জলতিকাৰ বেণী,
হৰিৎ বৰ্ণৰ তৃণ দলে মিলি
সজাইছে ৰভা খনি ।

তাতে পৰি তই প্ৰভাতী সুৰত
গালি বিভু-গুণ নাম,
কুসুনমিত মঞ্জু কুঞ্জ বন খনি
হ'ল বৈজয়ন্তি ধাম ।

তোৰে যে ভনীটি কেতেকী পাহিটি
পাতৰ আঁৰত থাকি
প্ৰেমত পৰিমল সঁফুৰাটি মেলি
দিছে সকলোতে বাকি ।

বিজন বনৰ দশোদিশে যেন
গোন্ধতে আমোল মোল,
ধীৰ বতাহত মাধুৰীৰ সোঁত;
ধীৰে ধীৰে মিলি গ'ল ।

পদ্মৰ ভ্ৰমত মত্ত মধুকৰ
জাকেঁ জাকেঁ উৰি আহি,
গুণ গুণ সুৰে অব্যক্ত সুৰত
বজায় মৃদুল বাঁহী ।

ৰংগতে ৰুপহী কমিনী ফুলৰ
বুকি খনি উদি হ'ল ,
ছেগ বুজি হাঁয় লুব্দ্ধ ভোমোৰাই
প্ৰেম-মধু চুহি গ'ল ।

লাজতেই কাকো নেদেখালে মুখ
পৰিল পাহিটি সৰি,
ৰজত প্ৰতিমা শ্যামল বনত
থাকিল একাষে পৰি ।

তোৰ গীত শুনি দেৱ প্ৰাঙ্গনত
ফুলিল কাঞ্চন পাহি,
ৰাঙ্গলি ধৱলী ৰূপ সৌন্দৰ্য্যত
জগৎ পেলালে মুহি ।

বিৰহ বিধুৰা পদুমীৰ তৰে
দুখত দুখীয়া হই,
প্ৰভাতী সুৰত প্ৰেমৰ বাতৰি
প্ৰেমিকক দিলি গই ।

প্ৰীতি শান্তিময়ী অৰুণা উষাৰ
তৰুণ কিৰণ পাই,
হাঁহে মৃদু মৃদু পলমূৰ কৰি
লাজুকী পদমী আই

নিভৃত নিকুঞ্জ মণ্ডপত বহি
যি সুৰ টানিলি পখি,
সেইটি সুৰতে ওৰণি দাঙ্গিলে
পতিপ্ৰাণা সূৰ্য্যমুখী ।

ধলপুৱা তই বিৰিখত পৰি
জুৰিলি পুৱাৰ গীত ,
নিস্তব্ধ ধৰণী তৰঙ্গে তৰঙ্গে
হল পুনু তৰঙ্গিত ।

দহি কতবাই প্ৰেমৰ ৰাগীত
বিবিধ ভঙ্গিমা তুলি
তোৰ সুৰটিকে আওৰাই লই
গাইচে হৃদয় খুলি ।

বিলৰ দাঁতিত পানী যুৱলীত
ডাউকে লগালে মাত;
উঠিল ঝঙ্কাৰ ললিত গীতৰ
মেৱা সৰালীৰ গাত ।

তোৰেই সুৰত বিবিধ বিহঙ্গে
সুৱলা সুৱলা ছন্দে,
গহীন বনত গিৰি ভৈয়ামত
বিভুৰ মহিমা বন্দে ।

তোৰে লগৰীয়া জিলী কলাৱতী
সুৰতেৰ্লগাই সুৰ
ভৰ দুপুৰীয়া পথিক জনৰ
হৃদয় কৰিছে জুৰ ।

তোৰে মৰমৰ ৰূপহী বাইটি
সখিয়তি ৰাংঢালী,
হালধীয়া বেশে আহিছে সুৱগী
লাহতী সেওঁতা ফালি ।

তোৰে লগৰীয়া আৰু এটি আছে
মইনা নামতী বাই,
ওখ গছে গছে লাহ বাহ কই
ফুৰে বিহু নাম গায় !

নামতী বাইৰ হিয়া  খনি যেন
প্ৰণয় ৰসেৰে ভৰা,
ঠেও ধৰি ধৰি গায় কিনো গীত
পৰাণ আকুল কৰা !

তয়েই শিকালি বন বিহঙ্গক
মধুৰ সুৰত গাব,
শিকালি আজলী ফুল কুঁৱৰীকো
ওৰণনি গুচাই চাব !

তোৰ গীত শুনি উথলি উঠিল
গিৰিবালা শৈৱলিনী,
ঢালি দিলি যেন শৈৱাল ভূমিত
হিয়াৰ মৰম খিনি !

সি প্ৰেম গীতত বুঢ়া লুইতৰ
ফুলি উঠে ক্ষীণ গা ;
সৈকত ভূমিৰ বিৰিখত পৰি
ঘুৰাই এষাৰ গা !

পুৰণনি কলিয়া বট জুপিয়েও
শুনি তোৰ মউ মাত,
মলিন দেহাটি মনীৰে মলচি
সলাইছে জীৰ্ণ পাত !

শ্যামল তৰুৰ শীতল ছায়াত
কেনে আয়মেৰে বহি,
সৰগৰ সুধা ঢালি মৰতত
সবাকো পেলালি মুহি !

গীতৰ ধ্বনিত পল্লবে পল্লবে
মঞ্জৰিল প্ৰেমাঙ্কুৰ ,
স্বচ্ছ সলিলত নিজ ৰূপ চাই
হইছে ভাৱত ভোৰ ।

শ্ৰান্ত পথিকেও তোৰ সুৰটিকে
হৃদয় বীণাত লই;
কিবা ভাবি বটৰ তৰল
জিৰণি লইছে গই !

ললিত লয়েৰে পূৰৱী সুৰত
গালি তই ঈশ গান,
উঠিল চৌদিশে প্ৰেমৰ তৰঙ্গ
জুৰালি ভক্তৰ প্ৰাণ ।

এটি দুটি কৰি সৰু তৰাবোৰ
জিলিকিছে আকাশত;
ফুলবছা যেন চন্দ্ৰাতপ খনি
ওলমিল বিমানত ।

কেনেনো চিকোণ পূৰ্ণিমাৰ নিশা
জগৎ জোনালী ময়,
তোৰ মাতে যেন মৰ্ত্ত্য ভুৱনত
অমৃতৰ ধাৰ বয় ।

মধুৰিমাময় মধু কণথে তোৰ
মধুৰ সঙ্গীত ঢালে,
মধুৰে মধুৰে মধুময় কৰি
মাধৱী মাধুৰী খেলে !

