Showing posts with label Assamese poems. Show all posts
Showing posts with label Assamese poems. Show all posts

বহাগ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Bahag -Poems of Nirmalprabha Bordoloi

    বহাগ 
       ১


এনেকুৱা লাগে -
যেন কচক্‌ কচক্‌কৈ উঠিব
কুমলীয়া তিয়হঁৰ কেঁচাখিনি ।
এনেকুৱা লাগে -
নদী যেন বৈ যাব 
এখন এখনকৈ বাৰখন গাঁৱৰ 
নিৰ্জনতা ভাঙি ।।

অপৰাজিত - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Aparajita - Poems of Nirmalprabha Bordoloi

 (এয়া 
খেৰনিৰ
বননিৰ
বিয়াগোম ডাল পাত থকা
অতিকায় গছ আৰু গছনিৰ কথা  
কোনো এক মহা অৰণ্যৰ )

চাৰমন - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - sarmon - Poem of Nirmalaprabha Bordoloi

এজনী চৰাই মই এতিয়া
উৰাই দিলো
গৰ্ভৰ অন্ধকাৰ বন্দৰে বন্দৰে
ন দহ মাহলৈ নাওঁ চপাব খোজা 

জাৰ্নেলিষ্টৰ ডায়েৰীৰ পৰা - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Jarnelistor dayerir pora - Nirmalprabha Bordoloi

              এক

হাজাৰ হাজাৰ নগৰ দেখিলো
                            - স্তব্ধ
অগণন টকাৰ নৃত্য দেখিলো
                            - মুগ্ধ
মৃত্যু, অপমৃত্যু গচকি আহিলো
- সিযে সবাতকৈ তুচ্ছ ।

সন্ধিক্ষণ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Sandhikkhon - poem of Nirmalprabha Bordoloi

আলোক সজ্জা-ছাঁ আৰু পোহৰৰ ঘন খেলিমেলি
           পুৱা নে সন্ধিয়া ঠিক ধৰিব নোৱাৰি ।
দৃশ্যপট - কেউপিনে অজস্ৰ কবৰ ।
           বোবা মুখৰতা 
           বতাহৰ শেঁতা ।
          তেজৰ ফুলেৰে ভৰা নিৰ্জ্জনতা হাবি ।

অন্য হেমন্ত - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Anya hemanta - Poem of Nirmalprabha bordoloi

চকুৰ সৰিয়হ ফুল
পথাৰ ছানি ফুলিছে 
দিনে দিনে ।

কাঁচিৰ আহে
ফালি ফালি চায় বুকু ।

বশিষ্ঠত দুপৰীয়া - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - bashisthat dupuriya - Poem of Nirmalprabha Bordoloi

সেউজীয়া ৰ'দবোৰ জিল্‌মিলাই আছিল
হাইতাল বৰণৰ বতাহত,
জিলিৰ মাত সোনাৰুফুলৰ দৰে 
ওলমি আছিল 
গভীৰ অৰণ্যৰ অ'ত ত'ত ।

হৰিণাটো - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Harinato - Poem of Nirmalprabha Bordaloi

বাৰিষাৰ টলমল্‌ পানীত
মুখখন দেখোতে নেদেখোতেই 
পানীবোৰ নাচি নাচি যায়গৈ ।

ফুটুকা ফুটুকী হৰিণটো
এইবাৰ জুৰিটোৰ ফালে 
আহিল ।

এটা স্কেচ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Eta Sketch - Poems of Nirmalprabha Bordaloi

 ডেউকাত ভাগৰৰ কাজল বৰণ সানি 
অৱশ দুখানি পাখি মেলি 
গাঁৱৰ গধূলি আহি বাঁহনিৰ জোপাত পৰিল । 
ছাঁত তাৰ ভয় খাই 
দিনটোৱে কুচিমুচি আহি
ভিতৰ সোমাই গৈ

এনলিচিচ্‌ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Analisis - Poem of Nirmalprabha Bordoloi

দুপৰৰ বৰ্ণহীন ৰ'দালিয়ে 
এদিন সুধিলেঃ
জীৱনৰ মানে কি ?
আউল নালাগি থকা জাপানী পাটৰ নেচা এটা ??
কাষ্টাৰ্ড, জাম আৰু আখৰোট কাঠৰ কোৰাচ ??

