Samay - Assamese Poems of Ram Gogoi : সময় - ৰাম গগৈৰ কবিতা


এতিয়া পুৱালে ৰাতি ;
জীৱাই থকাৰ বাবে উদ্বিগ্নতা প্ৰান্তৰে
পশু পক্ষী গছ বন মানুহৰ জীৱনে জীৱনে ।
এই যে পখিলাজনী ফুলত পৰিলে আহি,
এই যে পৰুৱাজনী খুদকণ এটি লৈ গ' ল,
এডালি শুকান বন ঠোঁটেৰে কামুৰি
উৰি গ'ল এজনী শলিকা;
হয়তোবা নীড় এটি সজাৰ কামনা,
অনন্ত কালৰ ই যে অনন্ত কবিতা ।

এতিয়া পুৱালে ৰাতি
বাহী চোতালৰ ধূলি সাৰি নিলে ভন্‌টিজনীয়ে
চিন তাৰ থৈ গ'ল এটি দুটি লাহি লাহি খোজৰ
আল্পনা ;
এচেৰেঙা ৰ'দ আহি পদূলি মুৰত সৌ
ৰঙা জবা ফূলৰ বুকুত
পিন্ধালেহি নিয়ৰৰ মুকুতাৰ মালা
আৰু মই পিৰালিত বহি বহি লিখিছোঁ কবিতা ।

হাতত কৰিয়া লৈ সদায় চিনাকি সেই
গল খেকাৰিটো মাৰি
দেউতা ওলাই গ'ল গোহালিৰ ফালে
লাজুকী লতাৰ দৰে নবৌৱে তিতা কপোৰেৰে
মোৰ আগেদিয়ে গৈ ভিতৰ সোমলে;
সৌৱা ওলাই গ'ল ৰামলাল ড্ৰাইভাৰ
ইমান পুৱাতে, হয়তো সময় তাৰ নহ'ল আকণো
ফিকা চাহপানী বাটি গিলিবৰ বাবে;

এতিয়া সময় হ'ল বহু ব্যাস্ততাৰ,
এতিয়া সময় জানো কবিতা লিখাৰ !

আকৌ আহিব ৰাতি নিৰবিল অকণি শান্তিৰ,
পুৱা ফুলা ফুলবোৰ মৰহি শুকাব,
অকাশী স্বপ্নৰ মায়া ডেউকাত লৈ
শুকুলা মেঘৰ দৰে জাকে জাকে উৰি যাব বগলীৰ দল
টোপনিত লালকাল কণ, কণ, পোনাবোৰে
পদুমৰ নৈ সিপাৰৰ মছলা বনৰ পৰা
উৰি উৰি উৰি হা মনোৰম সপোন দেখিব ।
চাকিটি নুমাই লৈ ৰামলাল ড্ৰাইভাৰে
কাণে কাণে প্ৰেয়সীক দুটা কথা ক'ব ।

শেষ হ'ব এটা দিন এটা ৰাতি -
পলে পলে জীৱনৰ আয়ু শেষ হ'ব ।
চিৰন্তৰ সুসুপ্তিৰে হয়তো সাৱটি ল'ব লাগিব এদিন
অবিনাশ অনন্ত মৌনতা ।
তেতিয়া , তেতিয়া নহ'ব লিখা
দিন আৰু ৰাতিৰ কবিতা ।
সময়, তেতিয়া তুমি মোৰ বাবে নিলিখা কবিতা
সময়, তেতিয়া তুমি মোৰ পৰা একোকে নোপোৱা ।

সময়, তোমাৰ মুল্য জুখি চালোঁ মোৰ জীৱনৰে
জন্ম আৰু মৃত্যুৰ দুটি ক্ষণ, দুটি বিন্দু সংযোজক
জীৱন নামৰ এটি সীমিত ৰেখাৰে
সময়, এতিয়া তুমি তাৰ বাবে ক্ষমা কৰা মোক ।