মাধৱী নিশাত মাধৱী সুন্দৰী
শুনি তোৰ মৌমাত,
সুধা ধৱলিত হাঁহিটি মাৰিলে
আউলি আমৰ গাত !

নিচেই আজলী চম্পা আইটিয়ে
মূৰৰ ওৰণি দাঙ্গি,
হেঙ্গুলী ৰহণ সানি দুগালত
কইছে কথাটি ভাঙ্গি ।

লাখৰ বাখৰ নাহৰ ডেকাই
চিকোন ৰূপটি ধৰি
গীত গাবলই আহ্বানিছে তোক
কত হাবিলাষ কৰি !

মুক্তা ফল যেন হিমবিন্দু পৰি
হাঁহিছে মল্লিকাদল,
সি হাঁহিত যেন শান্তিৰ প্ৰবাহ
ধীৰে ধীৰে বই গ'ল !

হ্ৰদৰ বুকুত জল তৰঙ্গত
হালি জালি ভেঁট পাহি,
গুচাই মূৰৰ নীলাঞ্চলখনি
মাৰিলে মধুৰ হাঁহি !

প্ৰহেলিকাময় মায়া কণ্ঠে তোৰ
মোহিনী মোহন সাজে,
বেজাৰ আনন্দ দুয়োটি সুৰেই
একটি সুৰত বাজে !

গাৱ কিনো গীত উন্মাদিনী সুৰে
নিজম দুপৰ নিশা
চকোৱাৰ তই মৰ্ম্মস্থান ভেদি
মাৰ কি মোহিনী দিশা !

কান্তবিয়োগত বিৰহী চকোৱা
হল বাতুলৰ প্ৰায়,
প্ৰিয়াৰ ভ্ৰমত ডিঙ্গি মেলি মেলি
তোকে যেন জুমি চায় !

বিৰহ সঙ্গীত শুনি তোৰ পখি
পতি বিৰহিণী কূল,
প্ৰবাসী স্বামীক সুৱঁৰি মনত
নাজানো কি ভাৱ হ'ল

তাহানিৰ সেই প্ৰেম আলাপন
আনন্দ মিল প্ৰীতি,
কোমল হিয়াৰ তাঁৰ কেডালিত
কি সুৰে জগালি স্মৃতি !

কিনো এনে গীত গাৱ তই পখি
প্ৰাণ মন কাঢ়ি নিয়া,
যিটি শুনি দুখিনী হঁতৰ
উগুল থুগুল হিয়া

তোৰ মাত শুনি প্ৰেমিক জনৰ
কেনে লাগি উঠে মন,
নোৱাৰোঁ বৰ্নাব কি ভাৱত ভাবে
কাক কৰে আৰাধন !

তোৰ মাত শুনি লাজুকী বোৱাৰী
ববলই এৰে তাঁত,
হাতৰ মকোটি হাততেই ৰয়
হেৰায় মুখৰ মাত !

সেইটি সুৰতে জীয়ৰী ছোৱালী
আপোন পাহৰা হয়,
যঁতৰত থকা মহুৰা কাঠিটি
যঁতৰতে লাগি ৰয় !

ৰঙ্গমনে কত প্ৰেমালাপ কৰি
গভৰু আইটি হঁতে,
হংসিনী খোজত পানী ঘাট লই
গইছিল বাটে বাটে ।

মনে মনে গই দা৬তি কাষৰীয়া
গছ এজুপিৰ পৰা,
পূৰ্ণ আবেগত কি সুৰ টানিলি
পৰাণ আকুল কৰা !

উদাস ভাৱত তোৰ ফাল লই
ৰ লাগি চাই ৰল;
সুলকি পৰিল বাছকবনীয়া
খোপাৰ মালতী ফুল !

প্ৰাণ কাঢ়ি লই গুচি গলি তই
কৰিলি চঞ্চল চিত,
চম্পাকলি যেন ভৰিৰ আঙ্গুলি
ছিগি যায় উজুটিত !

কিন্তু পখি তই এনে গীত গাই
নকৰিবি কাৰো হানি
বিৰহ ব্যথাৰ চিন্তা ডাৱৰৰ
নেপেলাবি ছায়া আনি !

য'তে ত'তে আৰু গাভৰুক লই
নাগাবি বিৰহ গান,
ক্কোমল প্ৰাণত সাঁচ বহুৱাই
নামাৰিবি চোকা বাণ !


     -: তৃতীয় তৰঙ্গ :- 
  -----------**-----------

দেৱী শকুন্তলা কণ্ব আশ্ৰমৰ
ফুলনি মাজত থাকি,
ধুনীয়া ধুনীয়া ফুল কলি লই
গুথিছিল এটি চাকি ।

তোৰ গীত শুনি আধা গোঁথা হল
উৰুঙ্গা কৰিলি মন;
আমন জিমনে থাকিল দেহি ঐ
লাহৰি মইনা কণ !

মালিনী তীৰত দুৰ্ব্বা আসনত
ৰঙ্গমনে বহি দেৱী,
পদুম পাতত আঁকি থইছিল
প্ৰাণ প্ৰতিমাৰ ছবি !

ৰহণ সানিৰ নৌ পাওঁতেই
তুলিলি চিন্তাৰ ঢল,
আঁকি থোৱা ছবি ছকুৰ পানীৰে
তেনেই বিয়লি গ'ল ।

প্ৰাণৰ লগৰী ঋষি কন্যা দুটি
প্ৰিয়ম্বদা অনুসূয়া,
কত নো বুজনি দিছিল সখীক
তেও নুজুৰালে হিয়া ।

ফুলনিত ফুলা জুতি ফুল জুপি
শুকাই লেৰেলি গ'ল,
আধা গোঁথা সেই ফুলৰ চাকিটি
কৰবাতে পৰি ৰল !