তোমালৈ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - tomaloi - Poem of Nirmalprabha Bordoloi

মই জানোঁ, তোমাৰ লগত মোৰ
আকউ সাক্ষাত হ'ব
তোমাৰ চকুৰ নীলা
হ'ব মোৰ আশ্ৰয় আকাশ
তোমাৰ দেহৰ সেউজ

পূজাৰ উপহাৰ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Pujar upohar - Poems of Nirmalprabha Bordoloi

 দেউতা, তুমিতো প্ৰায় আশীতেই দিলা ভৰি
আৰু আঠ বছৰ গ'লেহে পামগৈ তোমাৰ আধাৰ গুৰি ।
পূজাৰ উপহাৰ আগেয়ে তুমিহে দিছিলা আনি
এইবাৰ তোমাক পূজা-উপহাৰ দিম আটায়ে আমি ।
উপহাৰ এযোৰ নতুন চশমা তুমি দেখিবৰ বাবে
চাৰি ঠেং আমাৰ গজিছে কেনেকো সলনিৰ সোঁতে সোঁতে ।

সীতা - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Sita poem of Nirmalprabha Bordoloi


সীমান্তত মোৰ এয়া দগ্‌মগ্‌ কৰি থকা 
ৰক্তধাৰা-সধবা শব্দৰ এক নিষ্ঠুৰ বিদ্ৰুপ !
অথবা এয়া যেন ৰঙা অগ্নিশিখা
ৰামৰ ৰাজ্যৰ প্ৰজাৰ বিক্ষুব্ধ তৰ্ক আৰু
নিৰুপায় ক্ৰোধ লেলিহান হৈ ।।

দ্ৰৌপদী - Droupadi - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poems of Nimalprabha Bordoloi

মই ব্যতিক্ৰম ?
নহয়, নহয় ।
মই যে মই যে মাথোঁ চিৰন্তন নাৰী
যুগমীয়া ৰহস্যেৰে ভৰা বিচিত্ৰ বৰ্ণালীৰ এক সহজ 
প্ৰকাশ ।
মোৰ বাসনাত কোনো নতুনত্ব নাই ;

গান্ধাৰী - Gandhari - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poem of Nirmalprabha Bordoloi

 অবিকৃত মই এক
দুৰ্জয় প্ৰতিজ্ঞা ।
নাৰী মই, তথাপি নহওঁ নাৰী
সেই নাৰী ! মনৰ আকাশে যাৰ
ক্ষণে ক্ষণে বৰণ সলায় ।
প্ৰেমিকা - তথাপি নহওঁ প্ৰেমিকা

সুদীৰ্ঘ দিন আৰু ঋতু - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poems of Nirmalprabha Bordoloi


বাট চ'ৰাৰ কবিতা 

সপোনৰ দেশৰ 
বাটচ'ৰাতে  
সময় গ'ল
ঠেলা-হেঁচাত ।

বুৰ মাৰিলে
হীৰা মুকুতাৰ দৰে
দিনৰ বেলি
ৰাতিৰ জোনে
ৰাতিৰ বেলি
দিনৰ জোনে

মুখ চুপতি
আৰু কাগজৰ সাকোঁত
ভৰি দি
ভৰি দি
সপোন দিঠক
দুয়োটা এতিয়া
তল যাঁও
ওপঙো ।


কবিতা - kabita - Poems of Ram Gogoi

অস্তাচল অভিমুখী ধাৱমান সূৰ্যৰ বিদ্ৰুপ
ভীষণ ৰহস্যময় এক সুদীৰ্ঘ ছাঁয়াই
বাৰে বাৰে প্ৰণামিলে পূবৰ আকাশ
জীৱন আগুৰি ল'লে সৃষ্টিৰ মায়াই