Asha - Assamese poems of Ram Gogoi : আশা - ৰাম গগৈৰ কবিতা

আশা আৰু নিৰাশাৰ মহাসাগৰত
ঢৌ উঠে , ঢৌ নাচে হাজাৰ বিজাৰ ।
আমাৰ বিহংগ মন;
ৰাতিৰ আকাশে মাতে,
মাতে আৰু পুৱাৰ সুৰুযে,
কোনে জানো কৈ দিব জীৱনৰ সঠিক খবৰ
অনদৃত মদাৰৰ বেদনাৰে
পৃথিৱী ৰাঙলী হ'ল, আশা য'ত
এপিয়লা সোণোৱালী মদ;
ফেনীল ক্ষোভৰ ঢৌ উঠে আৰু নামে ।
পুবালিৰ তৰুণ দ্বাৰত
কোনে জানো আমাক শিকনি দিলে;
পথ কাৰ ভুল হ'ল বুলি
নুটুকিবা চকু পানী জীৱনৰ গধূলি লগ্নত ।
ফাগুনৰ নিলাজী বতাহে
আমাক বঞ্চিলে চিৰদিন ।
ভাগি যায় , এই ভাগি যাব
আমাৰ শতেক স্বপ্ন
অনাগত কত বেদনাৰ ধুমুহাত
নিৰ্ব্বাক, নিস্পন্দ আমি,
অথবা অবাক ।
আমাৰ আত্মাৰ গানে পাৰিব নে
জগাই তুলিব
হে পৃথিৱী বাসবদত্তা
তোমাৰ সত্তাক ।
যদি পাৰে সাজোঁ আমি নীড় ধুলিৰ ধৰাত
সোণৰ চেকুৰা আনি নতুন জীৱন ।
গাওঁ গান মুখামুখি হৈ

Itihas - Poems Ram Gogoi :ইতিহাস - ৰাম গগৈৰ কবিতা

বিশ্ব প্ৰকৃতিৰ অখণ্ড আৰু ব্যাপক দ্বন্দত
চেতনাৰ জাগৰণ । মানুহে বিচাৰি ল'লে
সমজীৱী শ্ৰেণীহীন আদিম সমাজ আৰু আহিলা ।
ইতিহাস, তুমি ৰূপ ল'লা ।
স্থাৱৰ পৃথিৱী আৰু যাযাবৰ মানুহৰ দল, যাত্ৰা ইতস্ততঃ
পৃথিৱীৰ স'তে অভিসাৰ -
সমল সম্পদ লাগে জীয়াই থকাৰ ।
যাত্ৰা ...... আৰু তুমি বিস্তাৰিত কাহিনী আমাৰ
বিৱৰ্তন আৰু ক্ৰমবিকাশৰ সুনিৰ্দিষ্ট কক্ষপথ

সমাজৰ আদিম স্তৰতে তুমি কাহিনী লিখিলা ।
পৰিৱৰ্তনৰ প্ৰৱল প্লাৱন, ক্ৰমবিকাশৰ গতি অসমান,
যুগে যুগে তুমি তাকে কৰিছা প্ৰমাণ;
কেতিয়াবা ধীৰে ধীৰে আৰু কেতিয়াবা
উন্মত্ত কোবাল ছন্দেৰে তুমি আগুৱান ।
শ্ৰেণী চেতনাৰে ধৌত মুক্ত তৰোৱাল
শ্ৰেণীভেদ আৰু সংঘাতৰ নতুন পাতনি ৰচি তুমি
প্ৰগতিক আনিছা আদৰি ।
আৰ্থিক ব্যৱস্থা আৰু সংগঠন, উৎপাদন
তোমাৰ একোটা অধ্যায় ।

প্ৰসৱ বেদনা সিক্ত, ৰিক্ত নোহোৱা তুমি,
গঢ়িছা, ভাঙিছা আৰু গঢ়িছা । তোমাৰ বুকুত
হেজাৰ কাহিনী অলুপ্ত আৰু অমৰ ।
বিকাশৰ স্তৰে স্তৰে , দাস আৰু সামন্ত
বস্তু বিপ্লৱৰ বুকুতে জন্ম ...... আজি মৃত্যুমুখী ধনতন্ত্ৰ
সুনিৰ্দিষ্ট পথৰ নিৰ্দেশ । ৰাষ্ট্ৰৰ বিলোপ হয়,
সংক্ৰমনৰ কোনোবা উচ্চতৰ পৰ্য্যায় এটাত
গণতন্ত্ৰও নোহোৱা হয় । তুমি ইতিহাস ।
মানুহৰ অবিৰাম প্ৰাণচ্ছন্দত তোমাৰ স্বীকৃতি আছে ।
স্পষ্ট আৰু স্পষ্টতৰ । মাৰ্কচ এঙ্গেলচ্‌ক লাল
চালামেৰে
অভিবাদন আৰু বিপ্লৱী অভিনন্দন,
ইতিহাস ঃ নিৰ্দেশ, আমাক তোমাৰ নিৰ্দেশ লাগে
সংকেত আৰু নিৰ্ভুল ইংগিতৰ । আমি সদায় সাজু ।