স্বামী বিৰহত ব্বিৰহিনী দেৱী
শুনি তোৰ মধু স্বৰ;
মান অভিমান সকলো নেউচি
পালেগৈ বজাৰ ঘৰ

সভাৰ মাজত পালে সতী লাজ
ৰাজ্য প্ৰত্যাখ্যান শুনি,
দাৰুণ শীতৰ প্ৰকোপত যেনে
ম্ৰিয়মাণা কুমুদিনী ।

অপ্সৰা দুহিতা অপ্সৰা দেশলৈ
দুখে শোকে গুচি গ'ল
বিৰহ বিধুৰা পতিপ্ৰাণা সতী
পতি ধিয়ানতে ৰল !

যেই সি দেশত উৰি গই তই
বজালি প্ৰেমৰ বাঁহী;
বিধুৰা প্ৰাণত প্ৰেম অনুৰাগ
আপুনি জাগিল আহি ।

কাতৰ পৰাণে শৰণ মাগিলে
তোক দূতী হই যাব
হৃদি কন্দৰৰ মৰ্ম্মবাণী যত
প্ৰেমিকক ভাঙ্গি কব !

দেৱীৰ স্বস্তিত সন্তোষ চিত্তেৰে
ৰাজ ভৱনত গই,
গালি কি সুৰত প্ৰেমৰ ৰাগিণী
প্ৰেমিকা বিহগি তই !

পাহৰি আছিল নিষ্ঠুৰ ৰজাই
অপ্সৰা কন্যাৰ কথা ;
লনী সুৰ ধৰি ৰজাৰ আগত
জনালি বিৰহ ব্যথা !

যিদিনা দেৱীক দিছিল ৰজাই
প্ৰণয়ৰ প্ৰতিদান,
সেই আঙ্গঠিটি দেখি দুষ্মন্তৰ
উপজিল অভিজ্ঞান ।

জাগিল ৰজাৰ হৃদয়ৰ সেই
পুৰ্ব্বৰ প্ৰতিজ্ঞা বাণী ;
আদৰি আনিলে প্ৰাণ প্ৰেয়সীক
কৰিল হৃদয় বাণী ।

প্ৰনয় পুৰীতো কঞ্চুকীৰ দৰে
গতি তোৰ অনিবাৰ,
তোৰ ইঙ্গিততে নায়ক নায়িকা
লভে সুখ অভিসাৰ ।

নিষধ দেশৰ ৰাজ উদ্যানত
শুনালি যিদিনা গীত,
বৈদৰ্ভী প্ৰেমত কুমাৰ নলৰ
হল প্ৰাণ বিচলিত !

হংস দূতে গই দিলে বিদৰ্ভত
কুমাৰৰ পৰিচয়,
ৰূপ লাবণ্যত মুগ্ধ হই দেৱী
দিলে প্ৰাণ বিনিময় ।

দেৱ কি দানৱ গন্ধৰ্ব্ব কিন্নৰ
মুগ্ধ তোৰ গীত শুনি,
কুবেৰৰ পুৰী অলকা নগৰী
উঠে তাতো প্ৰতিধ্বনি !

কালাকাল ভেদ নাই তোৰ পখি
নুবুজ সংসাৰ নীতি ।
কি নো কুক্ষণত যক্ষৰ প্ৰাণত
জগালি প্ৰিয়াৰ স্মৃতি ।

সঙ্গ সুখ লাভ প্ৰিয়া দৰশন
কোমল ওঠৰ বাণী,
উতলা কৰিলী বিৰহী যক্ষৰ
কোমল হৃদয় খনি !

প্ৰিয়াৰ সঙ্গত মত্ত থাকি যক্ষে
অৱহেলি নিজ কাম,
প্ৰভুৰ শাপত দণ্ড পাই পাছে
ত্যজিলে অলকা ধাম ।

শপভ্ৰষ্ট হই থাকে কিছুদিন
ৰামগিৰি আশ্ৰমত,
পিতৃ সত্যব্ৰত পালনৰ হেতু
বঞ্চিছিল ৰাম য'ত ।

গিৰি পাদদেশ ধৌত কৰি তাত
আছে সৰোবৰ এটি,
যি স্নিগ্ধ জলত স্নান কৰিছিল
জনক নন্দিনী সীতা ।

সৌন্দৰ্য্য মালাৰে ভূষিত সি স্থান
শাৰি শাৰি গছ-লতা,
পিন্ধিছে পৰ্ব্বতে এধাৰিহে যেন
হিৰন্ময় গল্‌পতা ।

নানা জাতি পখী তোৰ সুৰতেই
গায় কত ঠেও ধৰি,
মৃগ শিশু বোৰে শুনে ৰই ৰই
কণ দুযটি থিয় কৰি ।

দেখি সি সৌন্দৰ্য্য নিৰ্ব্বাসিত যক্ষ
ভাবি ভাবি মোহ গ'ল,
এটি এটি কৰি হৃদয় পটত
স্মৃতি জাগৰিত হল ।

আহাৰ মাহৰ প্ৰথম দিনত
গিৰি প্ৰান্তৰৰ পৰা,
উঠিল ক্ৰমাৎ পুৱমূৱা হই
ক'লা মেঘ এচাপৰা ।

বিৰহ তাপত ডেই পুৰি যোৱা
যক্ষৰ হৃদয় মৰু,
আশাবাৰি বিন্দু সঞ্চৰিত হই
মঞ্জৰিল প্ৰেম তৰু ।

কৃতাঞ্জলি হই সম্বোধি মেঘক
ক'লে যত মৰ্ম্ম কথা,
দুত হই যেন গ'ল মেঘখণ্ড
আছিল প্ৰেয়সী যথা ।

মেঘৰ লগতে উৰি গই দিলি
অলকা পুৰীত জান,
দিলি প্ৰেয়সীক বিৰহী স্বামীৰ
প্ৰণয়ৰ প্ৰতিদান ।

অপূৰ্ব্ব তানত যক্ষ বনিতাৰ
জীৱন সঞ্চাৰ হ'ল ;
প্ৰানৰ মাজে দি প্ৰীতি সঙ্গমৰ
সোঁত এটি বই গ'ল !

আশাৰ লহৰী তুলিলি প্ৰাণত
আনন্দৰ সীমা নাই,
বিৰহী-শয়ন তিয়াগি প্ৰেয়সী
উঠিল চেতনা পায় ।

কান্দোতে কান্দোতে হইছিল দেহি
ওড় ফুল যেন চকু;
তোৰ মাত শুনি সন্তাপ পলাল
শীতল কৰিলি বুকু !

