Devi library
Arts. Books. Culture
Pages
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
বাংলা কবিতা
Drawing tutorial
অপৰাজিত - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Aparajita - Poems of Nirmalprabha Bordoloi
(এয়া
খেৰনিৰ
বননিৰ
বিয়াগোম ডাল পাত থকা
অতিকায় গছ আৰু গছনিৰ কথা
কোনো এক মহা অৰণ্যৰ )
Read more »
চাৰমন - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - sarmon - Poem of Nirmalaprabha Bordoloi
এজনী চৰাই মই এতিয়া
উৰাই দিলো
গৰ্ভৰ অন্ধকাৰ বন্দৰে বন্দৰে
ন দহ মাহলৈ নাওঁ চপাব খোজা
Read more »
জাৰ্নেলিষ্টৰ ডায়েৰীৰ পৰা - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Jarnelistor dayerir pora - Nirmalprabha Bordoloi
এক
হাজাৰ হাজাৰ নগৰ দেখিলো
- স্তব্ধ
অগণন টকাৰ নৃত্য দেখিলো
- মুগ্ধ
মৃত্যু, অপমৃত্যু গচকি আহিলো
- সিযে সবাতকৈ তুচ্ছ ।
Read more »
সন্ধিক্ষণ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Sandhikkhon - poem of Nirmalprabha Bordoloi
আলোক সজ্জা-ছাঁ আৰু পোহৰৰ ঘন খেলিমেলি
পুৱা নে সন্ধিয়া ঠিক ধৰিব নোৱাৰি ।
দৃশ্যপট - কেউপিনে অজস্ৰ কবৰ ।
বোবা মুখৰতা
বতাহৰ শেঁতা ।
তেজৰ ফুলেৰে ভৰা নিৰ্জ্জনতা হাবি ।
Read more »
অন্য হেমন্ত - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Anya hemanta - Poem of Nirmalprabha bordoloi
চকুৰ সৰিয়হ ফুল
পথাৰ ছানি ফুলিছে
দিনে দিনে ।
কাঁচিৰ আহে
ফালি ফালি চায় বুকু ।
Read more »
বশিষ্ঠত দুপৰীয়া - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - bashisthat dupuriya - Poem of Nirmalprabha Bordoloi
সেউজীয়া ৰ'দবোৰ জিল্মিলাই আছিল
হাইতাল বৰণৰ বতাহত,
জিলিৰ মাত সোনাৰুফুলৰ দৰে
ওলমি আছিল
গভীৰ অৰণ্যৰ অ'ত ত'ত ।
Read more »
হৰিণাটো - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Harinato - Poem of Nirmalprabha Bordaloi
বাৰিষাৰ টলমল্ পানীত
মুখখন দেখোতে নেদেখোতেই
পানীবোৰ নাচি নাচি যায়গৈ ।
ফুটুকা ফুটুকী হৰিণটো
এইবাৰ জুৰিটোৰ ফালে
আহিল ।
Read more »
এটা স্কেচ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Eta Sketch - Poems of Nirmalprabha Bordaloi
ডেউকাত ভাগৰৰ কাজল বৰণ সানি
অৱশ দুখানি পাখি মেলি
গাঁৱৰ গধূলি আহি বাঁহনিৰ জোপাত পৰিল ।
ছাঁত তাৰ ভয় খাই
দিনটোৱে কুচিমুচি আহি
ভিতৰ সোমাই গৈ
Read more »
এনলিচিচ্ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Analisis - Poem of Nirmalprabha Bordoloi
দুপৰৰ বৰ্ণহীন ৰ'দালিয়ে
এদিন সুধিলেঃ
জীৱনৰ মানে কি ?
আউল নালাগি থকা জাপানী পাটৰ নেচা এটা ??
কাষ্টাৰ্ড, জাম আৰু আখৰোট কাঠৰ কোৰাচ ??
Read more »
তোমালৈ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - tomaloi - Poem of Nirmalprabha Bordoloi
মই জানোঁ, তোমাৰ লগত মোৰ
আকউ সাক্ষাত হ'ব
তোমাৰ চকুৰ নীলা
হ'ব মোৰ আশ্ৰয় আকাশ
তোমাৰ দেহৰ সেউজ
Read more »
পূজাৰ উপহাৰ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Pujar upohar - Poems of Nirmalprabha Bordoloi
দেউতা, তুমিতো প্ৰায় আশীতেই দিলা ভৰি
আৰু আঠ বছৰ গ'লেহে পামগৈ তোমাৰ আধাৰ গুৰি ।
পূজাৰ উপহাৰ আগেয়ে তুমিহে দিছিলা আনি
এইবাৰ তোমাক পূজা-উপহাৰ দিম আটায়ে আমি ।
উপহাৰ এযোৰ নতুন চশমা তুমি দেখিবৰ বাবে
চাৰি ঠেং আমাৰ গজিছে কেনেকো সলনিৰ সোঁতে সোঁতে ।
Read more »
সীতা - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Sita poem of Nirmalprabha Bordoloi
সীমান্তত মোৰ এয়া দগ্মগ্ কৰি থকা
ৰক্তধাৰা-সধবা শব্দৰ এক নিষ্ঠুৰ বিদ্ৰুপ !
অথবা এয়া যেন ৰঙা অগ্নিশিখা
ৰামৰ ৰাজ্যৰ প্ৰজাৰ বিক্ষুব্ধ তৰ্ক আৰু
নিৰুপায় ক্ৰোধ লেলিহান হৈ ।।
Read more »
দ্ৰৌপদী - Droupadi - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poems of Nimalprabha Bordoloi
মই ব্যতিক্ৰম ?
নহয়, নহয় ।
মই যে মই যে মাথোঁ চিৰন্তন নাৰী
যুগমীয়া ৰহস্যেৰে ভৰা বিচিত্ৰ বৰ্ণালীৰ এক সহজ
প্ৰকাশ ।
মোৰ বাসনাত কোনো নতুনত্ব নাই ;
Read more »
গান্ধাৰী - Gandhari - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poem of Nirmalprabha Bordoloi
অবিকৃত মই এক
দুৰ্জয় প্ৰতিজ্ঞা ।
নাৰী মই, তথাপি নহওঁ নাৰী
সেই নাৰী ! মনৰ আকাশে যাৰ
ক্ষণে ক্ষণে বৰণ সলায় ।
প্ৰেমিকা - তথাপি নহওঁ প্ৰেমিকা
Read more »
সুদীৰ্ঘ দিন আৰু ঋতু - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poems of Nirmalprabha Bordoloi
বাট চ'ৰাৰ কবিতা
সপোনৰ দেশৰ
বাটচ'ৰাতে
সময় গ'ল
ঠেলা-হেঁচাত ।
বুৰ মাৰিলে
হীৰা মুকুতাৰ দৰে
দিনৰ বেলি
ৰাতিৰ জোনে
ৰাতিৰ বেলি
দিনৰ জোনে
মুখ চুপতি
আৰু কাগজৰ সাকোঁত
ভৰি দি
ভৰি দি
সপোন দিঠক
দুয়োটা এতিয়া
তল যাঁও
ওপঙো ।
Read more »
Newer Posts
Older Posts
Home
Subscribe to:
Posts (Atom)