Alaap : Poems of ram Gogoi - আলাপ - ৰাম গগৈৰ কবিতা

অলেখ অযুত প্ৰশ্ন মানুহৰ জীৱনে জীৱনে ।
শতধা বিদীৰ্ণ পৃথিৱীৰ সময় অতিক্ৰান্ত ব্যস্ততা ,
আৰু মোৰ ঃ পৰ্যটক মোৰ মন;
ক্লান্তিৰ পৰশ লাগি পুলকিত হৈ উঠে
যাৰ নিৰুদ্ধ জীৱন,
যাৰ অজস্ৰ কল্পনাই, আশা আৰু আকাঙ্খাই
হঠাৎ থমক খাই ৰয়,
 বাধা পায় মুহূৰ্ত্তে মুহূৰ্ত্তে ।

শৱবাহী শোকাৰ্ত্তৰ নিৰুদ্বেগ অনুকম্পা ,
যাত্ৰা অনুক্ৰমা ঃ ই জীৱন ভাৰাক্ৰান্ত
সম্ভাব্য মৃত্যুৰ শংকাৰে স্পন্দিত,
কম্পিত পদক্ষেপ আৰু নিৰলস অনুভুমি ।
যদি মাটিৰ মৰম লাগি সুৰ্য্যস্পৰ্শা কামনাই
সাৰ পাই জাগি উঠে,
হয়তোবা মোৰ মন মতলীয়া হ'ব ।
অনাগত জীৱনৰ সুন্দৰৰ প্ৰতীক্ষাত ।

যদি সেই উন্মাদনা, অধীৰ আনন্দ
আমাৰ কাৰণে
হয় যদি অলেখ স্বপ্নৰে আন্দোলিত
অসম্পূৰ্ণ হৈ ৰ'ব তেতিয়াও
মোৰ গান .....
জীৱনৰ প্ৰতিদিনে গোৱা গান ।
.......  .................    .............
তথাপিতো যাত্ৰা অৱিৰাম । .....
তথাপি শান্তিয়ে দিয়ে ধৰা
যেতিয়া সূৰ্য্যৰ আলোকে কয় কথা
প্ৰভাতৰ বিহংগ কণ্ঠত,
সন্ধ্যাৰ নিয়ন উজ্জ্বল অলকাৰ মেঘ নামে
ধৰাৰ বুকুত; আৰু তেতিয়া

মোৰ উদ্বেল কামনাৰ
উদ্বিগ্ন আৱেগ হয়
প্ৰাত্যহিক জীৱনৰ সহজ প্ৰত্যয় ।
যেতিয়া দূৰাৰোগ্য মনৰ দেৱালে
গান গায়, কথা কয়
মানুহৰ জীয়াই থকাৰ আঘাতে আঘাতে
তেতিয়া শান্তি মোৰ অভ্যাগত ।

আমি কথা কওঁ, কথা পাতোঁ
আৰু আমাৰ জৈৱিক দাবীৰ
ইস্তাহাৰ হয় লিখা ।


Ekhon chithir katha - Poems of Ram Gogoi - এখন চিঠিৰ কথা - ৰাম গগৈৰ কবিতা

বন্ধু, তোমালৈ এখন চিঠি লিখিম
আমনি নেপাবা দেই, বহুত দীঘল হ'ব ।

অনেক দিনৰ আগতে
যেতিয়া তুমি মোক লগ পাইছিলা,

Ingit - Poems of Raam Gogoi - ইংগিত - ৰাম গগৈৰ কবিতা

আজি এই নিৰ্জ্জন সেমেকা সন্ধিয়া
পলাতক বিচ্ছিন্ন সৈন্য বাহিনীৰ দৰে
মোৰ মন বিক্ষিপ্ত ব্যঞ্জনময় ।
আৰু কোনো এক নীলোজ্জ্বল প্ৰভাতত
ময়ে দেখিছিলোঁ
অনাগত ভবিষ্যৰ আলোক যাত্ৰাৰ পট ভূমিকাত
এটা নতুন দিনৰ সূৰ্য্য অপৰ্যাপ্ত হাঁহিৰ বৈচিত্ৰ ।
এতিয়া

এই ম্লান সন্ধিয়াত এন্ধাৰ আহিছে নামি ।
অসীম বেদনা ভৰা ঘনঘোৰ ৰাতিৰ এন্ধাৰ,
সংকেত ভয় আৰু আশংকাৰ ।

(কোনো এক নীলোজ্জ্বল প্ৰভাতত
কি স্বপ্ন দেখিছিলোঁ মই,
কিহৰ ইংগিত ?)