অমিয়া কণ্ঠত কি মোহিনী শক্তি
আছে তোৰ বিহঙ্গিনী ;
একেটি ভাৱৰ মোহিনী সুৰত
পেলালি জগৎ জিনি ।

প্ৰেম বিচ্ছেদত্ৰ যক্ষ যক্ষ - বধূ
জইছিল জৰ্জ্জৰিত;
অমিয়া কণ্ঠৰ হীত ঝঙ্কাৰত
লভিলে হেৰোৱা বিত ।

তোৰ সুকণ্ঠত বিৰহ মিলন
দুয়োটি সুৰেই মিঠা;
দেখোঁ যেন দুটি প্ৰেম ফুলকলি
এডালিতে ফুলি উঠা !


নাভাঁবিবি পখি কথা এটি সোধোঁ
দিবি সদুত্তৰ মোক;
কিনো আকৰ্ষণী মন্ত্ৰ মাতি তই
ভুলালি তিনিও লোক ?

যিটি গান শুনি ঋষিৰ আশ্ৰম
হইছিলা জলাকলা ;
সেই সুৰতে নে ৰচে মহাকবি
মহানাট শকুন্তলা ?

যিটি গান শুনি বিৰহী যক্ষই
পালে গিৰি চিত্ৰকূট;
সেই সুৰতে নে কবি কল্পনাত
ফুটি উঠে মেঘদূত ?

সেই সুৰতে নে পৱিত্ৰ প্ৰেমৰ
দুখনি ধুনীয়া ছবি ;
জ্ঞান - ক্ষীৰোদধি মথি তুলিছিল
সৌন্দৰ্য্য লোলুপ কবি ?

নিচিনো নাজনি কোন তই পখি
চিন্তাৰ অতীত মোৰ,
কিবা এটি যেন আছে ঐশী শক্তি
ক্ষুদ্ৰ হৃদয়ত তোৰ !

যমুনা পাৰৰ কদমত পৰি
ঢালি দিলি কিনো প্ৰেম;
তোক পাবলই মাকৰ কাষত
কৃষ্ণই জুৰিলে ভেম !

গীত গাই গাই উৰি গুচি গ'লি
কদম গছৰ পৰা ;
যশোদা নন্দই সাদৰি মাতিলে
তেও যে নিদিলি ধৰা !

দুনাই মাকত পাতিলে জেউৰ
কিনো অবুজন কানু;
যেনেহী মাতৃয়ে সাজি দিলে এটি
ভুবন মোহন বেণু ।

সেইটি সুৰতে কালিনী পাৰত
বাজিল মোহন বাঁহী ;
উঠিল আকউ বৃন্দাবন খনি
প্ৰেম তৰঙ্গত ভাহি !

গোকুলৰ যত গোপ গোপ-বধু
কাতি কৰি লাজ মান;
প্ৰেম সলিলত মজি সকলোটি
কৃষ্ণত অৰ্পিলে প্ৰাণ ।

তোৰ সঙ্গীতত বাঁহোওৰ সুৰত
আছে কিবা অভিসন্ধি;
ষোড়শ হেজাৰ গোপিনীক থলি
এডালি ডোলেৰে বান্ধি ।

নাজানো বিহগি তোৰ সুকণ্ঠত
আছে কি মোহিনী সুৰ ;
গীতৰ ধ্বনিত হ'ল বিকম্পিত
নগৰ শোনিত পুৰ ?

গালি মাজ নিশা দীপক সুৰত
প্ৰেম সঞ্চাৰিণী গান ;
কুসুম কোমলা সৰলা ঊষাৰ
মোহিত কৰিলি প্ৰাণ ?

সপোন ৰাজ্যত কুমাৰক দেখি
তনেই বাউলী হ'ল ;
হৃদয় দেৱতা কিমতে লভিব
তাৰ ভাৱনাতে ৰ'ল !

পালে যেৱে দেৱী সখীৰ আশ্বাস
প্ৰণয়ৰ সমিধান;
শুকান মৰুত জলবিন্দু প্ৰায়
হ'ল সঞ্জীবিত প্ৰাণ ।

গীতৰ লহৰি ধীৰে ধীৰে আহি
মিলি গ'ল দ্বাৰকাত;
হৃদয় জুৰোৱা এখনি হে যেন
বহিল প্ৰেমৰ হাট !

প্ৰেমৰ বন্ধন হয় যি সুৰত
মৰ কি অমৰ লোক;
সেইটি সুৰতে ভুলালি বিহগি
অনিৰূদ্ধ কোৱঁৰক !

দ্বাৰকা পুৰীলৈ সখী চিত্ৰলেখা
গ'ল কঞ্চুকীৰ বেশে;
আনিলে ঊষাৰ হৃদি দেৱতাক
মজালে প্ৰেমৰ ৰসে ।

দাম্পত্য প্ৰেমত বান্ধিলে দুইকো
চিত্ৰলেখা দেৱদূতী
দুখনি হিয়াতে বই গ'ল যেন
এখনি প্ৰেমৰ সুঁতি ।

প্ৰেমৰ আধাৰ প্ৰেম পাৰাবাৰ
ক্ষুদ্ৰ হিয়াখানি তোৰ;
প্ৰেমৰ তৰঙ্গ তুলি তালে তালে
জগৎ পেলালি জুৰ !


        -: চতুৰ্থ তৰঙ্গ :-
  -----------**-----------


সঁচাকৈয়ে তই মৰতৰ এটি
অমুল্য ৰতন খনি;
সুধা কণ্ঠ ৰূপ প্ৰেম পয়োধিত
উঠে কত হীৰা মণি !

কিমানক দিছ প্ৰেম জ্যোতিকণা
আৰু বা কিমানে পাব;
তই গুচি গ'লে আকউ প্ৰকৃতি
আন্ধাৰতে বুৰ যাব ।

যি শাশ্বত প্ৰেম ঢালিছ ধৰাত
নহয় বিলয় তাৰ
শান্তিজল কণা পান কৰি জীৱে
হব বৈতৰণী পাৰ ।

তোৰ সঙ্গীতত আছে প্ৰেম মধু
প্ৰেমিক পাগল হয়;
তোৰ সঙ্গীতত নাচে গোপবালা
যমুনা উজাই বয় !