তোমাৰ কথা ভাবিলেই - Tomar katha bhabilei - Poems of Ram Gogoi

 নিজম ৰাতি 
তোমাৰ কাথা ভাবিলেই
মই স্পৰ্শ কৰোঁ
এখনি নিৰ্জন নদীৰ নগ্ন শৰীৰ ।

ভাহি যায়্য সেই নদীৰ বুকুত
তোমাৰ প্ৰেমৰ সাত সাউদৰ বেহা লৈ
চান্দোৰ ডিঙা
মোৰ বুকুৰ হেঙুল হাইতাল বুলীয়া 
চতুৰ্দ্দশীৰ জোন ।

               তোমাৰ কথা ভাবিলেই 
মোৰ বুকুৰ মাজত বাজি উঠে এটি বাঁহী
আৰু তেতিয়া 
ৰতিগন্ধা ৰাতিৰ
বেথাৰে সেমেকা নিৰ্জনতাৰ মাজত
বুকুত হাত থৈ
পলে পলে উৎকৰ্ণ হৈ মই শুনো
মোৰ নিজৰেই হৃৎস্পন্দন
আৰু মোৰ দুগালেদি নিগৰি আহে
বাঁহীৰ সুৰৰ দৰেই
দুধাৰি চকুৰ পানী
তোমাৰ কথা ভাবিলেই
মই এটা সেউজীয়া ঠিকনাৰ সন্ধানত
উদ্বাউল হওঁ । বহুদিন হ'ল
ঠিকনাটো ক'ত যে হেৰাই গ'ল,
নদীৰ নামত, জোনাকৰ নামত
বহুদিন কবিতা লিখাই নাই ।
বহুদিন তুমিও লিখা নাই 
কাকিনী তামোলৰ কপৌফুলৰ কথা 
মোলৈ এখন নীলা খামৰ চিঠি ।
অথচ, কি আশ্চৰ্য
তোমাৰ কথা ভাবিলেই
নিজম ৰাতি
মই স্পৰ্শ কৰোঁ
এখনি নিজম নদীৰ নগ্ন শৰীৰ ।

Fular sugandhat tumi - ফুলৰ সুগন্ধত তুমি - Poems of Ram Gogoi

ফুলৰ সুগন্ধত তুমি
বিচাৰিছিলানে কোনোদিন
নিহিত বেদনা 

তুমি কেনেকৈ বুটলি ল'লা 
সেই ফুল শেৱালি, বকুল

আৰু মই তোমাৰ বাবে
মোৰ অনুজ বন্ধু,
তোমালোকে মুৰ তুলি চোঁৱা 

মই তোমালোকৰ বাবে 
বোকাৰ পৰা তুলি আনিছোঁ

ভেট, পদুম
আৰু কলমৌ, আৰু মোৰ 
অফাল কলিজা ।

প্ৰয়োজনত
তোমালোকৰ বাবেই 
মোৰ হৃদয় 

তোমাৰ আমাৰ সুখ আৰু দুখ
বোকোচাত লৈ
আমি গেত গাম
ঐক্যতানত,
আমি কবিতা লিখিম
আমাৰ কবিতাৰ প্ৰতিটো শব্দত 

তুমি মোক বিচাৰিবা
মই বিচাৰিম
তোমাক
তোমাৰ হৃদয় ।

কোৱা প্ৰিয়তমে - ৰাম গগৈৰ কবিতা - Kowa priyatame - Poems of Ram Gogoi

কোৱা প্ৰিয়তমে 
কোৱা প্ৰিয়তমে,
চেনেহতে পমি যোৱা 
তোমাৰ বুকুৰ 
জোনালী উমেৰে 
পাৰিবানে দিব
মোৰ হৃদয়ত অকণি উত্তাপ !

প্ৰায়ন্ধকাৰ 
অস্ত আকাশৰ ফালে
অকলশৰীয়া হৈ
উৰি গৈ থকা
সেই যে চৰাইজনী ঃ
পাৰিবানে দিব মোক 
তুমি
তাইৰ মনৰ খবৰ !

কোৱাচোন,
বিষাদে সেমেকা ৰাতি
শীত আৰু হেমন্তৰ নীৰৱ নদীত
কিয় উটি যায়
মোৰ হৃদয়
আৰু
শেতাপৰা
হালধীয়া এটা জোনবাই !