সংকীৰ্ণ দৃষ্টিত তাৰ অৰ্থ নাই ।
কিয়নো

মোৰ স্বপ্ন জাগ্ৰত দিনৰ,
মোওৰ দাবী মিলিত কণ্ঠৰ,
মোৰ দৃষ্টি সুদূৰ প্ৰসাৰী,
আসন্ন প্ৰসবা - এই পৃথিৱীৰ মধুৰ ইংগিত
নৱ প্ৰভাতত এটা নতুন সূৰ্য্যৰ ।

Tejimalaa tomaar karane - Poems of Raam Gogoi - তেজীমলা তোমাৰ কাৰনে - ৰাম গগৈৰ কবিতা

এজাক চৰাই যদি উৰি আহি পৰিল বনত
সিহঁতৰ হাঁহিৰ কিৰিলি যদি
জীয়াই থকাৰ বাবে প্ৰয়োজন
এটি দুটিটোপৰ কামনা,
অথবা শান্ত এটি নীড়ৰ মাজত পাখিৰ উমনি লৈ
শুই থকা অকমানি বুকুৰ মৰম,
সেয়ে তেনে সঁচা হওক,
শ্বাপদৰ হিংসা দ্বেষ, মৃত্যু ভয় অধ্যুষিত
অৰণ্যৰ প্ৰতিটো প্ৰান্তত ।

ধুমুহা বিক্ষুব্ধ ৰাতি বৰষাৰ নদীৰ বুকুৰ
এখনি তুলুঙা নাৱৰ দুটি অসহায় যাত্ৰীৰ বাবে
দুৰণি গাঁৱৰ যদি চাকি এটি হৃদয়ৰ আশাৰ কঁপনি
অথবা মৃত্যুৰ প্ৰত্যন্ত প্ৰান্তত যুঁজি জীৱনৰ হকে
খন্তেক নিৰ্ভয় যদি স্বৰ্তহীন আত্মসমৰ্পণ
ঈশ্বৰৰ পৰম পদত

সেয়ে যদি সিহঁতৰ অকান্ত আশ্ৰয়,
সেয়ে তেনে হৈ ৰ'ক
চিৰন্তন মানৱৰ প্ৰাণৰ কান্দোন ধ্বনি
অনাগত যুগ-যুগান্তত !

হিংসামত্ত পৃথিৱীত ব্যৰ্থ যদি যীশু বুদ্ধ হজৰত,
আত্ম ত্যাগ মহাপুৰুষৰ
মিছা যদি সত্য প্ৰেম ন্যায় আৰু ত্যাগৰ আহ্বান,
কেৱল ক্ষমতা যদি সঁচা হয়
সঁচা যদি লোভ মোহ প্ৰলোভন গৌৰৱ কামনা
শান্তি ক'ত, ক'ত পাম দুদণ্ড নিৰ্ভয় চিত্ত, অলপ আৰাম !
কিয় বাৰু, কাৰ বাবে অনুভৱ কৰোঁ আমি হৃদয়ৰ নিভৃতত
গভীৰ বিষাদ এটি, কিবা এক সনাতন নিৰ্মম বেদনা
নিৰ্জনৰ প্ৰতি দিন প্ৰতি মুহূৰ্তত ।

(হে নাৰী, কবি পত্নী
তোমাৰ বুকুত সৌ মৌন প্ৰশান্তিত
পৰম তৃপ্তিত শোৱা কণমানি শিশুটিৰ বাবে ।
অথবা, ফুল হৈ ফুলি ৰোৱা, গছে গছে
তেজীমলা, তোমাৰ কাৰণে )

সেয়ে যদি সঁচা হয়
হে হৃদয়, সেয়েই শাশ্বত হওক
সেয়ে হওক মোৰ বাবে আদিপাঠ বৰ্ণ পৰিচয়
যুগে যুগে মানুহক ভাল পবলৈ ।

Jonaakire raati - Poems of Ram Gogoi - জোনাকীৰে ৰাতি - ৰাম গগৈৰ কবিতা

স্তব্ধ জোনাক নীৰৱ ৰাতি উজাগৰ কোনো নীড় হাৰা এটি বিহংগৰ
বিৰহ বিধুৰ পাখিৰ কঁপনি লাগি সৰি গ'ল গছপাত এটি অৰণ্যৰ
স্বপ্নচাৰী কোননো কবিৰ মনবিহংগ তৰাৰ স'তে উৰি উৰি গ'ল,
শান্ত নিৰীহ অযুত জোনাকী ধৰাৰ বুকুত অপোন মনে মনে জ্বলি জ্বলি ৰ'ল ।