তোৰ সঙ্গীতত আছে প্ৰণয়ৰ
পবিত্ৰ চানেকি এটি;
সান্ধ্য গগনৰ ফুৰে মেঘদল
বায়ু সাগৰত উটি ।

তোৰ সঙ্গীতত বিজুলি চমকে
মেঘে মেঘে চুমা খায়;
আকাশী ৰথত কৰি বিচৰণ
তোকে যেন জুমি চায় !

তোৰ সঙ্গীতত আছে লয়লাস
নাচে মৰা চালি ধৰি;
তোৰ সঙ্গীতত হাঁহে থুপিতৰা
গগন উজ্জ্বল কৰি ।

তোৰ সঙ্গীতত শ্যামল তৃণেৰে
ঠন্‌ ধৰি উঠে খেত;
তোৰ সঙ্গীতত ফুলে দিনে ৰাতি
বিলত পদুম ভেঁট ।

তোৰ সঙ্গীতত ভাগৰ পলায়
পেটত নালাগে ভোক,
মায়াৰ ছলনা নাথাকে সমূলি
নাথাকে সংসাৰ শোক ।

তোৰ সঙ্গীতত মুগ্ধ জীৱদল
নিজক পাহৰি যায়;
কাঠ বুকুৱাৰ বুকু শাঁত পৰে
অমৰ জীৱন পায় ।

মহাবিশ্ব  জুৰি উঠিছে গীতৰ
প্ৰেমৰ সুৱদি তান;
ভৱ জলধিৰ যাত্ৰী সকলৰ
জগাই তুলিলি প্ৰাণ ।

আহা কি অপূৰ্ব্ব বিশ্ব বিমোহিণী
ধৰিলি গানৰ সুৰ,
সেইটি সুৰতে উটি আহে যেন
এখনি প্ৰেমৰ ভুৰ ।

ময়ো যাওঁ ৰ'বি প্ৰেমপুৰী লই
প্ৰেমৰ ভুৰত উঠি ;
প্ৰেমময়ে য'ত প্ৰেমৰ প্ৰসাদ
বিলায় মুঠিয়ে মুঠি ।

কত ভাগ্যবন্তে তোৰ প্ৰসাদতে
প্ৰভুৰ প্ৰসাদ পায় ;
প্ৰেমপুৰী এৰি মায়াপুৰী লই
নাহে ঘূৰি পুনৰায় ।

তয়েই হে মোৰ জীৱন লগৰী
হৃদি বাসনাৰ ধন ;
তোৰ লগতেই এৰি থলোঁ মই
মায়াৰ সংসাৰ খন ।

যি গছৰ তই খবি প্ৰেম ফল
মোকো দিবি তাৰে এটি;
নশ্বৰ জীৱন কৰিম অমৰ
বয়সে নিদিব ভাটী ।

যি জুৰিৰ পানী খবি পিয়াহত
বিন্দু এটি দিবি মোক;
অশান্ত হৃদয়ে সান্তনা লভিব
পলাব পিয়াহ ভোক ।

যি থানত তই থাকিবি সুখেৰে
মোকো দিবি ঠাই তাত ;
জুৰাম দেহাটি এখন্তেক পৰ
ডেউকা দুটিৰ ছাঁত ।

উৰি আপ্‌ৰানীৰ মৰ্ম্মবাণী
ভাঙ্গি কলোঁ পখি তোক;
তোৰেই লগত আল ধৰা কৰি
ৰাখিবি সদায় মোক !

নাজান নে পখি তোৰ সি সঙ্গীতে
কাঢ়ি নিছে মোৰ প্ৰাণ;
কোন সতে তই এৰি থই মোক
দুৰত গাইছ গান !

সংসাৰৰ তীব্ৰ জ্বালা যন্ত্ৰনাই
অথিৰ কৰিছে দেহা,
দুখ ভাগৰত লালকাল দিছোঁ
কিৰূপে বেহাওঁ বেহা !

বিষয়ৰ সুখ বাসনা পিয়াহে
শুকালে ডিঙ্গিৰ আঁত,
মৃগ তৃষ্ণিকাই ধৰে আগ ভেটি
বিচাৰ নাপাও বাট !

পাপপুৰী এৰি প্ৰেমপুৰী লই
কিৰুপে নো পাৰি যাব;
দিব্যজ্যোতিৰ্ম্ময় মণি স্যমন্তক
কিৰূপে নো পাৰি পাব !

বাট দেখুৱাই লই যা সাদৰি
নাথাকোঁ ই সংসাৰত;
শতধাৰ হই প্ৰেম মন্দাকিনী
সদায় বইছে য'ত ।


        -: পঞ্চম তৰঙ্গ :-
  -----------**-----------

শৰৎ আহিল শ্বৱালি ফুলিল
খঞ্জনা দিলেহি দেখা;
চাওঁতে চাওঁতে প্ৰকৃতি বুকুত
পৰিল কালিমা ৰেখা

নাম গাই গাই উৰি গ'ল পখী
দুনাই নাহিল ঘুৰি ;
কেতেকী বিহনে শুদা শুদা যেন
হল আজি মায়াপুৰী

ক'ত নো লুকালি বুকুৰে বান্ধৈ
আধৰুৱা গীত গাই;
ডালে ডালে পৰি বিচাৰি ফুৰেছে
তোৰে সখীয়তি বাই ।

নাহাঁহে মাধৱী সুৰভি কুসুম
ৰমক জমক কৰি,
আম্ৰ কাননত নাগায় কুলিয়ে
পঞ্চমত সুৰ ধৰি ।

কিবা দুখ পালি উৰি গুচি গলি
মনত কিভাব হ'ল,
তোৰ অবিহনে মিহা সুৰটিও
কাঁহ পৰি জীণ গ'ল

প্ৰকৃতি আইয়ে সাদৰি আনিছে
এদিন থাকি যা দেহি;
গাই যা এষাৰ আধৰুৱা গীত
কোমল কোলাত বহি !

কিয় গুচি গ'লি দূৰদেশলৈ
লগত লগৰী কোন,
বিঘিনি জেওৰা কিৰূপে চেৰাবি
বহু দুখ পাবি সোণ ?