কোমল কোমল ডাৱৰে ডাৱৰে স্বৰ্ণকিৰণ উদ্ভাসিত অনুপমা ৰাতি
বিছনাত এৰি বোবা গাৰু এটি আছেনে কোনোবা ৰূপহিনী
                                                     দুৱাৰ ডলিত বহি

নিদ্ৰাবিহীন আপোন প্ৰাণৰ সুৰভি জ্বলাই আত্মভোলা --
                                                     কবিৰ কথা ভাবি ।

বিষাদ মৌন সেই যে নাৰী কবিতাৰ দৰে সুন্দৰ এটি মনৰ অধিকাৰী
জ্যোতস্না ভৰা স্তব্ধ ৰাতি সেই যে নাৰী কোনোবা কবিৰ উৰণীয়া
                                                     পাখিৰ সুৰধ্বনি ।

Kono ek dhusar sandhiya - Poems of Ram Gogoi - কোনো এক ধূসৰ সন্ধিয়া - ৰাম গগৈৰ কবিতা


খন্তেক বিৰাম লাগে পৰিশ্ৰান্ত অশান্ত আত্মাক ।
ইমান অসহ্য এই নীৰৱতা সূৰ্য্যম্লান ধূসৰ সন্ধিয়া ।
আত্মাৰ নিভৃত ব্যাপ্তিত বৰ্ষাৰ চকুলো হোৱা
অজস্ৰ বেদনা, জীৱনৰ আৰ্ত্ত-সংগীত ।
কোনো এক গৰৱিনী যৌৱনবতীৰ সান্নিধ্যৰ প্ৰতীক্ষাত
আবেগ উতলা মন । (প্ৰতীক্ষাৰ ক্ষণ শেষ হ'ল ।)
স্বপ্নবিষ্ট ধূসৰ সন্ধিয়া তীব্ৰ এই নীৰৱতা ;
হাহাকাৰ ব্যৰ্থ প্ৰতিক্ষাৰ ।

ধোঁৱাৰ কুণ্ডলী তুলি পৰিত্যাক্ত চিগাৰেটবোৰ
আপুনি নীৰৱে জ্বলি শেষ হ'ল ।
বাসনাৰ জুই শিখা আপুনি নিষ্প্ৰভ হ'ল
মনৰ মাজত । জীৱনৰ ব্যৰ্থতাৰ অজস্ৰ গ্লানিয়ে
আনি দিয়ে ক্লান্তিৰ জড়তা , আনে আৰু
ঘৃন্য আত্মদাহ - সচেতন মৃত্যু অনুভূতি ।
(মৃত্যুয়ে দিয়ে যদি জীৱনৰ পূৰ্ণতাৰ
সঠিক বাতৰি, কাৰবাৰে জীৱনৰ এই দিন গণা !)

হিংসা, ঈৰ্ষা, বিদ্বেষেৰে পৰিপুৰ্ণ পৃথিৱীত
অকামিলা অভিমান । পৰৰ দুখত
চকুপানী টুকিবৰ বাবে আছে জানো
অলপ সময় । এটি মৰমৰ মাত, নিচুকনি
আপোন দুখৰ ঃ ঈশ্বৰৰ ক্ষমা আৰু কৰুণাৰ
একান্ত আশ্ৰয় ।

(অলপ আৰাম লাগে আজি এই ধূসৰ সন্ধিয়া,
অলপ সময়,
বিবেকৰ বৃশ্চিক দংশন হওক শেষ ।)

ঈশ্বৰক, পৃথিৱী সেউজ হোৱা
মানুহৰ আশা আৰু বেদনাক
আপোন কৰাৰ বাবে অলপ সময় ।



Barsaar Shesat - poems of Ram Gogoi - বৰ্ষাৰ শেষত - ৰাম গগৈৰ কবিতা

বৰ্ষাৰ আজি শেষ দিন ঃ
ঈশান কোণত যদি দেখা দিলে কলীয়া ডাৱৰে
যাত্ৰা কাৰ হ'ব আৰম্ভ ? কাৰ প্ৰলুব্ধ বাসনা লৈ
মেঘমন্দ্ৰে তালে তালে বতাহ বলিব,
গান গাব নিকুঞ্জ কঁপাই !
বৰ্ষাৰ আজি শেষ দিন ।
বিস্তীৰ্ণ প্ৰান্তত শুনা প্ৰাণ ভৰা জীৱনৰ গান ;
ঢৌ নাচে, ঢৌ খেলে
সেউজীয়া পথাৰে পথাৰে,
হিৰন্ময় অস্তাচল প্ৰতিভাত হ'ল পৃথিৱীত ।

অতন্দ্ৰ অৰুণে আনে কিহৰ ইংগিত
আজি এই স্বপ্ন-নীল আৰক্ত সন্ধিয়া ?)

বৰ্ষাই বিদায় লয়
অনাগত ভৱিষ্যতৰ প্ৰতীক্ষাৰ

বৰ্ষাৰ আজি শেষ নিশা ঃ
হয়তো বহুত কথা আধা কোৱা হ'ল,
ক্লান্তিৰ পুলকে দিয়া সৃষ্টিৰ আনন্দ
কিজানিবা ৰূপ ল'ব বৰ্ষাৰ আজি শেষ নিশা ।
ৰাতিৰ এন্ধাৰ ........... বেদনা আতুৰ,
বৰ্ষাৰ বিৰহ জণ্ঠত বাজি উঠে
বিদায়ৰ নিচুকনি সুৰ,
(সমহিত প্ৰভাত পখীৰ গান)
ঋতুৰ বৰণমালা ...... সময়ৰ আত্মাৰ ক্ষুধাৰে
বৰ্ষাৰ ৰাতি শেষ হ'ল
আহে নৱ প্ৰভাতৰ আহ্বান .....

প্ৰাত্যহিক জীৱনৰ আৰদ্ধ কামনা জাগে
প্ৰভাতৰ অগ্নিভ বৰ্ণত,
পৰাণ মুঞ্জৰি উঠে
নিশা ফুলা শেৱালিৰ মদিৰ গন্ধত,
মেঘৰাজ বৰ্ষহাৰ শেষত ।

Tipling : 19 August 57 - Poems of Ram Gogoi - টিপ্‌লিং : ১৯ আগষ্ট ৫৭

মধ্যাহ্নৰ প্ৰথম ৰ'দৰ অগ্নিদগ্ধ
শিলাবালি, ধূলি আৰু পিচঢলা পথ
দৃপ্তকণ্ঠ জনতাৰ যাত্ৰাৰে মুখৰ ।
বতাহত নাচি উঠে দৃঢ়্মুঠি সবল বাহুৰ ।

('জেললৈ যাম আমি হাজাৰ হাজাৰ ।')
জনতাই বাচি ল'লে পথ ।
: মৃত্যু আৰু কাৰাগাৰ ...
এই পথ - সংগ্ৰামৰ জীয়াই থকাৰ,
এই পথ - জীৱনৰ জীয়াই থকাৰ,
এই পথে আগবাঢ়ে যুগে যুগে
বঞ্চিত মানুহৰ হেজাৰ হেজাৰ সমদল ।

(পথেই কেৱল সত্য ।)
স্পৰ্শ কৰি সভ্যতাৰ নানা উপকূল
অবিৰাম বেগৱতী এই জনস্ৰোত;
আজিও উঠিছে ধ্বনি, সেই সুৰ,
একে সুৰ গতিময়তাৰ ।

আমি পালোঁ - নতুনৰ সূচনা-সন্ধিত
বিংশ শতব্দীৰ
জীৱনৰ নতুন দৰ্শন ।
শেষ হওক ধনিকৰ ঘৃন্য অত্যাচাৰ ।
আমাৰ জীৱন ব্যাপি অন্ধাকাৰ অৰণ্য ৰাত্ৰিৰ
মাটিৰ বুকুত জ্বলে অনিৰ্বাণ হিৰন্ময় জ্যোতি ।

: পোহৰ ........... পোহৰ লাগে,
পোহৰৰ সন্ধানত হেজাৰ হেজাৰ মন
হ'ব মতলীয়া । আমকো পোহৰ লাগে
জীয়াই থকাৰ ।

চেতনাৰে সমুদ্যত প্ৰাণ ।
পোহৰৰ মিলিছে সন্ধান । এই বাৰ
বঞ্চনাৰ হওক অৱসান ।
শেষ হওক লজ্জাহীন ভীৰু চক্ৰান্তৰ ।
মুক্ত হওক প্ৰগতিৰ ৰূদ্ধ পথ
আই অসমৰ ।

প্ৰথম প্ৰণয়-মুগ্ধ পুৰুষৰ দৰে
শ্ৰদ্ধা আৰু বিস্ময়ত মন মোৰ পুলকিত হ'ল,
কিয়নো, এতিয়া ইয়াত জ্বলে
হাজাৰ হাজাৰ সূৰ্য্য
মানুহৰ মুক্তি কামনাৰ । 

Poems of Ram gogoi - Nirnay - নিৰ্ণয় - ৰাম গগৈৰ কবিতা

আঙুলিৰ ফাঁকে ফাঁকে ধোঁৱা ঃ
চিগাৰেট এই জ্বলি এই শেষ হয়
জীৱন বন্তি জ্বলে কঁপি কঁপি
উৎকণ্ঠাৰ নাই যৱনিকা ।