নাযাবি নাযাবি সোণাই হেৰেই
কাৱোটি কৰিছোঁ অই,
দগধ হিয়াত অমিয়া ঢালি দি
শীতল কৰি যা তই ।

মাত যেনে মিঠা নামতিও তেনে
বৰ ভাল পওঁ তোক,
কই যা কৈ যা মনৰ কথাটি
লগতে লই যা মোক ?

বাটৰ ভিকহু দেখি ভুৱা দিলি
নিচিনিলোঁ তোক পখি,
কতনো কৰিলোঁ কাবৌ মিনতি
তেও নাপাতিলি সখী ?

নাছিলি যেতিয়া আছিলোঁ ভালেই
নুবুজিলোঁ চিত তোৰ,
মায়াও এৰোলো তয়ো এৰি গলি
কি বিলাই হব মোৰ ?

বুজ্জিলোঁ বুজিলোঁ দেৱবালা তই
স্বৰগৰ বিদ্যাধৰী;
বিলাব আহিছ নাম প্ৰেমামৃত
বিহগীৰ ভেশ ধৰি ?

মানুহ নাজানে স্বৰ্গৰ আদৰ
নাজানে ধৰিব আল;
সেই গুণে তই মানুহৰ লগ
সমূলি নাপাৱ ভাল ?

নালাগে আহিব কাষলই মোৰ
নিলগত থক বাৰু,
নিলগে নিলগে ঢালিবি অমিয়া
বিলাবি প্ৰেমৰ লাৰু ।

ধন্য পখি তোৰ বিহগি জনম
ধন্য পখি তোৰ নাম,
সংসাৰ বনত ভ্ৰমো যত দিন
তোৰে গুণ গান গাম !




Janma muhurtar pratikkhat - Assamese poems of Ram Gogoi : জন্ম মুহূৰ্তৰ প্ৰতিক্ষাত - ৰাম গগৈৰ কবিতা

প্ৰসৱ-বেদনাক্লিষ্ট মাতৃৰ মুখ মণ্ডলত
এদিন দেখিছিলোঁ, অনুজৰ জন্ম মুহূৰ্তত
দুঃসহ যন্ত্ৰণাৰ অস্থিৰতা ।

হয়তোবা মাতৃৰ ৰক্ত প্ৰৱাহত তেতিয়া
সুতীব্ৰ অনুভুতিবোৰ
দপ্‌ দপ্‌কৈ জ্বলি উঠিছিল ।
যন্ত্ৰণাৰ সেই মুহূৰ্তবোৰৰ পাছত
নতুন জন্মৰ প্ৰতীক্ষাৰ - ক্ষণ
যেতিয়া শেষ হৈছিল, তেতিয়া
আইৰ মুখত ফুটি উঠিছিল হাঁহি
অনাবিল আনন্দৰ কি মধুৰ অভিব্যক্তি !

মোৰ বুকুত হাত থৈ বাৰে বাৰে
অনুভৱ কৰিছোঁ আজি,
মোৰ মাতৃৰ প্ৰসৱ যন্ত্ৰণাৰ সেই মুহূৰ্তবোৰ;
অনুভৱ কৰিছোঁ মোৰ জননী, মোৰ জন্মভূমিৰ জঠৰত
অনন্ত অন্ধকাৰৰ বুকুত
এটি নতুন সূৰ্যৰ প্ৰাণৰ কঁপনি ।

মোৰ জন্মভুমি, মোৰ জননীৰ ৰক্তপ্ৰৱাহত
আজি লাঞ্ছনাৰ বঞ্চনাৰ-ৰিক্ততাৰ
বেদনাৰ আঘাতে আঘাতে
যি সুতীব্ৰ অনুভুতিৰ জন্ম হৈছে,
মোৰ চেতনাত অগ্নি-শিখা হৈ
জ্বলি উঠিছে সেই অনুভুতি ।
এদিন এটা ৰক্তাক্ত প্ৰভাতত জন্ম হ'ব
পূব-দিগন্তৰ অপৰ্য্যাপ্ত পোহৰ সম্ভাৰ লৈ
সেই নতুন সূৰ্যৰ;
মোৰ বুকুত হাত থৈ বাৰে বাৰে
মোৰ প্ৰাণৰ স্পন্দনত শুনিছোঁ
সেই আগমনী সুৰ ।

মোৰ জন্মভূমি, মোৰ জননীৰ মুখত
ফুটি উঠিব এটি হাঁহি, কি মধুৰ !
সানি দিম আমাৰ তেজৰ ৰং
আমাৰ বুকুৰ ।





Aha bandhu katha pato - আহাঁ বন্ধু , কথা পাতোঁ - Poems of Ram Gogoi

আহাঁ বন্ধু, কথা পাতোঁ
মন খুলি কথা পাতোঁ অলপ সময় ।
জানো মই, ক্লান্ত শ্ৰান্ত তুমি
অৱশ শৰীৰ আৰু ৰক্তাক্ত বিবেক;
তথাপিতো ৰিক্ত নোহোৱা ।

সেই দেখি আহাঁ বন্ধু, কথা পাতোঁ ।
সময় সঁচাই নাই । মোৰ জানো আছে ।
জীৱন যুঁজৰ থৈয়া নথৈয়াত 
ক্ষত বিক্ষত ক্লান্ত মন;
সেই বুলি জানো শোণিত সিক্ত
নৈতিকতাৰ অস্ত্ৰ পেলাই দিবা ।

বন্ধু, যাত্ৰী যে আমি একেই পথৰ ।
আমাৰ দেহ ভাঙি গ'ল,
মন ভাগি যায়;
অলপ সময় মন খুলি কথা পাতোঁ ।

মৰিও নমৰা হেজাৰ শত্ৰুৱে
শাণিত খড়গ লৈ 
প্ৰতি মুহূৰ্ততে আমাক আঘাত কৰে
প্ৰত্যাঘাতৰ শক্তি জানো 
হেৰাই পেলালে হ'ব !
আমাৰ জীৱন বন্তি নুমাব এদিন,
সেই কথা আমি জানো ।
মৰণে আমাক নিতৌ মাতিছে,
অন্ধকাৰৰ এছাটি বতাহ আহিব এদিন;
বন্ধু, কেতিয়া আহিব তাকতো নাজানো আমি ।
সেয়েহে কৈছোঁ, আহা বন্ধু,
অলপ সময় মন খুলি কথা পাতোঁ ।
আপোন মৃত্যুত মোৰ কোনো খেদ নাই ।