তোমাৰ আমাৰ পথ অৰণ্য দূৰ্গম
সন্মুখত ৰাতিৰ এন্ধাৰ । খোজে খোজে
ভয়াল মৃত্যুৰ স'তে মুখামুখি,
তেজৰ সোৱাদ পোৱা ক্ষুধাৰ্ত বাঘৰ
স্থিৰ চকু চিকাৰৰ সন্ধানত মতলীয়া ।

ৰূদ্ধশ্বাস জীৱনৰ হেজাৰ আশ্বাস,
আমাৰ কাৰণে আছে ক্ষয় আৰু ক্ষতিৰ হিচাব ।
জীয়াই থকাৰ বাজেটত জীৱনৰ ঘাটি
মৃত্যুৰ অগ্ৰগতি । ........... (নতুন দিনৰ মুল্যাংকন ।)
দিল্লী অনেক দূৰ । ..... আমাৰ
সপোন দেখাৰ অধিকাৰ
পৰিকল্পনাৰ যোগ বিয়োগত অন্তৰ্ধান ।

আহত স্তব্ধ গতিৰ জোৱাৰ,
তথাপি জীৱন জীয়াই আছে ।
সোণৰ ৰূপৰ মুখত শুনিছোঁ
নতুন নতুন গান, আমাৰ মৃত্যুৰ শ্ল'গান ।
(পৃথিৱীক চাবলৈ আমাৰ সময় নহ'ল ।)

তোমাৰ চকুৰ নেতাৰ চশ্‌মা খুলি,
ৰাজভৱনৰ খিড়িকীৰে চোৱা জুমি,
আকাশত সেয়া বৰ্ষামুখৰ মেঘ ।
জীয়াই থকাৰ দাবী । শান্তি আৰু প্ৰগতিৰ ।

আমি বাছি ল'লোঁ পথ ।
সংগ্ৰামৰ পথাৰত
সঁচা জীৱনৰ নতুন মূল্যবোধ,
আগামী দিনৰ পদক্ষেপ ।

Poems of Ram Gogoi - Sandhya malika - সান্ধ্য মালিকা - ৰাম গগৈৰ কবিতা

ঘননীল আকাশত বৰ্ষাৰ ডাৱৰে আনে
জীৱনৰ মোহান্ধ বাৰতাঃ
ক্ষণপ্ৰভা বিদ্যুতৰ সৰ্পিল ভংগিমাত
পথ কাৰ ভুল হ'ল বুলি
প্ৰাণময় আবেশত আকুল উদগ্ৰ মন নাচি উঠে
মেঘ ডম্বৰুৰ তালে তালে -

সায়াহ্নৰ বৰষুণ স্তব্ধ হ'ল ।
অস্তাচলৰ ক্লান্ত শিল্পীৰ তুলিকাত
ধৰা দিয়ে সৃষ্টিৰ আবেগ -
ধৰাৰ বুকুত সমাৰোহ জীৱনৰ ।

অবাক বিস্ময়
অত্যুগ্ৰ ৰঙীন আকাশ,
মোহাচ্ছন্ন প্ৰাণৰ আভাস;
সন্ধ্যাৰ বৰ্ণাভ মেঘত জ্বলে নিৰুদ্বেগ পৃথিৱীৰ
মৃত্যুনীল কামনাৰ জুই ।

ৰাতিৰ আন্ধাৰ নামে ঃ
ৰাতিৰ আন্ধাৰে আনে
অনাগত প্ৰভাতৰ সূৰ্য্যমুখী আলোকৰ স'তে
ৰঙীন কামনা ।



Poems of Ram Gogoi - Nagapahar - নগাপাহাৰ - ৰাম গগৈৰ কবিতা


অশান্ত মনৰ জয় পৰাজয় আৰু
গ্লানিৰ অমূৰ্ত বেদনা । চিন্তাৰ অকোৱা-পকোৱা বাট,
শ্লথগতি কুমজেলুকাৰ । হঠাৎ শুনিলোঁ মই
বতাহত আহে ভাঁহি কৰুণ কাতৰ আৰ্তনাদ ।
অযুত আত্মাৰ আজি উঠে য'ত হাহাকাৰ,
হে নগাপাহাৰ, তোমাৰ কথাকে ক'লে
অসমৰ ছোৱালীয়ে বিয়া নাম সুৰীয়া মাতেৰে
(পাহাৰতে লাগে ৰণ, ডালিমীয়ে ভাঙে মন )
ভৈয়ামৰ কেঁচাসোণ হেজাৰ ডেকাই জানো নিয়ে আজি
ডলিমীৰ চিনাকি পোছাক পিন্ধি চেনেহৰ বাণী  !
জনজাতি অসমৰ আদিম মানুহে ,

পৰ্বত জংগম আৰু নদী মৃত্তিকাৰ স'তে
তোমাৰ পৰিচয় হয়তো অনেক দিনৰ
তুমিও শুনিছা আজি নৱজীৱনৰ গান ।
নতুন জীৱন লাগে । আমাৰ জীৱন স্পৰ্শ -
কত কথা, কত বাণী, (গণতন্ত্ৰ , শান্তি আৰু প্ৰগতিৰ ,)
কত, ধুমুহাৰ তাণদৱত আমাৰ জীৱন জুৰুলা ।
হে নগাপাহাৰ, ৰক্তক্ষৰা সংগ্ৰামত আজি
তোমাৰ হৃদয় বিদীৰ্ণ ।

শান্ত নীৰৱ , পাহৰৰ গহীন গহ্বৰ
আন্ধাৰৰ গ্লানিৰে ক্লান্ত গভীৰ অৰন্য
তেজৰ চেকুৰা লাগি কৰে অশান্ত উচ্ছল আজি
কালৰ মামৰে যাক নোৱাৰিলে ছুব, হেজাৰ যুগৰ
চাঙে চাঙে, ঘৰে ঘৰে আন্তগোপন কত
সংংস্কৃতিৰ পুৰণি সম্পদ, ধোঁৱা হৈ মিলি যায়
আকাশৰ সুনীল গৰ্ভত । হেজাৰ হেজাৰ
'চুখ্ৰেনু খ্ৰিনোজা'আৰু কত ডালিমীয়ে
উচুপি উচুপি কান্দে,
হাঁহে কত দুৰ্দান্ত মানৱে ।

অসীম সাহসে দীপ্ত, অধিবাসী নগাপাহাৰৰ,
বুকুৰ তেজেৰে তুমি লিখিব খুজিছা আজি,
জীৱনৰ এপিটাফ । তোমাক বুজিছোঁ মই
আমাৰ কথাও শুনা । মৃত্যু যদি মানুহৰ
জীয়াই থকাৰ বাবে নতুন জীৱন,
প্ৰভাতৰ ৰঙা ইস্তাহাৰ ! আহা তেনে
একেলগে বৰি লওঁ অমিয়া মৰণ ।
শেষ হওক পুঞ্জীভূত দুঃখ হাহাকাৰ ।
যত বঞ্চিত জীৱন
জয় হওক দেশে দেশে মানৱিকতাৰ ।

Poems of Pablo Neruda - The Light Wraps You - Translated in Assamese

অলোক বেষ্টিতা


আলোক আবেষ্টিতা তুমি আলোকৰ পাৰ্থিৱ শিখাত 
অন্যমনা নিস্তেজ শোকাৰ্ত,  থিয় দি আছা
দিনান্তৰ সূৰ্যৰশ্মিৰ বিপৰিতে
যি তোমাৰ চতুৰ্পাশে আৱৰ্তিত হয় ।


বাক্‌হীন, মোৰ বন্ধু,
মৃত্যুৰ এই ঘটিকাত  একাকীত্বত একাকী
আৰু অগ্নি-জীৱনেৰে পুৰ্ণ,
এটা নষ্ট দিনৰ বিশুদ্ধ উত্তৰাধিকাৰী ।

সূৰ্যকান্ত ফলৰ ডাল ভাগি পৰে তোমাৰ ক'লা কাপোৰত
ৰাতিৰ সুগভীৰ শিপা
হঠাতে গজি উঠে তোমাৰ অন্তৰাত্মাৰ পৰা,
আৰু তোমাতে লুকাই থকাবোৰ ওলাই আহে তোমাৰ পৰা
যাতে পুষ্টি লব পাৰে এক বিবৰ্ণ আৰু নিস্তেজ মানুহ
আৰু এটা নৱজাতক ।

হে মহান আৰু উৰ্বৰা আৰু আকৰ্ষক
ক'লা আৰু সোনোৱালী চক্ৰৰ আৱৰ্তত বন্দী গোলাম :
উঠা, অগুৱাই লোৱা আৰু অধিকাৰী হোৱা
জীৱনেৰে ইমান চহকী যে তাৰ ফুল সৰি পৰে
আৰু হৈ পৰে দুখেৰে আচ্ছন্ন ।

                                               অনুবাদ  -  শুভ্ৰনীল