আপোন মৃত্যুত মোৰ নিজক লৈ কোনো খেদ নাই ।
মৃত্যুৰ পাছত মই নাকান্দো কদাপি ।
মোৰ কান্দোন বন্ধ হৈ যাব
অনন্ত কালৰ বাবে ।
তথাপি ভাবিছোঁ,
মৰণত মোৰ অনেকে কান্দিব জীৱন্মৃতৰ দৰে ।
এতিয়া বন্ধু,
সেই দেখি মোৰ মৰণক ভয় লাগে ।
সেয়েহে বন্ধু মাতিছোঁ তোমাক,
আহাঁ আমি কথা পাতোঁ
মৰণৰ আগে পৃথিৱীক যদি
কিবা এটা দিব পাৰোঁ ।

কণমানি মোৰ পোনাটিক আৰু
পোহৰৰ বাবে উন্মুক্ত হৈ থকা 
হেজাৰ হেজাৰ অবোধ শিশুৰ
নিষ্পাপ জীৱনক
যতমানে এই শত্ৰুৰ দলে
অসুন্দৰ আৰু জৰ্জৰিত কৰি তুলিব 
আঘাত কদাপি নোৱাৰে দিৱ ।

বন্ধু, সেয়েহে মাতিছোঁ
আহাঁ আমি কথা পাতোঁ ।
এতিয়া নাপাতি কেতিয়া পাতিম বাৰু !
মৰণৰ এচাটি বতাহ
কেতিয়া আহিব
আমি জানো ক'ব পাৰোঁ ! 



Pratidhwani - Assamese Poems of Ram Gogoi : প্ৰতিধ্বনি - ৰাম গগৈৰ কবিতা

এটা উদাত্ত ধ্বনি মোৰ কলিজাত,
হৃদয়ত, হৃদয়ৰ গভীৰত বাৰে বাৰে ঠেকা খায় ।

মোৰ বুকুৰ ভিতৰত বিষ হৈছে ।
মোৰ সিৰা - উপসিৰাবোৰ
স্ফীত হৈ উঠিছে বাৰে বাৰে
উপলব্ধি কৰিছোঁ ৰক্ত প্ৰৱাহত
যেন জুই জ্বলিছে । একুৰা প্ৰকাণ্ড জুই ।

মোৰ চাৰিওফালে শত শত কৌৰৱৰ
ষড়যন্ত্ৰ জতুগৃহৰ ।
মোৰ সৰ্বাংগৰ ওপৰত এটা দানাবীয় যন্ত্ৰৰ নিষ্পেষণ,
বুকুৰ কামিহাড়বোৰ যন্ত্ৰণাত মৰ্‌ ম্‌ কৰি উঠিছে ।

এটা উদাত্ত ধ্বনি মোৰ কলিজাত,
হৃদয়ত, হৃদয়ৰ গভীৰত বাৰে বাৰে ঠেকা খাইছেহি,
প্ৰতিধ্বনিয়ে আঘাত কৰিছে বিবেকতঃ
সেই আঘাতৰ বেদনা
যেন সদ্য প্ৰস্ফুটিত ৰঙা ফুল;
মই দেখিবলৈ পাইছোঁ
সেই ৰঙা ফুলৰ পাহিত জিলিকি উঠিছে ।
প্ৰসৱ বেদনাক্লিষ্ট এখনি নিষ্পাপ চেনেহ-কোমল মুখ
সেই মুখ মোৰ জননীৰ । জন্মক্ষণৰ ।
আৰু দেখিছোঁ
জননীৰ লোতক দুধাৰি তেজৰ দৰে ৰঙা ।
এক অসহ্য যন্ত্ৰণা বোধে মোক চমতাৰে জৰ্জৰিত কৰিছে ।
এক দুৰ্বাৰ শক্তিয়ে মোক উতলা কৰি তুলিছে ।
আৰু এতিয়া  মই প্ৰতিজ্ঞা কৰিছোঁ,
মোৰ দুবাহুৰ সকলো শক্তিৰে
সেই দানৱীয় যন্ত্ৰাটোক বাধা দিম,
জতুগৃহৰ দুৱাৰ ভাঙি মই মুক্ত হ' ম ।
আৰু মোৰ ৰক্ত প্ৰৱাহত প্ৰজ্জ্বলিত জুই
নিজেই সংযোগ  কৰিম সেই জতুগৃহত ।

এটা উদাত্ত ধ্বনি মোৰ কলিজাত,
হৃদয়ত, হৃদয়ৰ গভীৰত বাৰে বাৰে ঠেকা খাইছেহি
প্ৰতিধ্বনিয়ে প্ৰচণ্ড আঘাত কৰিছে বিবেকত;
সেই ধ্বনিৰ উৎস ক'ত মই জানো ।
মই জানো সেয়া বিংশ শতিকাৰ আৰ্ত মানৱতাৰ জয়ধ্বনি ।
মেকঙৰ বিস্তৃত উপকূলৰ ঘন অৰণ্যানি আৰু
ৰক্তক্ষৰা জাকাৰ্টাৰ ৰাজপথত
আৰু কঙ্গোৰ সমৰক্ষেত্ৰত,
অগ্নিস্নাতা ভিক্ষুণীৰ সবল কণ্ঠত
মুখৰিত সেই ধ্বনি মোৰ কলিজাত
হৃদয়ত, হৃদয়ৰ গভীৰত বাৰে বাৰে ঠেকা খাইছেহি,
প্ৰতিধ্বনিয়ে প্ৰচণ্ড আঘাত কৰিছে বিবেকত
সেই আঘাতৰ বেদনা
যেন সদ্য প্ৰস্ফুটিত এপাহ ৰঙা ফুল;
মই দেখিবলৈ পাইছোঁ
সেই ৰঙা ফুলৰ পাহিত জিলিকি উঠিছে
প্ৰসৱ বেদনাক্লিষ্ট এখন চেনেহ-কোমল মুখ
সেই মুখ মোৰ জননীৰ । জন্মক্ষণৰ ।

Moi biplabi moi tandabi - Assamese poems of Ambikagiri Raichoudhury - মই বিপ্লৱী, মই তাণ্ডৱী


মই বিপ্লৱী, মই তাণ্ডৱী
মই        কাল-বিজয়ী বিপ্লৱী,
মই        কাল-বিনাশী তাণ্ডৱী;
                আজি বিপ্লৱ তোলোঁ ক’ত?
                মই তাণ্ডৱ তোলোঁ ক’ত?
সৃষ্টিৰ স্নায়ূ ধুনাধুন কৰি উতলি উঠিছে বিপ্লৱ মোৰ
                উতলি উঠিছে বিপ্লৱ,
ব্ৰহ্মাণ্ডৰ মেৰু প্ৰকম্পি দাপিছে দাৰুণ তাণ্ডৱ মোৰ
                দাপিছে দাৰুণ তাণ্ডৱ |
নভো-মহানীল চিৰাচিৰ কৰি,
প্ৰলয়-ভঙ্গী উঠে তাৰ চৰি,
স্বৰ্গ-মৰ্ত্ত্য-ৰসাতল ৰেখা
                মোহাৰি মুচৰি কৰি দিলে একাকাৰ;
ক্ষিত্যপ-তেজ-মৰুত-ব্যোমৰ
                নোহোৱা কৰিলে চিন-চাপ পাৰাপাৰ,
কি পৰিণামেৰে ক্লান্তিত পৰি ক’ত বা হয় সি ক্ষান্ত!
নাপাওঁ বিচাৰি পাত্ৰ-আধাৰ য’ত কৰোঁ তাক শান্ত ||

সৌৱা
বিলাসালসৰ ক্লেদী পৰশত
জীৱন-দীপ্ত কৰ্ম্মোল্লাসী পুলকোত্সৰ ছন্দ পৰিছে ভাগি,
আত্মানন্দী সেৱা-হৰষত
গ্লানিৰ জটিল বেদনা জমিছে মত্ত খকৰ
                        বজ্ৰ-আঁচোৰ লাগি,-
তাতে তোলোঁনেকি তাণ্ডৱ মোৰ,
                        তাতে তোলোঁনেকি বিপ্লৱ?

আৰুচোন সৌৱা!
কুহকী ৰূপৰ কূট মাধুৰীয়ে
পৱিত্ৰতাৰ আজলী শিশুক উজটি খুৱাই কৰে
                        কেনে লটিঘটি,
প্ৰৱঞ্চনাৰ ধূৰ্ত্ত ফাকিয়ে
উৰ্দ্ধগামিনী প্ৰগতি-গতিক মাৰঘাত মাৰি
                        কৰি দিয়ে অধোগতি;
তাতে তোলোঁনেকি বিপ্লৱ মোৰ, তাতে
                        তোলোঁনেকি তাণ্ডৱ?

আৰু সেইফালে
কয়, লিখে এক ,কৰে-ধৰে আন,
লুটি-পুটি গায় শান্তিৰ গান,
দুৰ্ম্মদ য্ত অনীতি আচৰি তুলিকা বুলাই                                 
                        দেখুৱায় মহাকবি,
ভিতৰত পুহি দুষ্ট পিশাচ বাহিৰত আঁকে
                        মোহিনী কলাৰ ছবি;
তাতে তোলোঁনেকি তাণ্ডৱ মোৰ,
                        তাতে তোলোঁনেকি বিপ্লৱ?

সৌৱাচোন আৰু
পদ-মৰ্য্যাদা-ক্ষমতাৰ খকে
মানৱীয়তাকে গিলে ডিঙিলৈকে,
        আত্মাৰ ক্ষুধা ভৰিৰে মোহাৰি
                যৌন ক্ষুধাৰ পিশাচী ৰাপত মত্ত,-
কৰ্ত্তব্যৰ গেড়ি তল কৰি
        বলিয়া চিঞৰি কেৱল দাবীৰ স্বত্ব;
তাতেনেকি মোৰ তোলোঁ তাণ্ডৱ বিপ্লৱ তোলোঁ মোৰ?
                কোনফালে চাই কোনফালে লৰোঁ
                কোনটিকে এৰি কোনটিক ধৰোঁ?
                এটাক ধৰিলে আনফালে পুনু
                ক্ষিপ্ত-দাপোৰে উদ্ভেদ উঠি আহে;
        মোৰ লৰা-ঢপৰাৰ দুৰ্গতি চাই
                বিদ্ৰূপ-বাণ হানি সকলোৱে হাঁহে |

আৰু দেখোঁচোন!
প্ৰগতি, শিল্প-কলাৰ আঁৰত
লুকাই লালসা ভৰা সাগৰত
        কামনা-দানৱে ধুমুহা তুলিছে
                উগাৰি তীব্ৰ তেজাল ক্লেদৰ ঢউ,
        হাঁহিছে বিকট কল্মষ সানি
                কৰি বিষাক্ত জীৱন-মাধুৰি-মউ |
তাতে তোলোঁনেকি তাণ্ডৱ মোৰ, তাতে তোলোঁনেকি বিপ্লৱ?

ইকি!
মোতেচোন দেখোঁ সকলোবিলাকে,
উঠিছে, পৰিছে, খেলি জাকে জাকে!
        বাহিৰত কিয় পৰিছে দৃষ্টি?
                ভিতৰত দেখোঁ স্বৰ্গ-নৰক মোৰ |
        সৃষ্টি, স্থিতি, প্ৰলয়, বিনাশ,
                নিজতেই দেখোঁ ঘটিছে সকলোবোৰ?

নিজক এৰি দি কিয় তেনেহ’লে,
আনলৈ চাই অভিযোগ চলে?
        জনে জনে হ’লে ক্লেদাপসৰণ,
                গোটেই জগত হ’ব সুবিমল শুদ্ধ,
উতলা ৰোষেৰে আনল’কে চাই
                নৰ’ব কাৰণ মৰিবলৈ হৈ ক্ৰুদ্ধ |
তোল তেনেহলে তোল তাণ্ডৱ ,
বিৰাট বিপুল মহা বিপ্লৱ;
প্ৰথমে নিজৰ অহং-সিন্ধু মন্থন কতি, নাৰকী কলুষ-ক্লেদ
ধ্বংসি, বিনাশি, তোল জীৱনত পুণ্য-লৱনু কৰি
                                অহামিকা ছেদ |
তাৰ লগে লগে সীমা-অসীমৰ সংযোজনাৰ সাফটো
                                গচকি খচি,
নিৰ্ম্মল কৰি সৃষ্টি-কলাক কলুষিত কৰি নৰক
                                যি আছে পচি |